Wednesday, June 11, 2014

কংগ্রেছী সাম্প্রদায়িকতাবাদ বনাম বিজেপি সাম্প্রদায়িকতাবাদ

Pragmatic Communalism vs. Programmatic Communalism
.................
আজিৰ কালত কংগ্রেছ হৈছে মূলতঃ এটি স্তাৱকৰ দল। কংগ্রেছৰ নীতি বুলি কোনো কথা নাই; নিজৰ সুবিধাৰ বাবে আজি যদি কংগ্রেছে হিন্দু সাম্প্রদায়িকতাক উদগনি দিছে, কালিলৈ হয়তো মুছলমান সাম্প্রদায়িকতাক উদগনি দিব; পৰহিলৈ আকৌ হয়তো শিখ বা আন কোনো ধর্মাৱলম্বী লোকক উচতাই ফুৰিব। নিজৰ বাবে সুবিধাজনক যেন লাগিলে ই আকৌ ধর্মনিৰপেক্ষ ৰূপো ধাৰণ কৰিব! আন কথাত, কংগ্রেছী সাম্প্রদায়িকতাবাদ হৈছে সুবিধাবাদী বা pragmatic সাম্প্রদায়িকতাবাদ। দেশৰ মংগলৰ বাবেই কংগ্রেছক উৎখাত কৰাটো দৰকাৰ।

কিন্তু সেইফেৰা কাম বিজেপিৰ হাতত দিব নোৱাৰি! বিজেপিৰ হৈছে নীতিগত বা programmatic ভাৱে এটি সাম্প্রদায়িক দল। সেয়েহে ই আৰু অধিক ভয়ংকৰ!! বিজেপিৰ মূলতে আছে “হিন্দুত্ব” নামৰ এক ঘৃণাভৰা দর্শন। লক্ষণীয় যে “হিন্দু” আৰু “হিন্দুত্ব” এই দুয়োটাই বেলেগ বেলেগ বস্তু। হিন্দু হৈছে এটি ধর্ম। আনহাতে “হিন্দুত্ব” হৈছে এক ৰাজনৈতিক মতবাদ। (ঠিক যেনেকৈ “ইছলাম” হৈছে এক ধর্ম কিন্তু “ইছলামবাদ” বা Islamism বা Political Islam হৈছে এক ৰাজনৈতিক মতবাদ।)। হিন্দুত্বৰ অন্যতম প্রতিষ্ঠাপক তথা মূল তত্ববিদ বিনায়ক দামোদৰ সাৱৰকাৰ নিজে এজন নাস্তিক ব্যক্তি আছিল। (যেনেকৈ জিন্নাও এজন নাস্তিক ব্যক্তি আছিল!)

“হিন্দুত্ব”ৰ মূল প্রতিপাদ্য এয়ে যে হিন্দুসকলেই হৈছে ভাৰতৰ মূল নিৱাসী। সেয়েহে আন আন ধর্মাৱলম্বী লোকে যদি দেশত থাকিব বিচাৰে, তেনেহলে তেওঁলোকে হিন্দুসকলক সন্মান কৰি চলিব লাগিব। অন্যথাই তেওঁলোকক দেশৰ পৰা খেদি পঠোৱা হ’ব, নতুবা দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পর্যৱসিত কৰি পেলোৱা হব। এইক্ষেত্রত হিন্দুত্ববাদীসকল হিটলাৰৰ নাজীবাদ তথা মুছোলিনীৰ ফেচীবাদৰ দ্বাৰা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

হিন্দুত্ববাদীসকলৰ মতে “ভাৰতীয় সংস্কৃতি” আৰু “হিন্দু সংস্কৃতি” একেটাই বস্তু। সেয়েহে তেওঁলোকে মুছলমানসকলক তথা ইছলাম ধর্মক বিদেশী বুলি গণ্য কৰে। “ধর্ম নিৰপেক্ষ” শব্দটোকো তেওঁলোকে ঘৃণা কৰে কিয়নো তেওঁলোকৰ মতে ভাৰতীয় হোৱাৰ অর্থই হৈছে হিন্দু হোৱা। হিন্দু এজন বৈষ্ণৱ হব পাৰে বা শাক্ত উপাসক হব পাৰে, অর্থাৎ হিন্দুৰ “মতবাদ” (সংস্কৃতত “পন্থা”)সমূহ বেলেগ বেলেগ হব পাৰে। সেয়েহে “ধর্মনিৰপেক্ষতা”ৰ বিপৰীতে হিন্দুত্ববাদীসকলে “পন্থ-নিৰপেক্ষ” শব্দটোহে পচন্দ কৰে। তেনেহলে মুছলমান বা খ্রীষ্টানসকলৰ কি হ’ব? সেই সম্পর্কে বিজেপি নিমাত। অর্থাৎ তেওঁলোকৰ পৰিকল্পিত ভাৰতখনত হিন্দুসকলৰ বাহিৰে আন ধর্মাৱলম্বী লোকৰ কোনো স্থান নাই। আন কথাত, আন আন ধর্মাৱলম্বীৰ বাবে অকণো space এৰিবলৈ হিন্দুত্ববাদীসকল নাৰাজ।

যতেই মুছলমানবিৰোধী অকণমান উপাদান বিজেপিয়ে দেখে, তাতেই তেওঁলোকে হিন্দু মুছলমানৰ খেলাখন আৰম্ভ কৰে। “মুছলমান মোগল”ৰ “বিৰোধিতা” কৰা বাবেই লাচিত বৰফুকন তেওঁলোকৰ চকুত “হিৰো”। পিছে চুকাফাক তেওঁলোকে কেতিয়াও মর্যাদা নিদিয়ে কিয়নো চুকাফা হিন্দু নাছিল আৰু তেওঁ মুছলমানৰ বিৰুদ্ধে যুদ্ধও কৰা নাছিল!

বিজেপিয়ে প্রায়েই অভিযোগ কৰে – কংগ্রেছ হেনো pseudo-secular। পিছে বিজেপিয়ে নিজেই secular শব্দটোকে শুনিব নোখোজে! এই ক্ষেত্রত বি জে পিৰ লোকসকল বেছ স্মার্ট! তেওঁলোকে কয় যে কংগ্রেছে হেনো minority অর্থাৎ মুছলমানসকলৰ appeasement কৰে। পিছে তাৰ পাছতো মুছলমানসকলৰ অৱস্থা আজি কিয় দলিত সকলতকৈও পিছ পৰা, তাৰ উত্তৰ বিজেপিৰ ওচৰত নাই। কৰবাত বোমা বিস্ফোৰণ হলেই বিজেপিয়ে কয় – মুছলমানৰ ধর্মান্ধতা তথা মাদ্রাছা শিক্ষাৰ বাবেই এনে হৈছে। পিছে মুছলমানসকলক আধুনিক শিক্ষা দিবলৈ যেতিয়া Sacchar Committee য়ে কেতবোৰ জলপানী ইত্যাদি দিয়াৰ পৰামর্শ দিলে, তেতিয়া আকৌ সেই একেই বিজেপিয়েই অভিযোগ কৰিলে –ইয়াৰ দ্বাৰা কংগ্রেছে হেনো মুছলমান তোষণ কৰিছে!! অর্থাৎ চিট ভী মেৰী, পট ভী মেৰা।

মোদী চাহাবৰ কথালৈ আহোঁ। তেওঁৰ উন্নয়ণবাদী ৰাজনীতিৰ প্রকৃত স্বৰূপ সম্পর্কে এটা ভাল লেখনী ৰাইজে এইটো লিংকত চাব পাৰে।http://bauponthibotora.blogspot.in/2013/11/blog-post_692.html সদ্যহতে পিছে আন এটি কথাহে কব বিচাৰিছোঁ। মোদী সমর্থকসকলে আজিকালি এটা নতুন যুক্তি আৰম্ভ কৰিছেঃ ২০০২ চনৰ পাছত হেনো গুজৰাটত কোনো দাংগা হোৱা নাই! অর্থাৎ মোদী ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰিছে!

এই যুক্তিটো ভ্রান্তিকৰ কিয়নো প্রত্যক্ষ দাংগা নাই হোৱা বুলি মানি ললেও দাংগা হ’ব পৰা পৰিস্থিতি কিন্তু অহৰহ সৃষ্টি হৈয়েই আছে। দাংগা এদিনতে হোৱা বস্তু নহয়। তাৰ বাবে দীর্ঘ প্রস্তুতিৰ প্রয়োজন হয়। সম্প্রদায়সমূহৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাকৈ কেতবোৰ মিথক তথা পূর্বাগ্রহ (myths and stereotypes) প্রচাৰ কৰি থকাটো প্রয়োজনীয় হয়। এই সন্দর্ভতে গুজৰাটৰ শিশুসকলে স্কুলত পঢ়া কেতবোৰ পাঠ্যক্রমলৈ মন কৰকঃ

গুজৰাটৰ শিশুসকলক সামাজিক অধ্যয়নৰ কিতাপসমূহৰ দ্বাৰা শিকোৱা হয় যে মুছলমানসকল হৈছে মূলতঃ বিদেশী আৰু হিন্দু সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ নামান্তৰ। ‘মুছলমান’ আৰু ‘সন্ত্রাসবাদ’ দুয়োটাৰে মাজত ওচৰ সম্পর্ক আছে। প্রাচীন ভাৰতীয় সংস্কৃতি সদায়েই উদাৰ আছিল। আনকি হিন্দুসকলৰ জাত পাত তথা বাল্য বিবাহো ভাল প্রথা আছিল! তাৰ বিপৰীতে মুছলমান আক্রমণৰ পাছতে দেশত Dark Ageৰ সূচনা হল।...এইবোৰ মাত্র কেইটামান উদাহৰণহে। এই বিষয়ে বিস্তৃত এটি ৰিপর্ট পঢ়িবলৈ এইটো লিংক চাওঁকঃ
http://www.nirantar.net/public/site/files/Gujarat%20Report.pdf

এটা কথা স্পষ্ট যে হিন্দুত্ববাদী চৰকাৰ এখনে ছাত্র ছাত্রীসকলক হিন্দু সংস্কৃতি, সন্ত্রাসবাদ আদি বিষয়সমূহ সম্পর্কে কেতিয়াও critically ভাবিবলৈ অৱকাশ নিদিয়ে। ইয়াৰ ফলত কণ কণ লৰা-ছোৱালীৰ মাজত বিভিন্ন পূর্বাগ্রহ সৃষ্টি কৰাটো অতিশয় সহজ হৈ পৰে। ভি এইচ পি, বজৰং দল আদিয়ে আজিও এইটো কামেই কৰি আছে। আনকি যত মুছলমানে সন্ত্রাসবাদ ঘটোৱা নাই, তাতো তেওঁলোকে মুছলমানৰ দৰে নকল দাঢ়ি-টুপি পিন্ধি বোমা বিস্ফোৰণ ঘটাই সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছে। http://www.countercurrents.org/gatade041008.htm

অর্থাৎ মুছলমানসকলক দেশৰ শত্রু সজোৱাৰ প্রক্রিয়াটো এতিয়াও পূর্ণোদ্যমেই চলি আছে। যেতিয়ালৈকে এই প্রক্রিয়াসমূহৰ অন্ত পেলাব নোৱাৰি, তেতিয়ালৈকে দাংগাৰ সম্ভাৱনীয়তাও নুই কৰিব নোৱাৰি। মোদীয়ে ২০০২ৰ পাছত দাংগা কৰোৱা নাই, কিয়নো তেওঁৰ প্রভু ৰিলায়েঞ্চ আৰু আদানীয়ে সদ্যহতে কোনো nuisance বিচৰা নাই। পিছে গুজৰাটত অকণমান শ্রমিক আন্দোলন বিকশিত হবলৈ দিয়কচোন। পিছদিনাই হিন্দু-মুছলমানৰ দাংগা হৈ যাব! (পৰস্পৰৰ মাজত থকা ভুল বুজাবুজি, মিথক তথা পূর্বাগ্রহসমূহ আঁতৰাবলৈ হিন্দু মুছলমানৰ মাজত যি সংবাদ প্রক্রিয়া প্রয়োজনীয়, সেয়া মোদীয়ে কেতিয়াও হবলৈ নিদিয়ে। )তদুপৰি মোদীৰ সোঁহাতস্বৰূপ অমিত শ্বাহে সৌ সিদিনাতো মুজাফৰনগৰত ভাষণেই দি আহিলঃ বদলা লেংগে!! অর্থাৎ দাংগাৰ সম্ভাৱনা অকণো কমা নাই।

মোদীৰ উগ্র সমর্থকসকলৰ পৰা মোৰ কোনো আশা নাই। পিছে যিসকল লোক নিজে হিন্দুত্ববাদী নহয়, অথচ মোডীক সমর্থন কৰিছে, তেওঁলোকে প্রথমতে মোডী তথা হিন্দুত্ব সম্পর্কে কিছু বিচাৰ-খোচাৰ কৰি লোৱা উচিত। পাহৰিলে নহব যে এদিন হিটলাৰো দেশক উদ্ধাৰ কৰাৰ প্রতিশ্রুতি দিয়েই ক্ষমতালৈ আহিছিল। বার্লিন অলিম্পিকৰ সময়ত তেৱোঁ কিছুদিনলৈ ইহুদী সংখ্যালঘূসকলক ৰেহাই দিছিল। বহুতেই আনকি এইবুলিও ভাবিছিল যে হিটলাৰ হয়তো সলনি হ’ল। ইহুদী-ঘৃণা পাহৰি তেওঁ এইবাৰ দেশৰ কামত মনোনিবেশ কৰিব। এনে প্রত্যাশাৰ ফলাফল আছিল অতিশয় ট্রেজিক। ফেচীবাদী জাতীয়তাবাদে হিংসা আৰু ঘৃণাৰ ৰাজনীতি কেতিয়াও এৰিব নোৱাৰে।

No comments:

Post a Comment