Showing posts with label পিতৃতন্ত্রৰ সহস্র ৰূপ. Show all posts
Showing posts with label পিতৃতন্ত্রৰ সহস্র ৰূপ. Show all posts

Tuesday, March 10, 2015

ইণ্ডিয়াজ ডটাৰ এট ডিমাপুৰ

ইণ্ডিয়াজ ডটাৰ তথ্যচিত্রখন চালো। তথ্যচিত্রখনৰ কেইবাটাও গুৰুতৰ সমস্যা আছে। পিছে সেই বিষয়ে আন কেতিয়াবা। সদ্যহতে মই ভাবোঁ যে বিভিন্ন সীমাৱদ্ধতা স্বত্তেও তথ্যচিত্রখনে পিতৃতান্ত্রিক মানসিকতা আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা কেতবোৰ আন্তঃসম্পর্ক অতি সুন্দৰকৈ দর্শাইছে। কোনো মানুহেই জন্মতে ধর্ষণকাৰী হৈ জন্ম নলয়। পিতৃতান্ত্রিক সমাজৰ হিংসামূলক পৰিবেশ, নাৰীৰ প্রতি থকা বৈষম্যমূলক আচৰণ আদিয়েই ধর্ষণকাৰী একোজনক জন্ম দিয়ে। সৰুতে ভণ্টিজনীৰ ওপৰত কৰা দাদাগিৰি, ৰাস্তাত মাৰ-পিট কৰি ‘পুৰুষ’ হবলৈ কৰা চেষ্টা, সংস্কৃতি ৰক্ষাৰ দোহাই, মৰেল পুলিচিং, ছোৱালীজনীৰ শৰীৰটোৰ ওপৰতেই সমস্ত সংস্কৃতিৰ ভাৰ জাপি দিবলৈ কৰা চেষ্টা (‘ইছ ৰাম, ছোৱালীজনীয়ে চিগাৰেট খাইছে’, ‘ইছ ৰাম, তাইৰ ড্রেছটো কি দেখিবা’, ‘ইছ ৰাম এইজনীয়ে দেখোন বাইক চলাইছে’, ‘ইছ ৰাম ইহঁতহালে দেখোন পার্কতে চুমা খাইছে’...আৰু কতনা কি...)। এইবোৰেইতো হৈছে ধর্ষণ সংস্কৃতি জন্ম দিয়া উপাদান।

ডকুমেণ্টৰীখন এবাৰ চাওঁক। তাত অভিযুক্তৰ উকীলকেইজনে কেনেধৰণৰ নাৰীবিৰোধী কথা কৈছে চাওঁক। নিজৰ বুকুত হাত থৈ সোধকঃ তেনেধৰণৰ কথা আপুনি নিজেও কেতিয়াও কোৱা নাইনে? মনত আছেনে নিউজ লাইভে গুৱাহাটীৰ মাজপথত ছোৱালী এজনীৰ ওপৰত হোৱা অত্যাচাৰখিনি কেনেকৈ প্রচাৰিত কৰিছিল? সেই সময়ত ছোৱালীজনীকো দোষাৰোপ কৰা মানুহৰ অভাৱ নাছিল। মদ খোৱা দাংকাচি ছোৱালী! দুজনমানেতো ঘোষণাই কৰিছিলঃ “ৰাস্তাত কল এআষি আপুনি লৈ গৈ আছে। আপোনাৰ ভুলৰ বাবে কল এটা পৰি গল। কোনোবা চুৰে আহি খালে। সেয়া আপোনাৰ নে চুৰৰ ভুল?” অর্থাৎ জীৱন্ত মানুহ এগৰাকী আপোনাৰ চকুত এটা কলৰ দৰে। Very Good. Full marks for you। কৈয়েই দিলে আপুনি যে মহিলাৰ শৰীৰটো ভোগৰ এক সামগ্রী মাত্র।

তাৰ কিছু বছৰ পূর্বলৈ আহক। দিল্লীৰ ধলা কুঁৱাত এজনী উত্তৰ পুৱৰ ছোৱালীৰ বলাৎকাৰ হলঃ মহান অসমীয়া দুজনমানে সমবেদনা প্রকাশ কৰিও কবলৈ নেৰিলেঃ “ৰাতি দুটা বজাত বইজ্জাতিয়ে ৰাজপথত কি কৰি আছিল?” এইবোৰ কথা শুনিলে চিঞৰি দিবলৈ মন যায়ঃ “আব্বে, তাই যলৈকে যায়, সেইটো সুধিবলৈ তই কোন?” এইখন স্বাধীন দেশ নহয় নেকি? মহিলাই যলৈকে যাব, তেওঁৰ ইচ্ছা। সকলো নাগৰিকক সুৰক্ষা দিয়াৰ কাম চৰকাৰৰ, সমাজৰ। নোৱাৰে যদি কৈ দিয়কঃ যে, আমি এতিয়াও ভাৰতৰ আধা জনগনৰ বাবে স্বাধীনতা আনিব পৰা নাই।

কিছু মাহ পূর্বে টি ভিত আন এটা ৰিপর্টঃ “অবৈধ সম্পর্ক” ৰখাৰ বাবে মহিলা আৰু তেওঁৰ পুৰুষ বন্ধুক গণপিটন। আবে কোনে কাৰ লগত সম্পর্ক কৰে, সেয়া লৈ টিভি চেনেলৰ কাম কি? আৰু কি বৈধ, কি অবৈধ সেয়া বিচাৰ কৰিবলৈ তঁহত কোন? ৰাইজকে বা মাৰ পিট কৰাৰ অধিকাৰ কোনে দিলে? নিজৰ মানুহজনীক সদায় মাৰপিট কৰা পুৰুষৰ বিৰুদ্ধেও ৰাইজ ইমান গৰম হৈ পৰিবনে? নাঃ সেয়া কেতিয়াও নহয়। সংস্কৃতি? নিপাতে যাওঁক এনে মৰেল পুলিচৰ সংস্কৃতি।

এনে ধৰণৰ মৰেল পুলিচিং, এনে ৰক্ষণশীল মানসিকতাই হৈছে ধর্ষণ-সংস্কৃতিৰ মূল। ধর্ষণ কৰা ব্যক্তি একোজন পিশাচ, ৰোগাক্রান্ত মানুহ নহয়। তেওঁ আপোনাৰ, মোৰ দৰেই এজন সাধাৰণ মানুহ। আপুনি, মই মাথো মহিলা বিৰোধী কমেণ্ট কৰিছোঁ, প্রেম কৰাৰ বাবে ভণ্টিজনীক পিটিছোঁ, পত্নীগৰাকীক দম দিছোঁ, দাইলত নিমখ নোহোৱাৰ বাবে ভাতৰ থালিখন মালৈ দলিয়াই দিছোঁ, পত্নীৰ কাপোৰ ধোৱা বন্ধুজনক ‘হেনপেক’ বুলি ঠাট্টা কৰিছোঁ... ৰেপিষ্টজন যেনিবা এখোজ আগুৱাই গল।

“ধর্ষণকাৰীক ফাঁচী দিয়ক”, “তাক গণধোলাই দিয়ক”, “তাৰ লিংগ কাটি দিয়ক” – এইবোৰ দাবী কৰা মানুহৰ কথা শুনিলে মূৰটো আৰু গৰম হৈ আহে। এনে দাবী সেইসকল লোকেই কৰিব পাৰে, যি কেতিয়াও পিতৃতন্ত্রৰ সমস্যা সম্পর্কে ভবা নাই, কেতিয়াও কোনো নাৰীবাদী কর্মকর্তাৰ কথা শ্রদ্ধাৰে শুনা নাই, যি নিজৰ ভিতৰতে সোমাই থকা পিতৃতান্ত্রিক মানসিকতাক কেতিয়াও প্রশ্ন কৰা নাই। আজি ইমান বছৰে ভাৰতীয় নাৰীবাদীসকলে ধর্ষণ সম্পর্কে কেম্পেইন চলাই আহিছে। ফটকৈ আপোনাৰ মন্তব্য দিয়াৰ আগেয়ে তেওঁলোকেনো এইবিষয়ে কি কিয়, সেই সম্পর্কে সোধাৰ, শুনাৰ ধৈর্য ৰাখক।

ধর্ষণকাৰীক পিশাচ বুলি কৈ আমি ভাল পাওঁ কিয়নো তেতিয়া আমি নিজকে নির্দোষী বুলি চার্টিফিকেট দিব পাৰোঁ। আমিতো ভালেই মানুহ; ধর্ষণকাৰীহঁতহে বেয়া। অর্থাৎ পিতৃতান্ত্রিক বৈষম্য আৰু ধর্ষণ সংস্কৃতিৰ মাজত থকা সম্পর্কটো আপুনি এনেকৈয়ে নাকচ কৰিলে। নেলী হত্যাকাণ্ডৰ বাবে কেৱল গুণ্ডা প্রবৃত্তিৰ মানুহক দোষাৰোপ কৰাৰ দৰে কথা।

ভাৰতৰ নাৰীবাদীসকলে দশক জুৰি ফাঁচীৰ বিৰোধিতা কৰি আহিছে। কিয়নো তেওঁলোকক প্রতিশোধ নালাগে; তেওঁলোকক লাগে ন্যায়। প্রতিশোধ এটা পিতৃতান্ত্রিক বস্তু। ফাঁচী হৈছে এক প্রকাৰৰ প্রতিশোধৰ নিচিনাই।  ফাঁচীৰ বিপৰীতে কম সময়ৰ ভিতৰত ন্যায় লাভ কৰাটোহে তেওঁলোকৰ উদ্দেশ্য। ভাৰতৰ সময়-বহুল আইনী প্রক্রিয়াটোৰ বাবেহে বেছিভাগ মহিলাই অভিযোগ দিবলৈ সাহস কৰিব নোৱাৰে। সেয়েহে অসমৰ কু-পুত্র, মগজুহীন অর্ণৱ গোস্বামীয়ে যিমানেই নিচিঞৰক লাগে, ফাঁচী দিলেই সমস্যাৰ সমাধান নহয়। প্রেকটিকেলি চাবলৈ গলেও দেখা যায় যে ধর্ষণকাৰীক ফাঁচী দিয়াৰ ৰায় দিলে পাছলৈ কোনো ধর্ষণকাৰীয়েই মহিলাগৰাকীক জীৱন্তে এৰি নিদিব। ঠিক তেনেকৈয়ে নাৰীবাদীসকলে ‘ৰাস্তাৰ ন্যায়’ৰো বিৰোধিতা কৰে। কিয়নো ই পিতৃতান্ত্রিক আক্রামক উত্তেজনাহে বৃদ্ধি কৰে। সমস্যাটো সম্পর্কে সকলোৱেই আত্মপৰীক্ষণ কৰাৰ অৱকাশ ই নিদিয়ে। মই ডাঠি কব পাৰোঁ যে যিসকল ব্যক্তি ডিমাপুৰৰ ৰাজহুৱা হত্যাকাণ্ডটোৰ সতে জড়িত আছিল, তেওঁলোক সকলোৱেই ঘৰলৈ ঘূৰি আহি নিজৰ মাক, বায়েক, ভনীয়েক, বান্ধৱীৰ ওপৰত মৰেল পুলিচিং চলাব। কব- "খবৰদাৰ! মিয়া মতাৰ লগত বন্ধুত্ব নকৰিবি। নহলে পিঠিৰ চাল চিঙিম।" তেওঁলোকে সমস্যাটো সমাধান কৰা নাই; বৰং তেওঁলোকে তাত অৰিহণাহে যোগালে। 


ডিমাপুৰৰ কথাটোলৈ আহোঁ। এনে এটা ঘটনা আচলতে অসমতো ঘটিব পাৰিলেহেঁতেন। “আমাৰ তিৰোতাৰ” ওপৰত হোৱা অত্যাচাৰৰ বাবে “আন সম্প্রদায়ৰ” ওপৰত দোষ দিয়াটো সহজ। “আমাৰ তিৰোতা” শব্দটোলৈ মন কৰকঃ আমাৰ, অর্থাৎ আমাৰ সম্প্রদায়টোৰ সম্পত্তি। “আনে চুলেই সেয়েহে তাৰ হাত কাটি দিম। আব্বে মোৰ মাল বে, তই চুব নোৱাৰ।” অৱশ্যে মোৰ মালক মই নিজে মাৰধৰ কৰো, মৰম কৰোঁ, যিয়েই কৰোঁ – সেয়া মোৰ কথা। সেয়েহে একেখন জেলতে থকা স্বত্তেও শ্বৰিফৰ সহযোগী নাগা অভিযুক্তজনক মাৰি পেলোৱা নহ’ল। শ্বৰিফ যিহেতু আন সম্প্রদায়ৰ, যিহেতু সি “আমাৰ মালৰ/মাইকী”ৰ ওপৰত চকু দিছে, সেয়েহে তাক শাস্তি দিবই লাগিব। অৱশ্যে কোনোবা নগা মতাই নগা মাইকীক হাৰাহাস্তি কৰি থাকক। তাত আমাৰ কব লগীয়া নাই। এয়া চৰম নাৰীবিৰোধী পিতৃতান্ত্রিক মানসিকতা নহৈ আৰু কি?

অৱশ্যে ঘটনাৰ বিৰোধিতা কৰিবলৈ গৈ একাংশই শ্বৰিফ বোলা ব্যক্তিজনক নির্দোষী সজোৱাতো লাগিছে। সেয়াও এক প্রকাৰৰ পিতৃতান্ত্রিক মানসিকতা। কোৱা হৈছেঃ ছোৱালীজনী বোলে যৌন-কর্মী (অশুদ্ধ ভাষাত “বেশ্যা”) আছিল! আবে, যৌন-কর্মীৰ কি ধর্ষণ হব নোৱাৰে নেকি? কি মানসিকতাহে আপোনাৰ? আৰু ঘটনাটো সঁচা আছিল নে মিছা আছিল, সেয়া এতিয়া আদালতে নির্ণয় কৰিব। এনেও আমাৰ দেশত ধর্ষণৰ অভিযোগ দিবলৈ সাহস কৰা মহিলাক সন্দেহৰ চকুৰে চোৱা মানুহৰ সংখ্যাই সৰহ। তেনে স্থলত ভুক্তভোগী মহিলাগৰাকীৰ চৰিত্র লৈ প্রশ্ন কৰাৰ অধিকাৰ আপোনাৰ নাই। অন্যথাই আপোনাৰ মানসিকতাও শ্বৰিফৰ হত্যাকাৰীৰ দৰেই বুলি কবলৈ বাধ্য হম। শ্বৰীফ হত্যাৰ বিচাৰ নিশ্চয় হোৱা উচিত। কিয়নো তেওঁ দোষীয়েই আছিল বা নির্দোষীয়েই আছিল, এনেকৈ তেওঁক হত্যা কৰাৰ অধিকাৰ ৰাইজক কোনেও দিয়া নাছিল। ঠিক তেনেকৈয়ে এতিয়া মহিলা গৰাকীৰ চৰিত্রকো সন্দেহ কৰি উৎপাত কৰাৰ অধিকাৰ আপোনাৰ নাই।

Wednesday, June 11, 2014

নাৰীৰ বিশেষত্ব

জনৈক বন্ধুৰ ফেচবুক পষ্ট

নাৰীৰ বিশেষত্ব
----------------
পতী আৰু পত্নীয়ে বহি টি.ভি. চাই আছিল | এঘন্টামানৰ পাছত পত্নীয়ে ক’লে, “মোৰ বৰ ভাগৰ লাগিছে | মই শুব যাওঁ | অফিচো আছে |”
পত্নীয়ে পাকঘৰ গৈ আটা আৰু পানীৰ মিশ্ৰণ তৈয়াৰ কৰি ফ্ৰীজত ৰাখিলে যাতে ৰাতিপুৱাৰ আহাৰৰ বাবে ৰুটি তৈয়াৰ কৰাৰ দেৰি নহয় | তাৰপাছত ফ্ৰীজৰ পৰা শাক-পাচলি উলিয়াই এটা চৰিয়াত থ’লে ৰাতিপুৱাৰ কাৰণে | টেমাত থকা দাইলৰ পৰিমাণ কিমান আছে চোৱাৰ পাছত চেনীৰ টেমাত চেনী ভৰালে |
সেইবিলাক হোৱাৰ পাছত পত্নীয়ে এযোৰ চাৰ্ট-পেন্ট ইস্ত্ৰী কৰি যথাস্থানত থ’লে যাতে পতিয়ে ৰাতিপুৱা সেইযোৰ পিন্ধিবলৈ আকৌ বিচাৰি নুফুৰে | তাৰপাছত ড্ৰয়িং ৰুমত আহি টেবুলৰ ওপৰত পৰি থকা নানা ধৰণৰ খেলা-বস্তুবোৰ সামৰাত লাগিল | সেইয়া হোৱাৰ পাছত দুয়োৰে ম’বাইল ফোন চাৰ্জত দিলে আৰু টেবুলৰ ওপৰত জৰুৰী কামত উলিয়াই থোৱা ফোন নম্বৰ থকা ডায়েৰী খন যথাস্থানত থ’লে |
তাৰপাছতে ঘৰৰ ডাষ্টবিনত অলপ আৱৰ্জনা পেলালে আৰু ডাষ্টবিনৰ আৱৰ্জনাখিনি এটা পলিঠিনত বান্ধি থৈ দিলে যাতে ৰাতিপুৱা অফিচ যাওঁতে ৰাস্তাৰ কাষত আৱৰ্জনা পেলোৱা ঠাইত পেলাই যাব পাৰে | সেইয়া হোৱাৰ পাছত চকীত পৰি থকা এখন তিতা টাৱেল শুকাবলৈ বেলকনীৰ ৰচীত মেলি দিলে |
পত্নীয়ে হামিয়াই শোৱা কোঠাৰ ফালে আগবাঢ়িল | হঠাতে কিবা এটা মনত পৰাত টেবুলত বহি অফিচৰ পৰা আহোঁতে কিনি অনা জন্মদিনৰ গ্ৰিটিংছ কাৰ্ডখন উলিয়াই তাত জন্মদিনৰ শুভেচ্ছা জনাই কিবা লিখিলে | তাৰ পাছত এনভলপ এটাত কাৰ্ডখন ভৰাই বাথৰুমৰ পিনে আগবাঢ়িল | বাথৰুমত মুখ-হাত ধুই আহি আকৌ টি.ভি. চাই থকা পতিৰ ওচৰলৈ আহিল | পতিয়ে প্ৰশ্ন কৰিলে, “তুমি শুব গৈছিলা নহয় | টোপনি নাই ধৰা নেকি ?”
-“শুবলৈকে গৈ আছো |”
তাৰপাছত দুৱাৰ-খিড়িকী সকলো বন্ধ আছে নে পৰীক্ষা কৰি পুতেক আৰু জীয়েকৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | দুয়োৰে লগত অলপ সময় কথা পাতি ছবছৰীয়া পুতেকক শুৱাবলৈ সাধু ক’ব ধৰিলে |
তেনেতে পতিয়ে টি.ভি. বন্ধ কৰি পত্নীক “মই শুব যাওঁ” বুলি কৈ শুব গ’ল |
পুতেকক শুৱাই উঠি পত্নীয়ে নিজৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | ঘড়ীত এলাৰ্ম দি সদায় শোৱাৰ আগত কৰা নিৰ্দিষ্ট প্ৰাৰ্থনাটো মনৰ ভিতৰতে আওৰাই বিচনাত পৰি শুবলৈ চেষ্টা কৰিলে | পতিৰ ফালে চাই দেখে তেওঁ ইতিমধ্যে টোপনিত লালকাল |
........................
আমাৰ মন্তব্য
ভাল লাগিল। পিছে ...মতা-মাইকী দুয়োজনেই অফিচলৈ যায়। অথচ ঘৰুৱা কামখিনি কৰিব লাগে কেৱল মানুহজনীয়েই। এইক্ষেত্রত মানুহজনীক “নাৰী তুমি অনন্যা” আদি আপাত বিশেষণেৰে বিভূষিত কৰাতকৈ কামখিনি মতা-মাইকী দুয়োজনে সমানে ভগাই ললেই মানুহজনীয়েও অলপ ৰক্ষা পালেহেঁতেন কিজানি। ঘৰৰ কামখিনি অকল মানুহজনীয়েই কৰিব বুলিতো প্রকৃতিয়ে ঠিক কৰি দিয়া নাই? এসময়ত কৃষ্ণাংগ সকলকো আন আন মানৱ জাতিতকৈ অধিক শক্তিশালী বুলি আমেৰিকান চেনীকলৰ শ্বেতাংগ মালিকসকলে প্রশংসা কৰিছিল। পিছে এই আপাত প্রশংসাৰ পিছফালে লুকাই আছিল এক দাসত্ব নির্ভৰ সমাজ (আংকল টম’ছ কেবিন?)।

ময়ূ চেতিয়া




বিয়া বনাম লিভ ইন টুগেদাৰঃ এটি ফেচবুক বিতর্কৰ আঁত ধৰি

যিকোনো এখন সভ্য সমাজত মানুহে বিয়া কৰিয়েই হওঁক বা লিভ ইন কৰিয়েই হওঁক – নিজ ইচ্ছাৰে বসবাস কৰাৰ স্বাধীনতা থাকিব লাগে। যেতিয়ালৈকে সংশ্লিষ্ট ব্যক্তি একোজনৰ মানৱ অধিকাৰ খর্ব কৰা নহয় (যেনে ধৰক পুৰুষজনে মহিলাগৰাকীক মাৰ পিট কৰিছে), তেতিয়ালৈকে সমাজে আনৰ ব্যক্তিগত বিষয়ত মূৰ নঘমোৱাই ভাল। লক্ষণীয় যে লিভ ইন কৰিলেই responsibilityৰ পৰা হাত সাৰিব নোৱাৰি। উদাহৰণস্বৰুপে আপুনি যদি দীর্ঘ দিন ধৰি মহিলা এগৰাকীৰ লগত লিভ ইন কৰি আছে, তেনেহলে সেই মহিলাগৰাকীৰ আইনী অধিকাৰ এগৰাকী পত্নীৰ দৰেই হব। লৰা-ছোৱালী হলে তেওঁলোকৰো দায়িত্ব পুৰুষজনে সমানে ল’ব লাগিব। এইক্ষেত্রত ভাৰতীয় আইন কানুনসমূহ মই জনাত যথেষ্ঠ স্পষ্ট। কেৱল ‘মজা লবলৈকে’ লিভ ইন টুগেদাৰ কৰা ধূৰন্ধৰসকলে কথাটো মন কৰা ভাল! তেওঁলোক সহজতে সাৰিব নোৱাৰে! মই এনে বহু লৰা লগ পাইছো যি বিয়াৰ আগতে লিভ ইন কৰে কিন্তু পাছত বিয়া পাতিবলৈ আন কোনো “সতী সাবিত্রী” ছোৱালী বিচাৰি ফুৰে। পিছলৈ আনকি নিজৰ পূর্বৰ প্রেমিকাৰ “চৰিত্র হৰণ” কৰিবলৈকো তেওঁলোকে কুণ্ঠাবোধ নকৰেঃ “সেইজনীৰ চৰিত্রটো তেনেকুৱাই আছিল” । লৰাবোৰৰ এইজাতীয় দুমুখীয়া মানসিকতাকো expose কৰাটো দৰকাৰ।


এটা সময় আছিল যেতিয়া প্রগতিশীল আন্দোলনসমূহে (যেনে ধৰক নাৰীবাদী আন্দোলন) লিভ ইন টুগেদাৰ মানেই বিয়াতকৈ অধিক গণতান্ত্রিক অনুষ্ঠান বুলি ভাবিছিল। পিছে পাছত দেখা গল – বিয়াৰ দৰেই লিভ ইন সম্পর্কসমূহতো নাৰী-পুৰষৰ অসমতা, নাৰী গৰাকীৰ ওপৰত দৈহিক-মানসিক নানান ধৰণৰ উৎপীড়ন চলি থাকিল। গতিকেই, লিভ ইন টুগেদাৰ সমর্থনযোগ্য যদিও ই লৈংগিক ন্যায়ৰ সংগ্রামখনিৰ ক্ষেত্রত panacea হব নোৱাৰে।


গতিকেই মূল প্রশ্নটো হৈছে – নাৰী পুৰুষৰ সমতা প্রতিষ্ঠা কৰা। মহিলাসকলক আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী কৰি তোলা। আজিৰ সময়ত বিবাহৰ অনুষ্ঠানটো মূলতঃ অসমতাৰ ওপৰত প্রতিষ্ঠিত। পুৰুষে টকা উপার্জন কৰিব, মহিলাগৰাকীয়ে ঘৰৰ কাম কৰিব। দেখাত ভালেই লাগে; পিছে ই মহিলা-পুৰুষৰ মাজত এক power relationৰ জন্ম দিয়ে। মহিলাগৰাকী পুৰুষজনৰ ওপৰত সম্পূর্ণ নির্ভৰ হৈ পৰে। এই gendered division of labour শেষ নকৰালৈকে নাৰী মুক্তি (লগতে পুৰুষৰো মুক্তি) সম্ভৱপৰ নহয়। অথাৎ মহিলাগৰাকী আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী হৈ উঠাৰ গত্যন্তৰ নাই।


প্রায়েই দেখা যায় যে বিবাহৰ অনুষ্ঠানটোৱে মহিলাৰ এই স্বাৱলম্বিতা বিকশিত হৈ উঠাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে। সৰুৰে পৰাই ছোৱালীবোৰক শিকোৱা হয় – “ধূনপেছ মাৰি নিজৰ দেহাটোৰ যত্ন লোৱা। তোমাৰ দেহাটো ধুনীয়া হলেহে সপোনৰ ৰাজকুমাৰ এজন পাবা!” অর্থাৎ ছোৱালীজনীৰ বৌদ্ধিক –মানসিক বিকাশৰ দিশটো প্রায়েই উলাই কৰা হয়। ঠিক তেনেকৈয়ে লৰাবোৰক শিকোৱা হয়ঃ “তুমি ডাঙৰ হৈ ভাল উপার্জন কৰিব লাগিব। তেহে ধুনীয়া ছোৱালী এজনীয়ে তোমাক বিয়া পাতিব!”


অর্থাৎ পিতৃতন্ত্র (patriarchy) বোলা বস্তুটোৱে পুৰুষ-মহিলা দুয়োকে ভিন ভিন ধৰণে গঢ়ি তোলে; দুয়োৰে বাবে প্রত্যাশাসমূহো ভিন ভিন কৰি তোলে। যেতিয়ালৈকে পিতৃতন্ত্রক প্রতিহত কৰি মহিলাসকলৰ স্বাৱলম্বিতা বিকশিত উজলাই তোলা নহয়, তেতিয়ালৈকে লিভ ইন টুগেদাৰেই হওঁক, বিয়াই হওঁক – কোনো ব্যৱস্থাই সমস্যাৰ সমাধান কৰিব নোৱাৰে। বিয়াতকৈ লিভ ইন হয়তো কিছুদূৰৈলৈ অধিক গণতান্ত্রিক; পিছে লিভ-ইন কৰাসকলে “আমি পিতৃতন্ত্রৰ জালৰ পৰা মুক্ত” বুলি নভবাই ভাল।


মন কৰা ভাল যে পিতৃতন্ত্রৰ ৰূপসমূহো দিনক দিনে সলনি হৈ আহিছে। আগৰ দিনত মহিলাসকলৰ শৰীৰটো অকণমান ওলাই পৰিলেই ৰাইজে ইছাট-বিছাট কৰিছিল। অর্থাৎ মহিলাৰ শৰীৰ, মহিলাৰ sexuality নিয়ন্ত্রন কৰাটোৱেই আছিল পিতৃতন্ত্রৰ মূল ৰূপ। পিছে আজিৰ কালত ছোৱালীজনীৰ figureটো বিশেষ আকাৰৰ নহলে, ছোৱালীজনী “বেহেনজী” বুলি ঠাট্টাৰ বলি হব লগা হয় ।আমেৰিকা ইউৰোপ আদি দেশত পিতৃতন্ত্রৰ এই ৰূপটোৰ প্রচলন অতিশয় বেছি। অর্থাৎ ৰূপ সলনি হৈছে, কিন্তু পিতৃতন্ত্রৰ সাৰমর্ম সলনি হোৱা নাই। The gendered expectations over the women’s body has not changed; although some of its forms might vary across time and space. মহিলাৰ শৰীৰটো লৈ সমাজৰ এই obsession – ই হৈছে সমস্যাৰ অন্যতম গুৰি। পুৰুষৰ শৰীৰটো বা সাজপাৰক লৈ এনে obsession কিন্তু কেতিয়াও দেখা নাযায়।

Tuesday, December 18, 2012

এজনী গাভৰু ছোৱালীৰ আত্মহত্যাৰ পাছত...

২৬ বছৰীয়া আদর্শবান ডেকা লৰা এজন। জীৱিকাৰ সন্ধানত তেওঁ অলপতে চহৰলৈ আহিছে। কৃষকৰ সন্তান লৰাজনৰ হৃদয়খন প্রায়েই জনগনৰ দুখ দুর্দশা দেখি চিন্তিত, ব্যাকুল হৈ উঠে। এনেতে তেওঁ শুনিলে, তেওঁৰ ওচৰ-চুবুৰীয়া ১৮ বছৰীয়া গাভৰু ছোৱালী এজনীয়ে আত্মহত্যা কৰিছে। খবৰ খাতি লৈ তেওঁ গম পালে – মাক দেউতাকে ছোৱালীজনীৰ ইচ্ছাৰ বিৰূদ্ধে তাইক কাৰোবালৈ বিয়া কৰাই দিব খুজিছিল। ল’ৰাজনে ভাবে– তেওঁকোতো কিছুদিনৰ আগতে মাক দেউতাকে অচিনাকী ছোৱালী এজনীৰ সৈতে বিয়া পাতি দিবলৈ বিচাৰিছিল! মানুহৰ ব্যক্তি স্বাধীনতা খর্ব কৰা arranged marriage দৰে সামন্তীয় চিন্তা চর্চা সমূহৰ বিৰুদ্ধে লৰাজনৰ মনটো ক্রমে বিদ্রোহী হৈ উঠে। আত্মহত্যা কৰা ছোৱালীজনীৰ সপক্ষে তেওঁ বাতৰি কাকতত পোন প্রথমবাৰৰ বাবে এটি লেখনী লিখে। তেওঁ যুক্তি দর্শাই যে আচলতে দোষ আত্মহত্যা কৰা ছোৱালীজনীৰ নহয়। বৰঞ্চ দোষ সমাজৰ পৰম্পৰাগত চিন্তা-চর্চাৰহে যি নাৰীক নূন্যতম স্বাধীনতা খিনিও দিব নিবিচাৰে।

Yesterday's [suicide] incident was important. It happened because of the shameful system of arranged marriages, because of the darkness of the social system, the negation of the individual will, and the absence of the freedom to choose one's own mate. It is to be hoped that interested persons will comment on all aspects of this affair, and that they will defend the honour of a girl who died a martyr's death for the cause of the freedom to choose her own love. ...


শেহত গৈ এই লৰাজনেই চীন বিপ্লৱৰ সর্বোচ্ছ নেতা – মাও চে তুং নামেৰে স্বীকৃত হয়। “নাৰী তুমি অর্ধআকাশ” এয়া মাও চে তুঙৰে বক্তব্য। (অর্ধ আকাশ এইবাবেই যে পুৰুষ আৰু নাৰী – দুয়ো মিলিহে সমগ্র আকাশখন অর্থাৎ মানৱ জগতখন পূর্ণ কৰিব পাৰে)। নাৰী মুক্তিৰ প্রশ্নটোৰ প্রতি আজীৱন মাওৱে বিশেষ গুৰুত্ব প্রদান কৰিছিল। চৈনিক সমাজৰ দুৰৱস্থা আৰু বিশেষকৈ নাৰীৰ দাসত্ব সম্পর্কে তেওঁ এনেদৰে লিখিছিল – 

A man in China is usually subjected to the domination of three systems of authority [political authority, family authority and religious authority].... As for women, in addition to being dominated by these three systems of authority, they are also dominated by the men (the authority of the husband). These four authorities - political, family, religious and masculine - are the embodiment of the whole feudal-patriarchal ideology and system, and are the four thick ropes binding the Chinese people.

নাৰীয়ে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি কাম কৰাৰ প্রতি মাওৱে বিশেষ গুৰুত্ব প্রদান কৰিছিল। 

In order to build a great socialist society it is of the utmost importance to arouse the broad masses of women to join in productive activity. Men and women must receive equal pay for equal work in production. Genuine equality between the sexes can only be realized in the process of the socialist transformation of society as a whole" 

মাওৰ এনে চিন্তা চর্চাৰ পৰিণতি হিচাপেই হয়তো আজিও তৃতীয় বিশ্বৰ আন আন দেশতকৈ চীনত নাৰীৰ অৱস্থান যথেষ্ঠ আগবঢ়া। সংযুক্ত ৰাষ্ট্রসংঘৰ তথ্য মতে 

In China, women made up 39% of the workforce, 39% of students in secondary education and over 20% of the parliament (higher than any other of the ten richest countries except for Germany which had 32%).


অৱশ্যে আজিৰ সময়ত পুঁজিবাদৰ আগমনে চীনতো নাৰী মুক্তি সংগ্রামখনিৰ বাবে যথেষ্ঠ বাধাৰ সৃষ্টি কৰিছে। মাও চে তুঙৰ চিন্তাধাৰাৰো বহুতো সীমাৱদ্ধতা আজি দেখা গৈছে। কিন্তু সেয়া অন্য এক অধ্যায়...