Thursday, March 12, 2015

২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটঃ মাছৰ তেলেৰে মাছ ভজা

(২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ এতিয়াও ওৰ পৰা নাই। কেনেকৈ এই সংকটৰ আৰম্ভণি ঘটিল, এই বিষয়ে সাধাৰণ পাঠকে বুজি পোৱাকৈ এটা সৰল পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে। )

১৯৭০ৰ দশকৰ পাছৰে পৰা আমেৰিকান শ্রমজীৱি ৰাইজৰ প্রকৃত মজুৰী বৃদ্ধি হোৱা নাই। আনহাতে পুঁজিপতিৰ লাভ আৰু উদ্যোগৰ উৎপাদনশীলতা ভীষণ বৃদ্ধি হৈছে। মার্ক্সৰ মূল্য তত্ত্ব মতে শ্রমিকক কম মজুৰী প্রদান কৰিয়েই মালিকে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কথা হৈছে যে শ্রমিকৰ তেজ শুহি বৃদ্ধি কৰা এই বিয়াগোম বর্ধিত উদ্বৃত্ত্ব ক’ত লগোৱা হৈছে? উত্তৰঃ বিত্তীয় বজাৰত!

আনহাতে, মজুৰী বৃদ্ধি হোৱা নাই যদিও আমেৰিকান শ্রমজীৱি ৰাইজে পণ্যবস্তু উপভোগ কৰিবলৈ কিন্তু এৰা নাই। প্রশ্ন উঠেঃ আপোনাৰ যদি পইছাই নাই, তেনেহলে খৰছ কৰিবলৈ ধন পাইছে ক’ৰ পৰা? “ধাৰে লওঁক আকৌ!” পিছে পাছলৈ ধাৰ মাৰিব ক’ৰ পৰা? নাঃ নব্য-উদাৰবাদী পুঁজিবাদৰ ওচৰত এই প্রশ্নৰ কোনো উত্তৰ নাই!

ধৰক আপুনি এজন আমেৰিকান শ্রমিক। আপোনাৰ মজুৰী বৃদ্ধি হোৱা নাই, বৰং কমিছেহে। এতিয়া আপুনি খৰছ কৰিবলৈ ধন কৰ পৰা পাব? কাম এটা কৰক। আপোনাৰ ঘৰটো বন্ধকী(mortgage)ত দি দিয়ক!


২০০২-২০০৫ সময়ছোৱাত আমেৰিকাত ঘৰৰ দাম ভীষণভাৱে বৃদ্ধি হৈছিল। ফলত শ্রমিক একোজনে নিজৰ ঘৰটো বন্ধকীত দি টকা ধাৰলৈ লৈছিল। ধৰক প্রথমবাৰ ঘৰটো বন্ধকীত দি আপুনি দহ লাখ টকা লাভ কৰিলে। আপুনি কলে যে অহা দহ বছৰৰ ভিতৰত আপুনি মাহে অলপ অলপকৈ টকা দি ঘৰটো বন্ধকীৰ পৰা মোকলাই আনিব। পিছে কিছু মাহৰ পাছত দেখা গল – বজাৰ মূল্য মতে এতিয়া আপোনাৰ ঘৰটোৰ দাম ২০ লাখ টকা হ’ব! এটা কাম কৰক! দ্বিতীয়বাৰ ঘৰটো বন্ধকীত দিয়ক! এইবাৰ পোৱা ২০ লাখ টকাৰ আধা অর্থাৎ ১০ লাখ টকা পুৰণা ধাৰটো/বন্ধকীটো মাৰিবলৈ ব্যৱহাৰ কৰক! বাকীখিনি পুণৰ উপভোগ(consumption)ৰ বাবে, চাউল দাইল কিনিবৰ বাবে, লৰা- ছোৱালীৰ শিক্ষাৰ বাবে ব্যবহাৰ কৰক! অর্থাৎ মজুৰী বৃদ্ধি হোৱা নাই; কোনো কথা নাই। বন্ধকীত দিবলৈ আপোনাৰ ঘৰটো আছেই নহয়! বুজি পালেনে কথাটো?

অর্থাৎ যেতিয়ালৈকে ঘৰৰ বজাৰ দাম বৃদ্ধি হৈ থাকিব, তেতিয়ালৈকে চিন্তা নাই! বাৰে বাৰে ঘৰটো অধিক মূল্যত বন্ধকীত থওঁক!

পিছে কথা হল, ঘৰবোৰৰ বজাৰ দাম সদায়েই বৃদ্ধি হৈ থাকিবনে? ঘৰ কিনিবলৈ যদি মানুহেই নাথাকে, তেনেহলে ঘৰৰ বজাৰ দাম সদায়েই কেনেকৈ বৃদ্ধি হৈ থাকিব? কিয়নো আমি দেখোন অলপ আগতে দেখিলোঁ যে যাৰ যাৰ ঘৰ আছে, তেওঁলোকেও ঘৰবোৰ বন্ধকীত থৈহে খৰছৰ বাবে টকা মোকলাইছে? তেনেহলে?
নব্য-উদাৰবাদী চাপ্লাই চাইড ইক’নমিক্সে এইবোৰ কথা বুজি নাপায়। সেয়েহে ২০০৫ৰ পাছত যেতিয়া ঘৰৰ বজাৰ মূল্য কমি আহিল, তেতিয়াই গণ্ডগোল আৰম্ভ হৈ গ’ল!

আন এটা ঘটনালৈ মন কৰক। আমেৰিকাত ঘৰ কিনিবলৈ মানুহক সস্তা হাৰত ঋণ দিয়া হয়। আগেয়ে কেৱল ভাল ক্রেডিট ৰেকর্ড থকা মধ্যবিত্ত মানুহকহে (টেকনিকেল ভাষাত PRIME লোককহে) ঋণ দিয়া হৈছিল। পিছে পাছলৈ ঋণ সহজতে পৰিশোধ কৰিব নোৱাৰা দুখীয়া মানুহকো (টেকনিকেল ভাষাত Sub-Prime লোককো) গৃহ ঋণ দিয়া হল! অৱশ্যেই এনে মানুহক ঋণ দিয়াটো যিহেতু ৰিস্কী কাম, সেয়েহে তেওঁলোকৰ পৰা অধিক সুদ দাবী কৰা হল। বেংকৰ পৰা ঋণ নোপোৱা দুখীয়া কৃষকে মহাজনৰ পৰা অধিক সুদত ঋণ লোৱাৰ দৰে কথা!

পিছে এই অধিক সুদৰ কথাটো গভাইট বিত্তীয় মহাজনহঁতে লুকুৱাই ৰাখিলে। সিঁহতে দুখীয়া আমেৰিকানসকলক প্রলোভন দি কলে- চোৱা চোৱা, তোমালোকে বুজন পৰিমাণৰ down payment নিদিলেও হব। মাত্র এহেজাৰ টকা দিয়া, আৰু এটা ঘৰ লাভ কৰা! প্রথম চাৰিমাহলৈ এহেজাৰ এহেজাৰকৈ দিবা। অৱশ্যে তাৰ পাছত সুদৰ হাৰ কিছু বাঢ়ি আহিব! হোলাৰ ভাই মোলা আমেৰিকান কৃষ্ণাংগ, হিস্পানিক, দুখীয়া শ্বেতাংগ, চিংগল মাতৃসকলেও মহাজনহঁতৰ ফাণ্ডত ভৰি দিলে।

এতিয়া মূল খেলাখনলৈ মন কৰক। এই যে একাংশ আমেৰিকান লোকক ঘৰৰ বন্ধকীৰ বিনিময়ত খৰছ কৰিবলৈ টকা দিয়া হৈছে, বা আন একাংশক ঘৰ কিনিবলৈ ঋণ দিয়া হৈছে – এই কামবোৰ কোনে কৰি ফুৰিছে? ভাৰতীয় মানুহক সুধিলেতো তেওঁলোকে চিধাই কব – নিশ্চয় কোনো বেংকে কৰিছে। পিছে নহয়; এইবোৰ কাম কৰিছে বিভিন্ন বিত্তীয় অনুষ্ঠানে।

আমি প্রথমেই লিখিছিলো যে পুঁজিপতিৰ বর্ধিত বিয়াগোম মুনাফাখিনিক বিত্তীয় বজাৰত লগোৱা হৈছে। এই বিত্তীয় বজাৰ কি? সাধাৰণ ৰাইজে বিত্তীয় বজাৰ বুলিলে শ্বেয়াৰ মার্কেটকে বুজে। পিছে আধুনিক বিত্তীয় পুঁজি তাতোকৈ বহু অধিক জটিল।

কথাটো এনেকুৱাঃ ধৰক ফেনি বোলা বিত্তীয় অনুষ্ঠান এটা আছে। টান পাইছে যদি বেংক বুলিয়েই কওঁক বাৰু। ধৰক ফেনি বোলা বেংকটোৱে -

১) ঘৰ বন্ধকীত লয় আৰু তাৰ বিনিময়ত দৈনন্দিন খৰছৰ বাবে ঘৰ মালিকক ঋণ প্রদান কৰে।

২) ঘৰ কিনিবলৈ দুখীয়া লোকক ঋণ প্রদান কৰে।

এই দুয়ো ধৰণৰ ঋণক একেলগে mortgage loan বোলা হয়। পিছে মহাশয়সকলে ঋণ mature হবলৈ অপেক্ষা কৰি নাথাকে। অর্থাৎ এনেকুৱা নহয় যে তেওঁলোকে এইবুলি দহ বছৰ অপেক্ষা কৰি থাকিব যে অলপ অলপকৈ গ্রাহকে ঋণবোৰ পৰিশোধ কৰিব। আচলতে কোনো বেংকেই অপেক্ষা কৰি নাথাকে। আপোনাৰ State Bank of Indiaয়েও নকৰে। পিছে SBIৰ দৰে deposit বেংকৰ বিপৰীতে আপোনাৰ ছদ্মবেশী ফেনি বেংকে শ্বেয়াৰ মার্কেটত প্রবেশ কৰে।

কথাটো এনেকুৱাঃ এই সমস্ত mortgage সমূহক তেওঁলোকে শ্বেয়াৰলৈ পৰিণত কৰে (টেকনিকেল ভাষাত ইয়েই হৈছে securitization of mortgage)। সহজ ভাষাত কবলৈ গলে তেওঁলোকে শ্বেয়াৰ মার্কেটত গৈ কয় – চোৱা চোৱা, আমাৰ ওচৰত এবিধ বঢ়িয়া শ্বেয়াৰ আছে। সিবিলাকে সাধাৰণ শ্বেয়াৰতকৈ আপোনাক বেছি লাভ দিব।

অর্থাৎ সেই যে mortgage loan সমূহৰ গ্রাহকে মাহে মাহে ফেনি বেংকক অলপ অলপকৈ ঋণ পৰিশোধ কৰে; এতিয়া সেই ধনখিনি মাহে মাহে ফেনি বেংকৰ ওচৰলৈ যোৱাৰ বিপৰীতে শ্বেয়াৰ কিনা লোকসকলৰ ওচৰলৈ যাব! ফেনি বেংকে তো ইতিমধ্যেই শ্বেয়াৰ বিক্রি কৰি লাভ লৈ উধাও হলেই!

মাছৰ তেলেৰে মাছ ভজা কথাটোলৈ অহা যাওঁক। বজাৰত শ্বেয়াৰ কিনি লাভবান হোৱা লোকসকল আন কোনো নহয়; তেওঁলোক হৈছে Real Estate চলোৱা লোক!! অর্থাৎ জাকে জাকে ঘৰ নির্মাণ কৰি মানুহক বিক্রি কৰি ফুৰা লোক!

অর্থাৎ আপোনাক মই ঋণ দিলো ঘৰ কিনিবলৈ। আপুনি ঋণৰ বিনিময়ত মোক দিয়া সুদখিনিৰ পৰা লাভ আর্জন কৰি ময়েই আপোনাক ঘৰটো বনাই দিলোঁ। পাছলৈ আকৌ আপুনি এইটো ঘৰকে বন্ধকীত দি পুণৰ মোক ঋণ বিচাৰিব (যিহেতু দৈনন্দিন খৰছ কৰিবলৈ আপোনাৰ মজুৰী বৃদ্ধি হোৱা নাই)। সেই ঋণৰ সুদৰ বলতে মই আকৌ নিত্য-নতুন ঘৰ বনাই থাকিম! বনায়েই থাকিম!

গাণিতিক দৃষ্টিৰে চাবলৈ গলে হয়তো ব্যৱস্থাটোত কোনো খুঁট নাই। পিছে কথা হল যে মানুহৰ যদি ইমান বছৰে প্রকৃত মজুৰী বৃদ্ধি হোৱাই নাই, তেনেস্থলত নতুন ঘৰ কিনি থাকিবলৈ মানুহৰ ক্ষমতা কৰ পৰা বৃদ্ধি হব?
ইতিমধ্যেই লিখিছোঁ যে আগতে কেৱল মধ্যবিত্ত বা PRIME লোককহে ঋণ দিয়া হৈছিল। এতিয়া দুখীয়া Sub-Prime লোককো ঋণ দিয়া আৰম্ভ কৰা হল। যিটো বস্তুৱে এই কামটো সম্ভৱপৰ কৰি তুলিলে, সেয়া হৈছে Collateralized Debt Obligation, CDO বোলা এবিধ বিত্তীয় সঁজুলি।

কথাখিনি এনেকুৱাঃ আপুনি প্রশ্ন কৰিব পাৰে যে Sub-prime মানুহখিনি – অর্থাৎ দুখীয়া মানুহখিনি – যি ঋণ পৰিশোধ কৰাৰ আশা নাই, তেওঁলোকৰ mortgage share খিনি কোনে কিনিব? সেইটোতো ৰিস্কি বস্তু? অৱশ্যে এটা কথা যে এই দুখীয়া মানুহখিনিয়ে বজাৰ দামতকৈ অধিক সুদত টকা দিব; অর্থাৎ sub-prime share কিনিলে গেৰাণ্টী নাই যদিও আপুনি বেছি বেছিকৈ প্রতি মাহে ধন পাব।

এইখিনিতে বিত্তীয় গভাইটহঁতে collateralized debt obligation বা চমুকৈ CDO বোলা বস্তুটো উদ্ভাৱন কৰিলে। সহজ ভাষাত কবলৈ গলে – যিসকলে সৰহকৈ Sub-Prime শ্বেয়াৰ কিনিব, তেওঁলোকেই প্রথমে মাহিলী ধন লাভ কৰিব, কম শ্বেয়াৰ কিনাসকলে পাছতহে ধন লাভ কৰিব। কথাটো এনেকুৱাঃ ঋণ লোৱা সকলো লোকেই মাহিলী দেনাখিনি পৰিশোধ কৰিবলৈ সক্ষম নহ’ব; মনত পেলাওঁক যে Sub-Prime ঋণ লোৱা বেছিভাগ লোকেই দুখীয়া লোক। অর্থাৎ হয়তো কিছু সংখ্যক লোকে মাহিলী কিস্তিটো দিবলৈ অক্ষম হ’ব। টেকনিকেল ভাষাত ইয়াকে default কৰা বুলি কয়।

ধৰক প্রতি মাহে ১০০টা চাব-প্রাইম শ্বেয়াৰৰ বিনিময়ত ২০০ টকাকৈ অহাৰ কথা আছিল। পিছে কিছুসংখ্যক দুখীয়া borrower ব্যক্তিয়ে default কৰাৰ ফলত মাত্র ১৫০ টকাহে বজাৰলৈ আহিল। এতিয়া এই ১৫০ টকা সকলো শ্বেয়াৰ মালিকৰ মাজত সমানে বিতৰণ কৰা নহব। বৰং আপুনি যদি ৭০ টা মান শ্বেয়াৰ কিনি থৈছে, প্রথম delivery আপুনিয়েই পাব। আনহাতে এটা বা দুটা শ্বেয়াৰ কিনাসকলে বাকীখিনি টকা বজাৰলৈ আহিবলৈ অপেক্ষা কৰিব লাগিব।

এই প্রথম বিধৰ share খিনিক চিনিয়ৰ বোলা হয়; দ্বিতীয় বিধৰ খিনিক জুনিয়ৰ বোলা হয়। বিভিন্ন নিৰীক্ষণ অনুষ্ঠানে শেষ পর্যন্ত এই চিনিয়ৰ শ্বেয়াৰ খিনিক AAA গ্রেড শ্বেয়াৰ নাম দি থাকিল! AAA গ্রেড অর্থাৎ সুৰক্ষিত শ্বেয়াৰ। এইবোৰ শ্বেয়াৰ কিনিলে আপুনি লাভ আর্জন কৰিবই।

২০০৫ চনলৈকে অহৰহ ঘৰৰ দাম বৃদ্ধি হোৱাৰ পাছত সমস্যাই দেখা দিলে। ঘৰৰ দাম ইমানেই বৃদ্ধি পালে যে অতিশয় আকর্ষণীয় পলিচীৰ অধীনতো দুখীয়া লোকে ঘৰ কিনিবলৈ ভয় কৰা হল। বিত্তীয় মহাজনহঁতৰ সমস্ত প্রলোভন অথলে গল। ফলত হল কি? বজাৰত ঘৰৰ চাহিদা কম হোৱাৰ ফলত ঘৰৰ দাম কমিবলৈ ধৰিলে। ফলত পূর্বৰ দৰে বাৰে ঘৰ বন্ধকীত দি খৰছ উলিওৱাৰ উপায় মুদা মৰিল। (এই কথাখিনি বুজি নাপালে প্রবন্ধৰ চতুর্থটো পেৰাগ্রাফ পুণৰ পঢ়ক)। বিত্তীয় অনুষ্ঠানসমূহ আতংকগ্রস্থ হৈ পৰিল। বন্ধকীৰ ধন ঘূৰাই দিবলৈ গভাইটহঁতে ঘৰ-মালিকৰ ওপৰত প্রেছাৰ দিবলৈ ধৰিলে। পিছে মানুহে ধন দিব কৰ পৰা? আগতে নতুনকৈ ঘৰ বন্ধকী থৈ ধন উলিওৱা হৈছিল। পিছে এতিয়া ঘৰৰ বজাৰ মূল্য কম হৈ অহাৰ ফলত কোনে অধিক হাৰত ঘৰ বন্ধকীত লব? কোনেও নলয়। ফলত সহস্রজন লোকক ঘৰৰ পৰা খেদি দিয়া হল। মূহুর্তৰ ভিতৰতে বহু দুখীয়া আনকি মধ্যবিত্ত ব্যক্তিও গৃহহাৰা, পথৰ ভিক্ষাৰী হৈ পৰিল।

ইয়াকে Foreclosure বোলা হয়। অর্থাৎ বন্ধকীৰ ধন ঘূৰাব নোৱাৰিলে আপোনাৰ বন্ধকী ঘৰটো বাজেয়াপ্ত কৰা হয়। পিছে ই সমস্যা বৃদ্ধিহে কৰিলে। কিয়নো ঘৰৰ দাম ইমানেই কমি আহিল যে বাজেয়াপ্ত কৰা ঘৰটোৱে ঋণৰ ধনখিনি মোকলাবলৈ অসমর্থ হল। (আপুনি মোৰ পৰা এক লাখ টকা ধাৰলৈ লৈছে। আপুনি টকাখিনি ঘূৰাব নোৱাৰা যেন দেখি মই আপোনাৰ ঘৰটো কাঢ়ি লৈ ললো। পিছে Housing Marketত ঘৰৰ দাম কম হৈ অহাৰ ফলত মই আৱিষ্কাৰ কৰিলো যে এতিয়া আপোনাৰ ঘৰটোৰ মূল্য মাত্র ১০ হাজাৰমান টকাহে হব!!)। শেহত বহুতো নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি অহা মধ্যবিত্ত মানুহেও আৱিষ্কাৰ কৰিলে – “আমি দেখোন ঋণ পৰিশোধ কৰি থকাতকৈ ঘৰলৈ foreclose হবলৈ এৰি দিলেই বেছি লাভ হব!!

এক অদ্ভুত পৰিস্থিতি! ঘৰৰ দাম কমিলে সাধাৰণতে ভাল খবৰ বুলিহে ভবা হয়, নহয় জানো? পিছে বিত্তীয় বজাৰৰ জালত সম্পূর্ণভাৱে সংলিপ্ত হৈ পৰা আমেৰিকান অর্থনীতিত ই গণ্ডগোলহে সৃষ্টি কৰিলে। আপুনি এতিয়াও ভাবেনে যে পুঁজিবাদ এক rational system?
 
ঘৰৰ দাম কমি আহিল -> ফলত নতুন বন্ধকীৰ সম্ভাৱনা মূদা মৰিল -> মানুহে ঋণবোৰ ঘূৰাব নোৱাৰা হল -> অসংখ্য লোক গৃহহাৰা হল -> AAA লেভেলৰ Sub-Prime শ্বেয়াৰেও লোকচান ভৰিবলৈ আৰম্ভ কৰিলে-> শ্বেয়াৰ বজাৰত আতংক-> শ্বেয়াৰৰ মালিক অর্থাৎ real estate business কৰা মানুহৰ ধন কমি আহিল -> নতুন ঘৰ নির্মাণ কৰিবলৈ টকা নোহোৱা হল -> ঘৰ নির্মাণ উদ্যোগটো স্তবিৰ হৈ পৰিল -> এই উদ্যোগত কাম কৰা শ্রমিকৰ জীৱিকা মুদা মৰিল -> এই শ্রমিকসকলে এতিয়া কমকৈ পণ্য-বস্তু কিনা আৰম্ভ কৰিলে (বন্ধকীত ঘৰ থোৱা মানুহখিনিৰ কথা নকলোৱেবা) -> ফলত বজাৰত পণ্যৰ চাহিদা কমি আহিল ->গৃহ নির্মাণ উদ্যোগৰ স্থবিৰতাৰ ফলত ইটা, চিমেণ্ট নির্মাণ কৰা উদ্যোগো স্থবিৰ হৈ পৰিল -> বজাৰত পণ্যৰ চাহিদা কমি অহাৰ ফলত চীন আদি দেশ ভীষণভাৱে ক্ষতিগ্রস্থ হল কিয়নো তেওঁলোকৰ অধিকাংশ পণ্যদ্রব্য আমেৰিকাতেই বিক্রি কৰা হয় -> চীনৰ উদ্যোগ স্থবিৰ হৈ পৰিল -> চীনক কেঁচা মাল যোগান ধৰা আন আন দেশসমূহৰ অর্থনীতিও স্থবিৰ হৈ পৰিল!!

এইদৰেই Sub-Prime Crisisৰ মাজেৰে ২০০৮ৰ বিশ্ব বিত্তীয় সংকটৰ শুভাৰম্ভ ঘটিল!!

বিঃ দ্রঃ

১) প্রকৃত ঘটনা-চক্র এই বিবৰণটোতকৈ যথেষ্ঠ জটিল। পিছে মূল কথাখিনি ইয়াৰ পৰাই বুজিব পৰা যায়। বিবৰণীটো লিখোঁতে মূলতঃ মান্থলী ৰিভিও আলোচনীত প্রকাশিত কিছু লেখনীৰ সহায় লোৱা হৈছে। অমুকা অর্থনীতিৰ ছাত্র নহয়। নিজে কিতাপ পঢ়ি কিছু কথা শিকিছোঁ। কিন্তু টেকনিকেল ডিটেইলছবোৰ এতিয়াও ভালকৈ শিকিব পৰা নাই। কোনোবাই কিবা ভুল দেখিলে আঙুলিয়াই দিয়ে যেন। মন কৰা ভাল যে বিত্তীয় সংকট সম্পর্কে মার্ক্সবাদীসকলৰ মাজতেই বহুতো মতভেদ আছে। পিছে মান্থলী ৰিভিও স্কুলৰ মডেলটো বুজিবলৈ সহজ যেন দেখি তাকেই পাঠকৰ বাবে আগবঢ়োৱা হল।

২) এইখিনিতে কোনোবাই প্রশ্ন কৰিব পাৰেঃ এনে কৃত্রিম বিত্তীয় বেলুন ফুলাই থকাতকৈ দেখোন Economic Surplus খিনি কোনোবা সৃষ্টিশীল উদ্যোগত invest কৰিলেই হয়? শ্রমিকৰ মজুৰীও অকণমান বঢ়াই দিব নোৱাৰিনে? ইমানবোৰ বিত্তীয়/শ্বেয়াৰ মার্কেটৰ খেলা কৰাতকৈ দেখোন চিধাচিধি শ্রমিকৰ ক্রয়-ক্ষমতা বৃদ্ধি কৰিলেই সমস্যাৰ অন্ত পৰে? অর্থাৎ ইমান লোভ নকৰিলেও হব দিয়কচোন!

যুক্তিখিনি ফটকৈ দলিয়াই দিব নোৱাৰি। এইবোৰ হৈছে কেইনচীয়ান অর্থনীতিবিদ যেনে পল ক্রুগমেন আদিৰ যুক্তি। পিছে পল চুইজীৰ মতে পুঁজিয়ে যেতিয়া একাধিপত্যৰ যুগত ভৰি দিয়ে তেতিয়া আৰু সৃষ্টিশীল বিনিয়োগ কৰাৰ অৱকাশ নাথাকে। পিছে এইখিনি কথা বুজাই লিখিবলৈ হলে আন এখন মহাভাৰত লিখিব লাগিব। বিষয়টো যথেষ্ঠ টেকনিকেল। মুঠৰ ওপৰত কবলৈ গলে – সেয়া নির্ভৰ কৰিব শ্রমিক আন্দোলনে চৰকাৰৰ ওপৰত কিমান হেঁচা দিবলৈ সক্ষম হৈছে। পুঁজিবাদৰ চৰিত্র হৈছে আত্মঘাটী। তাক কিছু পৰিমাণে সুস্থ কৰি ৰাখিবলৈ হলেও শ্রমিক আন্দোলনৰ দৰকাৰ হব!
৩) বহু লোকেই কয় যে মূল সমস্যাটো বিত্তীয় পুঁজিৰ মাজতেই লুকাই আছে। আমি বিত্তীয় নেটৱর্কসমূহৰ বিস্তাৰিত বর্ণনা এতিয়াও দিয়া নাই। সেইবোৰ দেখিলে পাঠকৰ চকু কপালত উঠিব। উদাহৰণস্বৰুপে, ফেনি বেংক আৰু real estate developer সকলৰ মাজত আন কেইবাটাও layer আছে। Lender সকলে যেনেধৰণৰ Share বজাৰত বিক্রী কৰি আছিল, সেয়া শ্বেয়াৰ ক্রয় কৰি থকা বপুৰাহঁতে গমেই পোৱা নাছিল!! পিছে সেয়া সত্য হলেও আমি ভাবোঁ যে মূল সমস্যাটো মার্ক্সে কোৱাৰ দৰেই উৎপাদনৰ ক্ষেত্রখনৰ মাজতেই লুকাই আছে। পাছত কেতিয়াবা এইবিষয়ে বহলাই লিখা হব।

No comments:

Post a Comment