ময়ূৰ চেতিয়া
............
১৯৪৯ চনত এখন
কিতাপ প্রকাশিত হৈছিলঃ ‘দা গড দেট ফেইল্ড’। কিতাপখন লিখিছিল কেইজনমান প্রাক্তন কমিউনিষ্টে। এসময়ত কমিউনিজমৰ প্রতি আকর্ষিত হৈ পাছলৈ তেওঁলোক চোভিয়েট চৰকাৰৰ অপৰাধসমূহ দেখি শিঁহৰিত হৈ পৰিছিল।
শেহান্তৰত তেওঁলোক হৈ পৰিছিল ‘প্রাক্তন কমিউনিষ্ট’।
কিতাপখনৰ
সমালোচনা কৰি এডৱার্ড চাইডে ঠিকেই লিখিছিলঃ ‘বাট
হোৱাই ডিড ইউ বিলিভ ইন এ গড, টু বিগিন ৱিথ?’ কমিউনিজমক যদি ভগবান বুলি গণ্য কৰা
হয়, তেনেহলে তাৰ প্রতি এসময়ত মোহভংগ হোৱাটোও কোনো আচৰিত কথা নহয়।
এনে প্রাক্তন মার্ক্সবাদীৰ
প্রতি মোৰ বিন্দুমাত্রও সহানুভূতি নাই। ঠিক তেনেকৈয়ে মার্ক্সবাদক এতিয়াও ভগবানৰ
বাণী বুলি গণ্য কৰা লোকসকলৰ প্রতিও মোৰ কোনো সহানুভূতি নাই। আচলতে এনে সকলো ব্যক্তিয়েই হৈছে মার্ক্সবাদৰ
শত্রু।
মার্ক্সবাদ
হৈছে পোন প্রথমতেই এক দর্শনঃ অন্যান্য দর্শনৰ দৰেই ইয়ো পৃথিবীখনক প্রথমে বিশ্লেষণ
কৰে। অর্থাৎ ই হৈছে বিশ্লেষণৰ এক বিশেষ পদ্ধতি। মার্ক্সবাদক অনুশীলনৰ দর্শন বুলিও
কোৱা হয়। কিয়নো মার্ক্সবাদে বিশ্বাস কৰে যে ‘মানুহেই ইতিহাস নির্মাণ কৰে’।
মার্ক্সবাদৰ ঈপ্সিত ‘সমাজবাদ’ৰ লক্ষ্য হাছিল কৰিবলৈকো মানুহেই সংগ্রাম কৰিব লাগিব।
এইক্ষেত্রত মার্ক্সবাদে এক বিশেষ এজেণ্ট চিহ্নিত কৰে; সেয়া হৈছে শ্রমিক শ্রেণী। অৱশ্যে
এই সংগ্রাম কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে সম্ভৱপৰ হয়। মার্ক্সৰ মতে পুঁজিবাদেই
এনে পৰিস্থিতি নির্মাণ কৰিছে, যত সংগ্রামৰ
দ্বাৰা সমাজবাদ স্থাপন সম্ভৱপৰ হ’ব।
এইখিনিলৈকে
ঠিকেই আছিল। পিছে সমস্যা তেতিয়াই সৃষ্টি হল যেতিয়া বিংশ শতিকাত স্বয়ং মার্ক্সবাদ
'বিশ্লেষণৰ এক পদ্ধতি'ৰ বিপৰীতে এক 'মতাদর্শ'লৈ পৰিণত হল। মতাদর্শ শব্দটো প্রচলিত
ভাষাত প্রায়েই ধণাত্মক অর্থত ব্যৱহাৰ কৰা হয়। পিছে মার্ক্সে বেছিভাগ সময়তে শব্দটো
এক ঋণাত্মক অর্থত ব্যৱহাৰ কৰিছিলঃ যেনে ‘জার্মান মতাদর্শৰ সমালোচনা’। মতাদর্শৰ বিপৰীত শব্দটো হৈছে চাইঞ্চ। মার্ক্সবাদ হৈছে এক বৈজ্ঞানিক বিশ্লেষণৰ
পদ্ধতি।
সহজ ভাষাত
মতাদর্শ হৈছে পৃথিবী বিষয়ক কেতবোৰ ভ্রান্তিকৰ ধাৰণা যিবোৰ শাসক শ্রেণীয়ে শোষিত
জনতাক পদানত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰে, যাতে তেওঁলোকে শোষণৰ প্রকৃত স্বৰূপ বুজি
উঠিবলৈ সক্ষম নহয়। মার্ক্সে লিখিছে যে ‘দা ৰুলিং আইডিয়াজ অৱ এনি চচাইটি আৰ দ’জ অৱ
দা ৰুলিং ক্লাছ’। আমি নিৰপেক্ষ বুলি ভবা বহুতো ধাৰণা আচলতে শোষক শ্রেণীয়ে প্রচাৰ কৰা
শাসকীয় ধাৰণাৰ বাহিৰে আন একো নহয়। যেনে ধৰক এই ধাৰণাটোঃ “গণতন্ত্রত একোখনত ৰাইজেই
চৰকাৰ গঠন কৰে। গতিকেই কোনো বদমাচ চৰকাৰ যদি শাসনলৈ আহে, তেনেহলে সেয়া ৰাইজৰহে
ভুল। কিয়নো তেওঁলোকেই তেনে এখন চৰকাৰ শাসনলৈ আনিছে। অহাবাৰকৈ এখন ভাল চৰকাৰ শাসনলৈ
আনিলেই হল!!”
পিছে এয়া হৈছে অর্ধ সত্য। এনে মতামত দিয়া বুদ্ধিজীৱিয়ে
গমেই নাপায় যে বুর্জোৱাৰ ইচ্ছাৰ বিৰূদ্ধে জনগণৰ কল্যাণ বিচৰা কোনো এখন চৰকাৰ
শাসনলৈ আহিলেই বুর্জোৱাহঁতে ভীষণ অসহযোগ কৰিবলৈ আৰম্ভ কৰিব। পুঁজিপতিহঁতক দমন নকৰালৈকে
সামাজিক গণতন্ত্র স্থাপন সম্ভৱপৰ নহয়।
সেয়া যি কি
নহওঁক, আমি কৈ আছিলো বৈজ্ঞানিক পদ্ধতিৰ বিপৰীতে, মতাদর্শৰ ৰূপত মার্ক্সবাদৰ পতনৰ
কথা। অন্যান্য মতাদর্শৰ দৰেই এই মতাদর্শটোৰো জন্মৰ বাবে প্রয়োজন আছিল এক শাসক
শ্রেণীৰ। ৰুছ বিপ্লৱৰ কিছু সময়ৰ পাছতেই শ্রমিকৰ বিপৰীতে এটা আমোলা শ্রেণী শাসনলৈ
আহে। (কেনে পৰিস্থিতিৰ মাজেৰে এই প্রক্রিয়া সমাপন হল, সেয়া অন্য এক কাহিনী।) অন্যান্য
শাসকৰ দৰেই চোভিয়েট আমোলা শাসকসকলেও জনগণক বিভ্রান্ত কৰাকৈ এটা মতাদর্শৰ জন্ম
দিয়ে। এই মতাদর্শটোৰ নাম আছিল ‘মার্ক্সবাদ লেনিনবাদ’(১)।
অৱশ্যে চোভিয়েটৰ
শাসক শ্রেণীটো আছিল এক বিশেষ প্রকাৰৰ শাসক শ্রেণী। উদাহৰণস্বৰূপে, নেপোলিয়নৰ উদয়ৰ
লগে লগেই ফৰাচী বিপ্লৱৰ(১৭৮৯-১৭৯৪) পতন ঘটিছিল। কিন্তু তথাপিও বিপ্লৱৰ কেতবোৰ
প্রমূল্য নেপোলিয়নে ত্যাগ কৰা নাছিল। যিখন দেশকেই নেপোলিয়নে জয় কৰিছিল, তাতেই ফৰাচী
বিপ্লৱৰ কেতবোৰ প্রমূল্য কুহুমীয়া ৰূপত স্থাপন কৰা হৈছিল। পুৰণা আইনসমূহ ভংগ কৰি
দিয়া হৈছিল; মহিলাসকল ব্যতিৰেকে সকলো মানুহৰে ৰাজনৈতিক সমতা ঘোষণা কৰা হৈছিল।
চোভিয়েট শাসক
শ্রেণীৰ বিষয়েও একেই কথা কব পৰা যায়। তেওঁলোক শাসক আছিল ঠিকেই, পিছে পুঁজিপতি
শাসকতকৈ তেওঁলোকৰ চৰিত্র কিছুদূৰৈলৈ ভিন্ন আছিল। বিপ্লৱৰ কেতবোৰ প্রমূল্য তেওঁলোকৰ
মনত তেতিয়াও বাকী আছিল। বর্ণবাদী দক্ষিণ আফ্রিকাৰ চৰকাৰৰ বিৰূদ্ধে যিদৰে তেওঁলোকে এফ্রিকান কংগ্রেছক
ধন-বিত, অস্ত্র শস্ত্র দি সহায় কৰিছিল, সেয়া আছিল প্রকৃতপক্ষেই এক বিৰল ঘটনা।
অন্যান্য বুর্জোৱা দেশসমূহে মাণ্ডেলাক মাত্র মুখেৰেহে সহায় কৰিছিল। তাৰ বিপৰীতে
চোভিয়েটৰ সহায় আছিল সক্রিয় বাস্তৱ সহায়। ভাৰতকে আদি কৰি বহুতো দুখীয়া দেশকো
চোভিয়েট চৰকাৰে বিশেষভাৱে সহায় কৰিছিল।
চোভিয়েটৰ এই
বিশেষ চৰিত্রই সমগ্র বিশ্বৰে কমিউনিষ্ট আন্দোলনটোক প্রভাৱিত কৰিলে। চোভিয়টৰ সহযোগতেই
বিশ্বৰ বেছিভাগ অঞ্চলত পোন প্রথমবাৰৰ বাবে কমিউনিষ্ট পার্টিসমূহ গঠিত হৈ উঠিল। ইয়াৰ
আগলৈকে মার্ক্সবাদ মূলতঃ পশ্চিম ইউৰোপতে সীমাৱদ্ধ আছিল।
ই এক অদ্ভুত
প্রক্রিয়াৰ জন্ম দিলে। এফালে চোভিয়েটৰ সহায়ৰ বাবেই বহুতো দেশত বিপ্লৱ সম্পন্ন হ’ল,
আনফালে আকৌ চোভিয়েটৰ প্রভাৱৰ ফলতেই কমিউনিষ্ট
আন্দোলন তথা মার্ক্সবাদী তত্ত্বৰ ভীষণ বিসংগতি ঘটিল।
আজি চোভিয়েট
ইউনিয়ন নাই। পিছে চোভিয়েটে যি মতাদর্শ – অর্থাৎ ‘মার্ক্সবাদ-লেনিনবাদ’ৰ জন্ম দিলে –
তাৰ প্রভাৱ এতিয়াও বহুতো কমিউনিষ্ট দলত দেখিবলৈ পোৱা যায়। মার্ক্সবাদৰ মংগল কামনা
কৰা প্রতিজন কমিউনিষ্ট কর্মীৰেই সেয়েহে এইক্ষেত্রত এক গধুৰ দায়িত্ব আছেঃ মতাদর্শৰ
জালৰ পৰা মার্ক্সবাদক উদ্ধাৰ কৰা। ‘মার্ক্সবাদ লেনিনবাদ’ নামৰ মতাদর্শটোৰ পৰা
মার্ক্সবাদক উদ্ধাৰ কৰা।
কামটো সিমান
সহজ নহয়। ডাক্টৰে নিজৰে ওপৰত ডাক্টৰী কৰাটো সহজ কথা নহয়। মার্ক্সবাদৰ ইতিহাসৰ
মার্ক্সবাদী বিশ্লেষণ কৰাটো কঠিন কাম। পিছে ই অসম্ভৱো নহয়।
হিন্দুত্ববাদীসকলে
যেতিয়া ৰমিলা থাপৰৰ 'প্রাচীন ভাৰত' বিষয়ক বস্তুনিষ্ঠ ইতিহাস-চর্চাক হিন্দু বিৰোধী
বুলি গৰিহনা দিয়ে, তেতিয়া আমি থাপৰৰ পক্ষ্য
লওঁ। আমি কওঁ যে আবেগ অনুভূতিতকৈ বস্তুনিষ্ঠ চর্চাহে মূল হোৱা উচিত। এই একেটা
নীতিকে মার্ক্সবাদৰ ইতিহাসৰ ক্ষেত্রতো প্রয়োগ কৰিব লাগিব। ‘চোভিয়েট ইউনিয়ন তথা তাৰ
বিশ্বজোৰা প্রভাৱ’ বিষয়ক মার্ক্সবাদী বিশ্লেষণ হব লাগিব। লেনিন-স্তালিন-ট্রটস্কীৰ
ঐতিহাসিক ভূমিকা বিষয়ক মার্ক্সবাদী ইতিহাস লিখিব লাগিব। বহুতো অপ্রিয় প্রসংগও এইক্ষেত্রত নিশ্চয় আহিব। পিছে তাৰ অবিহনে, বস্তুনিষ্ঠ বিশ্লেষণৰ অবিহনে, হিন্দুত্ববাদীতকৈ
আমি কোনোপধ্যেই পৃথক বুলি দাবী কৰিব নোৱাৰো।
...........................
১) লেনিন জীয়াই থকা পর্যন্ত কোনেও ‘লেনিনবাদ’ শব্দটো প্রয়োগ কৰিবলৈ সাহস কৰিব পৰা নাছিল। আচলতে লেনিন ব্যক্তিজনৰ সতে লেনিনবাদ নামৰ মতাদর্শটোৰ কোনো সম্পর্ক নাই।
(ক্রমশঃ)
No comments:
Post a Comment