ময়ূৰ চেতিয়া
(১)
স্পেইন দেশৰ এটি অনগ্রসৰ অঞ্চলঃ বস্ক প্রদেশ। ৰাজনৈতিক আৰু আর্থিক দৃষ্টিৰে ঠিক যেন আমাৰ অসমৰ দৰেই। ১৯৪৩ চনঃ স্পেইনত তেতিয়া মিলিটেৰী শাসক ফ্রাংকোৰ দপদপনি চলি আছে। আনফালে
স্পেইনৰ পৰা স্বাধীনতা বিচাৰি বস্ক অঞ্চলৰ “বিচ্ছিন্নতাবাদী”সকলেও সশস্ত্র
জাতীয়-মুক্তি সংগ্রামৰ প্রস্তুতি চলাইছে। এনে এক সময়তে খ্রীষ্টান পাদুৰী ড’ন জ’ছ মাৰিয়া আৰিজমেন্দিয়াৰিয়েটা বস্ক প্রদেশৰ
মন্দ্রাগন চহৰলৈ আহিল। চহৰখনৰ অনগ্রসৰতাই পাদুৰীজনক দকৈ চুই গল। তেওঁ দেখিলে যে চহৰৰ
এজনো শ্রমিক সন্তানে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই। সেয়েহে এই উদ্দেশ্যেৰে তেওঁ
এখন বিদ্যালয় স্থাপন কৰিলে। পিছে ড’ন জোছ তাতেই ক্ষান্ত নাথাকিল। সাধাৰণ শিক্ষাৰ
লগতে তেওঁ বিদ্যালয়খনত কাৰিকৰী শিক্ষাও প্রদান কৰা আৰম্ভ কৰিলে। বিদ্যালয়ৰ প্রথম
বেটছৰ ২০ জন ছাত্রৰ ভিতৰত ১১ জনেই এসময়ত পেছাদাৰী ইঞ্জিনিয়াৰ হলগৈ। ১৯৫৬ চনত পাদুৰী
চাহাবৰ অনুৰোধক্রমে ইয়াৰে ৫ জন ইঞ্জিনিয়াৰ
আৰু আন ১৮ জন শ্রমিকে মিলি কেৰাছিন-কুকাৰ আৰু ষ্টভ নির্মাণ কৰা এটা সৰু সমবায়
ফেক্টৰী স্থাপন কৰিলে। ১৯৫৮ চনত মেছিন সামগ্রী
নির্মাণ কৰা দ্বিতীয়টো সমবায় ফেক্টৰী স্থাপন কৰা হল। ১৯৫৯ চনত পুণৰ ড’ন জ’ছৰ
উদ্যোগতেই এটা সমবায় বেংক স্থাপন কৰা হল।
ই এক নির্ণায়ক সিদ্ধান্ত আছিলঃ বেংকটোৱে ক্রমান্বয়ে আন
আন সমবায় নির্মাণ কৰিবলৈ প্রয়োজনীয় মূলধন আৰু
কাৰিকৰী বিশেষজ্ঞতা প্রদান কৰিবলৈ ধৰিলে।
ইতিমধ্যেই অস্তিত্বমান সমবায়সমূহকো নিজৰ কার্যক্ষেত্র বৃদ্ধি কৰিবলৈ বেংকটোৱে বিভিন্ন ধৰণৰ সাহার্য প্রদান কৰিলে। ই আনকি এটা ‘উদ্যোগী ডিভিজন (entrepreneurial division)’য়েই সৃষ্টি কৰি ললে যি নতুন উৎপাদন তথা সম্ভাব্য বজাৰ সম্পর্কে গৱেষণা কৰিব আৰু সিবিলাকৰ বাবে নতুন সমবায় স্থাপন কৰাত বিশেষ ভূমিকা লব।
ইতিমধ্যেই অস্তিত্বমান সমবায়সমূহকো নিজৰ কার্যক্ষেত্র বৃদ্ধি কৰিবলৈ বেংকটোৱে বিভিন্ন ধৰণৰ সাহার্য প্রদান কৰিলে। ই আনকি এটা ‘উদ্যোগী ডিভিজন (entrepreneurial division)’য়েই সৃষ্টি কৰি ললে যি নতুন উৎপাদন তথা সম্ভাব্য বজাৰ সম্পর্কে গৱেষণা কৰিব আৰু সিবিলাকৰ বাবে নতুন সমবায় স্থাপন কৰাত বিশেষ ভূমিকা লব।
এই মন্দ্রাগন সমবায় আন্দোলন কেৱল মন্দ্রাগন চহৰখনতেই আৱদ্ধ হৈ নাথাকিল। উদ্যোগৰ লগতেএইবাৰ আনুষঙ্গিক আন আন অনুষ্ঠানো সৃষ্টি কৰি লোৱা হলঃ এখন কাৰিকৰী বিশ্ববিদ্যালয়, কেইবাটাও গৱেষণা কেন্দ্র, সামাজিক সুৰক্ষাৰ বাবে এটি বিশেষ অনুষ্ঠান আৰু সিবিলাকৰ লগতে অসংখ্য উপভোক্তা আউটলেট(দোকান)ৰ এটি বিশাল নেটৱর্ক। আজি মন্দ্রাগন সমবায় নিগমৰ অধীনত এশটাতকৈও অধিক উদ্যোগ আছে। কেৱল ঔদ্যোগিক সমবায়ৰ সংখ্যাই হৈছে আশীতকৈও অধিক। সিবিলাকে বিভিন্ন সামগ্রী যেনে ঘৰুৱা সজুঁলি, কৃষিৰ যন্ত্রপাতি, অট’মবাইল সামগ্রী, মেছিন সামগ্রী, ঔদ্যোগিক ৰবট, জেনেৰেটৰ, থার্মপ্লাষ্টিক, কার্যালয়ৰ সামগ্রী, চিকিৎসা সজুঁলি আদি অজস্র পণ্য উৎপাদন কৰে। ১৯৯১ চনত (পাদুৰী চাহাবৰ মৃত্যুৰ ১৫ বছৰ পাছত) এই সমস্ত সমবায়সমূহ একেলগ কৰি মন্দ্রাগণ সমবায় নিগম (Mondragon Corporacion Cooperativa বা চমুকৈ MCC) গঠন কৰা হল।
উৎপাদন তথা নির্মাণ খণ্ডৰ
অজস্র সমবায়ৰ উপৰি আজি MCCৰ অধীনত থকা কেতবোৰ অনুষ্ঠান হৈছে এনেধৰণৰঃ এটা বেংক(কাজা লেবৰাল), দুটা গৱেষণা কেন্দ্র (ইকাৰলান
আৰু ইডেক’), এটি সামাজিক সুৰক্ষা সেৱা অনুষ্ঠান (লাগুণ আৰ’), ৰিটেইল দোকানৰ এটা বিশাল নেটৱর্ক(ইৰস্কি) তথা কেইবাখনো শিক্ষা অনুষ্ঠান (ইউনিভার্চিটি অৱ মন্দ্রাগন, ইস্কুলা পলিটেকনিকা, ইটিএঅ’ আদি)।
![]() |
মন্দ্রাগনৰ শ্লোগানঃ Humanity at Work! |
(২)
মন্দ্রাগন
সমবায়ৰ কার্যপদ্ধতি আৰু দর্শন
এই সমস্ত কার্য কোনো পুঁজিপতি বা
উদ্যোগপতিৰ ভূমিকা অবিহনেই সম্ভৱপৰ হৈছে। অথচ মন্দ্রাগন সমবায়ৰ আকাৰ
তথা কার্যকুশলতা আন কোনো পুঁজিপতি নিয়ন্ত্রিত কর্পৰেছনতকৈ কোনো গুণেই কম নহয়। MCC
সম্পূর্ণভাৱে শ্রমিক নিয়ন্ত্রিত; শ্রমিকসকলেই হৈছে ইয়াৰ সমূহীয়া মালিক।
প্রতিবছৰে MCCৰ অধীনত থকা প্রতিখন সমবায়ত সাধাৰণ সভা
(general assembly) অনুষ্ঠিত কৰা হয় যত সমবায়ৰ সকলো শ্রমিকেই অংশগ্রহণ কৰে। এই সাধাৰণ সভাতেই সমবায়খনৰ বর্ড অৱ ডাইৰেক্টৰ
নির্বাচিত হয় যি সমবায়ৰ মেনেজমেণ্ট নিযুক্ত কৰে আৰু MCCৰ কংগ্রেছলৈ প্রতিনিধি চয়ন কৰে [অর্থাৎ সাধাৰণতে মেনেজমেণ্টে শ্রমিক নিযুক্ত কৰাৰ
বিপৰীতে শ্রমিকেহে মেনেজমেণ্ট নিযুক্ত কৰে!!]। এনেদৰে প্রতিখন সমবায়ৰ পৰা প্রতিনিধি চয়ন হোৱাৰ পাছত MCCৰ কংগ্রেছ অনুষ্ঠিত হয় যত প্রায় ৩৫০ জন মান প্রতিনিধিয়ে অংশগ্রহণ কৰে। এই কংগ্রেছতেই অনাগত বছৰটোৰ বাবে আঁচনি(plan) গঠন কৰা হয়। সকলো সমবায়েই এই আঁচনি অনুসৰি কাম কৰি
যাবলৈ প্রতিজ্ঞাবদ্ধ। যিকোনো সমবায়েই ইচ্ছা কৰিলে MCCৰ সদস্যপদ ত্যাগ কৰিব পাৰে; কিন্তু আজিলৈকে কোনো সমবায়েই সদস্যপদ ত্যাগ কৰা নাই।
পুঁজিপতি নিয়ন্ত্রিত কর্পৰেছনসমূহৰ
বিপৰীতে MCCৰ অধীনত থকা কোম্পানীসমূহে
অৱশ্যে কেতবোৰ বিশেষ নিয়ম পালন কৰিব লাগে। যেনে – কিছুদূৰৈলৈ
বেতন কম-বেছি হব পাৰে যদিও সিবিলাকৰ উচ্চ-তথা নিম্নসীমা নির্ধাৰণ কৰি থোৱা হৈছে। পুঁজিপতি
নিয়ন্ত্রিত কর্পৰেছন একোটাত CEO এজনৰ দৰমহা সাধাৰণ কর্মচাৰী এজনতকৈ ৪০০ গুণ অধিক হব পাৰে। কিন্তু MCCৰ অধীনৰ সমবায়সমূহত ৬
গুণতকৈ দৰমহা কোনেও লাভ কৰিব নোৱাৰে। তদুপৰি লাভাংশৰ
কিমান শতাংশ বিনিয়োগৰ বাবে প্রয়োগ কৰা হব তথা কিমান অংশ ওচৰ-চুবুৰীয়া ৰাইজ বা অঞ্চলটোৰ উন্নয়ণৰ
বাবে চান কাঢ়ি ৰখা হব – আদি দিশসমূহো MCC কংগ্রেছে বহুদূৰৈলৈ নির্ধাৰণ কৰি দিয়ে।
![]() |
আলোচনাত মগ্ন মন্দ্রাগণৰ শ্রমিক |
মন্দ্রাগণৰ সীমাৱদ্ধতা আৰু সম্ভাৱনীয়তা
কর্পৰেট খণ্ডৰ পদলেহনকাৰী বুদ্ধিজীৱিহঁতে পুঁজিপতিহঁত সমাজৰ বাবে কিমান উপকাৰী – এই কথা দোহাৰিবলৈ কেতিয়াও নাপাহৰে। অথচ মন্দ্রাগনৰ উদাহৰণে আমাক স্পষ্টকৈ দর্শাইছে যে
আধুনিক কর্মক্ষম অর্থনীতি এখন নির্মাণ কৰিবলৈ পুঁজিপতিৰ কোনো প্রয়োজনেই নাই। অৱশ্যে বিশেষজ্ঞৰ
নিশ্চয়েই প্রয়োজন আছে, যিদৰে প্রয়োজন আছে গৱেষণা আৰু বিকাশৰ(R&D)। কিন্তু এনে বিশেষজ্ঞসকলক শ্রমিকসকলে নিজেই নিযুক্তি দিব পাৰে। তাৰ বাবে বুর্জোৱাহঁতৰ কোনো
প্রয়োজন নাই।
![]() |
সমূহীয়া সিদ্ধান্তঃ সমূহীয়া দায়িত্ব |
No comments:
Post a Comment