Showing posts with label এজন অনুশোচনাহীন কমিউনিষ্টৰ স্বীকাৰোক্তি. Show all posts
Showing posts with label এজন অনুশোচনাহীন কমিউনিষ্টৰ স্বীকাৰোক্তি. Show all posts

Monday, June 29, 2015

এজন অনুশোচনাহীন কমিউনিষ্টৰ স্বীকাৰোক্তি (চিৰিজ নং ১)


ময়ূ চেতিয়া
............
১৯৪৯ চনত এখন কিতাপ প্রকাশিত হৈছিলঃ ‘দা গড দেট ফেইল্ড’কিতাপখন লিখিছিল কেইজনমান প্রাক্তন কমিউনিষ্টে। এসময়ত কমিউনিজমৰ প্রতি আকর্ষিত হৈ পাছলৈ তেওঁলোক চোভিয়েট চৰকাৰৰ অপৰাধসমূহ দেখি শিঁহৰিত হৈ পৰিছিল। শেহান্তৰত তেওঁলোক হৈ পৰিছিল ‘প্রাক্তন কমিউনিষ্ট’।

কিতাপখনৰ সমালোচনা কৰি এডৱার্ড চাইডে ঠিকেই লিখিছিলঃ ‘বাট হোৱাই ডিড ইউ বিলিভ ইন এ গড, টু বিগিন ৱিথ?’ কমিউনিজমক যদি ভগবান বুলি গণ্য কৰা হয়, তেনেহলে তাৰ প্রতি এসময়ত মোহভংগ হোৱাটোও কোনো আচৰিত কথা নহয়

এনে প্রাক্তন মার্ক্সবাদীৰ প্রতি মোৰ বিন্দুমাত্রও সহানুভূতি নাই। ঠিক তেনেকৈয়ে মার্ক্সবাদক এতিয়াও ভগবানৰ বাণী বুলি গণ্য কৰা লোকসকলৰ প্রতিও মোৰ কোনো সহানুভূতি নাই।  আচলতে এনে সকলো ব্যক্তিয়েই হৈছে মার্ক্সবাদৰ শত্রু।