Showing posts with label সাম্প্রদায়িকতাবাদ. Show all posts
Showing posts with label সাম্প্রদায়িকতাবাদ. Show all posts

Friday, November 28, 2014

সাম্প্রদায়িকতা, বিদ্যাভাৰতী আৰু চেকুলাৰবাদ

(১)
 আমাৰ দেশৰ সংখ্যালঘূ বিভিন্ন সম্প্রদায় যেনে শিখ, খ্রীষ্টান, মুছলমান আদিসকলক তেওঁলোকৰ পৰম্পৰা, সংস্কৃতি, ধর্ম আদি ৰক্ষা কৰিবলৈ সুকীয়া শিক্ষানুষ্ঠান খোলাৰ সুবিধা দিয়া হৈছে। তেওঁলোকক কিছুপৰিমাণে চৰকাৰী সাহার্য্যও দিয়া হয়। কথাটো আমাৰ দুখীয়া ৰাজ্যসমূহক বিশেষ আর্থিক পেকেজ দিয়াৰ নিচিনাই। আচলতে যিকোনো এখন সভ্য দেশতেই এনে ধৰণৰ ব্যৱস্থাসমূহ আছে। সেয়েহে আমেৰিকা, ইংলেণ্ড আদিত প্রবাসী হিন্দুসকলকো সুকীয়া বিদ্যালয়, পাঠ্যক্রম আদি চলোৱাৰ সুবিধা দিয়া হৈছে।

চাবলৈ গলে এইক্ষেত্রত আপত্তি কৰিব লগীয়া একো নাই। কিন্তু নীতিগত নহলেও কেতবোৰ প্রেকটিকেল সমস্যা প্রায়েই সৃষ্টি হয়। উদাহৰণস্বৰূপে, সংখ্যালঘূৱে যদি তেওঁলোকৰ লৰা-ছোৱালীৰ বাবে সুকীয়াকৈ স্কুল-পাতি খোলে, তেতিয়া সংখ্যাগুৰুৱে কয় – “আমাকো সুকীয়া স্কুল পাতি লাগিব। সংস্কৃতি, পৰম্পৰা আদি কেৱল সংখ্যালঘূৰহে আছেনে?” (আচলতে সেয়া এক কু-যুক্তি। কিয়নো সংখ্যালঘূক বিশেষ সুবিধা পাতি এইকাৰণেই দিয়া হৈছে যাতে তেওঁলোকৰ সুকীয়া পৰিচয় সংখ্যাগুৰুৰ হেঁচাত পিষ্ট হৈ নপৰে। সংখ্যাগুৰুৰ ক্ষেত্রত সেইটো সমস্যা নাই।)। সি যি কি নহওঁক, এই প্রশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি চেকুলাৰ চৰকাৰসমূহেও সংখ্যাগুৰুক নিজৰ সম্প্রদায়ৰ বাবে সুকীয়া স্কুল খোলাৰ অনুমতি দিব লগা হয়।

Wednesday, June 11, 2014

কংগ্রেছী সাম্প্রদায়িকতাবাদ বনাম বিজেপি সাম্প্রদায়িকতাবাদ

Pragmatic Communalism vs. Programmatic Communalism
.................
আজিৰ কালত কংগ্রেছ হৈছে মূলতঃ এটি স্তাৱকৰ দল। কংগ্রেছৰ নীতি বুলি কোনো কথা নাই; নিজৰ সুবিধাৰ বাবে আজি যদি কংগ্রেছে হিন্দু সাম্প্রদায়িকতাক উদগনি দিছে, কালিলৈ হয়তো মুছলমান সাম্প্রদায়িকতাক উদগনি দিব; পৰহিলৈ আকৌ হয়তো শিখ বা আন কোনো ধর্মাৱলম্বী লোকক উচতাই ফুৰিব। নিজৰ বাবে সুবিধাজনক যেন লাগিলে ই আকৌ ধর্মনিৰপেক্ষ ৰূপো ধাৰণ কৰিব! আন কথাত, কংগ্রেছী সাম্প্রদায়িকতাবাদ হৈছে সুবিধাবাদী বা pragmatic সাম্প্রদায়িকতাবাদ। দেশৰ মংগলৰ বাবেই কংগ্রেছক উৎখাত কৰাটো দৰকাৰ।

কিন্তু সেইফেৰা কাম বিজেপিৰ হাতত দিব নোৱাৰি! বিজেপিৰ হৈছে নীতিগত বা programmatic ভাৱে এটি সাম্প্রদায়িক দল। সেয়েহে ই আৰু অধিক ভয়ংকৰ!! বিজেপিৰ মূলতে আছে “হিন্দুত্ব” নামৰ এক ঘৃণাভৰা দর্শন। লক্ষণীয় যে “হিন্দু” আৰু “হিন্দুত্ব” এই দুয়োটাই বেলেগ বেলেগ বস্তু। হিন্দু হৈছে এটি ধর্ম। আনহাতে “হিন্দুত্ব” হৈছে এক ৰাজনৈতিক মতবাদ। (ঠিক যেনেকৈ “ইছলাম” হৈছে এক ধর্ম কিন্তু “ইছলামবাদ” বা Islamism বা Political Islam হৈছে এক ৰাজনৈতিক মতবাদ।)। হিন্দুত্বৰ অন্যতম প্রতিষ্ঠাপক তথা মূল তত্ববিদ বিনায়ক দামোদৰ সাৱৰকাৰ নিজে এজন নাস্তিক ব্যক্তি আছিল। (যেনেকৈ জিন্নাও এজন নাস্তিক ব্যক্তি আছিল!)

“হিন্দুত্ব”ৰ মূল প্রতিপাদ্য এয়ে যে হিন্দুসকলেই হৈছে ভাৰতৰ মূল নিৱাসী। সেয়েহে আন আন ধর্মাৱলম্বী লোকে যদি দেশত থাকিব বিচাৰে, তেনেহলে তেওঁলোকে হিন্দুসকলক সন্মান কৰি চলিব লাগিব। অন্যথাই তেওঁলোকক দেশৰ পৰা খেদি পঠোৱা হ’ব, নতুবা দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পর্যৱসিত কৰি পেলোৱা হব। এইক্ষেত্রত হিন্দুত্ববাদীসকল হিটলাৰৰ নাজীবাদ তথা মুছোলিনীৰ ফেচীবাদৰ দ্বাৰা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

হিন্দুত্ববাদীসকলৰ মতে “ভাৰতীয় সংস্কৃতি” আৰু “হিন্দু সংস্কৃতি” একেটাই বস্তু। সেয়েহে তেওঁলোকে মুছলমানসকলক তথা ইছলাম ধর্মক বিদেশী বুলি গণ্য কৰে। “ধর্ম নিৰপেক্ষ” শব্দটোকো তেওঁলোকে ঘৃণা কৰে কিয়নো তেওঁলোকৰ মতে ভাৰতীয় হোৱাৰ অর্থই হৈছে হিন্দু হোৱা। হিন্দু এজন বৈষ্ণৱ হব পাৰে বা শাক্ত উপাসক হব পাৰে, অর্থাৎ হিন্দুৰ “মতবাদ” (সংস্কৃতত “পন্থা”)সমূহ বেলেগ বেলেগ হব পাৰে। সেয়েহে “ধর্মনিৰপেক্ষতা”ৰ বিপৰীতে হিন্দুত্ববাদীসকলে “পন্থ-নিৰপেক্ষ” শব্দটোহে পচন্দ কৰে। তেনেহলে মুছলমান বা খ্রীষ্টানসকলৰ কি হ’ব? সেই সম্পর্কে বিজেপি নিমাত। অর্থাৎ তেওঁলোকৰ পৰিকল্পিত ভাৰতখনত হিন্দুসকলৰ বাহিৰে আন ধর্মাৱলম্বী লোকৰ কোনো স্থান নাই। আন কথাত, আন আন ধর্মাৱলম্বীৰ বাবে অকণো space এৰিবলৈ হিন্দুত্ববাদীসকল নাৰাজ।

যতেই মুছলমানবিৰোধী অকণমান উপাদান বিজেপিয়ে দেখে, তাতেই তেওঁলোকে হিন্দু মুছলমানৰ খেলাখন আৰম্ভ কৰে। “মুছলমান মোগল”ৰ “বিৰোধিতা” কৰা বাবেই লাচিত বৰফুকন তেওঁলোকৰ চকুত “হিৰো”। পিছে চুকাফাক তেওঁলোকে কেতিয়াও মর্যাদা নিদিয়ে কিয়নো চুকাফা হিন্দু নাছিল আৰু তেওঁ মুছলমানৰ বিৰুদ্ধে যুদ্ধও কৰা নাছিল!

বিজেপিয়ে প্রায়েই অভিযোগ কৰে – কংগ্রেছ হেনো pseudo-secular। পিছে বিজেপিয়ে নিজেই secular শব্দটোকে শুনিব নোখোজে! এই ক্ষেত্রত বি জে পিৰ লোকসকল বেছ স্মার্ট! তেওঁলোকে কয় যে কংগ্রেছে হেনো minority অর্থাৎ মুছলমানসকলৰ appeasement কৰে। পিছে তাৰ পাছতো মুছলমানসকলৰ অৱস্থা আজি কিয় দলিত সকলতকৈও পিছ পৰা, তাৰ উত্তৰ বিজেপিৰ ওচৰত নাই। কৰবাত বোমা বিস্ফোৰণ হলেই বিজেপিয়ে কয় – মুছলমানৰ ধর্মান্ধতা তথা মাদ্রাছা শিক্ষাৰ বাবেই এনে হৈছে। পিছে মুছলমানসকলক আধুনিক শিক্ষা দিবলৈ যেতিয়া Sacchar Committee য়ে কেতবোৰ জলপানী ইত্যাদি দিয়াৰ পৰামর্শ দিলে, তেতিয়া আকৌ সেই একেই বিজেপিয়েই অভিযোগ কৰিলে –ইয়াৰ দ্বাৰা কংগ্রেছে হেনো মুছলমান তোষণ কৰিছে!! অর্থাৎ চিট ভী মেৰী, পট ভী মেৰা।

মোদী চাহাবৰ কথালৈ আহোঁ। তেওঁৰ উন্নয়ণবাদী ৰাজনীতিৰ প্রকৃত স্বৰূপ সম্পর্কে এটা ভাল লেখনী ৰাইজে এইটো লিংকত চাব পাৰে।http://bauponthibotora.blogspot.in/2013/11/blog-post_692.html সদ্যহতে পিছে আন এটি কথাহে কব বিচাৰিছোঁ। মোদী সমর্থকসকলে আজিকালি এটা নতুন যুক্তি আৰম্ভ কৰিছেঃ ২০০২ চনৰ পাছত হেনো গুজৰাটত কোনো দাংগা হোৱা নাই! অর্থাৎ মোদী ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰিছে!

এই যুক্তিটো ভ্রান্তিকৰ কিয়নো প্রত্যক্ষ দাংগা নাই হোৱা বুলি মানি ললেও দাংগা হ’ব পৰা পৰিস্থিতি কিন্তু অহৰহ সৃষ্টি হৈয়েই আছে। দাংগা এদিনতে হোৱা বস্তু নহয়। তাৰ বাবে দীর্ঘ প্রস্তুতিৰ প্রয়োজন হয়। সম্প্রদায়সমূহৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাকৈ কেতবোৰ মিথক তথা পূর্বাগ্রহ (myths and stereotypes) প্রচাৰ কৰি থকাটো প্রয়োজনীয় হয়। এই সন্দর্ভতে গুজৰাটৰ শিশুসকলে স্কুলত পঢ়া কেতবোৰ পাঠ্যক্রমলৈ মন কৰকঃ

গুজৰাটৰ শিশুসকলক সামাজিক অধ্যয়নৰ কিতাপসমূহৰ দ্বাৰা শিকোৱা হয় যে মুছলমানসকল হৈছে মূলতঃ বিদেশী আৰু হিন্দু সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ নামান্তৰ। ‘মুছলমান’ আৰু ‘সন্ত্রাসবাদ’ দুয়োটাৰে মাজত ওচৰ সম্পর্ক আছে। প্রাচীন ভাৰতীয় সংস্কৃতি সদায়েই উদাৰ আছিল। আনকি হিন্দুসকলৰ জাত পাত তথা বাল্য বিবাহো ভাল প্রথা আছিল! তাৰ বিপৰীতে মুছলমান আক্রমণৰ পাছতে দেশত Dark Ageৰ সূচনা হল।...এইবোৰ মাত্র কেইটামান উদাহৰণহে। এই বিষয়ে বিস্তৃত এটি ৰিপর্ট পঢ়িবলৈ এইটো লিংক চাওঁকঃ
http://www.nirantar.net/public/site/files/Gujarat%20Report.pdf

এটা কথা স্পষ্ট যে হিন্দুত্ববাদী চৰকাৰ এখনে ছাত্র ছাত্রীসকলক হিন্দু সংস্কৃতি, সন্ত্রাসবাদ আদি বিষয়সমূহ সম্পর্কে কেতিয়াও critically ভাবিবলৈ অৱকাশ নিদিয়ে। ইয়াৰ ফলত কণ কণ লৰা-ছোৱালীৰ মাজত বিভিন্ন পূর্বাগ্রহ সৃষ্টি কৰাটো অতিশয় সহজ হৈ পৰে। ভি এইচ পি, বজৰং দল আদিয়ে আজিও এইটো কামেই কৰি আছে। আনকি যত মুছলমানে সন্ত্রাসবাদ ঘটোৱা নাই, তাতো তেওঁলোকে মুছলমানৰ দৰে নকল দাঢ়ি-টুপি পিন্ধি বোমা বিস্ফোৰণ ঘটাই সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছে। http://www.countercurrents.org/gatade041008.htm

অর্থাৎ মুছলমানসকলক দেশৰ শত্রু সজোৱাৰ প্রক্রিয়াটো এতিয়াও পূর্ণোদ্যমেই চলি আছে। যেতিয়ালৈকে এই প্রক্রিয়াসমূহৰ অন্ত পেলাব নোৱাৰি, তেতিয়ালৈকে দাংগাৰ সম্ভাৱনীয়তাও নুই কৰিব নোৱাৰি। মোদীয়ে ২০০২ৰ পাছত দাংগা কৰোৱা নাই, কিয়নো তেওঁৰ প্রভু ৰিলায়েঞ্চ আৰু আদানীয়ে সদ্যহতে কোনো nuisance বিচৰা নাই। পিছে গুজৰাটত অকণমান শ্রমিক আন্দোলন বিকশিত হবলৈ দিয়কচোন। পিছদিনাই হিন্দু-মুছলমানৰ দাংগা হৈ যাব! (পৰস্পৰৰ মাজত থকা ভুল বুজাবুজি, মিথক তথা পূর্বাগ্রহসমূহ আঁতৰাবলৈ হিন্দু মুছলমানৰ মাজত যি সংবাদ প্রক্রিয়া প্রয়োজনীয়, সেয়া মোদীয়ে কেতিয়াও হবলৈ নিদিয়ে। )তদুপৰি মোদীৰ সোঁহাতস্বৰূপ অমিত শ্বাহে সৌ সিদিনাতো মুজাফৰনগৰত ভাষণেই দি আহিলঃ বদলা লেংগে!! অর্থাৎ দাংগাৰ সম্ভাৱনা অকণো কমা নাই।

মোদীৰ উগ্র সমর্থকসকলৰ পৰা মোৰ কোনো আশা নাই। পিছে যিসকল লোক নিজে হিন্দুত্ববাদী নহয়, অথচ মোডীক সমর্থন কৰিছে, তেওঁলোকে প্রথমতে মোডী তথা হিন্দুত্ব সম্পর্কে কিছু বিচাৰ-খোচাৰ কৰি লোৱা উচিত। পাহৰিলে নহব যে এদিন হিটলাৰো দেশক উদ্ধাৰ কৰাৰ প্রতিশ্রুতি দিয়েই ক্ষমতালৈ আহিছিল। বার্লিন অলিম্পিকৰ সময়ত তেৱোঁ কিছুদিনলৈ ইহুদী সংখ্যালঘূসকলক ৰেহাই দিছিল। বহুতেই আনকি এইবুলিও ভাবিছিল যে হিটলাৰ হয়তো সলনি হ’ল। ইহুদী-ঘৃণা পাহৰি তেওঁ এইবাৰ দেশৰ কামত মনোনিবেশ কৰিব। এনে প্রত্যাশাৰ ফলাফল আছিল অতিশয় ট্রেজিক। ফেচীবাদী জাতীয়তাবাদে হিংসা আৰু ঘৃণাৰ ৰাজনীতি কেতিয়াও এৰিব নোৱাৰে।

মুছলমান আৰু বহুবিবাহ

ফেচবুকৰ গ্রুপ এটাত ব্যক্তি এজনৰ পষ্ট

বাটে পথে শুনা কথা: -

কালি দুজনমানক এই বিষয়ত তৰ্ক/ আলোচনা কৰি থকা দেখিলোঁ|

এজনৰ মতে- ভাৰতত থাকিলে নিয়ম কৰি দিব লাগে যে মুছলমান সম্প্ৰদায়ৰ মানুহে এবাৰতকৈ অধিক বিয়া কৰাব নোৱাৰিব|


১/(যিহেতু {তেওঁৰ মতেৰে} হিন্দু সকলে এবাৰেই বিয়া কৰাই ২-৩ বাচ্চা জন্ম দিব পাৰে, আনহাতে এজন মুছলিমে ১২-১৫ বাচ্চা জন্ম দিব পাৰে|

২/ সেই ১২-১৫ ল’ৰা-ছোৱালীয়ে খাবলৈ নাপাই, উপযুক্ত পৰিবেশত পঢ়িবলৈ নাপাই কালক্ৰমত টেৰ’ৰিষ্ট হ’বগৈ|

আনপক্ষৰ মতে- এইবোৰ ধৰ্মৰ লগত সাঙোৰ খাই থকা, গতিকে মাত নমতাই ভাল|

প্ৰথম পক্ষৰ মতে- ধৰ্ম হওক যি হওক, ইণ্ডিয়াত থাকিলে এখনেই বিয়া, এজনীয়েই পত্নী... নহ’লে গ’ টু পাকিস্তান|

...........................

আমাৰ মন্তব্য

কোনোবাই ৰাস্তাত কিবা এটা কলে আৰু ৰাইজেও নিজাববীয়াকৈ কোনো অনুসন্ধান নকৰাকৈ কথাখিনি মানি ললে। দেশৰ Census Reportবোৰ চাওঁক। ২০০৯-১০ চনত প্রতি ১০০০জন মুছলমান পুৰুষৰ তুলনাত মুছলমান নাৰীৰ সংখ্যা হৈছে ৯২২ গৰাকী। ইয়াৰ আগতে ২০০৪-২০০৫ চনত মুছলমান নাৰীৰ সংখ্যা আছিল ৯৬৮গৰাকী। অর্থাৎ মুছলমান সকলৰ এটা সৰু অংশইহে দুবাৰ বা ততোধিক বিয়া কৰাইছে। গৰিষ্ঠসংখ্যাক মুছলমানেই এবাৰ মাত্র বিয়া কৰাইছে। চবেই বহুবিবাহ কৰাবলৈ নহলে ছোৱালী ক’ত? অর্থাৎ এই জাতীয় অপপ্রচাৰসমূহত সাম্প্রদায়িক দুষ্টামি কিছুমান লুকাই থকা নাইনে? এনেকুৱা stereotype বোৰেই আমাৰ মাজত হিন্দু-মুছলমানলৈ ভুল ধাৰণা কিছুমান সৃষ্টি কৰোৱাই সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰাত সহায় কৰে।


জনসংখ্যাৰ কথাটোলৈ আহোঁ। সামগ্রিকভাৱে এয়া সত্য যে ভাৰতীয় মুছলমানৰ বৃদ্ধিৰ হাৰ General Caste হিন্দুতকৈ বেছি। পিছে আদিবাসী, ST, SC আদিৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি! জম্মু-কাশ্মীৰততো হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমানতকৈ দুগুণ। আনফালে কেৰালা আদি ৰাজ্যত মুছলমানৰ বৃদ্ধিৰ হাৰ উত্তৰ প্রদেশতকৈ বহুগুণ কম। অর্থাৎ জনসংখ্যা বৃদ্ধিৰ কথাটো কেৱল ধর্মীয় দৃষ্টিৰে বুজিব পৰা নাযাব। এইক্ষেত্রত বহুতো জটিল কাৰক সংলগ্ন হৈ থাকে।


মুছলমান-সমাজখনত সমস্যা নাই বুলি মই কব বিচৰা নাই। হিন্দু সমাজৰ দৰেই মুছলমান সমাজতো দেধাৰ সমস্যা আছে। কিন্তু এই বিষয়ে কবলৈ হলে প্রথমতে ভালদৰে পঢ়া শুনা কৰি তাৰ পাছত অকণমান responsibilityলৈ সাৱধানে কথাবোৰ উপস্থাপন কৰিব লাগে। নহলে অযথা হুলস্থূল কৰিলে ফল
বিপৰীতহে হয়।


অতি সৰলীকৰণ এটা বিপদজনক কথা। তদুপৰি এই জাতীয় সামাজিক বিষয় সম্পর্কে দেশৰ সমাজবিজ্ঞানীসকলেনো কি কৈছে জানিবলৈ চেষ্টা কৰা উচিত। নহলে জৰা-ফুঁকা কৰা বাবাৰ ওচৰত ডাক্টৰী শিকাৰ দৰে কথা হবগৈ।


(এটা কথা ভাবি মই প্রায়েই আচৰিত হওঁ; বিজ্ঞানৰ ক্ষেত্রখনত আটাইবোৰ দাবীকে অতি সূক্ষ্মকৈ পৰীক্ষা কৰি তাৰ পাছতহে গ্রহণ কৰা লোকেও প্রায়েই সমাজ-অধ্যয়নৰ ক্ষেত্রখনত বিভিন্ন উৰাবাতৰি, stereotype আদি সহজতে গ্রহণ কৰা দেখা যায়। কথাটো কি?)
ময়ূ চেতিয়া