Friday, November 28, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

(১)
 আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।

চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

Tuesday, November 25, 2014

লাচিত দিৱসৰ চিন্তা

এসময়ত অসমীয়া জাতিৰ প্রতীক আছিল জয়মতী। জয়মতীয়ে শত্রুক হত্যা কৰাৰ উদ্দেশ্যেৰে হেংদান লৈ ওলাই অহা নাছিল। বৰঞ্চ দেশৰ মংগলৰ হকে অকথ্য নির্যাতন হাঁহিমুখে মূৰ পাতি লৈছিল। জয়মতীৰ এনে চিত্রায়নৰ জনপ্রিয়তাৰ আঁৰত গান্ধীজীৰ ‘নিষ্ক্রিয় প্রতিৰোধ’ৰ সংগ্রাম-পদ্ধতিয়ে বিশেষ ভূমিকা লৈছিল যেন ধাৰণা হয়। এই যে জাতীয় মুক্তি সংগ্রামৰ সময়তেই জ্যোতি প্রসাদে জয়মতীক লৈ চলচিত্র নির্মাণ কৰিছিল – এয়া হয়তো কোনো coincidence মাত্র নাছিল। বিংশ শতিকাৰ ২০, ৩০ তথা ৪০ৰ দশককেইটাতেই হয়তো জয়মতীৰ চৰিত্রটোৱে জনপ্রিয়তাৰ শীর্ষ স্থান লাভ কৰিছিল। শেষ অর্থত পিতৃতান্ত্রিক হলেও গান্ধী অনুপ্রাণিত নাৰীৰ এই সহনশীল চৰিত্রায়নে জাতীয় মুক্তি সংগ্রামখনিত মহিলাৰ অংশগ্রহণো সুনিশ্চিত কৰিছিল।

Sunday, November 23, 2014

মুছলমান আৰু জনসংখ্যা

ডি ৱাই ৩৬৫ত বোলে আলোচিত হৈছে – “অসমত ভয়ংকৰ গতিৰে মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি পাইছে”। আমি নিজে অনুষ্ঠানটো চাবলৈ পোৱা নাই; কোনো খবৰ কাকততো দেখা নাই। সেয়েহে মন্তব্য দিবলৈ অসুবিধা (কাৰোবাৰ ওচৰত সঠিক পৰিসংখ্যা থাকিলে জনাব পাৰে)।

পিছে এনে ধৰণৰ প্রসংগই বস্তুনিষ্ঠ আলোচনা সৃষ্টি কৰাৰ বিপৰীতে সাময়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনাহে অধিক। মনত ৰখা ভাল – বেছিকৈ সন্তান জন্ম দিয়ক বুলি আল্লা বা ভগবানে কৈ যোৱা নাই। কোনো ধর্মগ্রন্থৰ মাজত গোষ্ঠী একোটাৰ জন্ম-হাৰ কম বা বেছি হোৱাৰ  কাৰণ আপুনি বিচাৰি নেপাব। আর্থ-সামাজিক স্থিতিহে এইক্ষেত্রত আলোচনাৰ প্রাসংগিক বিষয়। সেয়েহে “মুছলমান মৌলবাদী; গতিকেই সিহঁতে বেছি সন্তান জন্ম দিয়ে” – এই জাতীয় বক্তব্যই অনাহেতুক সমস্যাহে সৃষ্টিহে কৰিব।

এইটো কথাও মন কৰক। ভাৰতৰ সকলো অঞ্চলতে মুছলমানৰ জন্ম-বৃদ্ধিৰ হাৰ একে নহয়। উত্তৰ প্রদেশত খুবেই বেছি; কেৰালা, কাশ্মীৰ আদিত আকৌ যথেষ্ঠ (কেতিয়াবা হিন্দুতকৈও) কম। আনহাতে দলিত, আদিবাসী, ট্রাইবেল লোক আদিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি। নাগালেণ্ডতে হয়তো বিগত সময়ছোৱাত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি পাইছে। অর্থাৎ জন্মৰ হাৰ কম বা বেছি  কিয় হৈছে, তাৰ সঠিক কাৰণ আমি ভবাতকৈ যথেষ্ঠ জটিল। নির্মোহভাৱে আলোচনা কৰিব পাৰিলেহে প্রশ্নৰ উত্তৰ উলিয়াব পৰা যাব।

[আন এটা তথ্য উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সাধাৰণতে মুছলমানৰ মাজত কণ্যা-ভ্রুণ হত্যা (the better word is: sex selective abortion) দেখিবলৈ পোৱা নাযায়। আন আন স্ত্রী বিৰোধী বৈষম্য নিশ্চয়েই আছে; কিন্তু সকলো কথাৰ বাবেই মুছলমানক দানৱ সজোৱা লোকসকলে এনে কেতবোৰ তথ্যৰ প্রতিও মন দিয়া ভাল।]

যি কি নহওঁক – যিহেতু মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি খবৰ আহিছেই, সেয়েহে এই বিষয়ক বিভিন্ন সমিধানৰ কথাও ওলাব। আমিও সেয়েহে জনৈক বন্ধুৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত কেইটামান প্রস্তাৱ উত্থাপন কৰিলোঁ আৰু সিবিলাকৰ সম্ভাব্য ফলাফল সম্পর্কেও ৰাইজক সকীয়াই থলোঁ।

.....................................................................

১) জার্মানীৰ ইহুদী নৰসংহাৰৰ দৰে মুছলমানৰো হত্যাযজ্ঞ আয়োজন কৰা হওঁক। সিহঁতক কনচেনট্রেচন কেম্পত ৰখা হওঁক। প্রবীন টোগাৰিয়াক দেশৰ একছত্রী শাসক হিচাপে প্রক্ষেপ কৰা যাওঁক। কোনোবাই যুক্তিসহকাৰে আলোচনা কৰিব বিচাৰিলেই “পাকিস্তানলৈ যা” বুলি হুংকাৰ দিয়া হওঁক।

সম্ভাব্য ফলাফলঃ আজিৰ সময়ত এই কামটো কৰা বৰ মুস্কিল হব। দাংগা বেছিকৈ হলে দেশৰ পৰা পুঁজিও পলাই যাব। দেশৰ, অর্থনীতিৰ অৱস্থা তেনেই কার্হিল হৈ পৰিব। তদুপৰি আমাতকৈ বহু বেছি শক্তিশালী স্বয়ং হিটলাৰেও ইহুদীক মাৰি কাটি শেষ কৰিব নোৱাৰিলে; তাৰ তুলনাত আমি কোন কুটা? কনচেনট্রেচন কেম্পতো যে হতচিৰি মুছলমানহঁতে জনসংখ্যা বৃদ্ধি নকৰিব, তাৰ কি নিশ্চয়তা আছে? বেছিকৈ অত্যাচাৰ কৰিলে আকৌ ইহুদীৰ দৰে বিশ্বত মুছলমানৰ বাবেও যদি সহানুভুতি সৃষ্টি হয়? নাই নাই, এইটো পদ্ধতি বৰ কামৰ নহব।

২) মুছলমানৰ বহুবিবাহ বন্ধ কৰাঃ এইবুলি দাবী কৰি আমি হিন্দু ৰাইজৰ ভোট দুটামান বেছিকৈ হয়তো পাম; কিন্তু সত্যটো হৈছে যে খুউব কম সংখ্যক মুছলমানেহে বহুবিবাহ কৰিব পাৰিছে। চবেই বহুবিবাহ কৰিবলৈ ছোৱালী কত? প্রতি ১০০০ মুছলমান পুৰুষৰ বিপৰীতে দেখোন ৯০০+ মানহে ছোৱালী আছে? জনগণনাৰ ৰিপর্টবোৰ চাওঁক। পিছে বেছি হুলস্থুল কৰি ৰাইজক এই কথাটো জানিবলৈ নিদিব! নহলে মুছলমানহঁতক স্ত্রী-বিৰোধী বুলি হকে বিহকে সমালোচনা কৰাৰ সুবর্ণ সুযোগটো নাইকীয়া হৈ যাব দেখোঁন!

৩) হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰাঃ হয়, “কুকুৰে আমাক কামুৰিলে আমিও কুকুৰটোক ওলোটাই কামুৰিব লাগে” বুলি জ্ঞানী লোকে কৈ গৈছে। আনে ৰসাতলে গলে আমিও ৰসাতলে যাব লাগে – নহয় জানো? হিটলাৰেও কৈ গৈছে – “আর্য জার্মান মহিলাৰ পবিত্র কর্তব্য যে বেছিকৈ সন্তান জন্ম দি জার্মান জাতিটোক শক্তিশালী কৰক”। যিহেতু সন্তান, ঘৰ সংসাৰ – এইবোৰেইতো হৈছে মহিলাৰ মূল কাম; নহয় জানো? পিছে “মহিলাৰ গর্ভৰ ওপৰত মহিলাৰ অধিকাৰ সাব্যস্ত কৰক” বুলি হুলস্থূল লগাই থকা ফেমিনিষ্ট এসোঁপা আছে। সিহঁতক ভালকৈ পিটন এটা দিব পাৰিলেহে এইফেৰা কাম কৰিব পৰা যাব।

৪) মুছলমানকে আদি কৰি সকলো সম্প্রদায়ৰ বাবে আধুনিক শিক্ষা, সংস্থাপন আদিৰ সৃষ্টি কৰা। মাদ্রাছায়েই যাতে শিক্ষাৰ একমাত্র উপায় হৈ নপৰে – তাৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত, পিছপৰা অঞ্চলত আধুনিক শিক্ষানুষ্ঠান গঢ়ি তোলা। তেওঁলোকক আধুনিক সংস্থাপন দিব পৰাকৈ ট্রেইনিং ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা। বিভিন্ন স্কলাৰশ্বিপ, জলপানী আদিৰ ব্যৱস্থা কৰা। মৌলবাদী শক্তিসমূহক প্রতিহত কৰিব পৰাকৈ প্রগতিশীল শিক্ষিত মুছলমান অংশ এটাৰ উত্থানৰ ক্ষেত্রত সহায় কৰা। এইজাতীয় সমস্ত বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰা চাচাৰ কমিটিৰ ৰিপর্ট বাস্তবায়িত কৰা।

পিছে ৰব ৰব। আপুনি দেখোঁন আমাৰ শত্রুহঁতৰ পক্ষহে লৈছে। আপুনি দেখোন মুছলমান তুষ্টিকৰণৰ নীতি লৈছে! যাওঁক, পলাওঁক ইয়াৰ পৰা! পাকিস্তানলৈ যাওঁক। চাল্লা হিন্দু বিৰোধী চেকুলাৰ-কমিউনিষ্ট,ফেমিনিষ্ট কৰবাৰ! আপোনাৰ বাবেই দেশখনৰ এই অৱস্থা হল। মুছলমানেই দেশখন খালে। দেখা নাই, কেনেকৈ সিহঁতৰ জনসংখ্যা বৃদ্ধি হৈছে? সিহঁতক ৰখোৱাৰ কিবা উপায় ভাবক। তেতিয়াহে গম পাম, আপুনি কিমান দেশপ্রেমিক।

(But…well…কিন্তু...পৰন্তু...এতিয়ালৈকেতো মই সমাধানৰ কথাই কৈ আছিলোঁ? কি কৰিছে, হয়নে? তৰোৱালখন, ত্রিশূলপাত লৈ কিয় খেদি আহিছে? আহ আহঃ মই সৰিয়হফুল দেখিছোঁ! আহঃ হে কৃষ্ণ, হে পাকিস্তান, সহায় কৰা!)

জয় হিন্দু, জয় হিন্দ, জয় ভাৰত!