Wednesday, June 11, 2014

মুছলমান আৰু বহুবিবাহ

ফেচবুকৰ গ্রুপ এটাত ব্যক্তি এজনৰ পষ্ট

বাটে পথে শুনা কথা: -

কালি দুজনমানক এই বিষয়ত তৰ্ক/ আলোচনা কৰি থকা দেখিলোঁ|

এজনৰ মতে- ভাৰতত থাকিলে নিয়ম কৰি দিব লাগে যে মুছলমান সম্প্ৰদায়ৰ মানুহে এবাৰতকৈ অধিক বিয়া কৰাব নোৱাৰিব|


১/(যিহেতু {তেওঁৰ মতেৰে} হিন্দু সকলে এবাৰেই বিয়া কৰাই ২-৩ বাচ্চা জন্ম দিব পাৰে, আনহাতে এজন মুছলিমে ১২-১৫ বাচ্চা জন্ম দিব পাৰে|

২/ সেই ১২-১৫ ল’ৰা-ছোৱালীয়ে খাবলৈ নাপাই, উপযুক্ত পৰিবেশত পঢ়িবলৈ নাপাই কালক্ৰমত টেৰ’ৰিষ্ট হ’বগৈ|

আনপক্ষৰ মতে- এইবোৰ ধৰ্মৰ লগত সাঙোৰ খাই থকা, গতিকে মাত নমতাই ভাল|

প্ৰথম পক্ষৰ মতে- ধৰ্ম হওক যি হওক, ইণ্ডিয়াত থাকিলে এখনেই বিয়া, এজনীয়েই পত্নী... নহ’লে গ’ টু পাকিস্তান|

...........................

আমাৰ মন্তব্য

কোনোবাই ৰাস্তাত কিবা এটা কলে আৰু ৰাইজেও নিজাববীয়াকৈ কোনো অনুসন্ধান নকৰাকৈ কথাখিনি মানি ললে। দেশৰ Census Reportবোৰ চাওঁক। ২০০৯-১০ চনত প্রতি ১০০০জন মুছলমান পুৰুষৰ তুলনাত মুছলমান নাৰীৰ সংখ্যা হৈছে ৯২২ গৰাকী। ইয়াৰ আগতে ২০০৪-২০০৫ চনত মুছলমান নাৰীৰ সংখ্যা আছিল ৯৬৮গৰাকী। অর্থাৎ মুছলমান সকলৰ এটা সৰু অংশইহে দুবাৰ বা ততোধিক বিয়া কৰাইছে। গৰিষ্ঠসংখ্যাক মুছলমানেই এবাৰ মাত্র বিয়া কৰাইছে। চবেই বহুবিবাহ কৰাবলৈ নহলে ছোৱালী ক’ত? অর্থাৎ এই জাতীয় অপপ্রচাৰসমূহত সাম্প্রদায়িক দুষ্টামি কিছুমান লুকাই থকা নাইনে? এনেকুৱা stereotype বোৰেই আমাৰ মাজত হিন্দু-মুছলমানলৈ ভুল ধাৰণা কিছুমান সৃষ্টি কৰোৱাই সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰাত সহায় কৰে।


জনসংখ্যাৰ কথাটোলৈ আহোঁ। সামগ্রিকভাৱে এয়া সত্য যে ভাৰতীয় মুছলমানৰ বৃদ্ধিৰ হাৰ General Caste হিন্দুতকৈ বেছি। পিছে আদিবাসী, ST, SC আদিৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি! জম্মু-কাশ্মীৰততো হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমানতকৈ দুগুণ। আনফালে কেৰালা আদি ৰাজ্যত মুছলমানৰ বৃদ্ধিৰ হাৰ উত্তৰ প্রদেশতকৈ বহুগুণ কম। অর্থাৎ জনসংখ্যা বৃদ্ধিৰ কথাটো কেৱল ধর্মীয় দৃষ্টিৰে বুজিব পৰা নাযাব। এইক্ষেত্রত বহুতো জটিল কাৰক সংলগ্ন হৈ থাকে।


মুছলমান-সমাজখনত সমস্যা নাই বুলি মই কব বিচৰা নাই। হিন্দু সমাজৰ দৰেই মুছলমান সমাজতো দেধাৰ সমস্যা আছে। কিন্তু এই বিষয়ে কবলৈ হলে প্রথমতে ভালদৰে পঢ়া শুনা কৰি তাৰ পাছত অকণমান responsibilityলৈ সাৱধানে কথাবোৰ উপস্থাপন কৰিব লাগে। নহলে অযথা হুলস্থূল কৰিলে ফল
বিপৰীতহে হয়।


অতি সৰলীকৰণ এটা বিপদজনক কথা। তদুপৰি এই জাতীয় সামাজিক বিষয় সম্পর্কে দেশৰ সমাজবিজ্ঞানীসকলেনো কি কৈছে জানিবলৈ চেষ্টা কৰা উচিত। নহলে জৰা-ফুঁকা কৰা বাবাৰ ওচৰত ডাক্টৰী শিকাৰ দৰে কথা হবগৈ।


(এটা কথা ভাবি মই প্রায়েই আচৰিত হওঁ; বিজ্ঞানৰ ক্ষেত্রখনত আটাইবোৰ দাবীকে অতি সূক্ষ্মকৈ পৰীক্ষা কৰি তাৰ পাছতহে গ্রহণ কৰা লোকেও প্রায়েই সমাজ-অধ্যয়নৰ ক্ষেত্রখনত বিভিন্ন উৰাবাতৰি, stereotype আদি সহজতে গ্রহণ কৰা দেখা যায়। কথাটো কি?)
ময়ূ চেতিয়া

No comments:

Post a Comment