Wednesday, May 24, 2017

মোদীৰ বৈদেশিক নীতি, জীপত বন্ধা কাশ্মীৰী আৰু আজাদী

মোদী চৰকাৰখনৰ দিনত ভাৰতৰ আন্তর্জাতিক স্থিতি যিমানখিনি শোচনীয় হৈছে, সিমানখিনি বাজপেয়ী ডাঙৰীয়াই আণৱিক বোমা পৰীক্ষণ কৰোঁতেও হোৱা নাছিল। চাবলৈ গলে মোদী চাহাবে চেষ্টাৰ ক্রুটি কৰা নাই; তেওঁ যিমান বিদেশ ভ্রমণ কৰিছে, সিমানখিনি হয়তো কোনো ভাৰতীয় প্রধানমন্ত্রীয়েই কৰা নাই। তেওঁ আমেৰিকান ৰাষ্ট্রপতিক গণৰাজ্য দিৱসত আমন্ত্রণ কৰিছে, অবামাক ‘বাৰাক’ বুলি সম্বোধন কৰিছে, অবামায়ো মোদীৰ প্রশস্তি পত্র এখন ‘টাইম’ত লিখি দিছে, চীনৰ প্রধানমন্ত্রীক নদীৰ পাৰত বহাই গান শুনাইছে, অস্ত্রেলিয়াৰ প্রধানমন্ত্রীক মন্দিৰত বহাই মালা পিন্ধাইছে ইত্যাদি ইত্যাদি। কিন্তু কথা হৈছে যে মিডিয়া গিমিক আৰু প্রকৃত প্রচেষ্টা – এই দুয়োটাৰে মাজত কিছু তফাৎ আছে। গিমিকেৰে ভোট কিনিব পাৰি, কিন্তু বিদেশী ৰাজনীতিবিদক মূর্খ বনাব নোৱাৰি। সফল বৈদেশিক নীতিৰ বাবে কিছু ভিজন থাকিব লাগিব, দূৰদর্শী হব লাগিব, বিদেশৰ দেশবোৰক প্রয়োজন অনুসৰি কিছু দিব লাগিব, কিছু লব লাগিব। ফটো এলবামৰ জৰিয়তে সেইফেৰা কাম কৰিব নোৱাৰি। বৰং সমস্যা বঢ়াৰহে সম্ভাৱনা আছে। এই লেখনীটোত কাশ্মীৰৰ প্রসংগ লৈয়েই বিদেশ নীতিৰ বিষয়ে কিছু আলোচনা কৰা যাওঁক।

আমেৰিকাৰ পৰাই আৰম্ভ কৰা হওঁক। মোদী অহাৰ পাছত আমেৰিকাই ভাৰতক এনে কোনো নতুন সা-সুবিধা আগবঢ়োৱা নাই, যিটো পূর্বৰ চৰকাৰৰ দিনত সম্ভৱপৰ নাছিল। ভাৰত-আমেৰিকাৰ সম্পর্কৰ উন্নতিও হোৱা নাই, অধোগতিও হোৱা নাই। কাশ্মীৰ লৈ আমেৰিকাৰ আগেয়ে যি স্থিতি আছিল, আজিও আছে। আজিও আমেৰিকাই ভাৰত-পাকিস্তানক নিজৰ মাজত আলোচনা কৰি সমস্যাটো সমাধান কৰিবলৈ পৰামর্শ দিয়ে। “কাশ্মীৰ কেৱল ভাৰতৰ”, আনকি “ভাৰত অধীকৃত কাশ্মীৰ ভাৰতৰ” – এনে কথাও আমেৰিকাই কোৱা নাই। কাশ্মীৰৰ সমস্যাটো সন্ত্রাসবাদৰ সমস্যা – এইবুলিও আমেৰিকাই কোৱা নাই – তেহেলৈ সন্ত্রাসবাদ সম্পর্কে আমেৰিকাই যিমানেই উচ্চবাচ্য নকৰক কিয়। ইয়াৰ এটা চিধা কাৰণ আছেঃ আমেৰিকাই জানে যে আফগানিস্তানত অভিযান চলাবলৈ হলে পাকিস্তানৰ সহযোগিতাৰ প্রয়োজন আছে। তদুপৰি আমেৰিকাই ভাৰতৰ বেছি কাষ চাপি গলে পাকিস্তান চিধাই চীনৰ হাতত পৰিবগৈ। পাকিস্তানৰ দুখনেই মূল বন্ধু দেশ আছে – আমেৰিকা আৰু চীন। এই দুয়োৰে শত্রুতাৰ মাজত পাকিস্তানে বেছ সুবিধা লৈ আছে। আৰু তাৰ মাজতে ভাৰত চৰকাৰে কোনো লাভ আহৰণ নকৰাকৈয়ে মূর্খৰ দৰে আমেৰিকাৰ অধিক কাষ চপাৰ ইমেজ দি আছে। সঁচা কথা কবলৈ গলে – ভাৰত চৰকাৰে আমেৰিকাৰ ভৰি তলুৱা চেলেকি দিলেও আমেৰিকাই কাশ্মীৰ প্রসংগত আমাক কেতিয়াও সমর্থন নকৰে। 

এই যে ভাৰত-আমেৰিকাৰ আন্তঃসম্পর্কৰ কোনো উন্নতি নহলেও মোদীয়ে বিনা প্রয়োজনত আমেৰিকাৰ অধিক কাষ চপাৰ ‘ইমেজ’ এটা দিলে – ইয়েই আমাৰ পৰম্পৰাগত বন্ধু ৰাছিয়াকো ক্রুদ্ধ কৰি পেলালে। মন কৰা ভাল যে স্বাধীনতাৰ সময়ৰে পৰা ৰাছিয়া ভাৰতৰ বন্ধু। পাকিস্তানৰ লগত হোৱা প্রতিখন যুদ্ধৰ সময়ত ৰাছিয়া ভাৰতৰ লগত আছিল। চোভিয়েট ইউনিয়ন ভাগি যোৱাৰ পাছতো এই সম্পর্ক অটুট আছিল। কিন্তু আমাৰ অধিক আমেৰিকাপ্রীতিয়ে এইবাৰ ৰাছিয়াক পাকিস্তানৰ কাষলৈ কিছু পৰিমাণে হলেও ঠেলি দিলে। কিছু মাহ পূর্বে পোনপ্রথমবাৰৰ বাবে ৰাছিয়াই পাকিস্তানৰ সৈতে মিলি সৈন্য অভ্যাস কৰিলে। ইয়াৰ দূৰগামী তাৎপর্য আছে। 

সংযুক্ত ৰাষ্ট্রসংঘত কাশ্মীৰ প্রশ্নটো গ্রহণ নোহোৱাৰ আঁৰত ভাৰতৰ প্রতি ৰাছিয়াৰ সমর্থন তথা চীনৰ নিৰপেক্ষতাৰ হাত আছে। এই দুয়োখন দেশেই হৈছে স্থায়ী সুৰক্ষা সমিতিৰ সদস্য। এতিয়া পুটিনে যদি পূর্বৰ স্থিতি সলনি কৰি ‘নিৰপেক্ষ’ হৈ পৰিবলৈ হয়, ভাৰতৰ কাশ্মীৰ নীতিৰ বাবে ই সুবিধাজনক নহব (ভাৰতে কাশ্মীৰ প্রশ্নটো সদায়েই ভাৰতৰ আভ্যন্তৰীন প্রশ্ন বুলি দাবী কৰি আহিছে)। 

পূর্বৰ ৰাছিয়াৰ বিপৰীতে, পুটিনৰ ৰাছিয়া হৈছে এটা ভিন্ন বস্তু। পুটিনৰ বৈদেশিক নীতি হৈছে সম্পূর্ণ প্রেকটিকেল। আনকি কিছুদিন পূর্বে ইজৰাইলৰ লগত সন্ধি কৰি চিৰিয়াত পুটিনে বোমা বর্ষণো কৰি আহিলগৈ। এই পুটিনৰ কোনো স্থায়ী বন্ধু বা শত্রু নাই। এনে স্থলত ভাৰত নিজৰ পৰম্পৰাগত বন্ধুৰ অঘোষিত দাবীৰ প্রতি (“আমেৰিকাৰ বেছি কাষ নাচাপিবা”) কিছু সাৱধান হোৱা উচিত আছিল। কিন্তু মিছাতে আমেৰিকাৰ বন্ধুত্ব বিচাৰি হুলস্থুল কৰা হল। ফলত ইকুলো গল, সিকুলো গল। আমেৰিকাৰ সৈতে বন্ধুত্বও আগনাবাঢ়িল, ৰাছিয়াও আমাৰ পৰা কিছুদূৰলৈ আঁতৰি গল।

চীনৰ প্রসংগলৈ অহা যাওঁক। চীনৰ প্রধানমন্ত্রীক সৰজুৰ কাষত বহাই গান শুনাই থাকোঁতেই চীনৰ সৈন্যই আমাৰ সীমা উলংঘা কৰি আগুৱাই আহিছিল। সেই প্রসংগ যাওঁক বাৰু। কিছুদিন পূর্বে চীনে এখন অভিলাষী আঁচনি লৈছে – যাৰ নাম হৈছে ৰড এণ্ড বেল্ট ইনিচিয়েভ। এই আঁচনি সফল হবলৈ হলে ইউৰোপ তথা পূব এছিয়াৰ সমস্ত দেশৰ সৈতে চীনৰ দ্রুতগামী স্থলপথ তথা ৰেলপথ নির্মিত হব। ভাৰতৰো এনে এখন আঁচনি আছিল – লুক ইষ্ট পলিচি যাৰ কোনো সালসলনি নকৰাকৈ মোদীয়ে নতুন নাম দিছিল – এক্ট ইষ্ট পলিচি। কিন্তু বছ সিমানেই। ইয়াতকৈ অধিক কাম আগ নাবাঢ়িল। 

যি কি নহওঁক, চীনৰ আঁচনিখনৰ এক অভিন্ন অংগ হৈছে – দক্ষিণ পাকিস্তানৰ নৌ-বন্দৰৰ পৰা গিলগিট-বাল্টিস্তানলৈ এক ৰাস্তা নির্মাণ যাতে চীনে ইউৰোপ তথা আৰব দেশবোৰৰ পৰা অহা মালবস্তুবোৰ এই চমূ পথেৰে কঢ়িয়াই নিব পাৰে। এই গিলগিট-বাল্টিস্তান হৈছে পাক অধিকৃত কাশ্মীৰৰ অংশ। অর্থাৎ এই পথেৰে চীনা ৰাস্তা নির্মাণ হোৱাৰ অর্থ হৈছে চীনে পাক অধিকৃত কাশ্মীৰক সম্পূর্ণভাৱে পাকিস্তানী মাটি বুলি স্বীকৃতি দিলে! আন কথাত, চীনে কাশ্মীৰক এক আন্তর্জাতিক প্রশ্ন বুলি স্বীকৃতি দিলে! আন কথাত, সংযুক্ত ৰাষ্ট্রসংঘৰ স্থায়ী সমিতিৰ দ্বিতীয়খন সদস্য দেশেও কাশ্মীৰ লৈ ভাৰতৰ প্রতিকূলে স্থিতি লোৱাৰ পথ প্রশস্ত হল।

ভাৰত চৰকাৰে ঠেহ পাতি ৰড এণ্ড বেল্ট ইনিচিয়েভৰ কার্যসূচীলৈ নগল। পিছে সমস্ত পূব এছিয়াৰ দেশবোৰকে আদি কৰি ইউৰোপ, আমেৰিকাৰ শ শ দেশে এই কার্যসূচীত অংশগ্রহণ কৰিলে। আনহাতে আমাৰ এক্ট ইষ্ট পলিচীখন নাম সলনি কৰাৰ মাজতেই আবদ্ধ হৈ ৰল। 

চীনে কাশ্মীৰৰ মাটিৰ মাজেৰে পথ নির্মাণ কৰাৰ আঁৰত আন এটাও কাৰণ আছে। কাৰণটো অলপ দীঘলীয়াঃ

দক্ষিণ চীন সাগৰ - এই অঞ্চলটোত চীনৰ প্রভুত্ব চলে। ফলত ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশৰ সৈতে চীনৰ দীর্ঘদিনীয়া কাজিয়া। আচলতে আৰৱ, আফ্রিকা, ইউৰোপ আদি সমস্ত দেশৰ পৰা চীনলৈ অহা জাহাজবোৰ এই দক্ষিণ চীন সাগৰেদি পাৰ হৈ আহে। সাগৰৰ এই অঞ্চলটো আন দেশৰ দখললৈ আহিলে চীনে অধিক কৰ দিব লাগিব তথা প্রতিৰক্ষাজনিত কিছু সমস্যাও সৃষ্টি হব। সেয়েহে ইয়াত চীনৰ প্রভুত্বমূলক আচৰণ। 

তথাপিও এই জলপথৰ মাজতে এছোৱা সংকীর্ণ পথ আছে যাক ষ্ট্রেইট অব মালাক্কা বুলি কোৱা হয়– এফালে মালয়েছিয়া, আনফালে ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপ। কাষতে চিংগাপুৰ –যত আমেৰিকাৰ সৈন্য শিবিৰ আছে। চীনে ভয় কৰে যে কেনেবাকৈ আমেৰিকাৰ লগত সংঘাত বৃদ্ধি হলে আমেৰিকাই চিংগাপুৰৰ পৰা সৈন্য-সামন্ত তথা জাহাজ পঠাই এই পথটো বন্ধ কৰি পেলাব। ফলত চীনৰ সমস্ত বৈদেশিক আমদানি তথা ৰপ্তানিৰ জাহাজবোৰ অৱৰূদ্ধ হৈ যাব। আমেৰিকাই দীর্ঘ দিন ধৰি দক্ষিণ চীন সাগৰত চীনৰ প্রভুত্বৰ বিৰুদ্ধে ভিয়েটনাম, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশৰ অভিযোগবোৰৰ সুযোগ লৈ চীনত শলঠেকত পেলাবলৈ চেষ্টা চলাই আহিছে। 

এই সমস্যাটোৰ পৰা সমাধান পাবলৈকে চীনে পাকিস্তানৰ মাজেদি এছোৱা পথ নির্মাণৰ আঁচনি কৰি আছিল। এই আঁচনি অনুসৰি পাকিস্তানৰ গুৱাডৰ বন্দৰত আৰৱ-ইউৰোপৰ-আফ্রিকাৰ পৰা অহা চীনা জাহাজবোৰ সোমাব আৰু চিধাই স্থলপথেদি পাকিস্তানৰ মাজেদি পাৰ হৈ ই মালবস্তুবোৰ চীনত প্রবেশ কৰাব। ই চীনৰ আন্তর্জাতিক জলপথৰ দৈর্ঘ কেবাগুণো কমাই পেলাব আৰু লগতে ষ্ট্রেইট অব মালাক্কাৰ প্রতিৰক্ষামূলক সমস্যাটোৰো সমাধান কৰিব। 

এতিয়া কথা হল যে মোদী ডাঙৰীয়াই বছৰচেৰেক পূর্বে আমেৰিকাৰ সৈতে মিলি ঘোষণা কৰিলে যে দক্ষিণ চীন সাগৰত ভাৰত আৰু আমেৰিকাৰ একে সমান স্বার্থ আছে! সম্পূর্ণ অর্থহীন ঘোষণা! দক্ষিণ চীন সাগৰত ভাৰতৰ কোনো লেনা-দেনা নাই। সেই অঞ্চলটোত চীন-আমেৰিকাক নিজৰ মাজতে কাজিয়া লাগি থাকিবলৈ দিব লাগিছিল। পিছে আমেৰিকাৰ অধিক নিকট বন্ধু হবলৈ গৈ ভাৰতে এই অঞ্চলটোতো আমেৰিকাৰ সৈতে মিত্রতা ঘোষণা কৰিলে!

ফলত চীন ক্রুদ্ধ হৈ উঠিল। কাজেই চীনে এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ মাজেদিয়েই গুৱাডৰ-জিনজিয়াং পথটো নির্মাণৰ সিদ্ধান্ত ললে। এনে হব লাগিবই বুলি কোনো কথা নাছিল। পথটো আফগানিস্তান তথা ভাৰতৰ মাজেদিও পাৰ হৈ আহিব পাৰিলেহেতেন যি কাশ্মীৰ লৈ চীনৰ নিৰপেক্ষ স্থিতি অটুট ৰাখিলেহেঁতেন। পিছে দক্ষিণ চীন সাগৰত ভাৰতে কৰা মূর্খামিৰ ফলতেই পাকিস্তান অধিকৃত কাশ্মীৰৰ মাজেদি আজি চীনা পথটো নির্মিত হব ধৰিছে। অর্থাৎ কাশ্মীৰ প্রসংগ লৈ চীন আজি নিৰপেক্ষ হৈ থকা নাই। 

কাশ্মীৰ প্রসংগ লৈ এইদৰে দুখনকৈ UN Security Councilৰ স্থায়ী সদস্য তথা চুবুৰীয়া দেশৰ স্থিতি পাকিস্তানৰ ফালে ঠেলি দিয়াৰ পাছত আজি আৰু এইবুলি ডাঠি কব নোৱাৰি যে অনাগত দিনত কাশ্মীৰৰ প্রসংগটো সংযুক্ত ৰাষ্ট্রসংঘত উত্থাপিত নহব। কেনেবাকৈ এবাৰ উত্থাপিত হলেই এদিন নহয় এদিন কাশ্মীৰৰ আজাদীও প্রশস্ত হৈ পৰিব। মন কৰা ভাল যে ভাৰতৰ দৰেই এখন দেশ হৈছে ইণ্ডোনেছিয়া। সংযুক্ত ৰাষ্ট্রসংঘৰ হেঁচাৰ ফলতেই ইণ্ডোনেছিয়াই দশকচেৰেক পূর্বে ইষ্ট টিমূৰক স্বাধীনতা দিবলৈ বাধ্য হৈছিল। 

এনে সংবেদনশীল আন্তর্জাতিক পৰিবেশতেই এজন নিৰস্ত্র কাশ্মীৰী যুবকক জীপত বান্ধি ঘূৰাই ফুৰোৱাৰ ঘটনাটো সংঘটিত হল। কোৱা হল – তেওঁ হেনো শিল দলিয়াইছিল, অথচ ইয়াৰ কোনো প্রমাণ আজিলৈকে দিয়া হোৱা নাই। বৰং এইবুলিহে জনা গৈছে – তেওঁ ভোট দান কৰিবলৈ যোৱা এজন নিৰীহ যুবক। অপাৰেছন বজৰং, ৰাইনোৰ সময়ত সেনাবাহিনীৰ অত্যাচাৰৰ কথা পাহৰি যোৱা কিছুমান অসমীয়া মানুহে এতিয়া কৈছে – বোলে প্রাণ ৰক্ষা কৰিবলৈহে এয়া কৰা হল! যেনিবা সেনাই ভুল কৰিব নোৱাৰেই! এনে অসমীয়া মানুহে এতিয়া দাবী কৰা উচিত – অনাগত সময়ত আলফা বিচাৰি সেনাই অভিযান চলালে তেওঁলোকে নিজকে বা নিজৰ বাপেক, ভায়েক, ভনীয়েকক জীপৰ সমুখত বান্ধি নিবলৈ স্বেচ্ছাই সন্মতি দিব। 

এয়াই যদি প্রাণ ৰক্ষা কৰাৰ উপায় হবলৈ হয়, তাৰ অর্থ হৈছে, ভাৰতীয় সেনাবাহিনীয়ে ইতিমধ্যেই কাশ্মীৰৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই পেলাইছে। 

মানুহে যিয়েই নকওঁক কিয়, জেনেভা কনভেঞ্চন মতে ই হৈছে মানৱ অধিকাৰ উলংঘনৰ উদাহৰণ। যুদ্ধত সেনাবাহিনীয়ে কেতিয়াও নিৰস্ত্র লোকক বন্দী বা পণবন্দী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। দখলদাৰী সেনাইহে এনে কাম কৰে। এই ঘটনাই আন্তর্জাতিক মহলত ভাৰতৰ স্থিতি অধিক দুর্বল কৰি পেলালে। এতিয়া সংশ্লিষ্ট সেনাবিষয়াজনক শাস্তি দিয়াৰ সলনি তেওঁক পুৰষ্কৃত কৰি আচলতে ভাৰত চৰকাৰে নিজৰ স্থিতি আৰু দুর্বলহে কৰি পেলাইছে। 

ভক্তসকলে বুজা উচিত – আন্তর্জাতিক মহলত এনে ঘটনাই ভাৰতৰ স্থিতি সুদৃঢ় নকৰে, বৰং দুর্বলহে কৰিব। হয়তো এদিন বিজেপি চৰকাৰৰ কার্যকলাপৰ বাবেই কাশ্মীৰৰ আজাদীও সম্ভবপৰ হব। আমাৰ নিচিনা মানুহবোৰে – যি “ভাৰত চে নহী, ভাৰত মে আজাদী” বিচাৰে – তেওঁলোকেই হয়তো এদিন প্রকৃত দেশভক্ত হিচাপে পৰিচিত হব।