Wednesday, June 11, 2014

ভাৰত-বাংলাদেশ ভূমি হস্তান্তৰ চুক্তি'ৰ সপক্ষে


চাবলৈ গলে 'ভাৰত-বাংলাদেশ ভূমি হস্তান্তৰণ'ৰ প্রক্রিয়াটো বাস্তৱসন্মত যেনেই অনুভৱ হৈছে দেখোন। দুয়োখন দেশৰ
ইখন-সিখনৰ মাজত সোমাই থকা এনক্লেভ সমূহে এতিয়ালৈকে খেলিমেলিহে সৃষ্টি কৰি আহিছে। এই অঞ্চলসমূহ প্রকৃত পক্ষে কোনো দেশৰ নিয়ন্ত্রণত নাই। আইন কানুনৰ অৱস্থাও তথৈবচ। এনক্লেভ সমূহত থকা ৰাইজেও প্রক্রিয়াটোৰ বিৰোধিতা কৰা নাই। এই অঞ্চলসমূহত থকা ৰাইজক যিখন দেশলৈকে যাবলৈ মন – তালৈকে যোৱাৰ স্বাধীনতাও দিয়া হৈছে। হস্তান্তৰণৰ পাছত দুয়োখন দেশৰ স্পষ্ট সীমা নির্ধাৰণ কৰাৰ ক্ষেত্রত সুবিধাহে হব যেন অনুভৱ হৈছে। কেৱল আবেগিক কাৰণতেই কেতবোৰ সংগঠনে প্রক্রিয়াটোৰ বিৰোধিতা কৰা নাইতো?


এতিয়ালৈকে মই জনাত কেৱল এটা কাৰণতেই প্রক্রিয়াটোৰ বিৰোধিতা কৰা হৈছে। সেয়া হৈছেঃ ঐতিহাসিক কাৰণবশতঃ ভাৰতে বাংলাদেশৰ ভিতৰত যিমান মাটি দখল কৰি থৈছে, বাংলাদেশে ভাৰতৰ ভিতৰত তাতকৈ কম মাটি দখল কৰি থৈছে। সংলগ্ন ছবিখন চাওঁক। কমলা ৰঙৰ বিন্দুবোৰ বাংলাদেশৰ ভিতৰত থকা ভাৰতীয় দখলী মাটি আৰু সেউজীয়া ৰঙৰ বিন্দুবোৰ ভাৰতৰ ভিতৰত থকা বাংলাদেশৰ দখলী মাটি।

এতিয়া দুয়োখন দেশে ইখনে সিখনক মাটি ওভোটাই দিবলৈ হ’লে ভাৰতে বেছি মাটি ওভোটাই দিব লাগিব কাৰণ ভাৰতে বাংলাদেশৰ ভিতৰত বেছি মাটি দখল কৰি থৈছে। অর্থাৎ ভাৰতৰ লোকচান হ’ব।

কিন্তু প্রকৃত পক্ষে এই যুক্তি গ্রহণ যোগ্য নহয়। কিয়নো বাংলাদেশৰ ভিতৰত সোমাই থকা ভাৰতীয় এনক্লেভ সমূহ প্রকৃত পক্ষে কোনোদিনেই ভাৰত চৰকাৰৰ নিয়ন্ত্রণত নাছিল। সেয়া অসম্ভৱো।

আমোদজনকভাৱে, এই ভাৰতীয় এনক্লেভসমূহৰ বাসিন্দাসকলে খোদ নিজৰ দেশ অর্থাৎ ভাৰতৰ মূল ভূমিলৈ আহিবলৈ বাংলাদেশ সীমান্ত পাৰ কৰিব লগা হয়। তেনে স্থলত এই মাটি সমূহ নিজৰ লগত ৰাখি ভাৰতৰনো কি লাভ হব, সেয়া মই বুজি পোৱা নাই।

মই বুজাত ভুল হবও পাৰে অৱশ্যে। কোনোবাই তথ্য সহকাৰে আঙুলিয়াই দিলে উপকৃত হ’ম।




No comments:

Post a Comment