Showing posts with label ৰস ৰছনা. Show all posts
Showing posts with label ৰস ৰছনা. Show all posts

Wednesday, June 11, 2014

বাতৰিঃ ২০৪০ চনৰ অসমঃ অলপ ধেমালি, অলপ বিশ্লেষণ

ময়ূৰ চেতিয়া

-ম্যানমাৰ-চীন সীমান্তৰ কোনো গোপন স্থানত ৰহস্যজনিত কাৰণত সংযুক্ত মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্য হৈছে। সমুবাৰ মুখপাত্রই বার্ধক্যজনিত কাৰণত মৃত্য হোৱা বুলি কলেও এই ক্ষেত্রত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাত আছে বুলি কোনো কোনো মহলৰ দাবী। শেহতীয়াকৈ কেইবাজনো জ্যেষ্ঠ নেতাৰ মৃত্যয়ে সংগঠনৰ অপূৰণীয় ক্ষতি কৰা বুলি স্বীকাৰ কৰিও অন্তিম সময় পর্যন্ত সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ ঘোষণা সমুবাৰ মুখপাত্র কনচেং ফুকনৰ।