Wednesday, June 11, 2014

বিয়া বনাম লিভ ইন টুগেদাৰঃ এটি ফেচবুক বিতর্কৰ আঁত ধৰি

যিকোনো এখন সভ্য সমাজত মানুহে বিয়া কৰিয়েই হওঁক বা লিভ ইন কৰিয়েই হওঁক – নিজ ইচ্ছাৰে বসবাস কৰাৰ স্বাধীনতা থাকিব লাগে। যেতিয়ালৈকে সংশ্লিষ্ট ব্যক্তি একোজনৰ মানৱ অধিকাৰ খর্ব কৰা নহয় (যেনে ধৰক পুৰুষজনে মহিলাগৰাকীক মাৰ পিট কৰিছে), তেতিয়ালৈকে সমাজে আনৰ ব্যক্তিগত বিষয়ত মূৰ নঘমোৱাই ভাল। লক্ষণীয় যে লিভ ইন কৰিলেই responsibilityৰ পৰা হাত সাৰিব নোৱাৰি। উদাহৰণস্বৰুপে আপুনি যদি দীর্ঘ দিন ধৰি মহিলা এগৰাকীৰ লগত লিভ ইন কৰি আছে, তেনেহলে সেই মহিলাগৰাকীৰ আইনী অধিকাৰ এগৰাকী পত্নীৰ দৰেই হব। লৰা-ছোৱালী হলে তেওঁলোকৰো দায়িত্ব পুৰুষজনে সমানে ল’ব লাগিব। এইক্ষেত্রত ভাৰতীয় আইন কানুনসমূহ মই জনাত যথেষ্ঠ স্পষ্ট। কেৱল ‘মজা লবলৈকে’ লিভ ইন টুগেদাৰ কৰা ধূৰন্ধৰসকলে কথাটো মন কৰা ভাল! তেওঁলোক সহজতে সাৰিব নোৱাৰে! মই এনে বহু লৰা লগ পাইছো যি বিয়াৰ আগতে লিভ ইন কৰে কিন্তু পাছত বিয়া পাতিবলৈ আন কোনো “সতী সাবিত্রী” ছোৱালী বিচাৰি ফুৰে। পিছলৈ আনকি নিজৰ পূর্বৰ প্রেমিকাৰ “চৰিত্র হৰণ” কৰিবলৈকো তেওঁলোকে কুণ্ঠাবোধ নকৰেঃ “সেইজনীৰ চৰিত্রটো তেনেকুৱাই আছিল” । লৰাবোৰৰ এইজাতীয় দুমুখীয়া মানসিকতাকো expose কৰাটো দৰকাৰ।


এটা সময় আছিল যেতিয়া প্রগতিশীল আন্দোলনসমূহে (যেনে ধৰক নাৰীবাদী আন্দোলন) লিভ ইন টুগেদাৰ মানেই বিয়াতকৈ অধিক গণতান্ত্রিক অনুষ্ঠান বুলি ভাবিছিল। পিছে পাছত দেখা গল – বিয়াৰ দৰেই লিভ ইন সম্পর্কসমূহতো নাৰী-পুৰষৰ অসমতা, নাৰী গৰাকীৰ ওপৰত দৈহিক-মানসিক নানান ধৰণৰ উৎপীড়ন চলি থাকিল। গতিকেই, লিভ ইন টুগেদাৰ সমর্থনযোগ্য যদিও ই লৈংগিক ন্যায়ৰ সংগ্রামখনিৰ ক্ষেত্রত panacea হব নোৱাৰে।


গতিকেই মূল প্রশ্নটো হৈছে – নাৰী পুৰুষৰ সমতা প্রতিষ্ঠা কৰা। মহিলাসকলক আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী কৰি তোলা। আজিৰ সময়ত বিবাহৰ অনুষ্ঠানটো মূলতঃ অসমতাৰ ওপৰত প্রতিষ্ঠিত। পুৰুষে টকা উপার্জন কৰিব, মহিলাগৰাকীয়ে ঘৰৰ কাম কৰিব। দেখাত ভালেই লাগে; পিছে ই মহিলা-পুৰুষৰ মাজত এক power relationৰ জন্ম দিয়ে। মহিলাগৰাকী পুৰুষজনৰ ওপৰত সম্পূর্ণ নির্ভৰ হৈ পৰে। এই gendered division of labour শেষ নকৰালৈকে নাৰী মুক্তি (লগতে পুৰুষৰো মুক্তি) সম্ভৱপৰ নহয়। অথাৎ মহিলাগৰাকী আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী হৈ উঠাৰ গত্যন্তৰ নাই।


প্রায়েই দেখা যায় যে বিবাহৰ অনুষ্ঠানটোৱে মহিলাৰ এই স্বাৱলম্বিতা বিকশিত হৈ উঠাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে। সৰুৰে পৰাই ছোৱালীবোৰক শিকোৱা হয় – “ধূনপেছ মাৰি নিজৰ দেহাটোৰ যত্ন লোৱা। তোমাৰ দেহাটো ধুনীয়া হলেহে সপোনৰ ৰাজকুমাৰ এজন পাবা!” অর্থাৎ ছোৱালীজনীৰ বৌদ্ধিক –মানসিক বিকাশৰ দিশটো প্রায়েই উলাই কৰা হয়। ঠিক তেনেকৈয়ে লৰাবোৰক শিকোৱা হয়ঃ “তুমি ডাঙৰ হৈ ভাল উপার্জন কৰিব লাগিব। তেহে ধুনীয়া ছোৱালী এজনীয়ে তোমাক বিয়া পাতিব!”


অর্থাৎ পিতৃতন্ত্র (patriarchy) বোলা বস্তুটোৱে পুৰুষ-মহিলা দুয়োকে ভিন ভিন ধৰণে গঢ়ি তোলে; দুয়োৰে বাবে প্রত্যাশাসমূহো ভিন ভিন কৰি তোলে। যেতিয়ালৈকে পিতৃতন্ত্রক প্রতিহত কৰি মহিলাসকলৰ স্বাৱলম্বিতা বিকশিত উজলাই তোলা নহয়, তেতিয়ালৈকে লিভ ইন টুগেদাৰেই হওঁক, বিয়াই হওঁক – কোনো ব্যৱস্থাই সমস্যাৰ সমাধান কৰিব নোৱাৰে। বিয়াতকৈ লিভ ইন হয়তো কিছুদূৰৈলৈ অধিক গণতান্ত্রিক; পিছে লিভ-ইন কৰাসকলে “আমি পিতৃতন্ত্রৰ জালৰ পৰা মুক্ত” বুলি নভবাই ভাল।


মন কৰা ভাল যে পিতৃতন্ত্রৰ ৰূপসমূহো দিনক দিনে সলনি হৈ আহিছে। আগৰ দিনত মহিলাসকলৰ শৰীৰটো অকণমান ওলাই পৰিলেই ৰাইজে ইছাট-বিছাট কৰিছিল। অর্থাৎ মহিলাৰ শৰীৰ, মহিলাৰ sexuality নিয়ন্ত্রন কৰাটোৱেই আছিল পিতৃতন্ত্রৰ মূল ৰূপ। পিছে আজিৰ কালত ছোৱালীজনীৰ figureটো বিশেষ আকাৰৰ নহলে, ছোৱালীজনী “বেহেনজী” বুলি ঠাট্টাৰ বলি হব লগা হয় ।আমেৰিকা ইউৰোপ আদি দেশত পিতৃতন্ত্রৰ এই ৰূপটোৰ প্রচলন অতিশয় বেছি। অর্থাৎ ৰূপ সলনি হৈছে, কিন্তু পিতৃতন্ত্রৰ সাৰমর্ম সলনি হোৱা নাই। The gendered expectations over the women’s body has not changed; although some of its forms might vary across time and space. মহিলাৰ শৰীৰটো লৈ সমাজৰ এই obsession – ই হৈছে সমস্যাৰ অন্যতম গুৰি। পুৰুষৰ শৰীৰটো বা সাজপাৰক লৈ এনে obsession কিন্তু কেতিয়াও দেখা নাযায়।

No comments:

Post a Comment