Thursday, March 12, 2015

২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটঃ মাছৰ তেলেৰে মাছ ভজা

(২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ এতিয়াও ওৰ পৰা নাই। কেনেকৈ এই সংকটৰ আৰম্ভণি ঘটিল, এই বিষয়ে সাধাৰণ পাঠকে বুজি পোৱাকৈ এটা সৰল পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে। )

১৯৭০ৰ দশকৰ পাছৰে পৰা আমেৰিকান শ্রমজীৱি ৰাইজৰ প্রকৃত মজুৰী বৃদ্ধি হোৱা নাই। আনহাতে পুঁজিপতিৰ লাভ আৰু উদ্যোগৰ উৎপাদনশীলতা ভীষণ বৃদ্ধি হৈছে। মার্ক্সৰ মূল্য তত্ত্ব মতে শ্রমিকক কম মজুৰী প্রদান কৰিয়েই মালিকে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কথা হৈছে যে শ্রমিকৰ তেজ শুহি বৃদ্ধি কৰা এই বিয়াগোম বর্ধিত উদ্বৃত্ত্ব ক’ত লগোৱা হৈছে? উত্তৰঃ বিত্তীয় বজাৰত!

আনহাতে, মজুৰী বৃদ্ধি হোৱা নাই যদিও আমেৰিকান শ্রমজীৱি ৰাইজে পণ্যবস্তু উপভোগ কৰিবলৈ কিন্তু এৰা নাই। প্রশ্ন উঠেঃ আপোনাৰ যদি পইছাই নাই, তেনেহলে খৰছ কৰিবলৈ ধন পাইছে ক’ৰ পৰা? “ধাৰে লওঁক আকৌ!” পিছে পাছলৈ ধাৰ মাৰিব ক’ৰ পৰা? নাঃ নব্য-উদাৰবাদী পুঁজিবাদৰ ওচৰত এই প্রশ্নৰ কোনো উত্তৰ নাই!

ধৰক আপুনি এজন আমেৰিকান শ্রমিক। আপোনাৰ মজুৰী বৃদ্ধি হোৱা নাই, বৰং কমিছেহে। এতিয়া আপুনি খৰছ কৰিবলৈ ধন কৰ পৰা পাব? কাম এটা কৰক। আপোনাৰ ঘৰটো বন্ধকী(mortgage)ত দি দিয়ক!

Tuesday, March 10, 2015

ইণ্ডিয়াজ ডটাৰ এট ডিমাপুৰ

ইণ্ডিয়াজ ডটাৰ তথ্যচিত্রখন চালো। তথ্যচিত্রখনৰ কেইবাটাও গুৰুতৰ সমস্যা আছে। পিছে সেই বিষয়ে আন কেতিয়াবা। সদ্যহতে মই ভাবোঁ যে বিভিন্ন সীমাৱদ্ধতা স্বত্তেও তথ্যচিত্রখনে পিতৃতান্ত্রিক মানসিকতা আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা কেতবোৰ আন্তঃসম্পর্ক অতি সুন্দৰকৈ দর্শাইছে। কোনো মানুহেই জন্মতে ধর্ষণকাৰী হৈ জন্ম নলয়। পিতৃতান্ত্রিক সমাজৰ হিংসামূলক পৰিবেশ, নাৰীৰ প্রতি থকা বৈষম্যমূলক আচৰণ আদিয়েই ধর্ষণকাৰী একোজনক জন্ম দিয়ে। সৰুতে ভণ্টিজনীৰ ওপৰত কৰা দাদাগিৰি, ৰাস্তাত মাৰ-পিট কৰি ‘পুৰুষ’ হবলৈ কৰা চেষ্টা, সংস্কৃতি ৰক্ষাৰ দোহাই, মৰেল পুলিচিং, ছোৱালীজনীৰ শৰীৰটোৰ ওপৰতেই সমস্ত সংস্কৃতিৰ ভাৰ জাপি দিবলৈ কৰা চেষ্টা (‘ইছ ৰাম, ছোৱালীজনীয়ে চিগাৰেট খাইছে’, ‘ইছ ৰাম, তাইৰ ড্রেছটো কি দেখিবা’, ‘ইছ ৰাম এইজনীয়ে দেখোন বাইক চলাইছে’, ‘ইছ ৰাম ইহঁতহালে দেখোন পার্কতে চুমা খাইছে’...আৰু কতনা কি...)। এইবোৰেইতো হৈছে ধর্ষণ সংস্কৃতি জন্ম দিয়া উপাদান।

ডকুমেণ্টৰীখন এবাৰ চাওঁক। তাত অভিযুক্তৰ উকীলকেইজনে কেনেধৰণৰ নাৰীবিৰোধী কথা কৈছে চাওঁক। নিজৰ বুকুত হাত থৈ সোধকঃ তেনেধৰণৰ কথা আপুনি নিজেও কেতিয়াও কোৱা নাইনে? মনত আছেনে নিউজ লাইভে গুৱাহাটীৰ মাজপথত ছোৱালী এজনীৰ ওপৰত হোৱা অত্যাচাৰখিনি কেনেকৈ প্রচাৰিত কৰিছিল? সেই সময়ত ছোৱালীজনীকো দোষাৰোপ কৰা মানুহৰ অভাৱ নাছিল। মদ খোৱা দাংকাচি ছোৱালী! দুজনমানেতো ঘোষণাই কৰিছিলঃ “ৰাস্তাত কল এআষি আপুনি লৈ গৈ আছে। আপোনাৰ ভুলৰ বাবে কল এটা পৰি গল। কোনোবা চুৰে আহি খালে। সেয়া আপোনাৰ নে চুৰৰ ভুল?” অর্থাৎ জীৱন্ত মানুহ এগৰাকী আপোনাৰ চকুত এটা কলৰ দৰে। Very Good. Full marks for you। কৈয়েই দিলে আপুনি যে মহিলাৰ শৰীৰটো ভোগৰ এক সামগ্রী মাত্র।

তাৰ কিছু বছৰ পূর্বলৈ আহক। দিল্লীৰ ধলা কুঁৱাত এজনী উত্তৰ পুৱৰ ছোৱালীৰ বলাৎকাৰ হলঃ মহান অসমীয়া দুজনমানে সমবেদনা প্রকাশ কৰিও কবলৈ নেৰিলেঃ “ৰাতি দুটা বজাত বইজ্জাতিয়ে ৰাজপথত কি কৰি আছিল?” এইবোৰ কথা শুনিলে চিঞৰি দিবলৈ মন যায়ঃ “আব্বে, তাই যলৈকে যায়, সেইটো সুধিবলৈ তই কোন?” এইখন স্বাধীন দেশ নহয় নেকি? মহিলাই যলৈকে যাব, তেওঁৰ ইচ্ছা। সকলো নাগৰিকক সুৰক্ষা দিয়াৰ কাম চৰকাৰৰ, সমাজৰ। নোৱাৰে যদি কৈ দিয়কঃ যে, আমি এতিয়াও ভাৰতৰ আধা জনগনৰ বাবে স্বাধীনতা আনিব পৰা নাই।

কিছু মাহ পূর্বে টি ভিত আন এটা ৰিপর্টঃ “অবৈধ সম্পর্ক” ৰখাৰ বাবে মহিলা আৰু তেওঁৰ পুৰুষ বন্ধুক গণপিটন। আবে কোনে কাৰ লগত সম্পর্ক কৰে, সেয়া লৈ টিভি চেনেলৰ কাম কি? আৰু কি বৈধ, কি অবৈধ সেয়া বিচাৰ কৰিবলৈ তঁহত কোন? ৰাইজকে বা মাৰ পিট কৰাৰ অধিকাৰ কোনে দিলে? নিজৰ মানুহজনীক সদায় মাৰপিট কৰা পুৰুষৰ বিৰুদ্ধেও ৰাইজ ইমান গৰম হৈ পৰিবনে? নাঃ সেয়া কেতিয়াও নহয়। সংস্কৃতি? নিপাতে যাওঁক এনে মৰেল পুলিচৰ সংস্কৃতি।

এনে ধৰণৰ মৰেল পুলিচিং, এনে ৰক্ষণশীল মানসিকতাই হৈছে ধর্ষণ-সংস্কৃতিৰ মূল। ধর্ষণ কৰা ব্যক্তি একোজন পিশাচ, ৰোগাক্রান্ত মানুহ নহয়। তেওঁ আপোনাৰ, মোৰ দৰেই এজন সাধাৰণ মানুহ। আপুনি, মই মাথো মহিলা বিৰোধী কমেণ্ট কৰিছোঁ, প্রেম কৰাৰ বাবে ভণ্টিজনীক পিটিছোঁ, পত্নীগৰাকীক দম দিছোঁ, দাইলত নিমখ নোহোৱাৰ বাবে ভাতৰ থালিখন মালৈ দলিয়াই দিছোঁ, পত্নীৰ কাপোৰ ধোৱা বন্ধুজনক ‘হেনপেক’ বুলি ঠাট্টা কৰিছোঁ... ৰেপিষ্টজন যেনিবা এখোজ আগুৱাই গল।

“ধর্ষণকাৰীক ফাঁচী দিয়ক”, “তাক গণধোলাই দিয়ক”, “তাৰ লিংগ কাটি দিয়ক” – এইবোৰ দাবী কৰা মানুহৰ কথা শুনিলে মূৰটো আৰু গৰম হৈ আহে। এনে দাবী সেইসকল লোকেই কৰিব পাৰে, যি কেতিয়াও পিতৃতন্ত্রৰ সমস্যা সম্পর্কে ভবা নাই, কেতিয়াও কোনো নাৰীবাদী কর্মকর্তাৰ কথা শ্রদ্ধাৰে শুনা নাই, যি নিজৰ ভিতৰতে সোমাই থকা পিতৃতান্ত্রিক মানসিকতাক কেতিয়াও প্রশ্ন কৰা নাই। আজি ইমান বছৰে ভাৰতীয় নাৰীবাদীসকলে ধর্ষণ সম্পর্কে কেম্পেইন চলাই আহিছে। ফটকৈ আপোনাৰ মন্তব্য দিয়াৰ আগেয়ে তেওঁলোকেনো এইবিষয়ে কি কিয়, সেই সম্পর্কে সোধাৰ, শুনাৰ ধৈর্য ৰাখক।

ধর্ষণকাৰীক পিশাচ বুলি কৈ আমি ভাল পাওঁ কিয়নো তেতিয়া আমি নিজকে নির্দোষী বুলি চার্টিফিকেট দিব পাৰোঁ। আমিতো ভালেই মানুহ; ধর্ষণকাৰীহঁতহে বেয়া। অর্থাৎ পিতৃতান্ত্রিক বৈষম্য আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা সম্পর্কটো আপুনি এনেকৈয়ে নাকচ কৰিলে। নেলী হত্যাকাণ্ডৰ বাবে কেৱল গুণ্ডা প্রবৃত্তিৰ মানুহক দোষাৰোপ কৰাৰ দৰে কথা।

ভাৰতৰ নাৰীবাদীসকলে দশক জুৰি ফাঁচীৰ বিৰোধিতা কৰি আহিছে। কিয়নো তেওঁলোকক প্রতিশোধ নালাগে; তেওঁলোকক লাগে ন্যায়। প্রতিশোধ এটা পিতৃতান্ত্রিক বস্তু। ফাঁচী হৈছে এক প্রকাৰৰ প্রতিশোধৰ নিচিনাই।  ফাঁচীৰ বিপৰীতে কম সময়ৰ ভিতৰত ন্যায় লাভ কৰাটোহে তেওঁলোকৰ উদ্দেশ্য। ভাৰতৰ সময়-বহুল আইনী প্রক্রিয়াটোৰ বাবেহে বেছিভাগ মহিলাই অভিযোগ দিবলৈ সাহস কৰিব নোৱাৰে। সেয়েহে অসমৰ কু-পুত্র, মগজুহীন অর্ণৱ গোস্বামীয়ে যিমানেই নিচিঞৰক লাগে, ফাঁচী দিলেই সমস্যাৰ সমাধান নহয়। প্রেকটিকেলি চাবলৈ গলেও দেখা যায় যে ধর্ষণকাৰীক ফাঁচী দিয়াৰ ৰায় দিলে পাছলৈ কোনো ধর্ষণকাৰীয়েই মহিলাগৰাকীক জীৱন্তে এৰি নিদিব। ঠিক তেনেকৈয়ে নাৰীবাদীসকলে ‘ৰাস্তাৰ ন্যায়’ৰো বিৰোধিতা কৰে। কিয়নো ই পিতৃতান্ত্রিক আক্রামক উত্তেজনাহে বৃদ্ধি কৰে। সমস্যাটো সম্পর্কে সকলোৱেই আত্মপৰীক্ষণ কৰাৰ অৱকাশ ই নিদিয়ে। মই ডাঠি কব পাৰোঁ যে যিসকল ব্যক্তি ডিমাপুৰৰ ৰাজহুৱা হত্যাকাণ্ডটোৰ সতে জড়িত আছিল, তেওঁলোক সকলোৱেই ঘৰলৈ ঘূৰি আহি নিজৰ মাক, বায়েক, ভনীয়েক, বান্ধৱীৰ ওপৰত মৰেল পুলিচিং চলাব। কব- "খবৰদাৰ! মিয়া মতাৰ লগত বন্ধুত্ব নকৰিবি। নহলে পিঠিৰ চাল চিঙিম।" তেওঁলোকে সমস্যাটো সমাধান কৰা নাই; বৰং তেওঁলোকে তাত অৰিহণাহে যোগালে। 


ডিমাপুৰৰ কথাটোলৈ আহোঁ। এনে এটা ঘটনা আচলতে অসমতো ঘটিব পাৰিলেহেঁতেন। “আমাৰ তিৰোতাৰ” ওপৰত হোৱা অত্যাচাৰৰ বাবে “আন সম্প্রদায়ৰ” ওপৰত দোষ দিয়াটো সহজ। “আমাৰ তিৰোতা” শব্দটোলৈ মন কৰকঃ আমাৰ, অর্থাৎ আমাৰ সম্প্রদায়টোৰ সম্পত্তি। “আনে চুলেই সেয়েহে তাৰ হাত কাটি দিম। আব্বে মোৰ মাল বে, তই চুব নোৱাৰ।” অৱশ্যে মোৰ মালক মই নিজে মাৰধৰ কৰো, মৰম কৰোঁ, যিয়েই কৰোঁ – সেয়া মোৰ কথা। সেয়েহে একেখন জেলতে থকা স্বত্তেও শ্বৰিফৰ সহযোগী নাগা অভিযুক্তজনক মাৰি পেলোৱা নহ’ল। শ্বৰিফ যিহেতু আন সম্প্রদায়ৰ, যিহেতু সি “আমাৰ মালৰ/মাইকী”ৰ ওপৰত চকু দিছে, সেয়েহে তাক শাস্তি দিবই লাগিব। অৱশ্যে কোনোবা নগা মতাই নগা মাইকীক হাৰাহাস্তি কৰি থাকক। তাত আমাৰ কব লগীয়া নাই। এয়া চৰম নাৰীবিৰোধী পিতৃতান্ত্রিক মানসিকতা নহৈ আৰু কি?

অৱশ্যে ঘটনাৰ বিৰোধিতা কৰিবলৈ গৈ একাংশই শ্বৰিফ বোলা ব্যক্তিজনক নির্দোষী সজোৱাতো লাগিছে। সেয়াও এক প্রকাৰৰ পিতৃতান্ত্রিক মানসিকতা। কোৱা হৈছেঃ ছোৱালীজনী বোলে যৌন-কর্মী (অশুদ্ধ ভাষাত “বেশ্যা”) আছিল! আবে, যৌন-কর্মীৰ কি ধর্ষণ হব নোৱাৰে নেকি? কি মানসিকতাহে আপোনাৰ? আৰু ঘটনাটো সঁচা আছিল নে মিছা আছিল, সেয়া এতিয়া আদালতে নির্ণয় কৰিব। এনেও আমাৰ দেশত ধর্ষণৰ অভিযোগ দিবলৈ সাহস কৰা মহিলাক সন্দেহৰ চকুৰে চোৱা মানুহৰ সংখ্যাই সৰহ। তেনে স্থলত ভুক্তভোগী মহিলাগৰাকীৰ চৰিত্র লৈ প্রশ্ন কৰাৰ অধিকাৰ আপোনাৰ নাই। অন্যথাই আপোনাৰ মানসিকতাও শ্বৰিফৰ হত্যাকাৰীৰ দৰেই বুলি কবলৈ বাধ্য হম। শ্বৰীফ হত্যাৰ বিচাৰ নিশ্চয় হোৱা উচিত। কিয়নো তেওঁ দোষীয়েই আছিল বা নির্দোষীয়েই আছিল, এনেকৈ তেওঁক হত্যা কৰাৰ অধিকাৰ ৰাইজক কোনেও দিয়া নাছিল। ঠিক তেনেকৈয়ে এতিয়া মহিলা গৰাকীৰ চৰিত্রকো সন্দেহ কৰি উৎপাত কৰাৰ অধিকাৰ আপোনাৰ নাই।