ময়ূৰ চেতিয়া
(১)
স্পেইন দেশৰ এটি অনগ্রসৰ অঞ্চলঃ বস্ক প্রদেশ। ৰাজনৈতিক আৰু আর্থিক দৃষ্টিৰে ঠিক যেন আমাৰ অসমৰ দৰেই। ১৯৪৩ চনঃ স্পেইনত তেতিয়া মিলিটেৰী শাসক ফ্রাংকোৰ দপদপনি চলি আছে। আনফালে
স্পেইনৰ পৰা স্বাধীনতা বিচাৰি বস্ক অঞ্চলৰ “বিচ্ছিন্নতাবাদী”সকলেও সশস্ত্র
জাতীয়-মুক্তি সংগ্রামৰ প্রস্তুতি চলাইছে। এনে এক সময়তে খ্রীষ্টান পাদুৰী ড’ন জ’ছ মাৰিয়া আৰিজমেন্দিয়াৰিয়েটা বস্ক প্রদেশৰ
মন্দ্রাগন চহৰলৈ আহিল। চহৰখনৰ অনগ্রসৰতাই পাদুৰীজনক দকৈ চুই গল। তেওঁ দেখিলে যে চহৰৰ
এজনো শ্রমিক সন্তানে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই। সেয়েহে এই উদ্দেশ্যেৰে তেওঁ
এখন বিদ্যালয় স্থাপন কৰিলে। পিছে ড’ন জোছ তাতেই ক্ষান্ত নাথাকিল। সাধাৰণ শিক্ষাৰ
লগতে তেওঁ বিদ্যালয়খনত কাৰিকৰী শিক্ষাও প্রদান কৰা আৰম্ভ কৰিলে। বিদ্যালয়ৰ প্রথম
বেটছৰ ২০ জন ছাত্রৰ ভিতৰত ১১ জনেই এসময়ত পেছাদাৰী ইঞ্জিনিয়াৰ হলগৈ। ১৯৫৬ চনত পাদুৰী
চাহাবৰ অনুৰোধক্রমে ইয়াৰে ৫ জন ইঞ্জিনিয়াৰ
আৰু আন ১৮ জন শ্রমিকে মিলি কেৰাছিন-কুকাৰ আৰু ষ্টভ নির্মাণ কৰা এটা সৰু সমবায়
ফেক্টৰী স্থাপন কৰিলে। ১৯৫৮ চনত মেছিন সামগ্রী
নির্মাণ কৰা দ্বিতীয়টো সমবায় ফেক্টৰী স্থাপন কৰা হল। ১৯৫৯ চনত পুণৰ ড’ন জ’ছৰ
উদ্যোগতেই এটা সমবায় বেংক স্থাপন কৰা হল।
ই এক নির্ণায়ক সিদ্ধান্ত আছিলঃ বেংকটোৱে ক্রমান্বয়ে আন
আন সমবায় নির্মাণ কৰিবলৈ প্রয়োজনীয় মূলধন আৰু
কাৰিকৰী বিশেষজ্ঞতা প্রদান কৰিবলৈ ধৰিলে।