Showing posts with label ভুল ধাৰণা. Show all posts
Showing posts with label ভুল ধাৰণা. Show all posts

Sunday, November 23, 2014

মুছলমান আৰু জনসংখ্যা

ডি ৱাই ৩৬৫ত বোলে আলোচিত হৈছে – “অসমত ভয়ংকৰ গতিৰে মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি পাইছে”। আমি নিজে অনুষ্ঠানটো চাবলৈ পোৱা নাই; কোনো খবৰ কাকততো দেখা নাই। সেয়েহে মন্তব্য দিবলৈ অসুবিধা (কাৰোবাৰ ওচৰত সঠিক পৰিসংখ্যা থাকিলে জনাব পাৰে)।

পিছে এনে ধৰণৰ প্রসংগই বস্তুনিষ্ঠ আলোচনা সৃষ্টি কৰাৰ বিপৰীতে সাময়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনাহে অধিক। মনত ৰখা ভাল – বেছিকৈ সন্তান জন্ম দিয়ক বুলি আল্লা বা ভগবানে কৈ যোৱা নাই। কোনো ধর্মগ্রন্থৰ মাজত গোষ্ঠী একোটাৰ জন্ম-হাৰ কম বা বেছি হোৱাৰ  কাৰণ আপুনি বিচাৰি নেপাব। আর্থ-সামাজিক স্থিতিহে এইক্ষেত্রত আলোচনাৰ প্রাসংগিক বিষয়। সেয়েহে “মুছলমান মৌলবাদী; গতিকেই সিহঁতে বেছি সন্তান জন্ম দিয়ে” – এই জাতীয় বক্তব্যই অনাহেতুক সমস্যাহে সৃষ্টিহে কৰিব।

এইটো কথাও মন কৰক। ভাৰতৰ সকলো অঞ্চলতে মুছলমানৰ জন্ম-বৃদ্ধিৰ হাৰ একে নহয়। উত্তৰ প্রদেশত খুবেই বেছি; কেৰালা, কাশ্মীৰ আদিত আকৌ যথেষ্ঠ (কেতিয়াবা হিন্দুতকৈও) কম। আনহাতে দলিত, আদিবাসী, ট্রাইবেল লোক আদিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি। নাগালেণ্ডতে হয়তো বিগত সময়ছোৱাত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি পাইছে। অর্থাৎ জন্মৰ হাৰ কম বা বেছি  কিয় হৈছে, তাৰ সঠিক কাৰণ আমি ভবাতকৈ যথেষ্ঠ জটিল। নির্মোহভাৱে আলোচনা কৰিব পাৰিলেহে প্রশ্নৰ উত্তৰ উলিয়াব পৰা যাব।

[আন এটা তথ্য উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সাধাৰণতে মুছলমানৰ মাজত কণ্যা-ভ্রুণ হত্যা (the better word is: sex selective abortion) দেখিবলৈ পোৱা নাযায়। আন আন স্ত্রী বিৰোধী বৈষম্য নিশ্চয়েই আছে; কিন্তু সকলো কথাৰ বাবেই মুছলমানক দানৱ সজোৱা লোকসকলে এনে কেতবোৰ তথ্যৰ প্রতিও মন দিয়া ভাল।]

যি কি নহওঁক – যিহেতু মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি খবৰ আহিছেই, সেয়েহে এই বিষয়ক বিভিন্ন সমিধানৰ কথাও ওলাব। আমিও সেয়েহে জনৈক বন্ধুৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত কেইটামান প্রস্তাৱ উত্থাপন কৰিলোঁ আৰু সিবিলাকৰ সম্ভাব্য ফলাফল সম্পর্কেও ৰাইজক সকীয়াই থলোঁ।

.....................................................................

১) জার্মানীৰ ইহুদী নৰসংহাৰৰ দৰে মুছলমানৰো হত্যাযজ্ঞ আয়োজন কৰা হওঁক। সিহঁতক কনচেনট্রেচন কেম্পত ৰখা হওঁক। প্রবীন টোগাৰিয়াক দেশৰ একছত্রী শাসক হিচাপে প্রক্ষেপ কৰা যাওঁক। কোনোবাই যুক্তিসহকাৰে আলোচনা কৰিব বিচাৰিলেই “পাকিস্তানলৈ যা” বুলি হুংকাৰ দিয়া হওঁক।

সম্ভাব্য ফলাফলঃ আজিৰ সময়ত এই কামটো কৰা বৰ মুস্কিল হব। দাংগা বেছিকৈ হলে দেশৰ পৰা পুঁজিও পলাই যাব। দেশৰ, অর্থনীতিৰ অৱস্থা তেনেই কার্হিল হৈ পৰিব। তদুপৰি আমাতকৈ বহু বেছি শক্তিশালী স্বয়ং হিটলাৰেও ইহুদীক মাৰি কাটি শেষ কৰিব নোৱাৰিলে; তাৰ তুলনাত আমি কোন কুটা? কনচেনট্রেচন কেম্পতো যে হতচিৰি মুছলমানহঁতে জনসংখ্যা বৃদ্ধি নকৰিব, তাৰ কি নিশ্চয়তা আছে? বেছিকৈ অত্যাচাৰ কৰিলে আকৌ ইহুদীৰ দৰে বিশ্বত মুছলমানৰ বাবেও যদি সহানুভুতি সৃষ্টি হয়? নাই নাই, এইটো পদ্ধতি বৰ কামৰ নহব।

২) মুছলমানৰ বহুবিবাহ বন্ধ কৰাঃ এইবুলি দাবী কৰি আমি হিন্দু ৰাইজৰ ভোট দুটামান বেছিকৈ হয়তো পাম; কিন্তু সত্যটো হৈছে যে খুউব কম সংখ্যক মুছলমানেহে বহুবিবাহ কৰিব পাৰিছে। চবেই বহুবিবাহ কৰিবলৈ ছোৱালী কত? প্রতি ১০০০ মুছলমান পুৰুষৰ বিপৰীতে দেখোন ৯০০+ মানহে ছোৱালী আছে? জনগণনাৰ ৰিপর্টবোৰ চাওঁক। পিছে বেছি হুলস্থুল কৰি ৰাইজক এই কথাটো জানিবলৈ নিদিব! নহলে মুছলমানহঁতক স্ত্রী-বিৰোধী বুলি হকে বিহকে সমালোচনা কৰাৰ সুবর্ণ সুযোগটো নাইকীয়া হৈ যাব দেখোঁন!

৩) হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰাঃ হয়, “কুকুৰে আমাক কামুৰিলে আমিও কুকুৰটোক ওলোটাই কামুৰিব লাগে” বুলি জ্ঞানী লোকে কৈ গৈছে। আনে ৰসাতলে গলে আমিও ৰসাতলে যাব লাগে – নহয় জানো? হিটলাৰেও কৈ গৈছে – “আর্য জার্মান মহিলাৰ পবিত্র কর্তব্য যে বেছিকৈ সন্তান জন্ম দি জার্মান জাতিটোক শক্তিশালী কৰক”। যিহেতু সন্তান, ঘৰ সংসাৰ – এইবোৰেইতো হৈছে মহিলাৰ মূল কাম; নহয় জানো? পিছে “মহিলাৰ গর্ভৰ ওপৰত মহিলাৰ অধিকাৰ সাব্যস্ত কৰক” বুলি হুলস্থূল লগাই থকা ফেমিনিষ্ট এসোঁপা আছে। সিহঁতক ভালকৈ পিটন এটা দিব পাৰিলেহে এইফেৰা কাম কৰিব পৰা যাব।

৪) মুছলমানকে আদি কৰি সকলো সম্প্রদায়ৰ বাবে আধুনিক শিক্ষা, সংস্থাপন আদিৰ সৃষ্টি কৰা। মাদ্রাছায়েই যাতে শিক্ষাৰ একমাত্র উপায় হৈ নপৰে – তাৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত, পিছপৰা অঞ্চলত আধুনিক শিক্ষানুষ্ঠান গঢ়ি তোলা। তেওঁলোকক আধুনিক সংস্থাপন দিব পৰাকৈ ট্রেইনিং ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা। বিভিন্ন স্কলাৰশ্বিপ, জলপানী আদিৰ ব্যৱস্থা কৰা। মৌলবাদী শক্তিসমূহক প্রতিহত কৰিব পৰাকৈ প্রগতিশীল শিক্ষিত মুছলমান অংশ এটাৰ উত্থানৰ ক্ষেত্রত সহায় কৰা। এইজাতীয় সমস্ত বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰা চাচাৰ কমিটিৰ ৰিপর্ট বাস্তবায়িত কৰা।

পিছে ৰব ৰব। আপুনি দেখোঁন আমাৰ শত্রুহঁতৰ পক্ষহে লৈছে। আপুনি দেখোন মুছলমান তুষ্টিকৰণৰ নীতি লৈছে! যাওঁক, পলাওঁক ইয়াৰ পৰা! পাকিস্তানলৈ যাওঁক। চাল্লা হিন্দু বিৰোধী চেকুলাৰ-কমিউনিষ্ট,ফেমিনিষ্ট কৰবাৰ! আপোনাৰ বাবেই দেশখনৰ এই অৱস্থা হল। মুছলমানেই দেশখন খালে। দেখা নাই, কেনেকৈ সিহঁতৰ জনসংখ্যা বৃদ্ধি হৈছে? সিহঁতক ৰখোৱাৰ কিবা উপায় ভাবক। তেতিয়াহে গম পাম, আপুনি কিমান দেশপ্রেমিক।

(But…well…কিন্তু...পৰন্তু...এতিয়ালৈকেতো মই সমাধানৰ কথাই কৈ আছিলোঁ? কি কৰিছে, হয়নে? তৰোৱালখন, ত্রিশূলপাত লৈ কিয় খেদি আহিছে? আহ আহঃ মই সৰিয়হফুল দেখিছোঁ! আহঃ হে কৃষ্ণ, হে পাকিস্তান, সহায় কৰা!)

জয় হিন্দু, জয় হিন্দ, জয় ভাৰত!

Wednesday, June 11, 2014

বিয়া বনাম লিভ ইন টুগেদাৰঃ এটি ফেচবুক বিতর্কৰ আঁত ধৰি

যিকোনো এখন সভ্য সমাজত মানুহে বিয়া কৰিয়েই হওঁক বা লিভ ইন কৰিয়েই হওঁক – নিজ ইচ্ছাৰে বসবাস কৰাৰ স্বাধীনতা থাকিব লাগে। যেতিয়ালৈকে সংশ্লিষ্ট ব্যক্তি একোজনৰ মানৱ অধিকাৰ খর্ব কৰা নহয় (যেনে ধৰক পুৰুষজনে মহিলাগৰাকীক মাৰ পিট কৰিছে), তেতিয়ালৈকে সমাজে আনৰ ব্যক্তিগত বিষয়ত মূৰ নঘমোৱাই ভাল। লক্ষণীয় যে লিভ ইন কৰিলেই responsibilityৰ পৰা হাত সাৰিব নোৱাৰি। উদাহৰণস্বৰুপে আপুনি যদি দীর্ঘ দিন ধৰি মহিলা এগৰাকীৰ লগত লিভ ইন কৰি আছে, তেনেহলে সেই মহিলাগৰাকীৰ আইনী অধিকাৰ এগৰাকী পত্নীৰ দৰেই হব। লৰা-ছোৱালী হলে তেওঁলোকৰো দায়িত্ব পুৰুষজনে সমানে ল’ব লাগিব। এইক্ষেত্রত ভাৰতীয় আইন কানুনসমূহ মই জনাত যথেষ্ঠ স্পষ্ট। কেৱল ‘মজা লবলৈকে’ লিভ ইন টুগেদাৰ কৰা ধূৰন্ধৰসকলে কথাটো মন কৰা ভাল! তেওঁলোক সহজতে সাৰিব নোৱাৰে! মই এনে বহু লৰা লগ পাইছো যি বিয়াৰ আগতে লিভ ইন কৰে কিন্তু পাছত বিয়া পাতিবলৈ আন কোনো “সতী সাবিত্রী” ছোৱালী বিচাৰি ফুৰে। পিছলৈ আনকি নিজৰ পূর্বৰ প্রেমিকাৰ “চৰিত্র হৰণ” কৰিবলৈকো তেওঁলোকে কুণ্ঠাবোধ নকৰেঃ “সেইজনীৰ চৰিত্রটো তেনেকুৱাই আছিল” । লৰাবোৰৰ এইজাতীয় দুমুখীয়া মানসিকতাকো expose কৰাটো দৰকাৰ।


এটা সময় আছিল যেতিয়া প্রগতিশীল আন্দোলনসমূহে (যেনে ধৰক নাৰীবাদী আন্দোলন) লিভ ইন টুগেদাৰ মানেই বিয়াতকৈ অধিক গণতান্ত্রিক অনুষ্ঠান বুলি ভাবিছিল। পিছে পাছত দেখা গল – বিয়াৰ দৰেই লিভ ইন সম্পর্কসমূহতো নাৰী-পুৰষৰ অসমতা, নাৰী গৰাকীৰ ওপৰত দৈহিক-মানসিক নানান ধৰণৰ উৎপীড়ন চলি থাকিল। গতিকেই, লিভ ইন টুগেদাৰ সমর্থনযোগ্য যদিও ই লৈংগিক ন্যায়ৰ সংগ্রামখনিৰ ক্ষেত্রত panacea হব নোৱাৰে।


গতিকেই মূল প্রশ্নটো হৈছে – নাৰী পুৰুষৰ সমতা প্রতিষ্ঠা কৰা। মহিলাসকলক আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী কৰি তোলা। আজিৰ সময়ত বিবাহৰ অনুষ্ঠানটো মূলতঃ অসমতাৰ ওপৰত প্রতিষ্ঠিত। পুৰুষে টকা উপার্জন কৰিব, মহিলাগৰাকীয়ে ঘৰৰ কাম কৰিব। দেখাত ভালেই লাগে; পিছে ই মহিলা-পুৰুষৰ মাজত এক power relationৰ জন্ম দিয়ে। মহিলাগৰাকী পুৰুষজনৰ ওপৰত সম্পূর্ণ নির্ভৰ হৈ পৰে। এই gendered division of labour শেষ নকৰালৈকে নাৰী মুক্তি (লগতে পুৰুষৰো মুক্তি) সম্ভৱপৰ নহয়। অথাৎ মহিলাগৰাকী আর্থিক তথা সামাজিকভাৱে স্বাৱলম্বী হৈ উঠাৰ গত্যন্তৰ নাই।


প্রায়েই দেখা যায় যে বিবাহৰ অনুষ্ঠানটোৱে মহিলাৰ এই স্বাৱলম্বিতা বিকশিত হৈ উঠাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে। সৰুৰে পৰাই ছোৱালীবোৰক শিকোৱা হয় – “ধূনপেছ মাৰি নিজৰ দেহাটোৰ যত্ন লোৱা। তোমাৰ দেহাটো ধুনীয়া হলেহে সপোনৰ ৰাজকুমাৰ এজন পাবা!” অর্থাৎ ছোৱালীজনীৰ বৌদ্ধিক –মানসিক বিকাশৰ দিশটো প্রায়েই উলাই কৰা হয়। ঠিক তেনেকৈয়ে লৰাবোৰক শিকোৱা হয়ঃ “তুমি ডাঙৰ হৈ ভাল উপার্জন কৰিব লাগিব। তেহে ধুনীয়া ছোৱালী এজনীয়ে তোমাক বিয়া পাতিব!”


অর্থাৎ পিতৃতন্ত্র (patriarchy) বোলা বস্তুটোৱে পুৰুষ-মহিলা দুয়োকে ভিন ভিন ধৰণে গঢ়ি তোলে; দুয়োৰে বাবে প্রত্যাশাসমূহো ভিন ভিন কৰি তোলে। যেতিয়ালৈকে পিতৃতন্ত্রক প্রতিহত কৰি মহিলাসকলৰ স্বাৱলম্বিতা বিকশিত উজলাই তোলা নহয়, তেতিয়ালৈকে লিভ ইন টুগেদাৰেই হওঁক, বিয়াই হওঁক – কোনো ব্যৱস্থাই সমস্যাৰ সমাধান কৰিব নোৱাৰে। বিয়াতকৈ লিভ ইন হয়তো কিছুদূৰৈলৈ অধিক গণতান্ত্রিক; পিছে লিভ-ইন কৰাসকলে “আমি পিতৃতন্ত্রৰ জালৰ পৰা মুক্ত” বুলি নভবাই ভাল।


মন কৰা ভাল যে পিতৃতন্ত্রৰ ৰূপসমূহো দিনক দিনে সলনি হৈ আহিছে। আগৰ দিনত মহিলাসকলৰ শৰীৰটো অকণমান ওলাই পৰিলেই ৰাইজে ইছাট-বিছাট কৰিছিল। অর্থাৎ মহিলাৰ শৰীৰ, মহিলাৰ sexuality নিয়ন্ত্রন কৰাটোৱেই আছিল পিতৃতন্ত্রৰ মূল ৰূপ। পিছে আজিৰ কালত ছোৱালীজনীৰ figureটো বিশেষ আকাৰৰ নহলে, ছোৱালীজনী “বেহেনজী” বুলি ঠাট্টাৰ বলি হব লগা হয় ।আমেৰিকা ইউৰোপ আদি দেশত পিতৃতন্ত্রৰ এই ৰূপটোৰ প্রচলন অতিশয় বেছি। অর্থাৎ ৰূপ সলনি হৈছে, কিন্তু পিতৃতন্ত্রৰ সাৰমর্ম সলনি হোৱা নাই। The gendered expectations over the women’s body has not changed; although some of its forms might vary across time and space. মহিলাৰ শৰীৰটো লৈ সমাজৰ এই obsession – ই হৈছে সমস্যাৰ অন্যতম গুৰি। পুৰুষৰ শৰীৰটো বা সাজপাৰক লৈ এনে obsession কিন্তু কেতিয়াও দেখা নাযায়।