Friday, November 28, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

(১)
 আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।

চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

ঠিক এইখিনিৰ পৰাই সাম্প্রদায়িকতাৰ খেলাখিনি আৰম্ভ হৈ যায়। ইতিহাসবিদ বিপান চন্দ্রৰ মতে “সংখ্যাগৰিষ্ঠৰ সাম্প্রদায়িকতাই সদায় জাতীয়তাবাদীৰ ভাও জোৰে, আনহাতে সংখ্যালঘূৰ সাম্প্রদায়িকতাই বিচ্ছিন্নতাবাদৰ ৰূপ লয়”। উদাহৰণ হিচাপে স্বাধীনতা পূর্বৰ হিন্দু মহাসভা তথা মুছলীম লীগৰ কথা কব পাৰি। এটা কথা মন কৰিব, হিন্দুত্ব সাম্প্রদায়িকতাই প্রায়ে হিন্দু (a religion), হিন্দুত্ব(a political philosophy) আৰু ভাৰতীয়ত্ব (citizenship of a country) - এই তিনিওটাকে সমার্থক কৰি পেলায়।

হিন্দুত্ববাদীসকলে সুবিধা বুজি “হিন্দুত্ব” শব্দটোক দুই ধৰণে সংজ্ঞায়িত কৰে। ১) কেৱল হিন্দু ধর্মীয় লোকসকলৰ অর্থত। ২) সকলো ভাৰতীয়ৰে অর্থত (“যিহেতু এসময়ত ভাৰতীয় মুছলমানসকলো হিন্দুৱেই আছিল!”)। কেতিয়া কোনটো সংজ্ঞা ব্যৱহাৰ কৰা হব, সেয়া পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰে।

মূল প্রসংগলৈ অহা যাওঁক। বিদ্যা ভাৰতীৰ বিদ্যালয়সমূহ – “সেয়া কেৱল হিন্দু ধর্মালম্বীসকলৰ বাবে, নে সেয়া সকলো ভাৰতীয়ৰ বাবে” সেই কথাটো মহাশয়সকলে কেতিয়াও স্পষ্ট নকৰে। প্রসংগ অনুসৰি ভিন ভিন উত্তৰ দিয়া হয়। এবাৰ কোৱা হয় – “এই স্কুলসমূহ কেৱল/মূলতঃ হিন্দু ধর্মীসকলৰ বাবে” (“যিহেতু মুছলমানহঁতৰ মাদ্রাছা, খ্রীষ্টানহঁতৰ ডনবস্কো আছেই”)। আন কেতিয়াবা আকৌ সিবিলাকক সকলো ভাৰতীয়ৰ বাবে বুলিয়েই কোৱা হয়।

এই কৌশলটো ব্যৱহাৰ কৰিয়েই হিন্দুত্ববাদীহঁতে দেশত প্রসাৰ লাভ কৰিছে। মন কৰকঃ কোনো মাদ্রাছা, কোনো ডনবস্কোৱে কেতিয়াও এইবুলি দাবী কৰা নাই যে তেওঁলোকে সামগ্রিকভাৱে ভাৰতীয় সংস্কৃতিৰ প্রতিনিধিত্ব কৰিছে। বৰঞ্চ তেওঁলোকে এইবুলিহে কয় যে তেওঁলোকে সমাজৰ সংখ্যালঘূ সম্প্রদায় একোটাৰহে প্রতিনিধিত্ব কৰিছে। অর্থাৎ ভাৰতীয় জনগণৰ, ভাৰতীয় সংস্কৃতিৰ অংশবিশেষৰহে তেওঁলোকে প্রতিনিধিত্ব কৰিছে। অৱশ্যেই তেওঁলোকে এইবুলিও কয়- সংখ্যালঘূৰ এই স্বার্থৰ সৈতে দেশৰ সামগ্রিক স্বার্থৰ কোনো সংঘাত নাই।

পিছে হিন্দুত্ববাদীসকললৈ চাওঁক। তেওঁলোকে সুবিধা অনুসৰি দুয়োটা দাবীয়েই কৰে। এফালে তেওঁলোকে কয় যে আমি হিন্দু জনগণৰ সংস্কৃতি, সভ্যতা ৰক্ষা কৰিছোঁ, তেওঁলোকক প্রতিনিধিত্ব কৰিছোঁ। আনফালে আকৌ তেওঁলোকে এইবুলিও কয় যে আমি সামগ্রিকভাৱে ভাৰতীয় সংস্কৃতিৰো প্রতিনিধিত্ব কৰিছোঁ!


ইয়াৰ পৰিণাম চিধাই চকুত নপৰিলেও ই কিন্তু কোনোগুণেই কম ভয়ংকৰ নহয়। হিন্দু সংস্কৃতিৰ সৈতে ভাৰতীয় সংস্কৃতিক সমার্থক কৰি পেলোৱাৰ অর্থই হৈছে যে আপুনি জাতি, জাতীয়তাবাদ আদিৰ এক ধর্মীয় ইমেজ দাঙি ধৰিছে। বিদ্যা ভাৰতীয়ে আজিলৈকে এখনো কিতাপ প্রণয়ন কৰা নাই যত ভাৰতীয় সংস্কৃতিৰ নির্মাণৰ ক্ষেত্রত ইছলাম আদিৰ অৱদানসমূহ দাঙি ধৰিছে। তেওঁলোকৰ মতে গুপ্ত যুগটোৱেই স্বর্ণ যুগ। মুছলমান আদি অহাৰ পাছতেই অন্ধকাৰময় সকলো। প্রাচীন হিন্দু সংস্কৃতি সম্পর্কে বিদ্যা ভাৰতীৰ কিতাপত সঁচা-মিছা ভূৰি ভূৰি প্রশংসা পাব, কিন্তু মধ্যযুগৰ মুছলমান শাসকৰ অৱদান সম্পর্কে তেওঁলোক নিমাত।


শংকৰদেৱ শিশু নিকেতনসমূহত গুৰুপূর্ণিমা দিৱস পালন কৰা হয়, সৰস্বতী পূজা পতা হয়, অসমত সিমান প্রচলন নথকা ৰাখী বন্ধন পতা হয়, কিবা ‘হিন্দু সাম্রাজ্য’ দিবস এটাও পতা হয় (এই হিন্দু সাম্রাজ্যৰ বিষয়ে পাছলৈ...)। তেওঁলোকে বাৰু মুছলমান বা খ্রীষ্টান লোকৰ এটাও উৎসৱ পাতিব নোৱাৰেনে? ভাৰতীয়/অসমীয়া সংস্কৃতি সম্পর্কে সামগ্রিকভাৱে লৰা-ছোৱালীক শিক্ষা যদি দিবই খুজিছে, তেনেহলে শংকৰৰ লগতে আজান পীৰৰ বিষয়েও দুআষাৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব নোৱাৰেনে? মুছলমান, খ্রীষ্টান ছাত্রই সৰস্বতী বন্দনা গাব নোৱাৰে। সেয়েহে সৰস্বতী বন্দনাতকৈ আজান পীৰৰ “হিন্দু কি মুছলমান, একে আল্লাৰ ফৰমান, মোৰ মনত ভেদ ভাৱ নাই অ আল্লা, মোৰ মনত ভেদ ভাৱ নাই” এই জিকিৰফাঁকি শিকাব নোৱাৰেনে? বা মহাত্মা গান্ধীৰ “ঈশ্বৰ আল্লা তেৰে নাম; সৱকো সুমতি দে ভগবান” এই ভজনফাঁকি? বন্দে মাতৰম গোৱাটো শিশু নিকেতনত বাধ্যতামূলক। কিন্তু গীতটো সম্পর্কে থকা কিছু আপত্তিৰ বাবেই যে “জন গণ মন”ক হে ৰাষ্ট্রগীত কৰা হৈছিল, সেই কথা পাহৰি যোৱা হল (বন্দে মাতৰম গীতটো বংকিমচন্দ্রই আনন্দমঠ নামৰ উপন্যাসখনত বিদেশী মুছলমানৰ বিৰূদ্ধে স্বদেশী হিন্দু সন্যাসীৰ বিদ্রোহৰ গীত হিচাপে ৰছনা কৰিছিল। গতিকেই মুছলমান বিৰোধিতা আৰু দেশপ্রেমক একাকাৰ কৰা গীত হিচাপে ই বিতর্কিত হৈ আহিছে। অৱশ্যে যিহেতু সাম্রাজ্যবাদ বিৰোধী সংগ্রামখনিতো গীতটি ব্যৱহাৰ কৰা হৈছিল, সেয়েহে গীতটিক National Songৰ মর্য্যাদা দিয়া হল। কিন্তু ই যাতে ভবিষ্যতে ভুল বুজাবুজি নকৰে, সেয়েহে বন্দে মাতৰমৰ সলনি জন-গন-মনকেই ৰাষ্ট্রগীত হিচাপে ৰখা হ’ল )।

এতিয়া এই লিষ্টখনলৈ চাওঁকঃ নিকেতনত কৰিবলগীয়া বন্দনা কার্যক্রমৰ ক্রমঃ

১) মাতৃ প্রণামঃ ১, ২, ৩
২) বন্দনাঃ সৰস্বতী বন্দনা (য়া কুন্দেদু...)
৩) প্রার্থনা (হে হংস বাহিনী)
৪) ব্রহ্মনাদঃ ওঁম (তিনিবাৰ)
৫)ধ্যান (এক মিনিট)
৬)গায়ত্রী মন্ত্র
৭) ভাৰত মাতৃ বন্দনা
৮) শান্তি পাঠ
৯)মাতৃ প্রণাম
১০) ভগৱৎ বন্দনা

আপুনিয়েই কওঁকঃ কোনো ধার্মিক মুছলমান বা খ্রীষ্টানে এইখিনি কাম কৰিবলৈ ইতস্ততঃ নকৰিবনে? ইমানবোৰ ধর্মীয় বস্তু ৰখাতকৈ দেশপ্রেমমূলক গীত দুটিমান, জন-গণ-মন, ছাত্র প্রতিজ্ঞা তথা সাম্প্রদায়িক প্রীতিৰ গীত/জিকিৰ/ভজন ৰখা হলেনো কি জগৰ লাগিল হয়?

এইকেইটা মাত্র উদাহৰণহে। কবলৈ আৰু সহস্র উদাহৰণ আছে।

............

পিছে আপুনি এইবোৰ কথা কলেই আপোনাক ভেকাহি মাৰি সোধা হবঃ “মাদ্রাছাত, ডনবস্কোত দেখোন কেৱল সিঁহতৰে উৎসৱ পাতি পতা হয়! সিঁহতৰে ধর্মীয় ৰীতি নীতি শিকোৱা হয়। আমি ইমান উদাৰ বা কিয় হম?”

কথাটো হয়; পিছে মাদ্রাছা, ডনবস্কোৱে কেতিয়াও নিজকে দেশৰ সামগ্রিক প্রতিনিধি বুলি দাবী কৰা নাছিল। সেইবোৰ সংখ্যালঘূৰহে অনুষ্ঠান। পিছে বিদ্যা ভাৰতীয়ে দেখোন দেশৰ সামগ্রিক সংস্কৃতিৰে, সমগ্র লোকৰে প্রতিনিধিত্ব কৰাৰ দাবী কৰি আহিছে?

অর্থাৎ বাগধাৰা(discourse)সমূহ কেনেকৈ সলনি হৈছে দেখিছেনে? এনেয়ে হিন্দুত্ববাদীহঁতে নিজকে জাতীয়তাবাদী, সামগ্রিক ভাৰতীয় সংস্কৃতিৰ প্রতিনিধি বুলি কয়; এইবুলি কয় যে বিদ্যা ভাৰতীয়ে দেশপ্রেমিক লোক নির্মাণ কৰিব বিচাৰে। তেনেহলে বিদ্যাভাৰতীৰ স্কুলত কেৱল হিন্দু প্রতীক সমূহৰ প্রয়োগ কিয়? যদিহে আপোনালোকে সমগ্র সমাজখনৰেই ঠিকা লৈ থৈছে (আৰ এছ এছৰ প্রধানৰ মতে সকলো ভাৰতীয়ই হিন্দু); তেনেহলে আপোনালোকৰ পাঠ্যক্রমত সমাজৰ সকলো অংশৰেই প্রতীক ব্যৱহৃত হব লাগিছিল।

নহলে কৈ দিয়কঃ যে আপোনালোকে কেৱল হিন্দু ধর্মাৱলম্বী লোককহে প্রতিনিধিত্ব কৰে। তেতিয়া আমিও হিন্দু হিচাপেই আপোনালোকক যোগ্য প্রত্যুত্তৰ দিম।

পিছে এই স্পষ্টীকৰণ হিন্দুত্ববাদীসকলে, বিদ্যাভাৰতীৰ কর্তৃপক্ষই কেতিয়াও নিদিয়ে।

এইখিনিতে এষাৰ কথা কৈ থওঁ: আমি শিশু নিকেতনৰ শিক্ষক তথা ছাত্রসকলক সাম্প্রদায়িক বোলা নাই। আমি বিদ্যা ভাৰতীৰ মূল কর্তৃপক্ষকহে প্রশ্ন কৰিছোঁ।



(২)

চেকুলাৰবাদী তত্ত্বৰ সমূখত আন কেতবোৰ সমস্যাও আছেঃ এই ধৰক – সংখ্যালঘূ সম্প্রদায়সমূহক নিজস্ব বিদ্যালয় গঠন কৰিবলৈ অধিকাৰ দিয়া কথাটো। ইংলেণ্ড, আমেৰিকা আদিত বিশ্ব হিন্দু পৰিষদে দাবী কৰে যে যিহেতু হিন্দুসকল তাত এটি সংখ্যালঘূ সম্প্রদায়, সেয়েহে হিন্দুৰ স্কুলৰ পাঠ্যক্রমত তেওঁলোকে লিখা পাঠ্যপুথিয়েই চলিব। ৰমিলা থাপৰ, আৰ এচ শর্মা আদিয়ে লিখা পাঠ্যপুথি তেওঁলোকে স্বীকাৰ কৰিব নোখোজে কিয়নো তাত হিন্দু জাতিৰ সঁচা-মিছা গৌৰৱ গাথাৰ বিপৰীতে প্রাচীন ভাৰতীয় সমাজৰ বস্তুনিষ্ঠ বিশ্লেষণহে আছে।

একেটা কথাই মুছলমানৰ মাদ্রাছাৰ বিষয়েও কব পাৰি। খোদ ইছলামৰ ভিতৰতেই বহুতো পৰম্পৰা আছে। ভাৰততেই সহস্রটা চুফী পৰম্পৰা আছে। পিছে চৌদি আৰৱৰ টকাৰ জোৰত ৱাহাবী মতালম্বীহঁতেহে আজিকালি সমগ্র বিশ্বতে মাদ্রাছাসমূহত প্রভাৱ বিস্তাৰ কৰিবলৈ ধৰিছে। এই ৱাহাবীহঁতৰ সৈতে হিন্দুত্ববাদীহঁতৰ ভীষণ মিল আছে। সিহঁতে সাংস্কৃতিক বৈচিত্র একেবাৰেই সহ্য কৰিব নোৱাৰে। খোদ হীৰেণ গোঁহায়েই একাধিকবাৰ সিহঁতৰ কু-সন্ধি সম্পর্কে লিখিছে।

পিছে ৱাহাবীহঁতৰ বিৰোধিতা মূলতঃ মুছলমানসকলেই কৰিব লাগিব। তেওঁলোকে স্পষ্টকৈ কব লাগিব যে ৱাহাবীবাদেই মুছলমানৰ পৰিচয় নির্ধাৰণ কৰিব নোৱাৰে। ঠিক তেনেদৰে হিন্দুসকলেই কব লাগিব যে হিন্দুত্ববাদীহঁতেই হিন্দু লোকৰ পৰিচয় নির্ধাৰণ/প্রতিনিধিত্ব কৰিব নোৱাৰে। অর্থাৎ সম্প্রদায় একোটাৰ আভ্যন্তৰীন সংগ্রামৰ মাজেৰেহে সমাজখনৰ গণতান্ত্রিকৰণ সম্ভৱপৰ হব।

ভাৰতত পিছে হিন্দুসকলৰ আন এটা দায়িত্বও আছে। ইতিমধ্যেই লিখিছোঁ যে হিন্দুত্ববাদীহঁতে নিজকে জাতীয়তাবাদী বুলি প্রক্ষেপ কৰে। সিহঁতৰ এই ভেকচনৰ মুখা খুলি দিব লাগিব। লগতে আমি কব লাগিব যে হিন্দু বা হিন্দুত্ব মানেই ভাৰতীয়ত্ব নহয়। সেয়েহে বিদ্যা ভাৰতীয়ে যদি নিজকে সমগ্র ভাৰতীয় সংস্কৃতিৰ প্রতিনিধি বুলি দাবী কৰিছে – তেনেহলে তেওঁলোকে চেকুলাৰ শিক্ষা দিয়ক বুলি আমি দাবী কৰা উচিত। আনহাতে তেওঁলোকে যদি কেৱল হিন্দু সংস্কৃতিৰহে প্রতিনিধিত্ব কৰিছে বুলি দাবী কৰিছে, সেয়া তেওঁলোকে স্পষ্ট কৰি দিয়া উচিত। তেতিয়া আমি হিন্দু ব্যক্তি হিচাপেই তেওঁলোকক প্রশ্ন কৰিম; যিদৰে আছগৰ আলী ইঞ্জিনিয়াৰে ৱাহাবীসকলক মুছলমান হিচাপেই প্রশ্ন কৰে।

(সমাপ্ত)

No comments:

Post a Comment