Friday, May 1, 2015

বান্ধৱী - এখন উৎকৃষ্ট কোৰিয়ান চিনেমা

সদ্য যৌৱনপ্রাপ্ত এহাল লৰা ছোৱালীঃ কৰিম আৰু মিন-ছু। ল’ৰাজন বাংলাদেশৰ; কামৰ সন্ধানত দক্ষিণ
কোৰিয়ালৈ আহিছিল। এবছৰমান ফেক্টৰী এটাত কাম কৰাৰ পাছত ঘৰলৈ ঘূৰি যাব বিচাৰিছে। পিছে ২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ সুযোগ লৈ ফেক্টৰীৰ মালিকে নিজকে দেউলীয়া ঘোষণা কৰিলে; এনেকৈয়ে কৰিমে পাব লগা এবছৰমানৰ মজুৰী মালিকৰ পেটলৈ গল। এতিয়া কৰিমে মালিকৰ ঘৰ বিচাৰি সমগ্র চহৰখন চলাথ কৰি ফুৰিছে, যাতে প্রাপ্য ধনখিনি কোনোমতে হাছিল কৰি ঘৰলৈ উভটিব পৰা যায়। ইফালে ভিজা শেষ হবলৈ এমাহহে বাকী। আনহাতে ছোৱালীজনী অর্থাৎ মিন-ছু হৈছে হাইস্কুলত পঢ়ি থকা এজনী দুখীয়া ঘৰৰ ছোৱালী; ঘৰত মাক তথা তেওঁৰ প্রেমিক বন্ধু থাকে। মাকৰ উপার্জন ঘৰখন চলাবলৈ যথেষ্ট নহয়; গতিকে মিন-ছুৱেও ইটো সিটো কাম কৰি কিছু ধন উপার্জন কৰে। ঘটনাক্রমে দুয়োটা চৰিত্রয়েই ইটো-সিটোৰ লগ হয়; দুয়োৰে মাজত গঢ়ি উঠা সম্পর্কটোৰ ভিত্তিতেই ‘বান্ধৱী’ চিনেমাখনৰ কাহিনীভাগ বিকশিত হৈছে।

সাধাৰণতে কোৰিয়ান চিনেমা বুলিলে আজিৰ সময়ত ভাববিহবল ৰোমাণ্টিক ছবিৰ কথাই মনলৈ আহে। পিছে ‘বান্ধৱী’ ছবিখন সিবিলাকতকৈ সম্পূর্ণ পৃথক। ছবিখনত পৰিচালকে শ্রমিকৰ আন্তর্জাতিক প্রব্রজন, কোৰিয়ান সমাজৰ বর্ণ-বৈষম্য, সামাজিক ৰক্ষণশীলতা, শ্রমজীৱি জনগণৰ সংগ্রাম আৰু বন্ধুত্ব, সংস্কৃতিৰ সংঘাত আৰু সংবাদ, যৌন ৰাজনীতি, নাৰী মুক্তি আদি নানান স্পর্শকাতৰ বিষয় একেলগে উপস্থাপন কৰি সিবিলাকৰ সুন্দৰ সমন্বয় ঘটাবলৈ সক্ষম হৈছে।

কাহিনীৰ প্রথমভাগতে দেখা গৈছেঃ গৰম বন্ধত ইংৰাজীৰ টিউচন লবলৈ মিন-ছুৰ মাতৃৰ ধন নাই; সেয়েহে স্কুলৰ পৰা উভটি অহাৰ পৰত আন আন ছোৱালীৰ বিপৰীতে তাইৰ মুখখন প্রায় ভাৱলেশহীন। পাছলৈ দেখা গৈছে টিউচনৰ ফিজ যোগাৰ কৰিবলৈ তাই পেট্রল পাম্পত কাম কৰিছে। পিছে মিন-ছু কোনো সাধাৰণ ছোৱালী নহয়। মালিকৰ পুত্রই তাইক হাৰাহাস্তি কৰিবলৈ চেষ্টা কৰোঁতে তাই লৰাজনৰ গাত পাম্পৰ পেট্রল ঢালি দিছে! মিন-ছুক পুলিচ থানালৈ লৈ যোৱা হৈছে। একে সময়তে দেখা গৈছে – আন এটা ঘটনা সংক্রান্তত কৰিমো থানাত উপস্থিত হৈছে। পুলিচ অফিচাৰজনে কৰিমৰ নামটো শুদ্ধকৈ লিখিব পৰা নাই। কৈছে- “তহঁতৰ নামবোৰ ইমান দীঘল কিয়? মুস্তাফা বিন হাদি কৰিম - এইটোও কিবা নাম হলনে?” কৰিমৰ হাহোঁনে কান্দো অৱস্থা। মদাহী মহাশয় এজনে আকৌ পুলিচ অফিচাৰজনক অভিযোগ কৰিছেঃ “মহাশয়, ইয়াক দেশৰ পৰা খেদি দিয়ক। ইহঁতেই আমাৰ চাকৰিবোৰ খালে!” আনফালে মিন-ছুক আন এজন পুলিচ অফিচাৰে বেশ্যা বুলি অভিযোগ কৰিছে। মিন-ছুৱে উপহাসমূলক হাঁহি মাৰি কৈছে, “বুর্বক, মই এতিয়াও স্কুলীয়া ছাত্রী বুলি গম পোৱা নাই নেকি?”

এনে আপাত হাস্য-ব্যংগৰ যোগেদি পৰিচালকে সাম্প্রতিক সময়ৰ কোৰিয়ান সমাজখনৰ কেতবোৰ নিষ্ঠুৰ বাস্তৱ উদঙাই দিছে। নব্য-উদাৰবাদী নীতিৰ কবলত পৰি বহুতো কোৰিয়ানেই চাকৰি হেৰুৱাইছে। আনহাতে সস্তাতে শ্রম কৰাবলৈ সহস্র বাংলাদেশী শ্রমিকক আমদানী কৰা হৈছে। দুয়ো দল শ্রমিকৰ মাজত যাতে একতা আৰু বন্ধুত্ব গঢ় লৈ নুঠে, তাৰ বাবে শাসক চক্রই বহিৰাগত শ্রমিকসকলকেই মূল শত্রু হিচাপে উপস্থাপন কৰিছে।

পুলিচ থানাত এইবাৰ মিন-ছু আৰু কৰিমৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিছে। মিন-ছুৱে প্রতিশ্রুতি দিছে যে তাই কৰিমক মালিকৰ ঘৰটো বিচাৰোঁতে সহায় কৰিব। দুয়ো চহৰখন পুণৰ চলাথ কৰিছে। মিন-ছুৰ সহায়ত এইবাৰ কৰিমে ঘৰটো বিচাৰি পাইছে। পিছে মালিকে ঘৰৰ দুৱাৰ খুলি দিয়া নাই। প্রাপ্য হেৰুওৱাৰ দুখ মিন-ছুৱেও বুজে। সেয়ে খঙাল আৰু সাহসী ছোৱালীজনীয়ে এইবাৰ মালিকৰ ঘৰলৈ শিল দলিয়াই দিছে!

কোৰিয়ান সমাজত এতিয়াও অনা-কোৰিয়ান ব্যক্তিৰ সতে কোৰিয়ান নাৰীৰ বন্ধুত্ব বা প্রেম সহজ বুলি ধৰা নহয়। তাতে কোনো তৃতীয় বিশ্বৰ শ্রমিক পুৰুষ হলেতো কথাই নাই। আচলতে পিতৃতান্ত্রিক যিকোনো সমাজেই ‘নিজৰ সম্প্রদায়’ৰ নাৰীয়ে ‘আন সম্প্রদায়’ৰ পুৰুষৰ সতে সম্পর্ক কৰাটো নিবিচাৰে। কিয়নো পিতৃতান্ত্রিক বাগধাৰা মতে নাৰী হৈছে সমগ্র সম্প্রদায়টোৰে সম্পত্তি বা ‘ইজ্জত’ৰ মূর্ত ৰূপ। সেয়েহে সাম্প্রদায়িক সংঘর্ষৰ সময়তো শত্রু সম্প্রদায়টোৰ নাৰীকেই বিশেষ আক্রমণৰ লক্ষ্য
হিচাপে ধৰি লোৱা লয়।

সি যি কি নহওঁক চহৰখনৰ অলিয়ে গলিয়ে মিন-ছু আৰু কৰিমক একেলগে ঘুৰি ফুৰা দেখি মধ্যবিত্ত কোৰিয়ানসকলে সন্দেহৰ চকুৰে চাইছে। ইয়াৰ দ্বাৰাই পৰিচালকে সমাজখনৰ দুমুখীয়া চৰিত্র উদঙাই দিছে। দুখীয়া ছোৱালীজনীক সহায় কৰিবলৈ কোনো কোৰিয়ান ব্যক্তি আগবাঢ়ি অহা নাই; অথচ ইজনে সিজন সহায় কৰি মিন-ছু আৰু কৰিমে যেতিয়া বন্ধুত্ব গঢ়ি তুলিছে, তাক লৈ কিন্তু স্থানীয় মধ্যবিত্ত সমাজখনৰ ঘোৰ আপত্তি!

কৰিম আৰু মিন-ছুৰ সম্পর্কটোৰ মাজেৰে দর্শকে কোৰিয়াৰ সর্বহাৰা জনগণৰ এখন জীৱন্ত ছবি দর্শন কৰাৰ সুবিধা পাইছে। দুয়োৰে অৱস্থাৰ মাজত বিশেষ কোনো পার্থক্য নাই। পার্থক্য মাথো ইমানেই যে মিন-ছু হৈছে স্থানীয় বাসিন্দা, আনহাতে কৰিম হৈছে প্রবাসী। কিন্তু পুঁজিবাদী শোষণকাৰী ব্যৱস্থাটোৰ দ্বাৰা দুয়ো সমানেই শোষিত। মাকৰ সৈতে মিন-ছুৰ এটা জটিল সম্পর্ক দর্শোৱা হৈছে। এফালে তাই কঠোৰ শ্রম কৰা মাকৰ সৈতে সহমর্মিতা অনুভৱ কৰে; আনহাতে কাম নকৰি ঘৰত বহি থকা মাকৰ প্রেমিকজনৰ প্রতি চৰম বিৰক্তি অনুভৱ কৰে। মাকহঁতে মিন-ছুৰ সম্পর্কটোৰ বিষয়ে গম পাই অসহমতি প্রকাশ কৰিছে; কিন্তু মিন-ছু এজনী স্বাধীনচিতিয়া ছোৱালী। কোনো হুকুম শুনিবলৈ তাই নাৰাজ।

মিন-ছুৱে মাক আৰু তেওঁৰ প্রেমিকৰ সতে কৰিমক চিনাকি কৰাই দিছে। তাই কৰিমক কৈছে যে মাকৰ সম্পর্কটোৰ বিষয়ে তাই এতিয়াও সহজ হব পৰা নাই। কৰিমে কৈছে – ‘তুমি তোমাৰ মাৰ দৃষ্টিৰ ফালৰ পৰাও কথাবোৰ ভাবি চোৱা উচিত। তেওঁতো মানুহজনক ভাল পায়, নহয় জানো?’ মৰমেৰে মিন-ছুৰ মূৰ জোকাৰি কৰিমে কৈছে – ‘Open your mind!’ কিছুদিনৰ পাছত মিন-ছুৱে তাইৰ এমেৰিকান ইংৰাজী শিক্ষকজনৰ সতে কৰিমক চিনাকি কৰাই দিয়াব বিচাৰিছে। কৰিম মৌন হৈ থকা দেখি এইবাৰ মিন-ছুৱে কৈছে – ‘Open your mind!’ দুয়োয়ে একেলগে হাঁহিছে। বিভিন্ন ধৰণৰ পূর্বাগ্রহ, অবিশ্বাস আদিৰ ৱালসমূহ এইদৰেই পৰিচালকে ভাঙি পেলাইছে।

কৰিমে মিন-ছুক বাংলাদেশী পদ্ধতিৰে ভাত-মাংস ৰান্ধি খাবলৈ শিকাইছে। নামাজ কৰোঁতে পিন্ধা টুপী এটা সি তাইক উপহাৰ দিছে। টুপীটো পিন্ধি মিন-ছুৱে নিজকে আইনাত ঘূৰি ঘূৰি চাইছে। ভাত খাই থাকোঁতে কৰিমে এটা তাৎপর্যপূর্ণ মন্তব্য কৰিছেঃ “তুমি জানানে, আমাৰ দেশত আলহী আহিলে তেওঁ কেতিয়া ঘূৰি যাব, সেয়া কেতিয়াও সোধা নহয়। তেওঁ যেতিয়ালৈকে মন কৰে তেতিয়ালৈকে থাকিব পাৰে।” কাৰখানাত কাম কৰি কঠিন হৈ পৰা কৰিমৰ হাত দুখনৰ বাবে মিন-ছুৱে মলম এটা উপহাৰ দিছে। তাই তাক সুধিছে, “তোমাৰ দেশতো সাগৰ আছেনে? তোমাৰো দেশলৈ মনত পৰেনে?” কোৰিয়ান উচ্চাৰণেৰে তাই কৈছে “চিতাগ’ (চিতাগং) বাঃ কি সুন্দৰ নাম!”

জীৱিকাৰ তাড়নাত মিন-ছুৱে চেক্স ইণ্ডাষ্ট্রীত কাম কৰিছে। অৱশ্যে ঠিক যৌনকর্মী হিচাপে নহয়। তাৰ বর্ণতা অসমীয়া ভাষাত দিবলৈ অসুবিধা। কিয়নো অসমীয়া বৌদ্ধিক জগতখন তথা অসমীয়া বাগধাৰাসমূহ এতিয়াও এনে ৰূঢ় বাস্তৱ অংকণ কৰাৰ ক্ষেত্রত অপৰিপক্ক হৈয়েই ৰৈছে বুলি কব পাৰি। অসমীয়া ভাষাত এতিয়াও যৌনতাৰ বিষয়টো উত্থাপন হলেই সি হয়তো ভিক্টোৰিয়ান নীতি বাণী বা অন্যথাই স্থূল সুৰসুৰণিলৈ পর্যৱসিত হয়।

চিনেমাখনৰ এটা কৰুণ দৃশ্য হৈছে য’ত মিন-ছুৱে কৰিমক সুখী কৰিব বিচাৰিছে। জীৱনৰ নিষ্ঠুৰতাই সুখৰ সংজ্ঞাকে তাইৰ বাবে সংকীর্ণ কৰি পেলাইছে। সুখ তাই নিজৰ বাবে বিচৰা নাই, বিচাৰিছে কৰিমৰ বাবে। ইয়াৰ পাছত তাই যিটো কাম কৰিছে, অসমীয়া ভাষাত তাৰ বর্ণনা দিবলৈ অসুবিধা। ইতিমধ্যেই লিখিছোঁ যে এনে কৰুণ নিষ্ঠুৰ বাস্তৱক প্রতিফলিত কৰিব পৰাকৈ এতিয়াও অসমীয়া ভাষাই পৰিপক্কতা লাভ কৰা নাই।

আমি প্রথমতেই কৈছো যে ‘বান্ধৱী’ কোনো ভাববিহবল ৰোমাণ্টিক ছবি নহয়। চিনেমাখনৰ শেহত নায়ক-নায়িকাৰ মিলন ঘটা নাই। কৰিমে প্রাপ্য টকাখিনি লাভ কৰিবলৈ অক্ষম হৈছে। তাক কোৰিয়াৰ পৰা বাংলাদেশলৈ দেশান্তৰিত কৰা হৈছে। খং আৰু ক্ষোভে মিন-ছুৰ হৃদয়খন ভৰাই পেলাইছে। মিন-ছু পুণৰ কৰিমৰ ফেক্টৰীৰ মালিকৰ ঘৰলৈ গৈছে; মালিকৰ ঘৰৰ বয়-বস্তু তহিলং কৰি তাই এইবাৰ চিঞৰি চিঞৰি কৈছে – “তহঁত চব জাবৰ। তহঁতৰ জীৱনবোৰ জাবৰ। তহঁতৰ ওচৰত ইমান টকা আছে। কিন্তু দুখীয়াক শোষণ নকৰিলে তহঁতৰ নেটানে। তহঁতক মই ঘিণ কৰোঁ।” এইদৰে তথাকথিত নৃগোষ্ঠীয় ঐক্যৰ বান্ধোন চিঙি অৱশেষত বিশ্ব শ্রমিকৰ ঐক্য স্থাপন হৈছে।

চিনেমাখনৰ শেষ দৃশ্যটোত দেখা গৈছে – মিন-ছুৱে এতিয়া পঢ়া-শুনা এৰি চাকৰি কৰে। দেখা গৈছে – তাই চিউলৰ ভাৰতীয়/বাংলাদেশী হোটেল এখনত সোমাই ভাত-দালিৰ অর্দাৰ দিছে। কৰিমে শিকোৱাৰ দৰেই তাই ফর্ক এৰি হাতেৰে খাবলৈ যত্ন কৰিছে। ভালকৈ পৰা নাই; পুণৰ চামুচখন দাঙি লব লগা হৈছে। পুণৰ চেষ্টা কৰিছে। নিজৰ মনতে তাই কিবা ভাবি ভাবি হাঁহিছে। কৰিমে ধৰাৰ দৰেই তাই নিজকে সাবতি ধৰিছে। সেই কেইখন যেন তাইৰ নিজৰ হাত নহয়, কৰিমৰহে হাত। হাত দুখনে তাইক মৰমেৰে লাহেকৈ জোকাৰি দিছে। তাই হাঁহিছে। পুণৰ অকণ ভাত মুখত দিছে। তাইৰ বন্ধু যেন এতিয়াও লগতে আছে। নৃগোষ্ঠীয়/স্থানীয় সংস্কৃতিৰ ভেদ নেওচি শ্রমজীৱি জনগণৰ বন্ধুত্ব আৰু সংবাদৰ মৌন সুগন্ধি-প্রবাহ বব ধৰিছে।

Thursday, March 12, 2015

২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটঃ মাছৰ তেলেৰে মাছ ভজা

(২০০৮ চনত আৰম্ভ হোৱা বিশ্ব আর্থিক সংকটৰ এতিয়াও ওৰ পৰা নাই। কেনেকৈ এই সংকটৰ আৰম্ভণি ঘটিল, এই বিষয়ে সাধাৰণ পাঠকে বুজি পোৱাকৈ এটা সৰল পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে। )

১৯৭০ৰ দশকৰ পাছৰে পৰা আমেৰিকান শ্রমজীৱি ৰাইজৰ প্রকৃত মজুৰী বৃদ্ধি হোৱা নাই। আনহাতে পুঁজিপতিৰ লাভ আৰু উদ্যোগৰ উৎপাদনশীলতা ভীষণ বৃদ্ধি হৈছে। মার্ক্সৰ মূল্য তত্ত্ব মতে শ্রমিকক কম মজুৰী প্রদান কৰিয়েই মালিকে অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হয়। এতিয়া কথা হৈছে যে শ্রমিকৰ তেজ শুহি বৃদ্ধি কৰা এই বিয়াগোম বর্ধিত উদ্বৃত্ত্ব ক’ত লগোৱা হৈছে? উত্তৰঃ বিত্তীয় বজাৰত!

আনহাতে, মজুৰী বৃদ্ধি হোৱা নাই যদিও আমেৰিকান শ্রমজীৱি ৰাইজে পণ্যবস্তু উপভোগ কৰিবলৈ কিন্তু এৰা নাই। প্রশ্ন উঠেঃ আপোনাৰ যদি পইছাই নাই, তেনেহলে খৰছ কৰিবলৈ ধন পাইছে ক’ৰ পৰা? “ধাৰে লওঁক আকৌ!” পিছে পাছলৈ ধাৰ মাৰিব ক’ৰ পৰা? নাঃ নব্য-উদাৰবাদী পুঁজিবাদৰ ওচৰত এই প্রশ্নৰ কোনো উত্তৰ নাই!

ধৰক আপুনি এজন আমেৰিকান শ্রমিক। আপোনাৰ মজুৰী বৃদ্ধি হোৱা নাই, বৰং কমিছেহে। এতিয়া আপুনি খৰছ কৰিবলৈ ধন কৰ পৰা পাব? কাম এটা কৰক। আপোনাৰ ঘৰটো বন্ধকী(mortgage)ত দি দিয়ক!

Tuesday, March 10, 2015

ইণ্ডিয়াজ ডটাৰ এট ডিমাপুৰ

ইণ্ডিয়াজ ডটাৰ তথ্যচিত্রখন চালো। তথ্যচিত্রখনৰ কেইবাটাও গুৰুতৰ সমস্যা আছে। পিছে সেই বিষয়ে আন কেতিয়াবা। সদ্যহতে মই ভাবোঁ যে বিভিন্ন সীমাৱদ্ধতা স্বত্তেও তথ্যচিত্রখনে পিতৃতান্ত্রিক মানসিকতা আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা কেতবোৰ আন্তঃসম্পর্ক অতি সুন্দৰকৈ দর্শাইছে। কোনো মানুহেই জন্মতে ধর্ষণকাৰী হৈ জন্ম নলয়। পিতৃতান্ত্রিক সমাজৰ হিংসামূলক পৰিবেশ, নাৰীৰ প্রতি থকা বৈষম্যমূলক আচৰণ আদিয়েই ধর্ষণকাৰী একোজনক জন্ম দিয়ে। সৰুতে ভণ্টিজনীৰ ওপৰত কৰা দাদাগিৰি, ৰাস্তাত মাৰ-পিট কৰি ‘পুৰুষ’ হবলৈ কৰা চেষ্টা, সংস্কৃতি ৰক্ষাৰ দোহাই, মৰেল পুলিচিং, ছোৱালীজনীৰ শৰীৰটোৰ ওপৰতেই সমস্ত সংস্কৃতিৰ ভাৰ জাপি দিবলৈ কৰা চেষ্টা (‘ইছ ৰাম, ছোৱালীজনীয়ে চিগাৰেট খাইছে’, ‘ইছ ৰাম, তাইৰ ড্রেছটো কি দেখিবা’, ‘ইছ ৰাম এইজনীয়ে দেখোন বাইক চলাইছে’, ‘ইছ ৰাম ইহঁতহালে দেখোন পার্কতে চুমা খাইছে’...আৰু কতনা কি...)। এইবোৰেইতো হৈছে ধর্ষণ সংস্কৃতি জন্ম দিয়া উপাদান।

ডকুমেণ্টৰীখন এবাৰ চাওঁক। তাত অভিযুক্তৰ উকীলকেইজনে কেনেধৰণৰ নাৰীবিৰোধী কথা কৈছে চাওঁক। নিজৰ বুকুত হাত থৈ সোধকঃ তেনেধৰণৰ কথা আপুনি নিজেও কেতিয়াও কোৱা নাইনে? মনত আছেনে নিউজ লাইভে গুৱাহাটীৰ মাজপথত ছোৱালী এজনীৰ ওপৰত হোৱা অত্যাচাৰখিনি কেনেকৈ প্রচাৰিত কৰিছিল? সেই সময়ত ছোৱালীজনীকো দোষাৰোপ কৰা মানুহৰ অভাৱ নাছিল। মদ খোৱা দাংকাচি ছোৱালী! দুজনমানেতো ঘোষণাই কৰিছিলঃ “ৰাস্তাত কল এআষি আপুনি লৈ গৈ আছে। আপোনাৰ ভুলৰ বাবে কল এটা পৰি গল। কোনোবা চুৰে আহি খালে। সেয়া আপোনাৰ নে চুৰৰ ভুল?” অর্থাৎ জীৱন্ত মানুহ এগৰাকী আপোনাৰ চকুত এটা কলৰ দৰে। Very Good. Full marks for you। কৈয়েই দিলে আপুনি যে মহিলাৰ শৰীৰটো ভোগৰ এক সামগ্রী মাত্র।

তাৰ কিছু বছৰ পূর্বলৈ আহক। দিল্লীৰ ধলা কুঁৱাত এজনী উত্তৰ পুৱৰ ছোৱালীৰ বলাৎকাৰ হলঃ মহান অসমীয়া দুজনমানে সমবেদনা প্রকাশ কৰিও কবলৈ নেৰিলেঃ “ৰাতি দুটা বজাত বইজ্জাতিয়ে ৰাজপথত কি কৰি আছিল?” এইবোৰ কথা শুনিলে চিঞৰি দিবলৈ মন যায়ঃ “আব্বে, তাই যলৈকে যায়, সেইটো সুধিবলৈ তই কোন?” এইখন স্বাধীন দেশ নহয় নেকি? মহিলাই যলৈকে যাব, তেওঁৰ ইচ্ছা। সকলো নাগৰিকক সুৰক্ষা দিয়াৰ কাম চৰকাৰৰ, সমাজৰ। নোৱাৰে যদি কৈ দিয়কঃ যে, আমি এতিয়াও ভাৰতৰ আধা জনগনৰ বাবে স্বাধীনতা আনিব পৰা নাই।

কিছু মাহ পূর্বে টি ভিত আন এটা ৰিপর্টঃ “অবৈধ সম্পর্ক” ৰখাৰ বাবে মহিলা আৰু তেওঁৰ পুৰুষ বন্ধুক গণপিটন। আবে কোনে কাৰ লগত সম্পর্ক কৰে, সেয়া লৈ টিভি চেনেলৰ কাম কি? আৰু কি বৈধ, কি অবৈধ সেয়া বিচাৰ কৰিবলৈ তঁহত কোন? ৰাইজকে বা মাৰ পিট কৰাৰ অধিকাৰ কোনে দিলে? নিজৰ মানুহজনীক সদায় মাৰপিট কৰা পুৰুষৰ বিৰুদ্ধেও ৰাইজ ইমান গৰম হৈ পৰিবনে? নাঃ সেয়া কেতিয়াও নহয়। সংস্কৃতি? নিপাতে যাওঁক এনে মৰেল পুলিচৰ সংস্কৃতি।

এনে ধৰণৰ মৰেল পুলিচিং, এনে ৰক্ষণশীল মানসিকতাই হৈছে ধর্ষণ-সংস্কৃতিৰ মূল। ধর্ষণ কৰা ব্যক্তি একোজন পিশাচ, ৰোগাক্রান্ত মানুহ নহয়। তেওঁ আপোনাৰ, মোৰ দৰেই এজন সাধাৰণ মানুহ। আপুনি, মই মাথো মহিলা বিৰোধী কমেণ্ট কৰিছোঁ, প্রেম কৰাৰ বাবে ভণ্টিজনীক পিটিছোঁ, পত্নীগৰাকীক দম দিছোঁ, দাইলত নিমখ নোহোৱাৰ বাবে ভাতৰ থালিখন মালৈ দলিয়াই দিছোঁ, পত্নীৰ কাপোৰ ধোৱা বন্ধুজনক ‘হেনপেক’ বুলি ঠাট্টা কৰিছোঁ... ৰেপিষ্টজন যেনিবা এখোজ আগুৱাই গল।

“ধর্ষণকাৰীক ফাঁচী দিয়ক”, “তাক গণধোলাই দিয়ক”, “তাৰ লিংগ কাটি দিয়ক” – এইবোৰ দাবী কৰা মানুহৰ কথা শুনিলে মূৰটো আৰু গৰম হৈ আহে। এনে দাবী সেইসকল লোকেই কৰিব পাৰে, যি কেতিয়াও পিতৃতন্ত্রৰ সমস্যা সম্পর্কে ভবা নাই, কেতিয়াও কোনো নাৰীবাদী কর্মকর্তাৰ কথা শ্রদ্ধাৰে শুনা নাই, যি নিজৰ ভিতৰতে সোমাই থকা পিতৃতান্ত্রিক মানসিকতাক কেতিয়াও প্রশ্ন কৰা নাই। আজি ইমান বছৰে ভাৰতীয় নাৰীবাদীসকলে ধর্ষণ সম্পর্কে কেম্পেইন চলাই আহিছে। ফটকৈ আপোনাৰ মন্তব্য দিয়াৰ আগেয়ে তেওঁলোকেনো এইবিষয়ে কি কিয়, সেই সম্পর্কে সোধাৰ, শুনাৰ ধৈর্য ৰাখক।

ধর্ষণকাৰীক পিশাচ বুলি কৈ আমি ভাল পাওঁ কিয়নো তেতিয়া আমি নিজকে নির্দোষী বুলি চার্টিফিকেট দিব পাৰোঁ। আমিতো ভালেই মানুহ; ধর্ষণকাৰীহঁতহে বেয়া। অর্থাৎ পিতৃতান্ত্রিক বৈষম্য আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা সম্পর্কটো আপুনি এনেকৈয়ে নাকচ কৰিলে। নেলী হত্যাকাণ্ডৰ বাবে কেৱল গুণ্ডা প্রবৃত্তিৰ মানুহক দোষাৰোপ কৰাৰ দৰে কথা।

ভাৰতৰ নাৰীবাদীসকলে দশক জুৰি ফাঁচীৰ বিৰোধিতা কৰি আহিছে। কিয়নো তেওঁলোকক প্রতিশোধ নালাগে; তেওঁলোকক লাগে ন্যায়। প্রতিশোধ এটা পিতৃতান্ত্রিক বস্তু। ফাঁচী হৈছে এক প্রকাৰৰ প্রতিশোধৰ নিচিনাই।  ফাঁচীৰ বিপৰীতে কম সময়ৰ ভিতৰত ন্যায় লাভ কৰাটোহে তেওঁলোকৰ উদ্দেশ্য। ভাৰতৰ সময়-বহুল আইনী প্রক্রিয়াটোৰ বাবেহে বেছিভাগ মহিলাই অভিযোগ দিবলৈ সাহস কৰিব নোৱাৰে। সেয়েহে অসমৰ কু-পুত্র, মগজুহীন অর্ণৱ গোস্বামীয়ে যিমানেই নিচিঞৰক লাগে, ফাঁচী দিলেই সমস্যাৰ সমাধান নহয়। প্রেকটিকেলি চাবলৈ গলেও দেখা যায় যে ধর্ষণকাৰীক ফাঁচী দিয়াৰ ৰায় দিলে পাছলৈ কোনো ধর্ষণকাৰীয়েই মহিলাগৰাকীক জীৱন্তে এৰি নিদিব। ঠিক তেনেকৈয়ে নাৰীবাদীসকলে ‘ৰাস্তাৰ ন্যায়’ৰো বিৰোধিতা কৰে। কিয়নো ই পিতৃতান্ত্রিক আক্রামক উত্তেজনাহে বৃদ্ধি কৰে। সমস্যাটো সম্পর্কে সকলোৱেই আত্মপৰীক্ষণ কৰাৰ অৱকাশ ই নিদিয়ে। মই ডাঠি কব পাৰোঁ যে যিসকল ব্যক্তি ডিমাপুৰৰ ৰাজহুৱা হত্যাকাণ্ডটোৰ সতে জড়িত আছিল, তেওঁলোক সকলোৱেই ঘৰলৈ ঘূৰি আহি নিজৰ মাক, বায়েক, ভনীয়েক, বান্ধৱীৰ ওপৰত মৰেল পুলিচিং চলাব। কব- "খবৰদাৰ! মিয়া মতাৰ লগত বন্ধুত্ব নকৰিবি। নহলে পিঠিৰ চাল চিঙিম।" তেওঁলোকে সমস্যাটো সমাধান কৰা নাই; বৰং তেওঁলোকে তাত অৰিহণাহে যোগালে। 


ডিমাপুৰৰ কথাটোলৈ আহোঁ। এনে এটা ঘটনা আচলতে অসমতো ঘটিব পাৰিলেহেঁতেন। “আমাৰ তিৰোতাৰ” ওপৰত হোৱা অত্যাচাৰৰ বাবে “আন সম্প্রদায়ৰ” ওপৰত দোষ দিয়াটো সহজ। “আমাৰ তিৰোতা” শব্দটোলৈ মন কৰকঃ আমাৰ, অর্থাৎ আমাৰ সম্প্রদায়টোৰ সম্পত্তি। “আনে চুলেই সেয়েহে তাৰ হাত কাটি দিম। আব্বে মোৰ মাল বে, তই চুব নোৱাৰ।” অৱশ্যে মোৰ মালক মই নিজে মাৰধৰ কৰো, মৰম কৰোঁ, যিয়েই কৰোঁ – সেয়া মোৰ কথা। সেয়েহে একেখন জেলতে থকা স্বত্তেও শ্বৰিফৰ সহযোগী নাগা অভিযুক্তজনক মাৰি পেলোৱা নহ’ল। শ্বৰিফ যিহেতু আন সম্প্রদায়ৰ, যিহেতু সি “আমাৰ মালৰ/মাইকী”ৰ ওপৰত চকু দিছে, সেয়েহে তাক শাস্তি দিবই লাগিব। অৱশ্যে কোনোবা নগা মতাই নগা মাইকীক হাৰাহাস্তি কৰি থাকক। তাত আমাৰ কব লগীয়া নাই। এয়া চৰম নাৰীবিৰোধী পিতৃতান্ত্রিক মানসিকতা নহৈ আৰু কি?

অৱশ্যে ঘটনাৰ বিৰোধিতা কৰিবলৈ গৈ একাংশই শ্বৰিফ বোলা ব্যক্তিজনক নির্দোষী সজোৱাতো লাগিছে। সেয়াও এক প্রকাৰৰ পিতৃতান্ত্রিক মানসিকতা। কোৱা হৈছেঃ ছোৱালীজনী বোলে যৌন-কর্মী (অশুদ্ধ ভাষাত “বেশ্যা”) আছিল! আবে, যৌন-কর্মীৰ কি ধর্ষণ হব নোৱাৰে নেকি? কি মানসিকতাহে আপোনাৰ? আৰু ঘটনাটো সঁচা আছিল নে মিছা আছিল, সেয়া এতিয়া আদালতে নির্ণয় কৰিব। এনেও আমাৰ দেশত ধর্ষণৰ অভিযোগ দিবলৈ সাহস কৰা মহিলাক সন্দেহৰ চকুৰে চোৱা মানুহৰ সংখ্যাই সৰহ। তেনে স্থলত ভুক্তভোগী মহিলাগৰাকীৰ চৰিত্র লৈ প্রশ্ন কৰাৰ অধিকাৰ আপোনাৰ নাই। অন্যথাই আপোনাৰ মানসিকতাও শ্বৰিফৰ হত্যাকাৰীৰ দৰেই বুলি কবলৈ বাধ্য হম। শ্বৰীফ হত্যাৰ বিচাৰ নিশ্চয় হোৱা উচিত। কিয়নো তেওঁ দোষীয়েই আছিল বা নির্দোষীয়েই আছিল, এনেকৈ তেওঁক হত্যা কৰাৰ অধিকাৰ ৰাইজক কোনেও দিয়া নাছিল। ঠিক তেনেকৈয়ে এতিয়া মহিলা গৰাকীৰ চৰিত্রকো সন্দেহ কৰি উৎপাত কৰাৰ অধিকাৰ আপোনাৰ নাই।

Friday, November 28, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

(১)
 আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।

চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

Tuesday, November 25, 2014

লাচিত দিৱসৰ চিন্তা

এসময়ত অসমীয়া জাতিৰ প্রতীক আছিল জয়মতী। জয়মতীয়ে শত্রুক হত্যা কৰাৰ উদ্দেশ্যেৰে হেংদান লৈ ওলাই অহা নাছিল। বৰঞ্চ দেশৰ মংগলৰ হকে অকথ্য নির্যাতন হাঁহিমুখে মূৰ পাতি লৈছিল। জয়মতীৰ এনে চিত্রায়নৰ জনপ্রিয়তাৰ আঁৰত গান্ধীজীৰ ‘নিষ্ক্রিয় প্রতিৰোধ’ৰ সংগ্রাম-পদ্ধতিয়ে বিশেষ ভূমিকা লৈছিল যেন ধাৰণা হয়। এই যে জাতীয় মুক্তি সংগ্রামৰ সময়তেই জ্যোতি প্রসাদে জয়মতীক লৈ চলচিত্র নির্মাণ কৰিছিল – এয়া হয়তো কোনো coincidence মাত্র নাছিল। বিংশ শতিকাৰ ২০, ৩০ তথা ৪০ৰ দশককেইটাতেই হয়তো জয়মতীৰ চৰিত্রটোৱে জনপ্রিয়তাৰ শীর্ষ স্থান লাভ কৰিছিল। শেষ অর্থত পিতৃতান্ত্রিক হলেও গান্ধী অনুপ্রাণিত নাৰীৰ এই সহনশীল চৰিত্রায়নে জাতীয় মুক্তি সংগ্রামখনিত মহিলাৰ অংশগ্রহণো সুনিশ্চিত কৰিছিল।

Sunday, November 23, 2014

মুছলমান আৰু জনসংখ্যা

ডি ৱাই ৩৬৫ত বোলে আলোচিত হৈছে – “অসমত ভয়ংকৰ গতিৰে মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি পাইছে”। আমি নিজে অনুষ্ঠানটো চাবলৈ পোৱা নাই; কোনো খবৰ কাকততো দেখা নাই। সেয়েহে মন্তব্য দিবলৈ অসুবিধা (কাৰোবাৰ ওচৰত সঠিক পৰিসংখ্যা থাকিলে জনাব পাৰে)।

পিছে এনে ধৰণৰ প্রসংগই বস্তুনিষ্ঠ আলোচনা সৃষ্টি কৰাৰ বিপৰীতে সাময়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনাহে অধিক। মনত ৰখা ভাল – বেছিকৈ সন্তান জন্ম দিয়ক বুলি আল্লা বা ভগবানে কৈ যোৱা নাই। কোনো ধর্মগ্রন্থৰ মাজত গোষ্ঠী একোটাৰ জন্ম-হাৰ কম বা বেছি হোৱাৰ  কাৰণ আপুনি বিচাৰি নেপাব। আর্থ-সামাজিক স্থিতিহে এইক্ষেত্রত আলোচনাৰ প্রাসংগিক বিষয়। সেয়েহে “মুছলমান মৌলবাদী; গতিকেই সিহঁতে বেছি সন্তান জন্ম দিয়ে” – এই জাতীয় বক্তব্যই অনাহেতুক সমস্যাহে সৃষ্টিহে কৰিব।

এইটো কথাও মন কৰক। ভাৰতৰ সকলো অঞ্চলতে মুছলমানৰ জন্ম-বৃদ্ধিৰ হাৰ একে নহয়। উত্তৰ প্রদেশত খুবেই বেছি; কেৰালা, কাশ্মীৰ আদিত আকৌ যথেষ্ঠ (কেতিয়াবা হিন্দুতকৈও) কম। আনহাতে দলিত, আদিবাসী, ট্রাইবেল লোক আদিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি। নাগালেণ্ডতে হয়তো বিগত সময়ছোৱাত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি পাইছে। অর্থাৎ জন্মৰ হাৰ কম বা বেছি  কিয় হৈছে, তাৰ সঠিক কাৰণ আমি ভবাতকৈ যথেষ্ঠ জটিল। নির্মোহভাৱে আলোচনা কৰিব পাৰিলেহে প্রশ্নৰ উত্তৰ উলিয়াব পৰা যাব।

[আন এটা তথ্য উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সাধাৰণতে মুছলমানৰ মাজত কণ্যা-ভ্রুণ হত্যা (the better word is: sex selective abortion) দেখিবলৈ পোৱা নাযায়। আন আন স্ত্রী বিৰোধী বৈষম্য নিশ্চয়েই আছে; কিন্তু সকলো কথাৰ বাবেই মুছলমানক দানৱ সজোৱা লোকসকলে এনে কেতবোৰ তথ্যৰ প্রতিও মন দিয়া ভাল।]

যি কি নহওঁক – যিহেতু মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি খবৰ আহিছেই, সেয়েহে এই বিষয়ক বিভিন্ন সমিধানৰ কথাও ওলাব। আমিও সেয়েহে জনৈক বন্ধুৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত কেইটামান প্রস্তাৱ উত্থাপন কৰিলোঁ আৰু সিবিলাকৰ সম্ভাব্য ফলাফল সম্পর্কেও ৰাইজক সকীয়াই থলোঁ।

.....................................................................

১) জার্মানীৰ ইহুদী নৰসংহাৰৰ দৰে মুছলমানৰো হত্যাযজ্ঞ আয়োজন কৰা হওঁক। সিহঁতক কনচেনট্রেচন কেম্পত ৰখা হওঁক। প্রবীন টোগাৰিয়াক দেশৰ একছত্রী শাসক হিচাপে প্রক্ষেপ কৰা যাওঁক। কোনোবাই যুক্তিসহকাৰে আলোচনা কৰিব বিচাৰিলেই “পাকিস্তানলৈ যা” বুলি হুংকাৰ দিয়া হওঁক।

সম্ভাব্য ফলাফলঃ আজিৰ সময়ত এই কামটো কৰা বৰ মুস্কিল হব। দাংগা বেছিকৈ হলে দেশৰ পৰা পুঁজিও পলাই যাব। দেশৰ, অর্থনীতিৰ অৱস্থা তেনেই কার্হিল হৈ পৰিব। তদুপৰি আমাতকৈ বহু বেছি শক্তিশালী স্বয়ং হিটলাৰেও ইহুদীক মাৰি কাটি শেষ কৰিব নোৱাৰিলে; তাৰ তুলনাত আমি কোন কুটা? কনচেনট্রেচন কেম্পতো যে হতচিৰি মুছলমানহঁতে জনসংখ্যা বৃদ্ধি নকৰিব, তাৰ কি নিশ্চয়তা আছে? বেছিকৈ অত্যাচাৰ কৰিলে আকৌ ইহুদীৰ দৰে বিশ্বত মুছলমানৰ বাবেও যদি সহানুভুতি সৃষ্টি হয়? নাই নাই, এইটো পদ্ধতি বৰ কামৰ নহব।

২) মুছলমানৰ বহুবিবাহ বন্ধ কৰাঃ এইবুলি দাবী কৰি আমি হিন্দু ৰাইজৰ ভোট দুটামান বেছিকৈ হয়তো পাম; কিন্তু সত্যটো হৈছে যে খুউব কম সংখ্যক মুছলমানেহে বহুবিবাহ কৰিব পাৰিছে। চবেই বহুবিবাহ কৰিবলৈ ছোৱালী কত? প্রতি ১০০০ মুছলমান পুৰুষৰ বিপৰীতে দেখোন ৯০০+ মানহে ছোৱালী আছে? জনগণনাৰ ৰিপর্টবোৰ চাওঁক। পিছে বেছি হুলস্থুল কৰি ৰাইজক এই কথাটো জানিবলৈ নিদিব! নহলে মুছলমানহঁতক স্ত্রী-বিৰোধী বুলি হকে বিহকে সমালোচনা কৰাৰ সুবর্ণ সুযোগটো নাইকীয়া হৈ যাব দেখোঁন!

৩) হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰাঃ হয়, “কুকুৰে আমাক কামুৰিলে আমিও কুকুৰটোক ওলোটাই কামুৰিব লাগে” বুলি জ্ঞানী লোকে কৈ গৈছে। আনে ৰসাতলে গলে আমিও ৰসাতলে যাব লাগে – নহয় জানো? হিটলাৰেও কৈ গৈছে – “আর্য জার্মান মহিলাৰ পবিত্র কর্তব্য যে বেছিকৈ সন্তান জন্ম দি জার্মান জাতিটোক শক্তিশালী কৰক”। যিহেতু সন্তান, ঘৰ সংসাৰ – এইবোৰেইতো হৈছে মহিলাৰ মূল কাম; নহয় জানো? পিছে “মহিলাৰ গর্ভৰ ওপৰত মহিলাৰ অধিকাৰ সাব্যস্ত কৰক” বুলি হুলস্থূল লগাই থকা ফেমিনিষ্ট এসোঁপা আছে। সিহঁতক ভালকৈ পিটন এটা দিব পাৰিলেহে এইফেৰা কাম কৰিব পৰা যাব।

৪) মুছলমানকে আদি কৰি সকলো সম্প্রদায়ৰ বাবে আধুনিক শিক্ষা, সংস্থাপন আদিৰ সৃষ্টি কৰা। মাদ্রাছায়েই যাতে শিক্ষাৰ একমাত্র উপায় হৈ নপৰে – তাৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত, পিছপৰা অঞ্চলত আধুনিক শিক্ষানুষ্ঠান গঢ়ি তোলা। তেওঁলোকক আধুনিক সংস্থাপন দিব পৰাকৈ ট্রেইনিং ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা। বিভিন্ন স্কলাৰশ্বিপ, জলপানী আদিৰ ব্যৱস্থা কৰা। মৌলবাদী শক্তিসমূহক প্রতিহত কৰিব পৰাকৈ প্রগতিশীল শিক্ষিত মুছলমান অংশ এটাৰ উত্থানৰ ক্ষেত্রত সহায় কৰা। এইজাতীয় সমস্ত বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰা চাচাৰ কমিটিৰ ৰিপর্ট বাস্তবায়িত কৰা।

পিছে ৰব ৰব। আপুনি দেখোঁন আমাৰ শত্রুহঁতৰ পক্ষহে লৈছে। আপুনি দেখোন মুছলমান তুষ্টিকৰণৰ নীতি লৈছে! যাওঁক, পলাওঁক ইয়াৰ পৰা! পাকিস্তানলৈ যাওঁক। চাল্লা হিন্দু বিৰোধী চেকুলাৰ-কমিউনিষ্ট,ফেমিনিষ্ট কৰবাৰ! আপোনাৰ বাবেই দেশখনৰ এই অৱস্থা হল। মুছলমানেই দেশখন খালে। দেখা নাই, কেনেকৈ সিহঁতৰ জনসংখ্যা বৃদ্ধি হৈছে? সিহঁতক ৰখোৱাৰ কিবা উপায় ভাবক। তেতিয়াহে গম পাম, আপুনি কিমান দেশপ্রেমিক।

(But…well…কিন্তু...পৰন্তু...এতিয়ালৈকেতো মই সমাধানৰ কথাই কৈ আছিলোঁ? কি কৰিছে, হয়নে? তৰোৱালখন, ত্রিশূলপাত লৈ কিয় খেদি আহিছে? আহ আহঃ মই সৰিয়হফুল দেখিছোঁ! আহঃ হে কৃষ্ণ, হে পাকিস্তান, সহায় কৰা!)

জয় হিন্দু, জয় হিন্দ, জয় ভাৰত!

Tuesday, September 23, 2014

‘মন্দ্রাগন সমবায় নিগম’: বিকাশৰ বৈকল্পিক মডেল?

ময়ূৰ চেতিয়া
                                               (১)
স্পেইন দেশৰ এটি অনগ্রসৰ অঞ্চলঃ  বস্ক প্রদেশ ৰাজনৈতিক আৰু আর্থিক দৃষ্টিৰে ঠিক যেন আমাৰ অসমৰ দৰেই১৯৪৩ চনঃ স্পেইনত তেতিয়া মিলিটেৰী শাসক ফ্রাংকোৰ দপদপনি চলি আছে। আনফালে স্পেইনৰ পৰা স্বাধীনতা বিচাৰি বস্ক অঞ্চলৰ “বিচ্ছিন্নতাবাদী”সকলেও সশস্ত্র জাতীয়-মুক্তি সংগ্রামৰ প্রস্তুতি চলাইছে। এনে এক সময়তে  খ্রীষ্টান পাদুৰী ড’ন জ’ছ মাৰিয়া আৰিজমেন্দিয়াৰিয়েটা  বস্ক  প্রদেশৰ মন্দ্রাগন চহৰলৈ আহিল। চহৰখনৰ অনগ্রসৰতাই পাদুৰীজনক দকৈ চুই গল। তেওঁ দেখিলে যে চহৰৰ এজনো শ্রমিক সন্তানে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই। সেয়েহে এই উদ্দেশ্যেৰে তেওঁ এখন বিদ্যালয় স্থাপন কৰিলে। পিছে ড’ন জোছ তাতেই ক্ষান্ত নাথাকিল। সাধাৰণ শিক্ষাৰ লগতে তেওঁ বিদ্যালয়খনত কাৰিকৰী শিক্ষাও প্রদান কৰা আৰম্ভ কৰিলে। বিদ্যালয়ৰ প্রথম বেটছৰ ২০ জন ছাত্রৰ ভিতৰত ১১ জনেই এসময়ত পেছাদাৰী ইঞ্জিনিয়াৰ হলগৈ। ১৯৫৬ চনত পাদুৰী চাহাবৰ অনুৰোধক্রমে ইয়াৰে ৫ জন  ইঞ্জিনিয়াৰ আৰু আন ১৮ জন শ্রমিকে মিলি কেৰাছিন-কুকাৰ আৰু ষ্টভ নির্মাণ কৰা এটা সৰু সমবায় ফেক্টৰী স্থাপন কৰিলে।  ১৯৫৮ চনত মেছিন সামগ্রী নির্মাণ কৰা দ্বিতীয়টো সমবায় ফেক্টৰী স্থাপন কৰা হল। ১৯৫৯ চনত পুণৰ ড’ন জ’ছৰ উদ্যোগতেই এটা সমবায় বেংক স্থাপন কৰা হল।  ই এক নির্ণায়ক সিদ্ধান্ত আছিলঃ বেংকটোৱে ক্রমান্বয়ে আন আন সমবায় নির্মাণ কৰিবলৈ প্রয়োজনীয় মূলধন আৰু  কাৰিকৰী বিশেষজ্ঞতা প্রদান কৰিবলৈ ধৰিলে।