Wednesday, June 11, 2014

নাৰীৰ বিশেষত্ব

জনৈক বন্ধুৰ ফেচবুক পষ্ট

নাৰীৰ বিশেষত্ব
----------------
পতী আৰু পত্নীয়ে বহি টি.ভি. চাই আছিল | এঘন্টামানৰ পাছত পত্নীয়ে ক’লে, “মোৰ বৰ ভাগৰ লাগিছে | মই শুব যাওঁ | অফিচো আছে |”
পত্নীয়ে পাকঘৰ গৈ আটা আৰু পানীৰ মিশ্ৰণ তৈয়াৰ কৰি ফ্ৰীজত ৰাখিলে যাতে ৰাতিপুৱাৰ আহাৰৰ বাবে ৰুটি তৈয়াৰ কৰাৰ দেৰি নহয় | তাৰপাছত ফ্ৰীজৰ পৰা শাক-পাচলি উলিয়াই এটা চৰিয়াত থ’লে ৰাতিপুৱাৰ কাৰণে | টেমাত থকা দাইলৰ পৰিমাণ কিমান আছে চোৱাৰ পাছত চেনীৰ টেমাত চেনী ভৰালে |
সেইবিলাক হোৱাৰ পাছত পত্নীয়ে এযোৰ চাৰ্ট-পেন্ট ইস্ত্ৰী কৰি যথাস্থানত থ’লে যাতে পতিয়ে ৰাতিপুৱা সেইযোৰ পিন্ধিবলৈ আকৌ বিচাৰি নুফুৰে | তাৰপাছত ড্ৰয়িং ৰুমত আহি টেবুলৰ ওপৰত পৰি থকা নানা ধৰণৰ খেলা-বস্তুবোৰ সামৰাত লাগিল | সেইয়া হোৱাৰ পাছত দুয়োৰে ম’বাইল ফোন চাৰ্জত দিলে আৰু টেবুলৰ ওপৰত জৰুৰী কামত উলিয়াই থোৱা ফোন নম্বৰ থকা ডায়েৰী খন যথাস্থানত থ’লে |
তাৰপাছতে ঘৰৰ ডাষ্টবিনত অলপ আৱৰ্জনা পেলালে আৰু ডাষ্টবিনৰ আৱৰ্জনাখিনি এটা পলিঠিনত বান্ধি থৈ দিলে যাতে ৰাতিপুৱা অফিচ যাওঁতে ৰাস্তাৰ কাষত আৱৰ্জনা পেলোৱা ঠাইত পেলাই যাব পাৰে | সেইয়া হোৱাৰ পাছত চকীত পৰি থকা এখন তিতা টাৱেল শুকাবলৈ বেলকনীৰ ৰচীত মেলি দিলে |
পত্নীয়ে হামিয়াই শোৱা কোঠাৰ ফালে আগবাঢ়িল | হঠাতে কিবা এটা মনত পৰাত টেবুলত বহি অফিচৰ পৰা আহোঁতে কিনি অনা জন্মদিনৰ গ্ৰিটিংছ কাৰ্ডখন উলিয়াই তাত জন্মদিনৰ শুভেচ্ছা জনাই কিবা লিখিলে | তাৰ পাছত এনভলপ এটাত কাৰ্ডখন ভৰাই বাথৰুমৰ পিনে আগবাঢ়িল | বাথৰুমত মুখ-হাত ধুই আহি আকৌ টি.ভি. চাই থকা পতিৰ ওচৰলৈ আহিল | পতিয়ে প্ৰশ্ন কৰিলে, “তুমি শুব গৈছিলা নহয় | টোপনি নাই ধৰা নেকি ?”
-“শুবলৈকে গৈ আছো |”
তাৰপাছত দুৱাৰ-খিড়িকী সকলো বন্ধ আছে নে পৰীক্ষা কৰি পুতেক আৰু জীয়েকৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | দুয়োৰে লগত অলপ সময় কথা পাতি ছবছৰীয়া পুতেকক শুৱাবলৈ সাধু ক’ব ধৰিলে |
তেনেতে পতিয়ে টি.ভি. বন্ধ কৰি পত্নীক “মই শুব যাওঁ” বুলি কৈ শুব গ’ল |
পুতেকক শুৱাই উঠি পত্নীয়ে নিজৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | ঘড়ীত এলাৰ্ম দি সদায় শোৱাৰ আগত কৰা নিৰ্দিষ্ট প্ৰাৰ্থনাটো মনৰ ভিতৰতে আওৰাই বিচনাত পৰি শুবলৈ চেষ্টা কৰিলে | পতিৰ ফালে চাই দেখে তেওঁ ইতিমধ্যে টোপনিত লালকাল |
........................
আমাৰ মন্তব্য
ভাল লাগিল। পিছে ...মতা-মাইকী দুয়োজনেই অফিচলৈ যায়। অথচ ঘৰুৱা কামখিনি কৰিব লাগে কেৱল মানুহজনীয়েই। এইক্ষেত্রত মানুহজনীক “নাৰী তুমি অনন্যা” আদি আপাত বিশেষণেৰে বিভূষিত কৰাতকৈ কামখিনি মতা-মাইকী দুয়োজনে সমানে ভগাই ললেই মানুহজনীয়েও অলপ ৰক্ষা পালেহেঁতেন কিজানি। ঘৰৰ কামখিনি অকল মানুহজনীয়েই কৰিব বুলিতো প্রকৃতিয়ে ঠিক কৰি দিয়া নাই? এসময়ত কৃষ্ণাংগ সকলকো আন আন মানৱ জাতিতকৈ অধিক শক্তিশালী বুলি আমেৰিকান চেনীকলৰ শ্বেতাংগ মালিকসকলে প্রশংসা কৰিছিল। পিছে এই আপাত প্রশংসাৰ পিছফালে লুকাই আছিল এক দাসত্ব নির্ভৰ সমাজ (আংকল টম’ছ কেবিন?)।

ময়ূ চেতিয়া




No comments:

Post a Comment