কিছুদিন আগেয়ে মুদ্রাবাদ(monetarism)ৰ সমস্যা সম্পর্কে ইয়াতে এটা নোট লিখিছিলোঁ। http://oxantoprohor.blogspot.in/2015/05/blog-post.html
সেই প্রসংগতে এই লেখনীটো পঢ়ি চাব পাৰে।
আধুনিক পুঁজিবাদী অর্থনীতি একোখনৰ মূল সমস্যা হৈছে – বিনিয়োগৰ সমস্যা। অর্থাৎ পুঁজিপতিয়ে যদি পণ্য তথা সেৱা উৎপাদনৰ কামত পুঁজি বিনিয়োগ নকৰি টকাৰ পাহাৰৰ ওপৰত বহি থাকে, বা অনুৎপাদনশীল বিত্তীয় সঁজুলিসমূহতেই পুঁজি বিনিয়োগ কৰি কৃত্রিম বেলুন ফুলাই থাকে (য’ত লাভৰ হাৰ বেছি কিন্তু যি বাস্তব অর্থনীতিখনক কোনোপধ্যেই সহায় নকৰে), তেতিয়া দেশৰ চৰকাৰসমূহো নিঃসহায় হৈ পৰে। উৎপাদনশীল কার্যকলাপ নোহোৱাৰ ফলত নিয়োগ কমি আহে, ৰাইজৰ ক্রয় ক্ষমতাও কমি আহে, ফলত পণ্য/সেৱাৰ ক্রয়ো কমি আহে। অর্থনীতিখন স্থবিৰ হৈ পৰে।
মুদ্রাবাদৰ মতে চৰকাৰে ক্রেডিট লাইন খুলি, কর্পৰেটৰ ওপৰত থকা কৰ হ্রাস কৰি, বা শ্রম আইনসমূহ ঢিলা কৰি দিলেই হ’বঃ পুঁজিয়ে নিজেই আহি বিনিয়োগ কৰিব।
পিছে কার্যক্ষেত্রত বিশ্বৰ সমস্ত উন্নত দেশসমূহতেই বিনিয়োগৰ এই সমস্যাটোৱে দেখা দিছে। মুদ্রাবাদৰ পৰামর্শসমূহ আজি অচল হৈ পৰিছে। হেজাৰ কাবৌ কৰকঃ পুঁজিয়ে দেখোন উৎপাদনশীল কার্যত বিনিয়োগ নকৰেহে নকৰে!! ইউৰোপ, জাপান, কোৰিয়া -সকলোতে একে অবস্থা।
জৱাহৰলাল নেহৰু অধীন ভাৰতৰ ৩ শতাংশ বার্ষিক বিকাশ হাৰক এসময়ত বহুতেই ‘হিন্দু গ্রথ ৰেট’ বুলি ইতিকিং কৰিছিল। এতিয়া পিছে বপুৰা সকলো উন্নত দেশতেই তিনি শতাংশলৈ অধিক বিকাশ হাৰ নোহোৱা অৱস্থা!
চোভিয়েট ইউনিয়ন বাৰু বিফলেই হলঃ তেনে এটা মডেল আজি সম্ভৱপৰো নহয়, বাঞ্চনীয়ও নহয়। কিন্তু সাম্প্রতিক নব্য-উদাৰবাদী পুঁজিবাদৰ নিজৰে আজি কি অৱস্থা? নব্য-উদাৰবাদ, মুদ্রাবাদৰ গোড়ামিক আজি সফল মডেল বুলি কব পৰা যাবনে? ইয়াৰ কোনো বিকল্প কেনেধৰণৰ হব পাৰে??