শ্রমজীৱি জনগণৰ দৃষ্টিকোণৰ পৰা ভাৰতীয়
অর্থনীতিৰ বিভিন্ন দিশ সম্পর্কে এটা সুদীর্ঘ লেখনী শেহতীয়াকৈ
অনুবাদ কৰিছোঁ। মূল ইংৰাজী লেখনীটোৰ শীর্ষক হৈছে ‘Relations of Production and Modes of Surplus Extraction in
India।’ -লেখকঃ অমিত বাচলে আৰু দীপংকৰ বসু। লেখনীটোত ভাৰতীয় কৃষি তথা অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড সম্পর্কে বিস্তৰকৈ
আলোচনা কৰা হৈছে। আগ্রহী পাঠকে লেখনীটো এই লিংকটোলৈ গৈ http://www.scribd.com/doc/230989817/Relations-of-Production-and-Modes-of-Surplus-Extraction-in-India ইংৰাজীত পঢ়ি
চাব পাৰে। সদ্যহতে লেখনীটোৰ কেতবোৰ চিন্তাকর্ষক
সিদ্ধান্ত পাঠকৰ বিবেচনাৰ বাবে আগবঢ়োৱা হল। (সম্পূর্ণ লেখনীটো অসমীয়াত পঢ়িবলৈ কিছুদিন অপেক্ষা কৰকঃ সোনকালেই আলোচনী এখনত প্রকাশ হোৱাৰ কথা আছে।)
ভূমি-সংস্কাৰৰ প্রাসংগিকতা
ভাৰতীয় সমাজৰ বৈপ্লৱিক ৰূপান্তৰণৰ ক্ষেত্রত কৃষি
প্রশ্নটোৰ আজিও এক কেন্দ্রীয় প্রাসংগিকতা আছে। ইয়াৰ কাৰণ বুজাটো টান নহয়ঃ ভাৰতীয়
শ্রমজীৱি জনগণৰ অধিকাংশই আজিও প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডৰ সৈতে জড়িত হৈ
আছে। ই হৈছে অর্থনীতিৰ গাঁথনিগত পৰিবর্তন সংঘটিত নোহোৱাৰ ফলাফল। ভূমি-সংস্কাৰৰ
অন্যতম লক্ষ্য হৈছে কৃষি-কর্মৰ উৎপাদনশীলতা বৃদ্ধি কৰা যাতে কৃষিৰ সৈতে জড়িত
শ্রমজীৱি জনগণৰ উপার্জন বৃদ্ধি কৰি দেশী বা ঘৰুৱা উদ্যোগৰ বাবে এখন স্থানীয়
বজাৰ নির্মাণ কৰিব পাৰি।