Tuesday, November 25, 2014

লাচিত দিৱসৰ চিন্তা

এসময়ত অসমীয়া জাতিৰ প্রতীক আছিল জয়মতী। জয়মতীয়ে শত্রুক হত্যা কৰাৰ উদ্দেশ্যেৰে হেংদান লৈ ওলাই অহা নাছিল। বৰঞ্চ দেশৰ মংগলৰ হকে অকথ্য নির্যাতন হাঁহিমুখে মূৰ পাতি লৈছিল। জয়মতীৰ এনে চিত্রায়নৰ জনপ্রিয়তাৰ আঁৰত গান্ধীজীৰ ‘নিষ্ক্রিয় প্রতিৰোধ’ৰ সংগ্রাম-পদ্ধতিয়ে বিশেষ ভূমিকা লৈছিল যেন ধাৰণা হয়। এই যে জাতীয় মুক্তি সংগ্রামৰ সময়তেই জ্যোতি প্রসাদে জয়মতীক লৈ চলচিত্র নির্মাণ কৰিছিল – এয়া হয়তো কোনো coincidence মাত্র নাছিল। বিংশ শতিকাৰ ২০, ৩০ তথা ৪০ৰ দশককেইটাতেই হয়তো জয়মতীৰ চৰিত্রটোৱে জনপ্রিয়তাৰ শীর্ষ স্থান লাভ কৰিছিল। শেষ অর্থত পিতৃতান্ত্রিক হলেও গান্ধী অনুপ্রাণিত নাৰীৰ এই সহনশীল চৰিত্রায়নে জাতীয় মুক্তি সংগ্রামখনিত মহিলাৰ অংশগ্রহণো সুনিশ্চিত কৰিছিল।

পিছে দেশে স্বাধীনতা লাভ কৰাৰ পাছত জয়মতীৰ সামাজিক প্রয়োজনীয়তা ক্রমান্বয়ে নাইকিয়া হৈ আহিবলৈ ধৰিলে। এসময়ত ভাষা আন্দোলন, তাৰ পাছত বিদেশী বহিষ্কাৰ আন্দোলন – ইবিলাক প্রক্রিয়াই নতুন এক জাতীয় চৰিত্রৰ দাবী কৰিলে। জয়মতীসদৃশ নিষ্ক্রিয় বিপ্লৱীয়ে নতুন পৰিস্থিতিৰ প্রয়োজনসমূহ পূর্ণ কৰিবলৈ অসমর্থ হল। এতিয়া প্রয়োজন আছিল আক্রামক কোনো নায়কৰ। সেয়েহে আশীৰ দশকত লাচিতৰ জনপ্রিয়তা বাঢ়িবলৈ ধৰিলে। হীৰেণ গোঁহাই আদি প্রগতিশীল বুদ্ধিজীৱিয়ে উগ্র জাতীয় পন্থা পৰিহাৰ কৰিবলৈ আহ্বান জনাওঁতে কোনো কোনো অসমীয়া আন্দোলনকাৰীয়ে এইবুলিও কোৱা দেখা গল – “দেশৰ বাবে মোমায়েককো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা লাচিতৰ জাতীয়তাবাদ নৰম আছিলনে? নিশ্চয় নাছিল। তেনেহলে আমিবা নৰম হম কিয়?”

এই পিতৃতান্ত্রিক আক্রামকতাৰ এক অন্যতম ফলাফল আছিল – ৰাজনীতিৰ ক্ষেত্রখনৰ পৰা মহিলাৰ প্রান্তীয়কৰণ। এই অসম আন্দোলনৰ পাছৰ পৰাই “আছুৰ লৰাহঁত, আলফাৰ লৰাহঁত” (আছু বয়জ, আলফা বয়জ) আদি শব্দটোৰ জনপ্রিয় হবলৈ ধৰিলে। এক নতুন প্রকাৰৰ ৰক্ষণশীলতাই সমাজখনক চানি ধৰিলে।

যি কি নহওঁক, অন্ততঃ বাগধাৰাৰ স্তৰত লাচিত চৰিত্রটিৰ চেকুলাৰ ভাৱমূর্তি ৰক্ষা কৰিবলৈ অসমীয়া মধ্যবিত্ত এসময়ত সচেতন আছিল। সেয়েহে লাচিতৰ লগতে মাজে সময়ে বাঘ হাজৰিকাকো স্মৰণ কৰা হৈছিল। কোৱা হৈছিল যে শৰাইঘাট মুছলমানৰ বিৰুদ্ধে হিন্দুৰ নহয়, বৰঞ্চ দিল্লীৰ আধিপত্যৰ বিপক্ষে ক্ষুদ্র জাতীয় সত্তাৰ সংগ্রামহে আছিল। মোগল সেনাপতি ৰামসিংহ যে হিন্দু আছিল, সেই কথাও আমাৰ সোঁৱৰাই দিয়া হৈছিল।

পিছে সময় এতিয়া পুণৰ সলনি হৈছে। অসমত বিজেপিৰ আৱির্ভাৱৰ পাছত এতিয়া অসমীয়া জাতীয়তাবাদৰ অৱশিষ্ট চেকুলাৰ উপাদানখিনিকো আঁতৰাই পেলোৱাৰ জো-জা চলিছে। কোৱা হৈছে – লাচিতে মুছলমান আগ্রাসনকাৰীৰ বিৰুদ্ধেহে যুঁজিছিল, যিদৰে শিৱাজীয়ে হিন্দু পাদশাহী নির্মাণ কৰিবলৈ ঔৰংগজেৱৰ বিপৰীতে যুঁজিছিল। আচলতে লাচিত আদিৰ হিন্দুত্বকৰণৰ প্রক্রিয়াটো সৌ তাহানিতেই আৰম্ভ হৈছিল, এচ কে সিনহাৰ নেতৃত্বত। আলফা দমনৰ নামত ভাৰতীয় সেনাবাহিনীয়ে নিৰীহ অসমীয়া জনগণৰ ওপৰত অকথ্য অত্যাচাৰ চলাওঁতে মুখেৰে টু শব্দ এটাও উচ্চাৰণ নকৰা (কেনেকৈ কৰিব? তেওঁ নিজেওতো সেনাবাহিনীৰে লোক) সিনহা চাহাবে লাচিতৰ হিন্দুত্বকৰণৰ ব্যৱস্থা ভালকৈয়ে কৰিছিল। । কোৱা হৈছিল – নেচনেল ডিফেঞ্চ একাডেমীত লাচিতৰ মূর্তি এটা স্থাপন কৰা হওঁক। যি ভাৰতীয় সেনাবাহিনীয়ে শত-সহস্র অসমীয়া লৰা-ছোৱালীক মাৰ পিট কৰি চিৰদিনলৈ পংগু কৰিলে, সেই সেনাবাহিনীৰ অন্যতম অনুষ্ঠান NDAত লাচিতৰ মূর্তি স্থাপন কৰাটো আছিল সকলো অসমীয়াৰ প্রতিয়েই চূড়ান্ত অপমান। লগতে এইটোও মন কৰকঃ আন আন ৰাজ্যৰ বিপৰীতে অসম তথা উত্তৰ পূর্বাঞ্চলত কিন্তু ৯০ৰ দশকৰ পৰাই চিভিলিয়ানৰ সলনি প্রাক্তন সেনা-বিষয়াকহে ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। অর্থাৎ নির্বাচিত ৰাজ্য চৰকাৰৰ প্রতি দিল্লীৰ অবিশ্বাস। একেটা কথাকে জম্মু কাশ্মীৰৰ ক্ষেত্রতো কব পাৰি।

এইবোৰ অপমান, ষড়যন্ত্রৰ বিৰুদ্ধে অসমীয়া জনগণ গর্জি উঠিব লাগিছিল। কিন্তু দিল্লীৰ উচ্ছিষ্ট খোৱাত অভ্যস্ত অসমীয়া মধ্যবিত্তই কৰিলে কি? এটা মাত্র উদাহৰণ দিওঁ: কেইবছৰমান আগেয়ে দিল্লীৰ অসম এচচিয়েচনে সিনহা চাহাবক লাচিতৰ যুদ্ধ নৈপুণ্য সম্পর্কে ভাষণ দিবলৈ আমন্ত্রণ জনালে! অথচ ইতিহাস চর্চাৰ সৈতে সিনহা চাহাবৰ দূৰ দূৰৈলৈ কোনো সম্পর্ক নাছিল! লাচিতৰ সতি-সন্তানক মিলিটেৰী পদ্ধতিৰে দমন কৰাত বিশেষ ভূমিকা লোৱা এইজন সিনহা চাহাবৰ মুখৰ পৰাই দিল্লীস্থ অসমীয়া মধ্যবিত্তই লাচিতৰ গৌৰৱ গাথা বিস্ময়াভিভুত হৈ শুনিলে। মেৰুদণ্ডহীনতাৰ ইয়াতকৈও ডাঙৰ কোনো উদাহৰণ আছেনে?

সেই সিনহা চাহাবে পুতি থৈ যোৱা পুলি-পোখায়েই আজি বিহবৃক্ষ ৰূপ ধাৰণ কৰিছে। চিৰদিন দিল্লীবাদৰ বিৰোধিতা কৰিম বুলি প্রতিজ্ঞা লোৱা অসমীয়া মধ্যবিত্তই এতিয়া বিজেপিৰ সহায়তেই জাতি উদ্ধাৰৰ সপোন দেখিছে। ঘটনাপ্রবাহে যেন শ্বেক্সপীয়েৰীয় ট্রেজেডিৰ ৰূপ ধাৰণ কৰিছে।

No comments:

Post a Comment