Wednesday, June 11, 2014

বাতৰিঃ ২০৪০ চনৰ অসমঃ অলপ ধেমালি, অলপ বিশ্লেষণ

ময়ূৰ চেতিয়া

-ম্যানমাৰ-চীন সীমান্তৰ কোনো গোপন স্থানত ৰহস্যজনিত কাৰণত সংযুক্ত মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্য হৈছে। সমুবাৰ মুখপাত্রই বার্ধক্যজনিত কাৰণত মৃত্য হোৱা বুলি কলেও এই ক্ষেত্রত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাত আছে বুলি কোনো কোনো মহলৰ দাবী। শেহতীয়াকৈ কেইবাজনো জ্যেষ্ঠ নেতাৰ মৃত্যয়ে সংগঠনৰ অপূৰণীয় ক্ষতি কৰা বুলি স্বীকাৰ কৰিও অন্তিম সময় পর্যন্ত সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ ঘোষণা সমুবাৰ মুখপাত্র কনচেং ফুকনৰ।



-বিশিষ্ট কয়লা ব্যৱসায়ী তথা প্রাক্তন আলফা সদস্য অৰবিন্দ ৰাজখোৱাই সেনাধ্যক্ষগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি কয় যে কার্যকাৰী দিশত তেওঁৰ সৈতে পার্থক্য থাকিলেও এজন নিভাঁজ অসমপ্রেমী ৰূপে বৰুৱা সদায়েই অমৰ হৈ ৰ’ব।

-শেষ মূহুর্তত এ আই ডিউ এফৰ সমর্থনৰ বলত সংকটৰ পৰা ৰক্ষা পৰিল হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন কংগ্রেছ মর্চা চৰকাৰ। গঠন। নিজেই অনাস্থা প্রস্তাব আনিও পাছলৈ আদর্শজনিত কাৰণবশতঃ বি জে পি দলৰ সমর্থনত চৰকাৰ গঠন নকৰাৰ বাবে অখিল গগৈক জবাব তলব কৰিছে নিজৰে দলৰ তিনি জন বিধায়কে। গণ মুক্তি দলৰ এই তিনিওজন বিধায়কে অতি শীঘ্রেই পদত্যাগ কৰিব বুলিও গুণাগথা চলিছে। বি জে পিৰ অসম শাখাৰ উপ-সভাপতি প্রফুল্ল মহন্তৰ উচতনিৰ বাবেই এই বিসম্বাদ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। আনফালে, সংসদীয় ৰাজনীতিৰ মেৰপাছৰ পৰা আঁতৰি পুণৰ ৰাজপথৰ সংগ্রামৰ ওপৰত অধিক গুৰুত্ব দিয়া হব বুলি জনাইছে গণ মুক্তি দলৰ সম্পাদক কমল মেধিয়ে।

-এতিয়াও ওৰ পৰা নাই আজান পীৰ বিতর্কৰ। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসমীয়া ৱেবচাইট ‘শংকৰৰ দেশ’ত প্রকাশিত আজান পীৰ সম্পর্কীয় প্রবন্ধৰাজী ভীষণভাৱে সাম্প্রদায়িক বুলি আখ্যা দিছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী চৈয়িদা য়াছমিন শইকীয়াই। ‘অমিয় কুমাৰ দাস গৱেষণা কেন্দ্র’ই আয়োজন কৰা ‘তৃতীয় জ্যোতি প্রসাদ স্মাৰক বক্তৃতা’ প্রদান কৰি শইকীয়াই কয় যে আজান পীৰক বিদেশী বিভেদকামী শক্তিৰ প্রতিভূ বুলি কোৱা কথাটো ঐতিহাসিকভাৱে গোকাট মিছা তথা পক্ষপাতদুষ্ট। এইক্ষেত্রত জাতীয় সংগঠন সমূহৰ প্রতিবাদো আশানুপ্রদ হোৱা নাই বুলি খেদ প্রকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱিজনে।

-ৰাষ্ট্রীয় নাগৰিক পঞ্জী গঠনৰ পাঁচটা বছৰ পাৰ হৈ যোৱাৰ পাছতো বহু লোকে ভোটাৰ পৰিচয় পত্র লাভ কৰা নাই বুলি অভিযোগ তুলিছে সংযুক্ত অসম মঞ্চই। বাংলাদেশৰ সৈতে এতিয়ালৈকে কোনো চুক্তি স্বাক্ষৰিত নোহোৱাৰ বাবে ডেজিগনেটেড শিবিৰত আবদ্ধ বহুতো লোকে ইতিমধ্যেই জীৱিকাৰ সন্ধানত অন্যান্য স্থানলৈ গমন কৰিব লগা হৈছে বুলি এমনেষ্টি ইন্টাৰনেছনেলৰ এক ৰিপর্ট প্রকাশিত হৈছে। চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ নির্লিপ্ততাৰ বাবেই পুনৰ পৰিস্থিতি সংঘাটময় হব পাৰে বুলি আশংকা প্রকাশ কৰিছে মঞ্চৰ সভাপতি তথা দৈনিক জনসাধাৰণ কাকতৰ সম্পাদক দিলীপ বৰাই।

-উন্নত প্রযুক্তিৰে পঞ্জাব হাৰিয়ানা সদৃশ কৃষি কর্মৰ সূচনা হোৱা গোলাঘাট জিলাত পুণৰ অশান্তিৰ সৃষ্টি হৈছে। কৃষি বিজ্ঞানৰ বিশেষজ্ঞ সমাজ-বিজ্ঞানী জয়া মেহতাৰ এক অধ্যয়ন মতে এফালে উন্নত প্রযুক্তি তথা পুঁজিপতিৰ সহায়ত ধনী কৃষক এচামে অধিকাংশ মাটি কুক্ষিগত কৰি লৈছে, আনফালে বহুতো মজলীয়া কৃষকে কৃষি আহিলা পাতিৰ অতিপাত দামৰ বাবে মাটিৰ পৰা বঞ্চিত হ’ব লগা হৈছে। উন্নত কৃষি প্রযুক্তিৰ ফলত অন্যান্য বহুতো অঞ্চলৰ লোকে গোলাঘাট অঞ্চলত কৃষি শ্রমিক ৰুপে কাম কৰিবলৈ প্রতি বছৰে প্রব্রজন কৰিছে বুলি অধ্যয়নটিত প্রকাশ পাইছে। কৃষি শ্রমিক সকলৰ সুৰক্ষাৰ বাবে এতিয়ালৈকে কোনো চৰকাৰী পদক্ষেপ গ্রহণ নকৰাৰ বাবে যোৱা তিনি বছৰ ধৰি অঞ্চলটোত তীব্র মজুৰী আন্দোলন গঢ় লৈ উঠিছে। এই ক্ষেত্রত জাতীয়তাবাদী দলসমূহেও ধনী কৃষকৰে পক্ষ লোৱা বুলি অভিযোগ উঠিছে। তিনি বছৰ ধৰি নিমাও মাও হৈ থকা মাওবাদী আন্দোলনে পুণৰ এই অঞ্চলত গা কৰি উঠিব পাৰে বুলি সচেতন মহলে আশংকা প্রকাশ কৰিছে।

-নামনি শোৱণশিৰি প্রকল্পৰ ওচৰে পাঁজৰে বৃহৎ সংখ্যক চি আৰ পি বাহিনী মোতায়েন কৰা হৈছে। প্রকল্পটি সম্পূর্ণ হৈ উঠাৰ চাৰি বছৰ পাছতো বিভিন্ন কার্যকাৰী আসোঁৱহৰ ফলত বিদ্যুৎ উৎপাদন নোহোৱাৰ বাবে বগা হাতীলৈ পর্যৱসিত হোৱা প্রকল্পটোৰ মাটিখিনি দৰিদ্র লোকৰ মাজত পুনৰ বিলাই দিব লাগে বুলি এক ৱেব বিজ্ঞপ্তি যোগে দাবী জনাইছিল ভাৰতীয় মাওবাদী দলে। কালি পুণৰ এই দাবী উত্থাপন কৰি মাওবাদী দলে কয় যে অন্যথাই প্রকল্পটো বোমাৰে ওৰুৱাই দিয়া হ’ব। এই ভাবুকি প্রদানৰ পাছতেই আজি সমগ্র অঞ্চলটো নিৰাপত্তা বাহিনীয়ে ঘেৰি পেলাইছে বুলি জনা গৈছে।

- ‘গুৱাহাটীৰ আশে পাশে থকা বিভিন্ন অঞ্চলক সামৰি ‘বৃহত্তৰ গুৱাহাটী উন্নয়ন কাউঞ্চিল’ গঠন কৰাৰ দহ বছৰ পাছতো গুৱাহাটীৰ জনসংখ্যা-বৃদ্ধিৰ সমস্যা অকণো কমা নাই বুলি স্বীকাৰ কৰিছে পৌৰ মন্ত্রী চিকুণ বৰাই। যাতায়াতৰ সমস্যাটো সমাধানার্থে পুণৰ মেট্রো ট্রেইনৰ আঁচনি এখন প্রস্তুত কৰা হ’ব বুলি জানিবলৈ দিছে মন্ত্রী গৰাকীয়ে।

- গুৱাহাটীত অনুষ্ঠিত ‘দেশীয় ভাষাৰ ভবিষ্যত’ শীর্ষক কর্মশালা এখনিত ভাষণ দি আমেৰিকাৰ বিশিষ্ট সংস্কৃত বিশেষজ্ঞ চেল্ডন পোলকে কয় যে যোৱা দুটা দশক ধৰি বঙালী আৰু মালায়ালাম ভাষাৰ বাহিৰে আন এটাও ভাৰতীয় ভাষাত কোনো মৌলিক পর্যায়ৰ তথা উচ্চ বিদ্যায়তনিক গুণবিশিষ্ট গৱেষণা হোৱা নাই। অনন্ত কন্দলীৰ ৰামায়ন পঢ়িয়েই তেওঁ অসমীয়া ভাষা শিকিবলৈ আকৃষ্ট হৈছিল বুলি পণ্ডিতজনাই কয়। পিছে এক সুদীর্ঘ সময় ধৰি কোনো মৌলিক বৌদ্ধিক চর্চা নোহোৱাৰ ফলত বহুতো ভাৰতীয় ভাষাৰ লগতে অসমীয়া ভাষাটোও দোৱানলৈ পৰিণত হৈছে বুলি বিশেষজ্ঞ গৰাকীয়ে কয়। এই সম্পর্কে তেওঁ পদ্মনাথ গোহায়িবৰুৱাৰ এটি উদ্ধৃতিও দিয়ে। চেল্ডন পোলকৰ এই বক্তব্যৰ তীব্র বিৰোধিতা কৰি অসম সাহিত্য সভাৰ সভাপতি শংকৰ বৰাই কয় যে কোনো আমেৰিকান পণ্ডিতৰ পৰা অসম সম্পর্কীয় জ্ঞান লাভ কৰাৰ ইচ্ছা তেওঁৰ নাই। বৰাই আমেৰিকান বুদ্ধিজীৱিগৰাকীক ঔপনিবেশিক মানসিকতাৰে আক্রান্ত বুলিও অভিহিত কৰে।

No comments:

Post a Comment