শ্রমজীৱি জনগণৰ দৃষ্টিকোণৰ পৰা ভাৰতীয়
অর্থনীতিৰ বিভিন্ন দিশ সম্পর্কে এটা সুদীর্ঘ লেখনী শেহতীয়াকৈ
অনুবাদ কৰিছোঁ। মূল ইংৰাজী লেখনীটোৰ শীর্ষক হৈছে ‘Relations of Production and Modes of Surplus Extraction in
India।’ -লেখকঃ অমিত বাচলে আৰু দীপংকৰ বসু। লেখনীটোত ভাৰতীয় কৃষি তথা অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড সম্পর্কে বিস্তৰকৈ
আলোচনা কৰা হৈছে। আগ্রহী পাঠকে লেখনীটো এই লিংকটোলৈ গৈ http://www.scribd.com/doc/230989817/Relations-of-Production-and-Modes-of-Surplus-Extraction-in-India ইংৰাজীত পঢ়ি
চাব পাৰে। সদ্যহতে লেখনীটোৰ কেতবোৰ চিন্তাকর্ষক
সিদ্ধান্ত পাঠকৰ বিবেচনাৰ বাবে আগবঢ়োৱা হল। (সম্পূর্ণ লেখনীটো অসমীয়াত পঢ়িবলৈ কিছুদিন অপেক্ষা কৰকঃ সোনকালেই আলোচনী এখনত প্রকাশ হোৱাৰ কথা আছে।)
ভূমি-সংস্কাৰৰ প্রাসংগিকতা
ভাৰতীয় সমাজৰ বৈপ্লৱিক ৰূপান্তৰণৰ ক্ষেত্রত কৃষি
প্রশ্নটোৰ আজিও এক কেন্দ্রীয় প্রাসংগিকতা আছে। ইয়াৰ কাৰণ বুজাটো টান নহয়ঃ ভাৰতীয়
শ্রমজীৱি জনগণৰ অধিকাংশই আজিও প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডৰ সৈতে জড়িত হৈ
আছে। ই হৈছে অর্থনীতিৰ গাঁথনিগত পৰিবর্তন সংঘটিত নোহোৱাৰ ফলাফল। ভূমি-সংস্কাৰৰ
অন্যতম লক্ষ্য হৈছে কৃষি-কর্মৰ উৎপাদনশীলতা বৃদ্ধি কৰা যাতে কৃষিৰ সৈতে জড়িত
শ্রমজীৱি জনগণৰ উপার্জন বৃদ্ধি কৰি দেশী বা ঘৰুৱা উদ্যোগৰ বাবে এখন স্থানীয়
বজাৰ নির্মাণ কৰিব পাৰি।
মার্ক্সবাদীসকলে পুনঃবিতৰণমূলক ভূমি-সংস্কাৰৰ প্রশ্নটো সদায়েই কৃষি প্রশ্নৰ সমাধান সূত্রৰ অংশবিশেষ ৰূপে গণ্য কৰি আহিছে। ভূমি-সংস্কাৰৰ মূল কাৰণ হৈছে ৰাজনৈতিক, অৱশ্যে উৎসা পাটনায়কৰ দৰে কিছু অর্থনীতিবিদে কেতবোৰ আর্থিক লজিকো বিকশিত কৰিছে। ৰাজনৈতিকভাৱে, ভূমি সংস্কাৰৰ কার্যসূচীক সামন্তীয় তথা অর্ধ-সামন্তীয় ভূস্বামীসকলৰ প্রভাৱ আমূলভাৱে ধ্বংস কৰাৰ উপায় হিচাপে গণ্য কৰা হয়। আনহাতে আর্থিকভাৱে, ই গ্রাম্যাঞ্চলৰ উৎপাদিকা শক্তি বৃদ্ধি কৰিব পৰাকৈ অনুকূল পৰিস্থিতি সৃষ্টি কৰিব বুলি ভবা হয়; যি শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰিব, ঔদ্যোগীকৰণৰ প্রক্রিয়াটোক সমর্থন কৰিব পৰাকৈ পর্যাপ্ত উদ্বৃত্ত সৃষ্টি কৰিব আৰু ঘৰুৱা বা দেশী উদ্যোগসমূহৰ বাবে এখন স্থানীয় বজাৰ সৃষ্টি কৰিব।
মার্ক্সবাদীসকলে পুনঃবিতৰণমূলক ভূমি-সংস্কাৰৰ প্রশ্নটো সদায়েই কৃষি প্রশ্নৰ সমাধান সূত্রৰ অংশবিশেষ ৰূপে গণ্য কৰি আহিছে। ভূমি-সংস্কাৰৰ মূল কাৰণ হৈছে ৰাজনৈতিক, অৱশ্যে উৎসা পাটনায়কৰ দৰে কিছু অর্থনীতিবিদে কেতবোৰ আর্থিক লজিকো বিকশিত কৰিছে। ৰাজনৈতিকভাৱে, ভূমি সংস্কাৰৰ কার্যসূচীক সামন্তীয় তথা অর্ধ-সামন্তীয় ভূস্বামীসকলৰ প্রভাৱ আমূলভাৱে ধ্বংস কৰাৰ উপায় হিচাপে গণ্য কৰা হয়। আনহাতে আর্থিকভাৱে, ই গ্রাম্যাঞ্চলৰ উৎপাদিকা শক্তি বৃদ্ধি কৰিব পৰাকৈ অনুকূল পৰিস্থিতি সৃষ্টি কৰিব বুলি ভবা হয়; যি শ্রমৰ উৎপাদনশীলতা বৃদ্ধি কৰিব, ঔদ্যোগীকৰণৰ প্রক্রিয়াটোক সমর্থন কৰিব পৰাকৈ পর্যাপ্ত উদ্বৃত্ত সৃষ্টি কৰিব আৰু ঘৰুৱা বা দেশী উদ্যোগসমূহৰ বাবে এখন স্থানীয় বজাৰ সৃষ্টি কৰিব।
লেনিনে গ্রাম্যাঞ্চলত পুঁজিবাদী বিকাশৰ দুটা পথ চিনাক্ত কৰিছেঃ আমেৰিকান
পথ (কৃষক-পুঁজিবাদ) আৰু প্রুছিয়ান পথ(ভূস্বামী পুঁজিবাদ)(Lenin, 1907)। ভাৰতৰ তিনিওটা মূল কমিউনিষ্ট পার্টিৰ
দুটাই (চি.পি.এম তথা চি.পি.আই-এম.এল-লিবাৰেছনে) প্রছিয়ান পথেৰে ভাৰতত পুঁজিবাদ বিকশিত
হোৱাৰ কথাটো কম বেচি পৰিমাণে মানি লৈছে। অৱশ্যে চি পি আই- মাওবাদী দলে
এতিয়াও ভাৰতীয় গ্রাম্যাঞ্চলত পুঁজিবাদ
বিকশিত হোৱাৰ কথাটো মানি লবলৈ সংকোচবোধ কৰা যেন অনুভৱ হয়। সি যি কি নহওঁক, ভূমি-সংস্কাৰৰ
প্রয়োজনীয়তাৰ কথাটো আটাইকেওটা দলেই মানি লৈছেঃ অর্থাৎ কৃষি বিপ্লৱেই হৈছে অনাগত বিপ্লৱৰ মূল কার্যসূচী যাৰ অধীনত
পুনঃবিতৰণমূলক ভূমি-সংস্কাৰৰ প্রক্রিয়াটো সম্পূর্ণ কৰা হব।
পিছে এইখিনিতে কিছু সাৱধান হোৱা দৰকাৰ। যদিওবা স্বাধীনোত্তৰ কালত
ভূমি-সংস্কাৰৰ প্রক্রিয়াটোৱে দেশত সন্তোষজনক অগ্রগতি লাভ নকৰিলে
(আৰু ফলতঃ অর্ধ সামন্তবাদৰ পৰা ভাৰতীয় কৃষিয়ে প্রুচিয়ান পথেৰে পুঁজিবাদীলৈ যাত্রা
আৰম্ভ কৰিলে), তথাপিও ধ্রুপদী প্রুচিয়ান পথৰ সৈতে ভাৰতীয় কৃষিখণ্ডৰ কেতবোৰ পার্থক্য
লক্ষ্যণীয়। এফালে ভূস্বামী-পুঁজিবাদৰ
অন্যতম বৈশিষ্ট্য অর্থাৎ ভূমিহীনতা প্রতিবছৰে বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু আনফালে
ভূস্বামী-পুঁজিবাদৰ আন এটি বৈশিষ্ট্য অর্থাৎ “মুষ্টিমেয় বৃহৎ কৃষকৰ অহৰহ
আধিপত্য” তেনেকৈ দেখা পোৱা নাযায়। বৰঞ্চ এই প্রবন্ধটোত বিভিন্ন সামগ্রিক ডাটা
অধ্যয়ন কৰি আমি লক্ষ্য কৰিছোঁ যে বিগত দশককেইটাত সামন্তীয় তথা পুঁজিবাদী - দুয়োধৰণৰে
ভূ-স্বামীৰ আধিপত্য ক্রমশঃ কমি আহিছে। অৱশ্যে কোনো বৈপ্লৱিক পদ্ধতিৰে ই সম্পন্ন হোৱা নাই, বৰঞ্চ জনসংখ্যা
বৃদ্ধি তথা আর্থিক স্থবিৰতাৰ ফলস্বৰূপেহে ই সম্ভৱপৰ হৈছে। ১০ একৰতকৈ অধিক মাটি থকা বৃহৎ ভূমি-অধিকাৰী
পৰিয়ালসমূহ(লেনিনৰ ভাষাত “বৃহৎ কৃষক”)ৰ মাটিৰ পৰিমাণ বিগত ৫ টা দশকত
আধাতকৈও কম হৈ পৰিছে আৰু আজিৰ সময়ত মুঠ মাটিৰ মাত্র ১২ শতাংশহে তেওঁলোকৰ অধীনত
আছে। আনফালে ক্ষুদ্র তথা মজলীয়া কৃষকসকলৰ অধীনত থকা মাটিৰ পৰিমাণ ৬৫ শতাংশলৈ
বৃদ্ধি হৈছে। ইয়াৰ লগতে সংগতি ৰাখি ৰায়তী(tenancy)ৰ প্রাদূর্ভাৱ নিম্নগামী হৈ পৰিছে আৰু মজুৰী-শ্রমৰ
প্রয়োগ বৃদ্ধি পাইছে। ইয়াৰ অর্থ এইটোৱেই নহয় জানো যে গ্রাম্য অর্থনীতিয়ে প্রুচিয়ান পথ পৰিত্যাগ কৰি
কৃষক-পুঁজিবাদৰ পথ আকোঁৱালি লৈছে? কৃষক-পুঁজিবাদৰ ক্রমবর্ধমান আধিপত্য আৰু ভূস্বামী
পুঁজিবাদৰ ক্রমশঃ পতন – বৈপ্লৱিক কার্যসূচী নির্মাণ কৰাৰ ক্ষেত্রত
এই তথ্য দুটিৰ তাৎপর্য কি? সিবিলাকে কৃষি বিপ্লৱৰ পথটিকেই সলনি কৰি পেলোৱা নাইনে? সহজ ভাষাত কবলৈ গলে
–যদিহে ভূস্বামীসকলৰ আর্থিক তথা সামাজিক প্রভাৱ কমি আহিছে, তেনেহলে
ভূস্বামীসকলৰ ৰাজনৈতিক ক্ষমতা নির্মূল কৰাৰ কার্যসূচী একোখনকে খামোচ মাৰি ধৰি থকাৰ
অর্থ কি? বর্তমানৰ সময়ত এনে কার্যসূচীসমূহৰ প্রাসংগিকতা আছেনে? নে নকৈ কার্যসূচী
নির্মাণ কৰাৰ প্রয়োজনীয়তা আছে? পূর্বে ভবাৰ দৰে আজিও ভাৰতৰ মূল অন্তর্বিৰোধ
সামন্তবাদ বনাম বৃহত্তৰ শ্রমজীৱি জনগণ বুলি কব পৰা যায়নে?
ভূমি-সংস্কাৰৰ প্রসংগতে আন এটি বিবেচনীয় প্রশ্ন হৈছে–কৃষিজোতসমূহৰ বহন-ক্ষমতা
(sustainability)ৰ প্রশ্ন। মনত পেলাওঁক যে ২০০৩ চনৰ হিচাপ মতে মালিকানা জোত(ownership
holding) একোটাৰ গড় আকাৰ আছিল ০.৮১ হেক্টৰ।অর্থাৎ আটাইতকৈ উগ্র বিধৰ
ভূমি-সংস্কাৰ সাধন কৰিলেও গড় জোত একোটাৰ আকাৰ মাত্র ০.৮১ হেক্টৰ হব। আনহাতে কেৱল যদি ১০ একৰতকৈ বেছি মাটি থকা পৰিয়ালসমূহৰ মাটিহে
ভূমি-সংস্কাৰৰ বাবে অধিগ্রহণ কৰা হয়, আৰু সিবিলাকক কেৱল ১ একৰতকৈ কম মাটি থকা পৰিয়ালসমূহৰ
মাজত বিতৰণ কৰা হয়, তেতিয়া এই লোকসকলে গড় হিচাপত ১.২৫ একৰকৈ মাটি লাভ কৰিব। এই
তথ্যখিনিৰ সৈতে যদি খেতি-খোলাৰ বাবে প্রয়োজনীয় খৰচ সম্পর্কীয় তথ্যসমূহৰ তুলনা কৰি
চোৱা হয়,
তেতিয়া দেখা যাব যে ইমান সৰু আকাৰৰ মাটিত খেতি কৰি পর্যাপ্ত পৰিমাণে উদ্বৃত্ত আহৰণ
কৰিব পৰা নাযাব। আন কথাত, খেতিয়ক পৰিয়াল একোটাই ভালকৈ খাই-বৈ থাকিবলৈ যিমানখিনি
উদ্বৃত্তৰ প্রয়োজন হব, তাতোকৈ অধিক উদ্বৃত্ত এই জাতীয় জোতসমূহত উৎপাদন কৰিব পৰা নাযাব।
অর্থাৎ এনে স্থিতিত কৃষকে ঔদ্যোগীকৰণৰ বাবে প্রয়োজনীয় উদ্বৃত্তৰ যোগান ধৰিব নোৱাৰিব। আনকি অসমান বিনিময়ৰ
বিভিন্ন শোষণকাৰী পদ্ধতিসমূহ আঁতৰাই দিলেও পৰিস্থিতিৰ বিশেষ পৰিবর্তন ঘটিব বুলি আশা
কৰিব নোৱাৰি। আন কথাত, এনে ক্ষুদ্র জোতৰ কৃষি কর্মই ঔদ্যোগীকৰণৰ
প্রক্রিয়াটোক সহায় কৰিব, নে বিভিন্ন ধৰণৰ ভর্তুকি (যেনে – সস্তা দৰত ঋণ, বিজুলী,
ইনপুট, প্রযুক্তি আদি) প্রদান কৰি কৃষিখণ্ডটোকহে
কোনোমতে জীয়াই ৰাখিব লগা অৱস্থা
হব? ৰুছ তথা
চীনা বিপ্লৱৰ অভিজ্ঞতাই স্পষ্টকৈ দর্শাইছে যে বিপ্লৱৰ মংগলৰ স্বার্থতেই এই
প্রশ্নটোৰ সঠিক উত্তৰ আজিৰ পৰাই বিচাৰিব লাগিব।
গ্রাম্যাঞ্চলত পুঁজিবাদী উৎপাদন সম্পর্কৰ বিকাশ, ভূমিৰ অহৰহ বিখণ্ডন, ৰায়তীৰ
নিম্নগামিতা, ক্ষুদ্র জোতৰ বহনক্ষম-হীনতা আদি দিশসমূহলৈ লক্ষ্য কৰিলে বুজিব পাৰি
যে আজিৰ সময়ত সমূহীয়া বা সমবায়ভিত্তিক কৃষি উৎপাদনৰ প্রশ্নটো ক্রমান্বয়ে বৈপ্লৱিক কার্যসূচীৰ অন্তর্ভুক্ত কৰি
লোৱাটো বস্তুগতভাৱেই প্রয়োজনীয় হৈ পৰিছে। শ্রমজীৱি জনগণৰ বস্তুগত জীৱনধাৰাৰ ক্রমবিকাশৰ ফলাফলস্বৰূপেই
সমবায়, সমূহীয়া তথা সমাজবাদী কৃষি উৎপাদনৰ প্রশ্নটো উত্থাপিত হৈছে। ইয়াৰ বিপৰীতে,
পুনঃবিতৰণমূলক ভূমি-সংস্কাৰৰ দ্বাৰা গ্রাম্যাঞ্চলত বুর্জোৱা উৎপাদন সম্পর্ক স্থাপন কৰি
পুঁজিবাদী বিকাশৰ পথ সূচল কৰাৰ কার্যসূচীসমূহ আজিৰ সময়ত কিমানদূৰ প্রাসংগিক হৈ ৰৈছে,
এই সম্পর্কে গম্ভীৰভাৱে পুনঃবিবেচনা কৰাৰ সময় আহি পৰিছে। কোনো মতাদর্শগত কাৰণৰ বাবে
নহয়, বৰঞ্চ কৃষি গাঁথনিৰ বিকাশ তথা পৰিবর্তনৰ ফলাফলস্বৰূপেই পুনঃবিবেচনাৰ এই দাবী
উত্থাপিত হৈছে।
অৱশ্যে সেইবুলি আমি ভুমি-সংস্কাৰৰ প্রশ্নটো একেবাৰেই অপ্রাসংগিক হৈ পৰিছে
বুলি কব খোজা নাই। ভাৰতীয় সমাজ ব্যৱস্থাৰ বর্তমানৰ স্তৰটোত তাৰ কিছু
উপযোগী ভূমিকা নিশ্চয়েই আছে আৰু সেয়েহে সকলো কমিউনিষ্ট দলৰ কার্যসূচীতে ই বিশেষ গুৰুত্ব
লাভ কৰি আহিছে। ভূমি-সংস্কাৰে নিশ্চিতভাৱেই কৃষকৰ জীৱন-স্তৰ ভালেখিনি উন্নত কৰি
তুলিব; ই গ্রাম্য ভূ-মালিকানা গাঁথনিটোক অধিক গণতান্ত্রিক কৰি তুলিব; ই পুঁজি
সঞ্চয়নৰ বাবে এখন ঘৰুৱা বজাৰ বিকশিত কৰিব; ই গাঁৱলীয়া অভিজাত শ্রেণীটোৰ
সামাজিক তথা ৰাজনৈতিক প্রভুত্ব নির্মূল কৰিব। এই কাৰণসমূহৰ বাবেই ভাৰতীয় সমাজৰ
আমূল ৰূপান্তৰৰ সংগ্রামখনিত ভূমি সংস্কাৰৰ প্রশ্নটো অনাগত দিনসমূহতো গুৰুত্বপূর্ণ
হৈ ৰব।
ভাৰতীয় সমাজত ভূমি-সংস্কাৰৰ প্রশ্নটোৰ গুৰুত্ব স্বীকাৰ কৰিও এইখিনিতে আমি
পল বাৰানে কোৱা এষাৰি কথা উল্লেখ কৰিব খোজোঁ। পল বাৰানে (Baran, 1957) লিখিছে
যে ভূমি-সংস্কাৰৰ প্রক্রিয়াটোক [ভাৰতৰ দৰে]
অনুন্নত সমাজসমূহৰ সমস্ত আর্থিক সমস্যাৰ মহৌষধ
বুলি নভবাই ভাল। ভাৰতীয় গ্রাম্যাঞ্চলৰ আর্থিক গাঁথনিসমূহ মন কৰিলে দেখা যায়
যে মাটি-আৰু-মানুহৰ অতিশয় নিম্ন অনুপাতৰ ফলত ভূমি-সংস্কাৰে সৃষ্টি কৰিব পৰা
ধনাত্মক ফলাফলসমূহৰ প্রভাৱ অতি সোনকালেই অন্ত পৰিব। তাৰ পাছত
অতি শীঘ্রেই অন্যান্য পদক্ষেপ লোৱাটো অপৰিহার্য হৈ পৰিব। সেয়েহে প্রথমৰে
পৰাই কৃষি কর্মৰ সমূহীয়া মালিকীস্বত্ত্ব তথা উৎপাদনৰ প্রশ্নটো উত্থাপিত কৰিব
লাগিব। কৃষি গাঁথনি তথা বিংশ শতিকাৰ সমাজবাদৰ ইতিহাসে আমাক এয়াই শিক্ষা দিছে।
৩.৪ঔদ্যোগীকৰণৰ বাঞ্ছনীয় ৰূপ প্রসংগ
শেহত ঔদ্যোগীকৰণৰ প্রশ্নটি সম্পর্কেও কিছু কথা আলোচনা কৰা যাওঁক। এই বিষয়ে বিতর্কৰ কোনো থল নাই যে ব্যাপক শ্রমজীৱি জনগণৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰিবলৈ
হলে কৃষি-কর্মৰ পৰা এক বৃহৎ সংখ্যক লোকক দ্বিতীয়(secondary)আৰু তৃতীয়(tertiary)খণ্ডলৈ
স্থানান্তৰিত কৰিবই লাগিব। পিছে কেনেকৈ এই ৰূপান্তৰণ সম্ভৱপৰ কৰিব পৰা যায়– এয়া হৈছে
এক কঠিন প্রশ্ন। কৃষি খণ্ডৰ বোজা আঁতৰাব পৰাকৈ
প্রয়োজনীয় গাঁথনিমূলক ৰূপান্তৰণৰ কামফেৰা গোলকীয় পুঁজিবাদী বজাৰ ব্যৱস্থাই সুকলমে কৰিব বুলি
নভবাই ভাল।বৰঞ্চ ১৯৯১ চনৰ পাছৰে পৰা তথাকথিত ‘বজাৰ-বান্ধৱ’ বিকাশৰ ফলত অসমতা আৰু
বৃদ্ধি হৈছে আৰু নিম্ন মজুৰীৰ, অস্থায়ী তথা অনানুষ্ঠানিক নিয়োগৰহে সৃষ্টি
হৈছে। অৱশ্যে সেইবুলি উদাৰীকৰণৰ আগৰ
কালছোৱা বৰ সুখকৰ আছিল বুলি ভবাটো ভুল
হব; সেই ব্যৱস্থাটোৰো সমস্যা আছিল অপৰিসীম। এইক্ষেত্রত কেতবোৰ তথাকথিত বৈপৰীত্য(binary)ৰ পৰা মুকলি হৈ
লোৱাই ভাল। উদাহৰণস্বৰূপে, এনে এটি প্রধান বৈপৰীত্য হৈছে ‘ৰাষ্ট্র-নিয়ন্ত্রিত
পুঁজিবাদ বনাম বজাৰ-কেন্দ্রিক পুঁজিবাদ’ৰ বৈপৰীত্য; পিছে ভাৰতীয় অভিজ্ঞতাৰ
দর্শাইছে যে বৃহত্তৰ শ্রমজীৱি জনগণে দুয়োটা ব্যৱস্থাৰ অধীনতে ভীষণ যাতনা
ভুঞ্জিব লগা হৈছে। অর্থাৎ নব্য-উদাৰবাদৰ সমাধান হিচাপে পুৰণা আমোলাতান্ত্রিক তথা
দুর্নীতিগ্রস্ত ৰাষ্ট্র–নিয়ন্ত্রিত পুঁজিবাদলৈ ঘূৰি যোৱাৰ কথা নভবাই ভাল। বৰঞ্চ নব্য উদাৰবাদী মডেলটোৰ বিভিন্ন বিফলতাৰ
এক সঠিক খতিয়ান প্রস্তুত কৰি বিকল্প হিচাপে এক বিকেন্দ্রীভূত তথা স্বায়ত্ত্ব বিকাশমূলক মডেলৰ কথা ভবাটোহে
উত্তম হব। ভাৰতৰ বিভিন্ন গণ আন্দোলনসমূহেও এনে এক বৈকল্পিক মডেলৰ প্রয়োজনৰ কথাই
আমাক সোঁৱৰাই দিয়ে।
এনে আন এটি বৈপৰীত্য হৈছে ‘গ্রাম্যাঞ্চল বনাম চহৰাঞ্চল’ৰ বৈপৰীত্য। এইক্ষেত্রত
বৃহৎ তথা পুঁজি-কেন্দ্রিক ঔদ্যোগীকৰণে সৃষ্টি কৰা সামাজিক তথা পাৰিস্থিতিকী(ecological)ক্ষয়-ক্ষতিসমূহৰ
কথা মনত ৰখা ভাল। এই জাতীয় ঔদ্যোগীকৰণে কোনো দেশতেপাৰিস্থিতিকী ভাৰসাম্য ৰক্ষা কৰি
বৃহৎ হাৰৰ নিয়োগ সৃষ্টি কৰিব পৰা নাই; উৎপাদনৰ প্রক্রিয়াটোত শ্রমিকসকলৰ সামান্যতম
নিয়ন্ত্রণোএইজাতীয় ঔদ্যোগীকৰণে ক’তোৱেই সম্ভৱপৰ কৰি তোলা নাই। পৰিবেশ তথা মানৱ সম্পদৰ ভীষণ অপচয়ৰ বলতহে এই জাতীয়
ঔদ্যোগীকৰণ সম্পৱপৰ হৈছে। সেয়েহে এনে বৃহৎ পুঁজি-কেন্দ্রিক ঔদ্যোগীকৰণৰ বিপৰীতে, ভাৰতীয় পৰিস্থিতিয়ে
এক শ্রম-কেন্দ্রিক, বিকেন্দ্রীভূত তথা পাৰিস্থিতিকী-ভাৱে বহনক্ষম ঔদ্যোগীকৰণৰহে
দাবী কৰিছে যি একে সময়তে বৃহত্তৰ জনগণৰ উপার্জনৰ স্তৰো উন্নত কৰিবলৈ সক্ষম হব (এনে
এটি বৈকল্পিক মডেল সম্পর্কে জানিবলৈ চাওঁকঃ Datye, 1997)।এনে বৈকল্পিক ঔদ্যোগীকৰণৰ পৰিকল্পনা
কোনো আকাশ কুসুম সপোন নহয়, বৰঞ্চ ঐতিহাসিক প্রয়োজনৰ ফলাফলস্বৰূপেই ইআজি অপৰিহার্য
হৈ পৰিছে।
বিকল্প সম্পর্কীয় এই সমস্ত চিন্তা-চর্চাক কেৱল প্রবুদ্ধ(enlightened) পলিচী বা বিকাশৰ শ্রেষ্ঠ মডেলৰ
দাবী বুলি কব নোৱাৰি। বৰঞ্চ আজিৰ সময়ত ভূমি তথা
প্রাকৃতিক সম্পদৰ অধিকাৰ বিচাৰি সৃষ্টি হোৱা বিভিন্ন সামাজিক তথা ৰাজনৈতিক
আন্দোলনৰ পৃষ্ঠভূমিৰ পৰাই বিকল্প সম্পর্কীয় এই চর্চাসমূহৰ জন্ম হৈছে; আমি মাত্র
সিবিলাকক কিছু তত্ত্বগত তথা তথ্যগত আধাৰ প্রদান কৰিছোঁ। কৃষক-সমবায়ৰ দৰেই ঔদ্যোগিক
খণ্ডটিতো উৎপাদকৰ সমবায়ভিত্তিক আন্দোলন গঢ়ি তোলাৰ সময় সমাগত। এইক্ষেত্রত প্রশ্নটো
হৈছে – বিভিন্নভাৱে সিঁচৰিত হৈ থকা ঔদ্যোগিক শ্রমিকসকলক কেনেদৰে ৰাজনৈতিকভাৱে সংগঠিত কৰিব পৰা যায়? তদুপৰি
ভাৰতত ইউৰোপ সদৃশ দ্বৈতভাৱে মুক্ত (১. আইনী ভাৱে মুক্ত, ২. উৎপাদনৰ আহিলাৰ
পৰা মুক্ত) প্রলেটাৰিয়েট হয়তো কাছিৎহে বিচাৰি পোৱা যাব। সেইবুলি তেওঁলোক
শোষিত নাই হোৱা বুলি কব নোৱাৰি। এই প্রবন্ধটোত আমি বাৰে বাৰে দেখুৱাইছোঁ যে কেনেদৰে আপাত দৃষ্টিৰে
স্বাধীন কাৰিকৰ যেন লগা বহুতো উৎপাদকক প্রকৃতপক্ষে শ্রমিক বুলিয়েই কব পাৰি। সেয়েহে
তেওঁলোকক বিপ্লৱী ৰাজনীতিৰ অন্তর্ভুক্ত কৰিব পাৰিবই লাগিব। ভবিষ্যতে কৃষক-আৰু কাৰিকৰসকলৰ এক মিত্র
ফ্রণ্ট গঢ়ি তুলিব পৰা যাবনে?
ভাৰতীয় সমাজৰ বৈপ্লৱীক ৰূপান্তৰণৰ ক্ষেত্রত কেনেধৰণৰ
ঔদ্যোগীকৰণ ফলপ্রসূ হব – এই বিষয়ে আমাৰ দুয়োজনৰ মাজত কিছু মতভেদ আছে। অমিত বাছ’লেই
(ওপৰৰ পেৰাগ্রাফকেইটাত লিখাৰ দৰেই) বিশ্বাস কৰে যে বিকেন্দ্রীভূত, শ্রম-কেন্দ্রিক,
তথা বহনক্ষম ঔদ্যোগীকৰণেই হৈছে ভবিষ্যতৰ বাঞ্ছনীয় পথ। আনহাতে দীপাংকৰ বসুৱে ‘কেনেধৰণৰ সংস্থাগত কাঠামোৰ
অধীনত ঔদ্যোগীকৰণৰ প্রক্রিয়াটো ত্বৰাম্বিত কৰা হৈছে’- এই প্রশ্নটোৰ ওপৰত অধিক গুৰুত্ব
প্রদান কৰে। স্থানীয়
স্তৰত শ্রেণী, জাতি তথা লিংগভিত্তিক বৈষম্য অটুট থাকিলে ক্ষুদ্র হাৰৰ ঔদ্যোগীকৰণেও
অসমতাসমূহ বৃদ্ধিহে কৰিব আৰু উৎপাদন প্রক্রিয়াটো গণতান্ত্রিকভাৱে নিয়ন্ত্রণ কৰাৰ সকলো
প্রচেষ্টা অথলে যাব; আনহাতে শ্রমিকে উৎপাদনৰ
প্রক্রিয়াটো নিয়ন্ত্রণ কৰিব পৰাকৈ প্রয়োজনীয় সংস্থাগত কাঠামো ইত্যাদি যদি মজুত
থাকে তেতিয়া পুঁজি কেন্দ্রিক, বৃহৎ উদ্যোগসমূহকো গণতান্ত্রিকভাৱে পৰিচালিত কৰিব পৰা যাব।
দীপাংকৰ বসুৰ মতে, চীন তথা ৰুছ বিপ্লৱৰ ইতিহাসে স্পষ্টকৈ দর্শাইছে যে কাৰিকৰভিত্তিক
ক্ষুদ্র মাত্রাৰ উৎপাদনে দেশৰ বৃহত্তৰ শ্রমজীৱি জনগণৰ আর্থিক সমস্যাসমূহ
সমাধান কৰিব নোৱাৰে আৰু ই সমাজবাদ নির্মাণৰ ৰাজনৈতিক সমস্যাসমূহৰো মোকাবিলা কৰিব নোৱাৰে। অর্থাৎ বসুৰ মতে, বহন-ক্ষমতা মানে কেৱল উৎপাদনৰ মাত্রা বুলিয়েই ধৰি
লোৱাটো উচিত
নহব; বৰঞ্চ সঠিক লাভ লোকচানৰ খতিয়ান লৈহে বহনক্ষমতাৰ হিচাপ কৰাটো উচিত হব। সমাজবাদৰ
ফালে অগ্রসৰ বিপ্লৱোত্তৰ সমাজখনত উদ্বৃত্তৰ নিয়ন্ত্রণ গণতান্ত্রিকভাৱে কৰা হব আৰু এনেস্থলত পুঁজিবাদ-সদৃশ
অৰাজকতা বা লাভাংশ আর্জনৰ লক্ষ্যৰ বিপৰীতে বৈজ্ঞানিক দৃষ্টি তথা বিবেকপূর্ণভাৱে প্রযুক্তিৰ প্রগতি, পৰিবর্তন
তথা গতিৰ প্রশ্নটো নির্ধাৰণ কৰা হব। সামগ্রিক সামাজিক বিকাশৰ লক্ষ্যৰে অগ্রসৰ এই
ব্যৱস্থাটোত পাৰিস্থিতিকী লাভ লোকচানৰ কথাটোও উৎপাদন লক্ষ্যৰ
আভ্যন্তৰীন লজিকৰ ফলস্বৰূপেই সু-বিবেচিত হব।
এই প্রবন্ধটোত আমি ভাৰতীয় কৃষি
তথা ঔদ্যোগিক খণ্ডৰ এক সামগ্রিক মার্ক্সীয় বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ।
বিশ্লেষণৰ ফলাফল সম্পর্কে আমাৰ মাজত কেতবোৰ মতভেদো আছে আৰু সিবিলাকৰ ভিতৰত কোনটো পজিচন
শুদ্ধ এই সম্পর্কে কোনোধৰণৰ চূড়ান্ত ৰায়দান নকৰাকৈয়ে আমি সিবিলাকক জনগণৰ
বিবেচনার্থে আগবঢ়াই দিছোঁ। আমি আশা কৰোঁ
যে আমাৰ এই তথ্য তথা বিশ্লেষণখিনিয়ে আৰু অধিক বিতং আলোচনা তথা সুস্থ বিতর্ক সৃষ্টি
কৰাত কিছু পৰিমাণে হলেও প্রেৰণা যোগাব;সামাজিক ৰূপান্তৰণৰ সংগ্রামখনি আগুৱাই লৈ যোৱাত এনে আলোচনাৰ গুৰুত্ব
সদায়েই অপৰিসীম বুলি কব পাৰি।
No comments:
Post a Comment