Monday, June 29, 2015

এজন অনুশোচনাহীন কমিউনিষ্টৰ স্বীকাৰোক্তি (চিৰিজ নং ১)


ময়ূ চেতিয়া
............
১৯৪৯ চনত এখন কিতাপ প্রকাশিত হৈছিলঃ ‘দা গড দেট ফেইল্ড’কিতাপখন লিখিছিল কেইজনমান প্রাক্তন কমিউনিষ্টে। এসময়ত কমিউনিজমৰ প্রতি আকর্ষিত হৈ পাছলৈ তেওঁলোক চোভিয়েট চৰকাৰৰ অপৰাধসমূহ দেখি শিঁহৰিত হৈ পৰিছিল। শেহান্তৰত তেওঁলোক হৈ পৰিছিল ‘প্রাক্তন কমিউনিষ্ট’।

কিতাপখনৰ সমালোচনা কৰি এডৱার্ড চাইডে ঠিকেই লিখিছিলঃ ‘বাট হোৱাই ডিড ইউ বিলিভ ইন এ গড, টু বিগিন ৱিথ?’ কমিউনিজমক যদি ভগবান বুলি গণ্য কৰা হয়, তেনেহলে তাৰ প্রতি এসময়ত মোহভংগ হোৱাটোও কোনো আচৰিত কথা নহয়

এনে প্রাক্তন মার্ক্সবাদীৰ প্রতি মোৰ বিন্দুমাত্রও সহানুভূতি নাই। ঠিক তেনেকৈয়ে মার্ক্সবাদক এতিয়াও ভগবানৰ বাণী বুলি গণ্য কৰা লোকসকলৰ প্রতিও মোৰ কোনো সহানুভূতি নাই।  আচলতে এনে সকলো ব্যক্তিয়েই হৈছে মার্ক্সবাদৰ শত্রু।

Tuesday, June 9, 2015

ৱি ডণ্ট ন' ৱাট ইজ ৰং ৱিড ইকনমি!

কিছুদিন আগেয়ে মুদ্রাবাদ(monetarism)ৰ সমস্যা সম্পর্কে ইয়াতে এটা নোট লিখিছিলোঁ। http://oxantoprohor.blogspot.in/2015/05/blog-post.html

 সেই প্রসংগতে এই লেখনীটো পঢ়ি চাব পাৰে।

আধুনিক পুঁজিবাদী অর্থনীতি একোখনৰ মূল সমস্যা হৈছে – বিনিয়োগৰ সমস্যা। অর্থাৎ পুঁজিপতিয়ে যদি পণ্য তথা সেৱা উৎপাদনৰ কামত পুঁজি বিনিয়োগ নকৰি টকাৰ পাহাৰৰ ওপৰত বহি থাকে, বা অনুৎপাদনশীল বিত্তীয় সঁজুলিসমূহতেই পুঁজি বিনিয়োগ কৰি কৃত্রিম বেলুন ফুলাই থাকে (য’ত লাভৰ হাৰ বেছি কিন্তু যি বাস্তব অর্থনীতিখনক কোনোপধ্যেই সহায় নকৰে), তেতিয়া দেশৰ চৰকাৰসমূহো নিঃসহায় হৈ পৰে। উৎপাদনশীল কার্যকলাপ নোহোৱাৰ ফলত নিয়োগ কমি আহে, ৰাইজৰ ক্রয় ক্ষমতাও কমি আহে, ফলত পণ্য/সেৱাৰ ক্রয়ো কমি আহে। অর্থনীতিখন স্থবিৰ হৈ পৰে।

মুদ্রাবাদৰ মতে চৰকাৰে ক্রেডিট লাইন খুলি, কর্পৰেটৰ ওপৰত থকা কৰ হ্রাস কৰি, বা শ্রম আইনসমূহ ঢিলা কৰি দিলেই হ’বঃ পুঁজিয়ে নিজেই আহি বিনিয়োগ কৰিব।

পিছে কার্যক্ষেত্রত বিশ্বৰ সমস্ত উন্নত দেশসমূহতেই বিনিয়োগৰ এই সমস্যাটোৱে দেখা দিছে। মুদ্রাবাদৰ পৰামর্শসমূহ আজি অচল হৈ পৰিছে। হেজাৰ কাবৌ কৰকঃ পুঁজিয়ে দেখোন উৎপাদনশীল কার্যত বিনিয়োগ নকৰেহে নকৰে!! ইউৰোপ, জাপান, কোৰিয়া -সকলোতে একে অবস্থা।

জৱাহৰলাল নেহৰু অধীন ভাৰতৰ ৩ শতাংশ বার্ষিক বিকাশ হাৰক এসময়ত বহুতেই ‘হিন্দু গ্রথ ৰেট’ বুলি ইতিকিং কৰিছিল। এতিয়া পিছে বপুৰা সকলো উন্নত দেশতেই তিনি শতাংশলৈ অধিক বিকাশ হাৰ নোহোৱা অৱস্থা!

 চোভিয়েট ইউনিয়ন বাৰু বিফলেই হলঃ তেনে এটা মডেল আজি সম্ভৱপৰো নহয়, বাঞ্চনীয়ও নহয়। কিন্তু সাম্প্রতিক নব্য-উদাৰবাদী পুঁজিবাদৰ নিজৰে আজি কি অৱস্থা? নব্য-উদাৰবাদ, মুদ্রাবাদৰ গোড়ামিক আজি সফল মডেল বুলি কব পৰা যাবনে? ইয়াৰ কোনো বিকল্প কেনেধৰণৰ হব পাৰে??

Friday, May 1, 2015

বান্ধৱী - এখন উৎকৃষ্ট কোৰিয়ান চিনেমা

সদ্য যৌৱনপ্রাপ্ত এহাল লৰা ছোৱালীঃ কৰিম আৰু মিন-ছু। ল’ৰাজন বাংলাদেশৰ; কামৰ সন্ধানত দক্ষিণ
কোৰিয়ালৈ আহিছিল। এবছৰমান ফেক্টৰী এটাত কাম কৰাৰ পাছত ঘৰলৈ ঘূৰি যাব বিচাৰিছে। পিছে ২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ সুযোগ লৈ ফেক্টৰীৰ মালিকে নিজকে দেউলীয়া ঘোষণা কৰিলে; এনেকৈয়ে কৰিমে পাব লগা এবছৰমানৰ মজুৰী মালিকৰ পেটলৈ গল। এতিয়া কৰিমে মালিকৰ ঘৰ বিচাৰি সমগ্র চহৰখন চলাথ কৰি ফুৰিছে, যাতে প্রাপ্য ধনখিনি কোনোমতে হাছিল কৰি ঘৰলৈ উভটিব পৰা যায়। ইফালে ভিজা শেষ হবলৈ এমাহহে বাকী। আনহাতে ছোৱালীজনী অর্থাৎ মিন-ছু হৈছে হাইস্কুলত পঢ়ি থকা এজনী দুখীয়া ঘৰৰ ছোৱালী; ঘৰত মাক তথা তেওঁৰ প্রেমিক বন্ধু থাকে। মাকৰ উপার্জন ঘৰখন চলাবলৈ যথেষ্ট নহয়; গতিকে মিন-ছুৱেও ইটো সিটো কাম কৰি কিছু ধন উপার্জন কৰে। ঘটনাক্রমে দুয়োটা চৰিত্রয়েই ইটো-সিটোৰ লগ হয়; দুয়োৰে মাজত গঢ়ি উঠা সম্পর্কটোৰ ভিত্তিতেই ‘বান্ধৱী’ চিনেমাখনৰ কাহিনীভাগ বিকশিত হৈছে।

সাধাৰণতে কোৰিয়ান চিনেমা বুলিলে আজিৰ সময়ত ভাববিহবল ৰোমাণ্টিক ছবিৰ কথাই মনলৈ আহে। পিছে ‘বান্ধৱী’ ছবিখন সিবিলাকতকৈ সম্পূর্ণ পৃথক। ছবিখনত পৰিচালকে শ্রমিকৰ আন্তর্জাতিক প্রব্রজন, কোৰিয়ান সমাজৰ বর্ণ-বৈষম্য, সামাজিক ৰক্ষণশীলতা, শ্রমজীৱি জনগণৰ সংগ্রাম আৰু বন্ধুত্ব, সংস্কৃতিৰ সংঘাত আৰু সংবাদ, যৌন ৰাজনীতি, নাৰী মুক্তি আদি নানান স্পর্শকাতৰ বিষয় একেলগে উপস্থাপন কৰি সিবিলাকৰ সুন্দৰ সমন্বয় ঘটাবলৈ সক্ষম হৈছে।

কাহিনীৰ প্রথমভাগতে দেখা গৈছেঃ গৰম বন্ধত ইংৰাজীৰ টিউচন লবলৈ মিন-ছুৰ মাতৃৰ ধন নাই; সেয়েহে স্কুলৰ পৰা উভটি অহাৰ পৰত আন আন ছোৱালীৰ বিপৰীতে তাইৰ মুখখন প্রায় ভাৱলেশহীন। পাছলৈ দেখা গৈছে টিউচনৰ ফিজ যোগাৰ কৰিবলৈ তাই পেট্রল পাম্পত কাম কৰিছে। পিছে মিন-ছু কোনো সাধাৰণ ছোৱালী নহয়। মালিকৰ পুত্রই তাইক হাৰাহাস্তি কৰিবলৈ চেষ্টা কৰোঁতে তাই লৰাজনৰ গাত পাম্পৰ পেট্রল ঢালি দিছে! মিন-ছুক পুলিচ থানালৈ লৈ যোৱা হৈছে। একে সময়তে দেখা গৈছে – আন এটা ঘটনা সংক্রান্তত কৰিমো থানাত উপস্থিত হৈছে। পুলিচ অফিচাৰজনে কৰিমৰ নামটো শুদ্ধকৈ লিখিব পৰা নাই। কৈছে- “তহঁতৰ নামবোৰ ইমান দীঘল কিয়? মুস্তাফা বিন হাদি কৰিম - এইটোও কিবা নাম হলনে?” কৰিমৰ হাহোঁনে কান্দো অৱস্থা। মদাহী মহাশয় এজনে আকৌ পুলিচ অফিচাৰজনক অভিযোগ কৰিছেঃ “মহাশয়, ইয়াক দেশৰ পৰা খেদি দিয়ক। ইহঁতেই আমাৰ চাকৰিবোৰ খালে!” আনফালে মিন-ছুক আন এজন পুলিচ অফিচাৰে বেশ্যা বুলি অভিযোগ কৰিছে। মিন-ছুৱে উপহাসমূলক হাঁহি মাৰি কৈছে, “বুর্বক, মই এতিয়াও স্কুলীয়া ছাত্রী বুলি গম পোৱা নাই নেকি?”

এনে আপাত হাস্য-ব্যংগৰ যোগেদি পৰিচালকে সাম্প্রতিক সময়ৰ কোৰিয়ান সমাজখনৰ কেতবোৰ নিষ্ঠুৰ বাস্তৱ উদঙাই দিছে। নব্য-উদাৰবাদী নীতিৰ কবলত পৰি বহুতো কোৰিয়ানেই চাকৰি হেৰুৱাইছে। আনহাতে সস্তাতে শ্রম কৰাবলৈ সহস্র বাংলাদেশী শ্রমিকক আমদানী কৰা হৈছে। দুয়ো দল শ্রমিকৰ মাজত যাতে একতা আৰু বন্ধুত্ব গঢ় লৈ নুঠে, তাৰ বাবে শাসক চক্রই বহিৰাগত শ্রমিকসকলকেই মূল শত্রু হিচাপে উপস্থাপন কৰিছে।

পুলিচ থানাত এইবাৰ মিন-ছু আৰু কৰিমৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছে। মিন-ছুৱে প্রতিশ্রুতি দিছে যে তাই কৰিমক মালিকৰ ঘৰটো বিচাৰোঁতে সহায় কৰিব। দুয়ো চহৰখন পুণৰ চলাথ কৰিছে। মিন-ছুৰ সহায়ত এইবাৰ কৰিমে ঘৰটো বিচাৰি পাইছে। পিছে মালিকে ঘৰৰ দুৱাৰ খুলি দিয়া নাই। প্রাপ্য হেৰুওৱাৰ দুখ মিন-ছুৱেও বুজে। সেয়ে খঙাল আৰু সাহসী ছোৱালীজনীয়ে এইবাৰ মালিকৰ ঘৰলৈ শিল দলিয়াই দিছে!

কোৰিয়ান সমাজত এতিয়াও অনা-কোৰিয়ান ব্যক্তিৰ সতে কোৰিয়ান নাৰীৰ বন্ধুত্ব বা প্রেম সহজ বুলি ধৰা নহয়। তাতে কোনো তৃতীয় বিশ্বৰ শ্রমিক পুৰুষ হলেতো কথাই নাই। আচলতে পিতৃতান্ত্রিক যিকোনো সমাজেই ‘নিজৰ সম্প্রদায়’ৰ নাৰীয়ে ‘আন সম্প্রদায়’ৰ পুৰুষৰ সতে সম্পর্ক কৰাটো নিবিচাৰে। কিয়নো পিতৃতান্ত্রিক বাগধাৰা মতে নাৰী হৈছে সমগ্র সম্প্রদায়টোৰে সম্পত্তি বা ‘ইজ্জত’ৰ মূর্ত ৰূপ। সেয়েহে সাম্প্রদায়িক সংঘর্ষৰ সময়তো শত্রু সম্প্রদায়টোৰ নাৰীকেই বিশেষ আক্রমণৰ লক্ষ্য
হিচাপে ধৰি লোৱা লয়।

সি যি কি নহওঁক চহৰখনৰ অলিয়ে গলিয়ে মিন-ছু আৰু কৰিমক একেলগে ঘুৰি ফুৰা দেখি মধ্যবিত্ত কোৰিয়ানসকলে সন্দেহৰ চকুৰে চাইছে। ইয়াৰ দ্বাৰাই পৰিচালকে সমাজখনৰ দুমুখীয়া চৰিত্র উদঙাই দিছে। দুখীয়া ছোৱালীজনীক সহায় কৰিবলৈ কোনো কোৰিয়ান ব্যক্তি আগবাঢ়ি অহা নাই; অথচ ইজনে সিজন সহায় কৰি মিন-ছু আৰু কৰিমে যেতিয়া বন্ধুত্ব গঢ়ি তুলিছে, তাক লৈ কিন্তু স্থানীয় মধ্যবিত্ত সমাজখনৰ ঘোৰ আপত্তি!

কৰিম আৰু মিন-ছুৰ সম্পর্কটোৰ মাজেৰে দর্শকে কোৰিয়াৰ সর্বহাৰা জনগণৰ এখন জীৱন্ত ছবি দর্শন কৰাৰ সুবিধা পাইছে। দুয়োৰে অৱস্থাৰ মাজত বিশেষ কোনো পার্থক্য নাই। পার্থক্য মাথো ইমানেই যে মিন-ছু হৈছে স্থানীয় বাসিন্দা, আনহাতে কৰিম হৈছে প্রবাসী। কিন্তু পুঁজিবাদী শোষণকাৰী ব্যৱস্থাটোৰ দ্বাৰা দুয়ো সমানেই শোষিত। মাকৰ সৈতে মিন-ছুৰ এটা জটিল সম্পর্ক দর্শোৱা হৈছে। এফালে তাই কঠোৰ শ্রম কৰা মাকৰ সৈতে সহমর্মিতা অনুভৱ কৰে; আনহাতে কাম নকৰি ঘৰত বহি থকা মাকৰ প্রেমিকজনৰ প্রতি চৰম বিৰক্তি অনুভৱ কৰে। মাকহঁতে মিন-ছুৰ সম্পর্কটোৰ বিষয়ে গম পাই অসহমতি প্রকাশ কৰিছে; কিন্তু মিন-ছু এজনী স্বাধীনচিতিয়া ছোৱালী। কোনো হুকুম শুনিবলৈ তাই নাৰাজ।

মিন-ছুৱে মাক আৰু তেওঁৰ প্রেমিকৰ সতে কৰিমক চিনাকি কৰাই দিছে। তাই কৰিমক কৈছে যে মাকৰ সম্পর্কটোৰ বিষয়ে তাই এতিয়াও সহজ হব পৰা নাই। কৰিমে কৈছে – ‘তুমি তোমাৰ মাৰ দৃষ্টিৰ ফালৰ পৰাও কথাবোৰ ভাবি চোৱা উচিত। তেওঁতো মানুহজনক ভাল পায়, নহয় জানো?’ মৰমেৰে মিন-ছুৰ মূৰ জোকাৰি কৰিমে কৈছে – ‘Open your mind!’ কিছুদিনৰ পাছত মিন-ছুৱে তাইৰ এমেৰিকান ইংৰাজী শিক্ষকজনৰ সতে কৰিমক চিনাকি কৰাই দিয়াব বিচাৰিছে। কৰিম মৌন হৈ থকা দেখি এইবাৰ মিন-ছুৱে কৈছে – ‘Open your mind!’ দুয়োয়ে একেলগে হাঁহিছে। বিভিন্ন ধৰণৰ পূর্বাগ্রহ, অবিশ্বাস আদিৰ ৱালসমূহ এইদৰেই পৰিচালকে ভাঙি পেলাইছে।

কৰিমে মিন-ছুক বাংলাদেশী পদ্ধতিৰে ভাত-মাংস ৰান্ধি খাবলৈ শিকাইছে। নামাজ কৰোঁতে পিন্ধা টুপী এটা সি তাইক উপহাৰ দিছে। টুপীটো পিন্ধি মিন-ছুৱে নিজকে আইনাত ঘূৰি ঘূৰি চাইছে। ভাত খাই থাকোঁতে কৰিমে এটা তাৎপর্যপূর্ণ মন্তব্য কৰিছেঃ “তুমি জানানে, আমাৰ দেশত আলহী আহিলে তেওঁ কেতিয়া ঘূৰি যাব, সেয়া কেতিয়াও সোধা নহয়। তেওঁ যেতিয়ালৈকে মন কৰে তেতিয়ালৈকে থাকিব পাৰে।” কাৰখানাত কাম কৰি কঠিন হৈ পৰা কৰিমৰ হাত দুখনৰ বাবে মিন-ছুৱে মলম এটা উপহাৰ দিছে। তাই তাক সুধিছে, “তোমাৰ দেশতো সাগৰ আছেনে? তোমাৰো দেশলৈ মনত পৰেনে?” কোৰিয়ান উচ্চাৰণেৰে তাই কৈছে “চিতাগ’ (চিতাগং) বাঃ কি সুন্দৰ নাম!”

জীৱিকাৰ তাড়নাত মিন-ছুৱে চেক্স ইণ্ডাষ্ট্রীত কাম কৰিছে। অৱশ্যে ঠিক যৌনকর্মী হিচাপে নহয়। তাৰ বর্ণতা অসমীয়া ভাষাত দিবলৈ অসুবিধা। কিয়নো অসমীয়া বৌদ্ধিক জগতখন তথা অসমীয়া বাগধাৰাসমূহ এতিয়াও এনে ৰূঢ় বাস্তৱ অংকণ কৰাৰ ক্ষেত্রত অপৰিপক্ক হৈয়েই ৰৈছে বুলি কব পাৰি। অসমীয়া ভাষাত এতিয়াও যৌনতাৰ বিষয়টো উত্থাপন হলেই সি হয়তো ভিক্টোৰিয়ান নীতি বাণী বা অন্যথাই স্থূল সুৰসুৰণিলৈ পর্যৱসিত হয়।

চিনেমাখনৰ এটা কৰুণ দৃশ্য হৈছে য’ত মিন-ছুৱে কৰিমক সুখী কৰিব বিচাৰিছে। জীৱনৰ নিষ্ঠুৰতাই সুখৰ সংজ্ঞাকে তাইৰ বাবে সংকীর্ণ কৰি পেলাইছে। সুখ তাই নিজৰ বাবে বিচৰা নাই, বিচাৰিছে কৰিমৰ বাবে। ইয়াৰ পাছত তাই যিটো কাম কৰিছে, অসমীয়া ভাষাত তাৰ বর্ণনা দিবলৈ অসুবিধা। ইতিমধ্যেই লিখিছোঁ যে এনে কৰুণ নিষ্ঠুৰ বাস্তৱক প্রতিফলিত কৰিব পৰাকৈ এতিয়াও অসমীয়া ভাষাই পৰিপক্কতা লাভ কৰা নাই।

আমি প্রথমতেই কৈছো যে ‘বান্ধৱী’ কোনো ভাববিহবল ৰোমাণ্টিক ছবি নহয়। চিনেমাখনৰ শেহত নায়ক-নায়িকাৰ মিলন ঘটা নাই। কৰিমে প্রাপ্য টকাখিনি লাভ কৰিবলৈ অক্ষম হৈছে। তাক কোৰিয়াৰ পৰা বাংলাদেশলৈ দেশান্তৰিত কৰা হৈছে। খং আৰু ক্ষোভে মিন-ছুৰ হৃদয়খন ভৰাই পেলাইছে। মিন-ছু পুণৰ কৰিমৰ ফেক্টৰীৰ মালিকৰ ঘৰলৈ গৈছে; মালিকৰ ঘৰৰ বয়-বস্তু তহিলং কৰি তাই এইবাৰ চিঞৰি চিঞৰি কৈছে – “তহঁত চব জাবৰ। তহঁতৰ জীৱনবোৰ জাবৰ। তহঁতৰ ওচৰত ইমান টকা আছে। কিন্তু দুখীয়াক শোষণ নকৰিলে তহঁতৰ নেটানে। তহঁতক মই ঘিণ কৰোঁ।” এইদৰে তথাকথিত নৃগোষ্ঠীয় ঐক্যৰ বান্ধোন চিঙি অৱশেষত বিশ্ব শ্রমিকৰ ঐক্য স্থাপন হৈছে।

চিনেমাখনৰ শেষ দৃশ্যটোত দেখা গৈছে – মিন-ছুৱে এতিয়া পঢ়া-শুনা এৰি চাকৰি কৰে। দেখা গৈছে – তাই চিউলৰ ভাৰতীয়/বাংলাদেশী হোটেল এখনত সোমাই ভাত-দালিৰ অর্দাৰ দিছে। কৰিমে শিকোৱাৰ দৰেই তাই ফর্ক এৰি হাতেৰে খাবলৈ যত্ন কৰিছে। ভালকৈ পৰা নাই; পুণৰ চামুচখন দাঙি লব লগা হৈছে। পুণৰ চেষ্টা কৰিছে। নিজৰ মনতে তাই কিবা ভাবি ভাবি হাঁহিছে। কৰিমে ধৰাৰ দৰেই তাই নিজকে সাবতি ধৰিছে। সেই কেইখন যেন তাইৰ নিজৰ হাত নহয়, কৰিমৰহে হাত। হাত দুখনে তাইক মৰমেৰে লাহেকৈ জোকাৰি দিছে। তাই হাঁহিছে। পুণৰ অকণ ভাত মুখত দিছে। তাইৰ বন্ধু যেন এতিয়াও লগতে আছে। নৃগোষ্ঠীয়/স্থানীয় সংস্কৃতিৰ ভেদ নেওচি শ্রমজীৱি জনগণৰ বন্ধুত্ব আৰু সংবাদৰ মৌন সুগন্ধি-প্রবাহ বব ধৰিছে।

Thursday, March 12, 2015

২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটঃ মাছৰ তেলেৰে মাছ ভজা

(২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ এতিয়াও ওৰ পৰা নাই। কেনেকৈ এই সংকটৰ আৰম্ভণি ঘটিল, এই বিষয়ে সাধাৰণ পাঠকে বুজি পোৱাকৈ এটা সৰল পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে। )

১৯৭০ৰ দশকৰ পাছৰে পৰা আমেৰিকান শ্রমজীৱি ৰাইজৰ প্রকৃত মজুৰী বৃদ্ধি হোৱা নাই। আনহাতে পুঁজিপতিৰ লাভ আৰু উদ্যোগৰ উৎপাদনশীলতা ভীষণ বৃদ্ধি হৈছে। মার্ক্সৰ মূল্য তত্ত্ব মতে শ্রমিকক কম মজুৰী প্রদান কৰিয়েই মালিকে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কথা হৈছে যে শ্রমিকৰ তেজ শুহি বৃদ্ধি কৰা এই বিয়াগোম বর্ধিত উদ্বৃত্ত্ব ক’ত লগোৱা হৈছে? উত্তৰঃ বিত্তীয় বজাৰত!

আনহাতে, মজুৰী বৃদ্ধি হোৱা নাই যদিও আমেৰিকান শ্রমজীৱি ৰাইজে পণ্যবস্তু উপভোগ কৰিবলৈ কিন্তু এৰা নাই। প্রশ্ন উঠেঃ আপোনাৰ যদি পইছাই নাই, তেনেহলে খৰছ কৰিবলৈ ধন পাইছে ক’ৰ পৰা? “ধাৰে লওঁক আকৌ!” পিছে পাছলৈ ধাৰ মাৰিব ক’ৰ পৰা? নাঃ নব্য-উদাৰবাদী পুঁজিবাদৰ ওচৰত এই প্রশ্নৰ কোনো উত্তৰ নাই!

ধৰক আপুনি এজন আমেৰিকান শ্রমিক। আপোনাৰ মজুৰী বৃদ্ধি হোৱা নাই, বৰং কমিছেহে। এতিয়া আপুনি খৰছ কৰিবলৈ ধন কৰ পৰা পাব? কাম এটা কৰক। আপোনাৰ ঘৰটো বন্ধকী(mortgage)ত দি দিয়ক!

Tuesday, March 10, 2015

ইণ্ডিয়াজ ডটাৰ এট ডিমাপুৰ

ইণ্ডিয়াজ ডটাৰ তথ্যচিত্রখন চালো। তথ্যচিত্রখনৰ কেইবাটাও গুৰুতৰ সমস্যা আছে। পিছে সেই বিষয়ে আন কেতিয়াবা। সদ্যহতে মই ভাবোঁ যে বিভিন্ন সীমাৱদ্ধতা স্বত্তেও তথ্যচিত্রখনে পিতৃতান্ত্রিক মানসিকতা আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা কেতবোৰ আন্তঃসম্পর্ক অতি সুন্দৰকৈ দর্শাইছে। কোনো মানুহেই জন্মতে ধর্ষণকাৰী হৈ জন্ম নলয়। পিতৃতান্ত্রিক সমাজৰ হিংসামূলক পৰিবেশ, নাৰীৰ প্রতি থকা বৈষম্যমূলক আচৰণ আদিয়েই ধর্ষণকাৰী একোজনক জন্ম দিয়ে। সৰুতে ভণ্টিজনীৰ ওপৰত কৰা দাদাগিৰি, ৰাস্তাত মাৰ-পিট কৰি ‘পুৰুষ’ হবলৈ কৰা চেষ্টা, সংস্কৃতি ৰক্ষাৰ দোহাই, মৰেল পুলিচিং, ছোৱালীজনীৰ শৰীৰটোৰ ওপৰতেই সমস্ত সংস্কৃতিৰ ভাৰ জাপি দিবলৈ কৰা চেষ্টা (‘ইছ ৰাম, ছোৱালীজনীয়ে চিগাৰেট খাইছে’, ‘ইছ ৰাম, তাইৰ ড্রেছটো কি দেখিবা’, ‘ইছ ৰাম এইজনীয়ে দেখোন বাইক চলাইছে’, ‘ইছ ৰাম ইহঁতহালে দেখোন পার্কতে চুমা খাইছে’...আৰু কতনা কি...)। এইবোৰেইতো হৈছে ধর্ষণ সংস্কৃতি জন্ম দিয়া উপাদান।

ডকুমেণ্টৰীখন এবাৰ চাওঁক। তাত অভিযুক্তৰ উকীলকেইজনে কেনেধৰণৰ নাৰীবিৰোধী কথা কৈছে চাওঁক। নিজৰ বুকুত হাত থৈ সোধকঃ তেনেধৰণৰ কথা আপুনি নিজেও কেতিয়াও কোৱা নাইনে? মনত আছেনে নিউজ লাইভে গুৱাহাটীৰ মাজপথত ছোৱালী এজনীৰ ওপৰত হোৱা অত্যাচাৰখিনি কেনেকৈ প্রচাৰিত কৰিছিল? সেই সময়ত ছোৱালীজনীকো দোষাৰোপ কৰা মানুহৰ অভাৱ নাছিল। মদ খোৱা দাংকাচি ছোৱালী! দুজনমানেতো ঘোষণাই কৰিছিলঃ “ৰাস্তাত কল এআষি আপুনি লৈ গৈ আছে। আপোনাৰ ভুলৰ বাবে কল এটা পৰি গল। কোনোবা চুৰে আহি খালে। সেয়া আপোনাৰ নে চুৰৰ ভুল?” অর্থাৎ জীৱন্ত মানুহ এগৰাকী আপোনাৰ চকুত এটা কলৰ দৰে। Very Good. Full marks for you। কৈয়েই দিলে আপুনি যে মহিলাৰ শৰীৰটো ভোগৰ এক সামগ্রী মাত্র।

তাৰ কিছু বছৰ পূর্বলৈ আহক। দিল্লীৰ ধলা কুঁৱাত এজনী উত্তৰ পুৱৰ ছোৱালীৰ বলাৎকাৰ হলঃ মহান অসমীয়া দুজনমানে সমবেদনা প্রকাশ কৰিও কবলৈ নেৰিলেঃ “ৰাতি দুটা বজাত বইজ্জাতিয়ে ৰাজপথত কি কৰি আছিল?” এইবোৰ কথা শুনিলে চিঞৰি দিবলৈ মন যায়ঃ “আব্বে, তাই যলৈকে যায়, সেইটো সুধিবলৈ তই কোন?” এইখন স্বাধীন দেশ নহয় নেকি? মহিলাই যলৈকে যাব, তেওঁৰ ইচ্ছা। সকলো নাগৰিকক সুৰক্ষা দিয়াৰ কাম চৰকাৰৰ, সমাজৰ। নোৱাৰে যদি কৈ দিয়কঃ যে, আমি এতিয়াও ভাৰতৰ আধা জনগনৰ বাবে স্বাধীনতা আনিব পৰা নাই।

কিছু মাহ পূর্বে টি ভিত আন এটা ৰিপর্টঃ “অবৈধ সম্পর্ক” ৰখাৰ বাবে মহিলা আৰু তেওঁৰ পুৰুষ বন্ধুক গণপিটন। আবে কোনে কাৰ লগত সম্পর্ক কৰে, সেয়া লৈ টিভি চেনেলৰ কাম কি? আৰু কি বৈধ, কি অবৈধ সেয়া বিচাৰ কৰিবলৈ তঁহত কোন? ৰাইজকে বা মাৰ পিট কৰাৰ অধিকাৰ কোনে দিলে? নিজৰ মানুহজনীক সদায় মাৰপিট কৰা পুৰুষৰ বিৰুদ্ধেও ৰাইজ ইমান গৰম হৈ পৰিবনে? নাঃ সেয়া কেতিয়াও নহয়। সংস্কৃতি? নিপাতে যাওঁক এনে মৰেল পুলিচৰ সংস্কৃতি।

এনে ধৰণৰ মৰেল পুলিচিং, এনে ৰক্ষণশীল মানসিকতাই হৈছে ধর্ষণ-সংস্কৃতিৰ মূল। ধর্ষণ কৰা ব্যক্তি একোজন পিশাচ, ৰোগাক্রান্ত মানুহ নহয়। তেওঁ আপোনাৰ, মোৰ দৰেই এজন সাধাৰণ মানুহ। আপুনি, মই মাথো মহিলা বিৰোধী কমেণ্ট কৰিছোঁ, প্রেম কৰাৰ বাবে ভণ্টিজনীক পিটিছোঁ, পত্নীগৰাকীক দম দিছোঁ, দাইলত নিমখ নোহোৱাৰ বাবে ভাতৰ থালিখন মালৈ দলিয়াই দিছোঁ, পত্নীৰ কাপোৰ ধোৱা বন্ধুজনক ‘হেনপেক’ বুলি ঠাট্টা কৰিছোঁ... ৰেপিষ্টজন যেনিবা এখোজ আগুৱাই গল।

“ধর্ষণকাৰীক ফাঁচী দিয়ক”, “তাক গণধোলাই দিয়ক”, “তাৰ লিংগ কাটি দিয়ক” – এইবোৰ দাবী কৰা মানুহৰ কথা শুনিলে মূৰটো আৰু গৰম হৈ আহে। এনে দাবী সেইসকল লোকেই কৰিব পাৰে, যি কেতিয়াও পিতৃতন্ত্রৰ সমস্যা সম্পর্কে ভবা নাই, কেতিয়াও কোনো নাৰীবাদী কর্মকর্তাৰ কথা শ্রদ্ধাৰে শুনা নাই, যি নিজৰ ভিতৰতে সোমাই থকা পিতৃতান্ত্রিক মানসিকতাক কেতিয়াও প্রশ্ন কৰা নাই। আজি ইমান বছৰে ভাৰতীয় নাৰীবাদীসকলে ধর্ষণ সম্পর্কে কেম্পেইন চলাই আহিছে। ফটকৈ আপোনাৰ মন্তব্য দিয়াৰ আগেয়ে তেওঁলোকেনো এইবিষয়ে কি কিয়, সেই সম্পর্কে সোধাৰ, শুনাৰ ধৈর্য ৰাখক।

ধর্ষণকাৰীক পিশাচ বুলি কৈ আমি ভাল পাওঁ কিয়নো তেতিয়া আমি নিজকে নির্দোষী বুলি চার্টিফিকেট দিব পাৰোঁ। আমিতো ভালেই মানুহ; ধর্ষণকাৰীহঁতহে বেয়া। অর্থাৎ পিতৃতান্ত্রিক বৈষম্য আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা সম্পর্কটো আপুনি এনেকৈয়ে নাকচ কৰিলে। নেলী হত্যাকাণ্ডৰ বাবে কেৱল গুণ্ডা প্রবৃত্তিৰ মানুহক দোষাৰোপ কৰাৰ দৰে কথা।

ভাৰতৰ নাৰীবাদীসকলে দশক জুৰি ফাঁচীৰ বিৰোধিতা কৰি আহিছে। কিয়নো তেওঁলোকক প্রতিশোধ নালাগে; তেওঁলোকক লাগে ন্যায়। প্রতিশোধ এটা পিতৃতান্ত্রিক বস্তু। ফাঁচী হৈছে এক প্রকাৰৰ প্রতিশোধৰ নিচিনাই।  ফাঁচীৰ বিপৰীতে কম সময়ৰ ভিতৰত ন্যায় লাভ কৰাটোহে তেওঁলোকৰ উদ্দেশ্য। ভাৰতৰ সময়-বহুল আইনী প্রক্রিয়াটোৰ বাবেহে বেছিভাগ মহিলাই অভিযোগ দিবলৈ সাহস কৰিব নোৱাৰে। সেয়েহে অসমৰ কু-পুত্র, মগজুহীন অর্ণৱ গোস্বামীয়ে যিমানেই নিচিঞৰক লাগে, ফাঁচী দিলেই সমস্যাৰ সমাধান নহয়। প্রেকটিকেলি চাবলৈ গলেও দেখা যায় যে ধর্ষণকাৰীক ফাঁচী দিয়াৰ ৰায় দিলে পাছলৈ কোনো ধর্ষণকাৰীয়েই মহিলাগৰাকীক জীৱন্তে এৰি নিদিব। ঠিক তেনেকৈয়ে নাৰীবাদীসকলে ‘ৰাস্তাৰ ন্যায়’ৰো বিৰোধিতা কৰে। কিয়নো ই পিতৃতান্ত্রিক আক্রামক উত্তেজনাহে বৃদ্ধি কৰে। সমস্যাটো সম্পর্কে সকলোৱেই আত্মপৰীক্ষণ কৰাৰ অৱকাশ ই নিদিয়ে। মই ডাঠি কব পাৰোঁ যে যিসকল ব্যক্তি ডিমাপুৰৰ ৰাজহুৱা হত্যাকাণ্ডটোৰ সতে জড়িত আছিল, তেওঁলোক সকলোৱেই ঘৰলৈ ঘূৰি আহি নিজৰ মাক, বায়েক, ভনীয়েক, বান্ধৱীৰ ওপৰত মৰেল পুলিচিং চলাব। কব- "খবৰদাৰ! মিয়া মতাৰ লগত বন্ধুত্ব নকৰিবি। নহলে পিঠিৰ চাল চিঙিম।" তেওঁলোকে সমস্যাটো সমাধান কৰা নাই; বৰং তেওঁলোকে তাত অৰিহণাহে যোগালে। 


ডিমাপুৰৰ কথাটোলৈ আহোঁ। এনে এটা ঘটনা আচলতে অসমতো ঘটিব পাৰিলেহেঁতেন। “আমাৰ তিৰোতাৰ” ওপৰত হোৱা অত্যাচাৰৰ বাবে “আন সম্প্রদায়ৰ” ওপৰত দোষ দিয়াটো সহজ। “আমাৰ তিৰোতা” শব্দটোলৈ মন কৰকঃ আমাৰ, অর্থাৎ আমাৰ সম্প্রদায়টোৰ সম্পত্তি। “আনে চুলেই সেয়েহে তাৰ হাত কাটি দিম। আব্বে মোৰ মাল বে, তই চুব নোৱাৰ।” অৱশ্যে মোৰ মালক মই নিজে মাৰধৰ কৰো, মৰম কৰোঁ, যিয়েই কৰোঁ – সেয়া মোৰ কথা। সেয়েহে একেখন জেলতে থকা স্বত্তেও শ্বৰিফৰ সহযোগী নাগা অভিযুক্তজনক মাৰি পেলোৱা নহ’ল। শ্বৰিফ যিহেতু আন সম্প্রদায়ৰ, যিহেতু সি “আমাৰ মালৰ/মাইকী”ৰ ওপৰত চকু দিছে, সেয়েহে তাক শাস্তি দিবই লাগিব। অৱশ্যে কোনোবা নগা মতাই নগা মাইকীক হাৰাহাস্তি কৰি থাকক। তাত আমাৰ কব লগীয়া নাই। এয়া চৰম নাৰীবিৰোধী পিতৃতান্ত্রিক মানসিকতা নহৈ আৰু কি?

অৱশ্যে ঘটনাৰ বিৰোধিতা কৰিবলৈ গৈ একাংশই শ্বৰিফ বোলা ব্যক্তিজনক নির্দোষী সজোৱাতো লাগিছে। সেয়াও এক প্রকাৰৰ পিতৃতান্ত্রিক মানসিকতা। কোৱা হৈছেঃ ছোৱালীজনী বোলে যৌন-কর্মী (অশুদ্ধ ভাষাত “বেশ্যা”) আছিল! আবে, যৌন-কর্মীৰ কি ধর্ষণ হব নোৱাৰে নেকি? কি মানসিকতাহে আপোনাৰ? আৰু ঘটনাটো সঁচা আছিল নে মিছা আছিল, সেয়া এতিয়া আদালতে নির্ণয় কৰিব। এনেও আমাৰ দেশত ধর্ষণৰ অভিযোগ দিবলৈ সাহস কৰা মহিলাক সন্দেহৰ চকুৰে চোৱা মানুহৰ সংখ্যাই সৰহ। তেনে স্থলত ভুক্তভোগী মহিলাগৰাকীৰ চৰিত্র লৈ প্রশ্ন কৰাৰ অধিকাৰ আপোনাৰ নাই। অন্যথাই আপোনাৰ মানসিকতাও শ্বৰিফৰ হত্যাকাৰীৰ দৰেই বুলি কবলৈ বাধ্য হম। শ্বৰীফ হত্যাৰ বিচাৰ নিশ্চয় হোৱা উচিত। কিয়নো তেওঁ দোষীয়েই আছিল বা নির্দোষীয়েই আছিল, এনেকৈ তেওঁক হত্যা কৰাৰ অধিকাৰ ৰাইজক কোনেও দিয়া নাছিল। ঠিক তেনেকৈয়ে এতিয়া মহিলা গৰাকীৰ চৰিত্রকো সন্দেহ কৰি উৎপাত কৰাৰ অধিকাৰ আপোনাৰ নাই।