এসময়ত অসমীয়া জাতিৰ প্রতীক আছিল জয়মতী। জয়মতীয়ে শত্রুক
হত্যা কৰাৰ উদ্দেশ্যেৰে হেংদান লৈ ওলাই অহা নাছিল। বৰঞ্চ দেশৰ মংগলৰ হকে অকথ্য
নির্যাতন হাঁহিমুখে মূৰ পাতি লৈছিল। জয়মতীৰ এনে চিত্রায়নৰ জনপ্রিয়তাৰ আঁৰত গান্ধীজীৰ ‘নিষ্ক্রিয় প্রতিৰোধ’ৰ সংগ্রাম-পদ্ধতিয়ে বিশেষ ভূমিকা লৈছিল যেন ধাৰণা হয়। এই যে জাতীয়
মুক্তি সংগ্রামৰ সময়তেই জ্যোতি প্রসাদে জয়মতীক লৈ চলচিত্র নির্মাণ কৰিছিল – এয়া
হয়তো কোনো coincidence মাত্র নাছিল। বিংশ শতিকাৰ ২০, ৩০ তথা ৪০ৰ দশককেইটাতেই হয়তো
জয়মতীৰ চৰিত্রটোৱে জনপ্রিয়তাৰ শীর্ষ স্থান লাভ কৰিছিল। শেষ অর্থত
পিতৃতান্ত্রিক হলেও গান্ধী অনুপ্রাণিত নাৰীৰ এই সহনশীল চৰিত্রায়নে জাতীয় মুক্তি
সংগ্রামখনিত মহিলাৰ অংশগ্রহণো সুনিশ্চিত কৰিছিল।