এসময়ত অসমীয়া জাতিৰ প্রতীক আছিল জয়মতী। জয়মতীয়ে শত্রুক
হত্যা কৰাৰ উদ্দেশ্যেৰে হেংদান লৈ ওলাই অহা নাছিল। বৰঞ্চ দেশৰ মংগলৰ হকে অকথ্য
নির্যাতন হাঁহিমুখে মূৰ পাতি লৈছিল। জয়মতীৰ এনে চিত্রায়নৰ জনপ্রিয়তাৰ আঁৰত গান্ধীজীৰ ‘নিষ্ক্রিয় প্রতিৰোধ’ৰ সংগ্রাম-পদ্ধতিয়ে বিশেষ ভূমিকা লৈছিল যেন ধাৰণা হয়। এই যে জাতীয়
মুক্তি সংগ্রামৰ সময়তেই জ্যোতি প্রসাদে জয়মতীক লৈ চলচিত্র নির্মাণ কৰিছিল – এয়া
হয়তো কোনো coincidence মাত্র নাছিল। বিংশ শতিকাৰ ২০, ৩০ তথা ৪০ৰ দশককেইটাতেই হয়তো
জয়মতীৰ চৰিত্রটোৱে জনপ্রিয়তাৰ শীর্ষ স্থান লাভ কৰিছিল। শেষ অর্থত
পিতৃতান্ত্রিক হলেও গান্ধী অনুপ্রাণিত নাৰীৰ এই সহনশীল চৰিত্রায়নে জাতীয় মুক্তি
সংগ্রামখনিত মহিলাৰ অংশগ্রহণো সুনিশ্চিত কৰিছিল।
অশান্ত সময়ৰ অশান্ত মনঃ ভাৱৰ বুৰবুৰণিবোৰ দীঘলকৈ লিখিবলৈ অমুকাৰ ধৈর্য নাই। সেয়েহে আধাকেচেলুৱাকৈয়ে সিবিলাকক পাঠকৰ বাবে আগবঢ়োৱা হ’ল। চিৰিয়াছ লেখনীৰ বাবে এইটো ব্লগ চাওঁকঃ http://bauponthibotora.blogspot.in/
Tuesday, November 25, 2014
Sunday, November 23, 2014
মুছলমান আৰু জনসংখ্যা
ডি ৱাই ৩৬৫ত বোলে আলোচিত হৈছে – “অসমত ভয়ংকৰ গতিৰে মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি পাইছে”। আমি নিজে অনুষ্ঠানটো চাবলৈ পোৱা নাই; কোনো খবৰ কাকততো দেখা নাই। সেয়েহে মন্তব্য দিবলৈ অসুবিধা (কাৰোবাৰ ওচৰত সঠিক পৰিসংখ্যা থাকিলে জনাব পাৰে)।
পিছে এনে ধৰণৰ প্রসংগই বস্তুনিষ্ঠ আলোচনা সৃষ্টি কৰাৰ বিপৰীতে সাময়িক উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনাহে অধিক। মনত ৰখা ভাল – বেছিকৈ সন্তান জন্ম দিয়ক বুলি আল্লা বা ভগবানে কৈ যোৱা নাই। কোনো ধর্মগ্রন্থৰ মাজত গোষ্ঠী একোটাৰ জন্ম-হাৰ কম বা বেছি হোৱাৰ কাৰণ আপুনি বিচাৰি নেপাব। আর্থ-সামাজিক স্থিতিহে এইক্ষেত্রত আলোচনাৰ প্রাসংগিক বিষয়। সেয়েহে “মুছলমান মৌলবাদী; গতিকেই সিহঁতে বেছি সন্তান জন্ম দিয়ে” – এই জাতীয় বক্তব্যই অনাহেতুক সমস্যাহে সৃষ্টিহে কৰিব।
এইটো কথাও মন কৰক। ভাৰতৰ সকলো অঞ্চলতে মুছলমানৰ জন্ম-বৃদ্ধিৰ হাৰ একে নহয়। উত্তৰ প্রদেশত খুবেই বেছি; কেৰালা, কাশ্মীৰ আদিত আকৌ যথেষ্ঠ (কেতিয়াবা হিন্দুতকৈও) কম। আনহাতে দলিত, আদিবাসী, ট্রাইবেল লোক আদিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ মুছলমানতকৈও বেছি। নাগালেণ্ডতে হয়তো বিগত সময়ছোৱাত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি পাইছে। অর্থাৎ জন্মৰ হাৰ কম বা বেছি কিয় হৈছে, তাৰ সঠিক কাৰণ আমি ভবাতকৈ যথেষ্ঠ জটিল। নির্মোহভাৱে আলোচনা কৰিব পাৰিলেহে প্রশ্নৰ উত্তৰ উলিয়াব পৰা যাব।
[আন এটা তথ্য উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সাধাৰণতে মুছলমানৰ মাজত কণ্যা-ভ্রুণ হত্যা (the better word is: sex selective abortion) দেখিবলৈ পোৱা নাযায়। আন আন স্ত্রী বিৰোধী বৈষম্য নিশ্চয়েই আছে; কিন্তু সকলো কথাৰ বাবেই মুছলমানক দানৱ সজোৱা লোকসকলে এনে কেতবোৰ তথ্যৰ প্রতিও মন দিয়া ভাল।]
যি কি নহওঁক – যিহেতু মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি খবৰ আহিছেই, সেয়েহে এই বিষয়ক বিভিন্ন সমিধানৰ কথাও ওলাব। আমিও সেয়েহে জনৈক বন্ধুৰ সৈতে হোৱা কথোপকথনৰ ভিত্তিত কেইটামান প্রস্তাৱ উত্থাপন কৰিলোঁ আৰু সিবিলাকৰ সম্ভাব্য ফলাফল সম্পর্কেও ৰাইজক সকীয়াই থলোঁ।
.....................................................................
১) জার্মানীৰ ইহুদী নৰসংহাৰৰ দৰে মুছলমানৰো হত্যাযজ্ঞ আয়োজন কৰা হওঁক। সিহঁতক কনচেনট্রেচন কেম্পত ৰখা হওঁক। প্রবীন টোগাৰিয়াক দেশৰ একছত্রী শাসক হিচাপে প্রক্ষেপ কৰা যাওঁক। কোনোবাই যুক্তিসহকাৰে আলোচনা কৰিব বিচাৰিলেই “পাকিস্তানলৈ যা” বুলি হুংকাৰ দিয়া হওঁক।
সম্ভাব্য ফলাফলঃ আজিৰ সময়ত এই কামটো কৰা বৰ মুস্কিল হব। দাংগা বেছিকৈ হলে দেশৰ পৰা পুঁজিও পলাই যাব। দেশৰ, অর্থনীতিৰ অৱস্থা তেনেই কার্হিল হৈ পৰিব। তদুপৰি আমাতকৈ বহু বেছি শক্তিশালী স্বয়ং হিটলাৰেও ইহুদীক মাৰি কাটি শেষ কৰিব নোৱাৰিলে; তাৰ তুলনাত আমি কোন কুটা? কনচেনট্রেচন কেম্পতো যে হতচিৰি মুছলমানহঁতে জনসংখ্যা বৃদ্ধি নকৰিব, তাৰ কি নিশ্চয়তা আছে? বেছিকৈ অত্যাচাৰ কৰিলে আকৌ ইহুদীৰ দৰে বিশ্বত মুছলমানৰ বাবেও যদি সহানুভুতি সৃষ্টি হয়? নাই নাই, এইটো পদ্ধতি বৰ কামৰ নহব।
২) মুছলমানৰ বহুবিবাহ বন্ধ কৰাঃ এইবুলি দাবী কৰি আমি হিন্দু ৰাইজৰ ভোট দুটামান বেছিকৈ হয়তো পাম; কিন্তু সত্যটো হৈছে যে খুউব কম সংখ্যক মুছলমানেহে বহুবিবাহ কৰিব পাৰিছে। চবেই বহুবিবাহ কৰিবলৈ ছোৱালী কত? প্রতি ১০০০ মুছলমান পুৰুষৰ বিপৰীতে দেখোন ৯০০+ মানহে ছোৱালী আছে? জনগণনাৰ ৰিপর্টবোৰ চাওঁক। পিছে বেছি হুলস্থুল কৰি ৰাইজক এই কথাটো জানিবলৈ নিদিব! নহলে মুছলমানহঁতক স্ত্রী-বিৰোধী বুলি হকে বিহকে সমালোচনা কৰাৰ সুবর্ণ সুযোগটো নাইকীয়া হৈ যাব দেখোঁন!
৩) হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰাঃ হয়, “কুকুৰে আমাক কামুৰিলে আমিও কুকুৰটোক ওলোটাই কামুৰিব লাগে” বুলি জ্ঞানী লোকে কৈ গৈছে। আনে ৰসাতলে গলে আমিও ৰসাতলে যাব লাগে – নহয় জানো? হিটলাৰেও কৈ গৈছে – “আর্য জার্মান মহিলাৰ পবিত্র কর্তব্য যে বেছিকৈ সন্তান জন্ম দি জার্মান জাতিটোক শক্তিশালী কৰক”। যিহেতু সন্তান, ঘৰ সংসাৰ – এইবোৰেইতো হৈছে মহিলাৰ মূল কাম; নহয় জানো? পিছে “মহিলাৰ গর্ভৰ ওপৰত মহিলাৰ অধিকাৰ সাব্যস্ত কৰক” বুলি হুলস্থূল লগাই থকা ফেমিনিষ্ট এসোঁপা আছে। সিহঁতক ভালকৈ পিটন এটা দিব পাৰিলেহে এইফেৰা কাম কৰিব পৰা যাব।
৪) মুছলমানকে আদি কৰি সকলো সম্প্রদায়ৰ বাবে আধুনিক শিক্ষা, সংস্থাপন আদিৰ সৃষ্টি কৰা। মাদ্রাছায়েই যাতে শিক্ষাৰ একমাত্র উপায় হৈ নপৰে – তাৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত, পিছপৰা অঞ্চলত আধুনিক শিক্ষানুষ্ঠান গঢ়ি তোলা। তেওঁলোকক আধুনিক সংস্থাপন দিব পৰাকৈ ট্রেইনিং ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা। বিভিন্ন স্কলাৰশ্বিপ, জলপানী আদিৰ ব্যৱস্থা কৰা। মৌলবাদী শক্তিসমূহক প্রতিহত কৰিব পৰাকৈ প্রগতিশীল শিক্ষিত মুছলমান অংশ এটাৰ উত্থানৰ ক্ষেত্রত সহায় কৰা। এইজাতীয় সমস্ত বিষয় সম্পর্কে বিতংকৈ আলোচনা কৰা চাচাৰ কমিটিৰ ৰিপর্ট বাস্তবায়িত কৰা।
পিছে ৰব ৰব। আপুনি দেখোঁন আমাৰ শত্রুহঁতৰ পক্ষহে লৈছে। আপুনি দেখোন মুছলমান তুষ্টিকৰণৰ নীতি লৈছে! যাওঁক, পলাওঁক ইয়াৰ পৰা! পাকিস্তানলৈ যাওঁক। চাল্লা হিন্দু বিৰোধী চেকুলাৰ-কমিউনিষ্ট,ফেমিনিষ্ট কৰবাৰ! আপোনাৰ বাবেই দেশখনৰ এই অৱস্থা হল। মুছলমানেই দেশখন খালে। দেখা নাই, কেনেকৈ সিহঁতৰ জনসংখ্যা বৃদ্ধি হৈছে? সিহঁতক ৰখোৱাৰ কিবা উপায় ভাবক। তেতিয়াহে গম পাম, আপুনি কিমান দেশপ্রেমিক।
(But…well…কিন্তু...পৰন্তু...এতিয়ালৈকেতো মই সমাধানৰ কথাই কৈ আছিলোঁ? কি কৰিছে, হয়নে? তৰোৱালখন, ত্রিশূলপাত লৈ কিয় খেদি আহিছে? আহ আহঃ মই সৰিয়হফুল দেখিছোঁ! আহঃ হে কৃষ্ণ, হে পাকিস্তান, সহায় কৰা!)
জয় হিন্দু, জয় হিন্দ, জয় ভাৰত!

Tuesday, September 23, 2014
‘মন্দ্রাগন সমবায় নিগম’: বিকাশৰ বৈকল্পিক মডেল?
ময়ূৰ চেতিয়া
(১)
স্পেইন দেশৰ এটি অনগ্রসৰ অঞ্চলঃ বস্ক প্রদেশ। ৰাজনৈতিক আৰু আর্থিক দৃষ্টিৰে ঠিক যেন আমাৰ অসমৰ দৰেই। ১৯৪৩ চনঃ স্পেইনত তেতিয়া মিলিটেৰী শাসক ফ্রাংকোৰ দপদপনি চলি আছে। আনফালে
স্পেইনৰ পৰা স্বাধীনতা বিচাৰি বস্ক অঞ্চলৰ “বিচ্ছিন্নতাবাদী”সকলেও সশস্ত্র
জাতীয়-মুক্তি সংগ্রামৰ প্রস্তুতি চলাইছে। এনে এক সময়তে খ্রীষ্টান পাদুৰী ড’ন জ’ছ মাৰিয়া আৰিজমেন্দিয়াৰিয়েটা বস্ক প্রদেশৰ
মন্দ্রাগন চহৰলৈ আহিল। চহৰখনৰ অনগ্রসৰতাই পাদুৰীজনক দকৈ চুই গল। তেওঁ দেখিলে যে চহৰৰ
এজনো শ্রমিক সন্তানে উচ্চ শিক্ষা লাভ কৰিব পৰা নাই। সেয়েহে এই উদ্দেশ্যেৰে তেওঁ
এখন বিদ্যালয় স্থাপন কৰিলে। পিছে ড’ন জোছ তাতেই ক্ষান্ত নাথাকিল। সাধাৰণ শিক্ষাৰ
লগতে তেওঁ বিদ্যালয়খনত কাৰিকৰী শিক্ষাও প্রদান কৰা আৰম্ভ কৰিলে। বিদ্যালয়ৰ প্রথম
বেটছৰ ২০ জন ছাত্রৰ ভিতৰত ১১ জনেই এসময়ত পেছাদাৰী ইঞ্জিনিয়াৰ হলগৈ। ১৯৫৬ চনত পাদুৰী
চাহাবৰ অনুৰোধক্রমে ইয়াৰে ৫ জন ইঞ্জিনিয়াৰ
আৰু আন ১৮ জন শ্রমিকে মিলি কেৰাছিন-কুকাৰ আৰু ষ্টভ নির্মাণ কৰা এটা সৰু সমবায়
ফেক্টৰী স্থাপন কৰিলে। ১৯৫৮ চনত মেছিন সামগ্রী
নির্মাণ কৰা দ্বিতীয়টো সমবায় ফেক্টৰী স্থাপন কৰা হল। ১৯৫৯ চনত পুণৰ ড’ন জ’ছৰ
উদ্যোগতেই এটা সমবায় বেংক স্থাপন কৰা হল।
ই এক নির্ণায়ক সিদ্ধান্ত আছিলঃ বেংকটোৱে ক্রমান্বয়ে আন
আন সমবায় নির্মাণ কৰিবলৈ প্রয়োজনীয় মূলধন আৰু
কাৰিকৰী বিশেষজ্ঞতা প্রদান কৰিবলৈ ধৰিলে।
Monday, June 23, 2014
ভাৰতীয় অর্থনীতি- কেতবোৰ চিন্তাকর্ষক দিশ
শ্রমজীৱি জনগণৰ দৃষ্টিকোণৰ পৰা ভাৰতীয়
অর্থনীতিৰ বিভিন্ন দিশ সম্পর্কে এটা সুদীর্ঘ লেখনী শেহতীয়াকৈ
অনুবাদ কৰিছোঁ। মূল ইংৰাজী লেখনীটোৰ শীর্ষক হৈছে ‘Relations of Production and Modes of Surplus Extraction in
India।’ -লেখকঃ অমিত বাচলে আৰু দীপংকৰ বসু। লেখনীটোত ভাৰতীয় কৃষি তথা অনানুষ্ঠানিক ঔদ্যোগিক খণ্ড সম্পর্কে বিস্তৰকৈ
আলোচনা কৰা হৈছে। আগ্রহী পাঠকে লেখনীটো এই লিংকটোলৈ গৈ http://www.scribd.com/doc/230989817/Relations-of-Production-and-Modes-of-Surplus-Extraction-in-India ইংৰাজীত পঢ়ি
চাব পাৰে। সদ্যহতে লেখনীটোৰ কেতবোৰ চিন্তাকর্ষক
সিদ্ধান্ত পাঠকৰ বিবেচনাৰ বাবে আগবঢ়োৱা হল। (সম্পূর্ণ লেখনীটো অসমীয়াত পঢ়িবলৈ কিছুদিন অপেক্ষা কৰকঃ সোনকালেই আলোচনী এখনত প্রকাশ হোৱাৰ কথা আছে।)
ভূমি-সংস্কাৰৰ প্রাসংগিকতা
ভাৰতীয় সমাজৰ বৈপ্লৱিক ৰূপান্তৰণৰ ক্ষেত্রত কৃষি
প্রশ্নটোৰ আজিও এক কেন্দ্রীয় প্রাসংগিকতা আছে। ইয়াৰ কাৰণ বুজাটো টান নহয়ঃ ভাৰতীয়
শ্রমজীৱি জনগণৰ অধিকাংশই আজিও প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডৰ সৈতে জড়িত হৈ
আছে। ই হৈছে অর্থনীতিৰ গাঁথনিগত পৰিবর্তন সংঘটিত নোহোৱাৰ ফলাফল। ভূমি-সংস্কাৰৰ
অন্যতম লক্ষ্য হৈছে কৃষি-কর্মৰ উৎপাদনশীলতা বৃদ্ধি কৰা যাতে কৃষিৰ সৈতে জড়িত
শ্রমজীৱি জনগণৰ উপার্জন বৃদ্ধি কৰি দেশী বা ঘৰুৱা উদ্যোগৰ বাবে এখন স্থানীয়
বজাৰ নির্মাণ কৰিব পাৰি।
Wednesday, June 11, 2014
বাতৰিঃ ২০৪০ চনৰ অসমঃ অলপ ধেমালি, অলপ বিশ্লেষণ
ময়ূৰ চেতিয়া
-ম্যানমাৰ-চীন সীমান্তৰ কোনো গোপন স্থানত ৰহস্যজনিত কাৰণত সংযুক্ত মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্য হৈছে। সমুবাৰ মুখপাত্রই বার্ধক্যজনিত কাৰণত মৃত্য হোৱা বুলি কলেও এই ক্ষেত্রত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাত আছে বুলি কোনো কোনো মহলৰ দাবী। শেহতীয়াকৈ কেইবাজনো জ্যেষ্ঠ নেতাৰ মৃত্যয়ে সংগঠনৰ অপূৰণীয় ক্ষতি কৰা বুলি স্বীকাৰ কৰিও অন্তিম সময় পর্যন্ত সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ ঘোষণা সমুবাৰ মুখপাত্র কনচেং ফুকনৰ।

নাৰীৰ বিশেষত্ব
জনৈক বন্ধুৰ ফেচবুক পষ্ট
নাৰীৰ বিশেষত্ব
----------------
----------------
পতী আৰু পত্নীয়ে বহি টি.ভি. চাই আছিল | এঘন্টামানৰ পাছত পত্নীয়ে ক’লে, “মোৰ বৰ ভাগৰ লাগিছে | মই শুব যাওঁ | অফিচো আছে |”
পত্নীয়ে পাকঘৰ গৈ আটা আৰু পানীৰ মিশ্ৰণ তৈয়াৰ কৰি ফ্ৰীজত ৰাখিলে যাতে ৰাতিপুৱাৰ আহাৰৰ বাবে ৰুটি তৈয়াৰ কৰাৰ দেৰি নহয় | তাৰপাছত ফ্ৰীজৰ পৰা শাক-পাচলি উলিয়াই এটা চৰিয়াত থ’লে ৰাতিপুৱাৰ কাৰণে | টেমাত থকা দাইলৰ পৰিমাণ কিমান আছে চোৱাৰ পাছত চেনীৰ টেমাত চেনী ভৰালে |
সেইবিলাক হোৱাৰ পাছত পত্নীয়ে এযোৰ চাৰ্ট-পেন্ট ইস্ত্ৰী কৰি যথাস্থানত থ’লে যাতে পতিয়ে ৰাতিপুৱা সেইযোৰ পিন্ধিবলৈ আকৌ বিচাৰি নুফুৰে | তাৰপাছত ড্ৰয়িং ৰুমত আহি টেবুলৰ ওপৰত পৰি থকা নানা ধৰণৰ খেলা-বস্তুবোৰ সামৰাত লাগিল | সেইয়া হোৱাৰ পাছত দুয়োৰে ম’বাইল ফোন চাৰ্জত দিলে আৰু টেবুলৰ ওপৰত জৰুৰী কামত উলিয়াই থোৱা ফোন নম্বৰ থকা ডায়েৰী খন যথাস্থানত থ’লে |
তাৰপাছতে ঘৰৰ ডাষ্টবিনত অলপ আৱৰ্জনা পেলালে আৰু ডাষ্টবিনৰ আৱৰ্জনাখিনি এটা পলিঠিনত বান্ধি থৈ দিলে যাতে ৰাতিপুৱা অফিচ যাওঁতে ৰাস্তাৰ কাষত আৱৰ্জনা পেলোৱা ঠাইত পেলাই যাব পাৰে | সেইয়া হোৱাৰ পাছত চকীত পৰি থকা এখন তিতা টাৱেল শুকাবলৈ বেলকনীৰ ৰচীত মেলি দিলে |
পত্নীয়ে হামিয়াই শোৱা কোঠাৰ ফালে আগবাঢ়িল | হঠাতে কিবা এটা মনত পৰাত টেবুলত বহি অফিচৰ পৰা আহোঁতে কিনি অনা জন্মদিনৰ গ্ৰিটিংছ কাৰ্ডখন উলিয়াই তাত জন্মদিনৰ শুভেচ্ছা জনাই কিবা লিখিলে | তাৰ পাছত এনভলপ এটাত কাৰ্ডখন ভৰাই বাথৰুমৰ পিনে আগবাঢ়িল | বাথৰুমত মুখ-হাত ধুই আহি আকৌ টি.ভি. চাই থকা পতিৰ ওচৰলৈ আহিল | পতিয়ে প্ৰশ্ন কৰিলে, “তুমি শুব গৈছিলা নহয় | টোপনি নাই ধৰা নেকি ?”
-“শুবলৈকে গৈ আছো |”
তাৰপাছত দুৱাৰ-খিড়িকী সকলো বন্ধ আছে নে পৰীক্ষা কৰি পুতেক আৰু জীয়েকৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | দুয়োৰে লগত অলপ সময় কথা পাতি ছবছৰীয়া পুতেকক শুৱাবলৈ সাধু ক’ব ধৰিলে |
তেনেতে পতিয়ে টি.ভি. বন্ধ কৰি পত্নীক “মই শুব যাওঁ” বুলি কৈ শুব গ’ল |
পুতেকক শুৱাই উঠি পত্নীয়ে নিজৰ শোৱা কোঠাত প্ৰৱেশ কৰিলে | ঘড়ীত এলাৰ্ম দি সদায় শোৱাৰ আগত কৰা নিৰ্দিষ্ট প্ৰাৰ্থনাটো মনৰ ভিতৰতে আওৰাই বিচনাত পৰি শুবলৈ চেষ্টা কৰিলে | পতিৰ ফালে চাই দেখে তেওঁ ইতিমধ্যে টোপনিত লালকাল |
........................
আমাৰ মন্তব্য
ভাল লাগিল। পিছে ...মতা-মাইকী দুয়োজনেই অফিচলৈ যায়। অথচ ঘৰুৱা কামখিনি কৰিব লাগে কেৱল মানুহজনীয়েই। এইক্ষেত্রত মানুহজনীক “নাৰী তুমি অনন্যা” আদি আপাত বিশেষণেৰে বিভূষিত কৰাতকৈ কামখিনি মতা-মাইকী দুয়োজনে সমানে ভগাই ললেই মানুহজনীয়েও অলপ ৰক্ষা পালেহেঁতেন কিজানি। ঘৰৰ কামখিনি অকল মানুহজনীয়েই কৰিব বুলিতো প্রকৃতিয়ে ঠিক কৰি দিয়া নাই? এসময়ত কৃষ্ণাংগ সকলকো আন আন মানৱ জাতিতকৈ অধিক শক্তিশালী বুলি আমেৰিকান চেনীকলৰ শ্বেতাংগ মালিকসকলে প্রশংসা কৰিছিল। পিছে এই আপাত প্রশংসাৰ পিছফালে লুকাই আছিল এক দাসত্ব নির্ভৰ সমাজ (আংকল টম’ছ কেবিন?)।ময়ূৰ চেতিয়া
কংগ্রেছী সাম্প্রদায়িকতাবাদ বনাম বিজেপি সাম্প্রদায়িকতাবাদ
Pragmatic Communalism vs. Programmatic Communalism
.................
আজিৰ কালত কংগ্রেছ হৈছে মূলতঃ এটি স্তাৱকৰ দল। কংগ্রেছৰ নীতি বুলি কোনো কথা নাই; নিজৰ সুবিধাৰ বাবে আজি যদি কংগ্রেছে হিন্দু সাম্প্রদায়িকতাক উদগনি দিছে, কালিলৈ হয়তো মুছলমান সাম্প্রদায়িকতাক উদগনি দিব; পৰহিলৈ আকৌ হয়তো শিখ বা আন কোনো ধর্মাৱলম্বী লোকক উচতাই ফুৰিব। নিজৰ বাবে সুবিধাজনক যেন লাগিলে ই আকৌ ধর্মনিৰপেক্ষ ৰূপো ধাৰণ কৰিব! আন কথাত, কংগ্রেছী সাম্প্রদায়িকতাবাদ হৈছে সুবিধাবাদী বা pragmatic সাম্প্রদায়িকতাবাদ। দেশৰ মংগলৰ বাবেই কংগ্রেছক উৎখাত কৰাটো দৰকাৰ।

কিন্তু সেইফেৰা কাম বিজেপিৰ হাতত দিব নোৱাৰি! বিজেপিৰ হৈছে নীতিগত বা programmatic ভাৱে এটি সাম্প্রদায়িক দল। সেয়েহে ই আৰু অধিক ভয়ংকৰ!! বিজেপিৰ মূলতে আছে “হিন্দুত্ব” নামৰ এক ঘৃণাভৰা দর্শন। লক্ষণীয় যে “হিন্দু” আৰু “হিন্দুত্ব” এই দুয়োটাই বেলেগ বেলেগ বস্তু। হিন্দু হৈছে এটি ধর্ম। আনহাতে “হিন্দুত্ব” হৈছে এক ৰাজনৈতিক মতবাদ। (ঠিক যেনেকৈ “ইছলাম” হৈছে এক ধর্ম কিন্তু “ইছলামবাদ” বা Islamism বা Political Islam হৈছে এক ৰাজনৈতিক মতবাদ।)। হিন্দুত্বৰ অন্যতম প্রতিষ্ঠাপক তথা মূল তত্ববিদ বিনায়ক দামোদৰ সাৱৰকাৰ নিজে এজন নাস্তিক ব্যক্তি আছিল। (যেনেকৈ জিন্নাও এজন নাস্তিক ব্যক্তি আছিল!)
“হিন্দুত্ব”ৰ মূল প্রতিপাদ্য এয়ে যে হিন্দুসকলেই হৈছে ভাৰতৰ মূল নিৱাসী। সেয়েহে আন আন ধর্মাৱলম্বী লোকে যদি দেশত থাকিব বিচাৰে, তেনেহলে তেওঁলোকে হিন্দুসকলক সন্মান কৰি চলিব লাগিব। অন্যথাই তেওঁলোকক দেশৰ পৰা খেদি পঠোৱা হ’ব, নতুবা দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পর্যৱসিত কৰি পেলোৱা হব। এইক্ষেত্রত হিন্দুত্ববাদীসকল হিটলাৰৰ নাজীবাদ তথা মুছোলিনীৰ ফেচীবাদৰ দ্বাৰা বিশেষভাৱে অনুপ্রাণিত হৈছিল।
হিন্দুত্ববাদীসকলৰ মতে “ভাৰতীয় সংস্কৃতি” আৰু “হিন্দু সংস্কৃতি” একেটাই বস্তু। সেয়েহে তেওঁলোকে মুছলমানসকলক তথা ইছলাম ধর্মক বিদেশী বুলি গণ্য কৰে। “ধর্ম নিৰপেক্ষ” শব্দটোকো তেওঁলোকে ঘৃণা কৰে কিয়নো তেওঁলোকৰ মতে ভাৰতীয় হোৱাৰ অর্থই হৈছে হিন্দু হোৱা। হিন্দু এজন বৈষ্ণৱ হব পাৰে বা শাক্ত উপাসক হব পাৰে, অর্থাৎ হিন্দুৰ “মতবাদ” (সংস্কৃতত “পন্থা”)সমূহ বেলেগ বেলেগ হব পাৰে। সেয়েহে “ধর্মনিৰপেক্ষতা”ৰ বিপৰীতে হিন্দুত্ববাদীসকলে “পন্থ-নিৰপেক্ষ” শব্দটোহে পচন্দ কৰে। তেনেহলে মুছলমান বা খ্রীষ্টানসকলৰ কি হ’ব? সেই সম্পর্কে বিজেপি নিমাত। অর্থাৎ তেওঁলোকৰ পৰিকল্পিত ভাৰতখনত হিন্দুসকলৰ বাহিৰে আন ধর্মাৱলম্বী লোকৰ কোনো স্থান নাই। আন কথাত, আন আন ধর্মাৱলম্বীৰ বাবে অকণো space এৰিবলৈ হিন্দুত্ববাদীসকল নাৰাজ।
যতেই মুছলমানবিৰোধী অকণমান উপাদান বিজেপিয়ে দেখে, তাতেই তেওঁলোকে হিন্দু মুছলমানৰ খেলাখন আৰম্ভ কৰে। “মুছলমান মোগল”ৰ “বিৰোধিতা” কৰা বাবেই লাচিত বৰফুকন তেওঁলোকৰ চকুত “হিৰো”। পিছে চুকাফাক তেওঁলোকে কেতিয়াও মর্যাদা নিদিয়ে কিয়নো চুকাফা হিন্দু নাছিল আৰু তেওঁ মুছলমানৰ বিৰুদ্ধে যুদ্ধও কৰা নাছিল!
বিজেপিয়ে প্রায়েই অভিযোগ কৰে – কংগ্রেছ হেনো pseudo-secular। পিছে বিজেপিয়ে নিজেই secular শব্দটোকে শুনিব নোখোজে! এই ক্ষেত্রত বি জে পিৰ লোকসকল বেছ স্মার্ট! তেওঁলোকে কয় যে কংগ্রেছে হেনো minority অর্থাৎ মুছলমানসকলৰ appeasement কৰে। পিছে তাৰ পাছতো মুছলমানসকলৰ অৱস্থা আজি কিয় দলিত সকলতকৈও পিছ পৰা, তাৰ উত্তৰ বিজেপিৰ ওচৰত নাই। কৰবাত বোমা বিস্ফোৰণ হলেই বিজেপিয়ে কয় – মুছলমানৰ ধর্মান্ধতা তথা মাদ্রাছা শিক্ষাৰ বাবেই এনে হৈছে। পিছে মুছলমানসকলক আধুনিক শিক্ষা দিবলৈ যেতিয়া Sacchar Committee য়ে কেতবোৰ জলপানী ইত্যাদি দিয়াৰ পৰামর্শ দিলে, তেতিয়া আকৌ সেই একেই বিজেপিয়েই অভিযোগ কৰিলে –ইয়াৰ দ্বাৰা কংগ্রেছে হেনো মুছলমান তোষণ কৰিছে!! অর্থাৎ চিট ভী মেৰী, পট ভী মেৰা।
মোদী চাহাবৰ কথালৈ আহোঁ। তেওঁৰ উন্নয়ণবাদী ৰাজনীতিৰ প্রকৃত স্বৰূপ সম্পর্কে এটা ভাল লেখনী ৰাইজে এইটো লিংকত চাব পাৰে।http://bauponthibotora.blogspot.in/2013/11/blog-post_692.html সদ্যহতে পিছে আন এটি কথাহে কব বিচাৰিছোঁ। মোদী সমর্থকসকলে আজিকালি এটা নতুন যুক্তি আৰম্ভ কৰিছেঃ ২০০২ চনৰ পাছত হেনো গুজৰাটত কোনো দাংগা হোৱা নাই! অর্থাৎ মোদী ৰত্নাকৰৰ পৰা বাল্মিকী হৈ পৰিছে!
এই যুক্তিটো ভ্রান্তিকৰ কিয়নো প্রত্যক্ষ দাংগা নাই হোৱা বুলি মানি ললেও দাংগা হ’ব পৰা পৰিস্থিতি কিন্তু অহৰহ সৃষ্টি হৈয়েই আছে। দাংগা এদিনতে হোৱা বস্তু নহয়। তাৰ বাবে দীর্ঘ প্রস্তুতিৰ প্রয়োজন হয়। সম্প্রদায়সমূহৰ মাজত ভুল বুজাবুজি সৃষ্টি হোৱাকৈ কেতবোৰ মিথক তথা পূর্বাগ্রহ (myths and stereotypes) প্রচাৰ কৰি থকাটো প্রয়োজনীয় হয়। এই সন্দর্ভতে গুজৰাটৰ শিশুসকলে স্কুলত পঢ়া কেতবোৰ পাঠ্যক্রমলৈ মন কৰকঃ
গুজৰাটৰ শিশুসকলক সামাজিক অধ্যয়নৰ কিতাপসমূহৰ দ্বাৰা শিকোৱা হয় যে মুছলমানসকল হৈছে মূলতঃ বিদেশী আৰু হিন্দু সংস্কৃতিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ নামান্তৰ। ‘মুছলমান’ আৰু ‘সন্ত্রাসবাদ’ দুয়োটাৰে মাজত ওচৰ সম্পর্ক আছে। প্রাচীন ভাৰতীয় সংস্কৃতি সদায়েই উদাৰ আছিল। আনকি হিন্দুসকলৰ জাত পাত তথা বাল্য বিবাহো ভাল প্রথা আছিল! তাৰ বিপৰীতে মুছলমান আক্রমণৰ পাছতে দেশত Dark Ageৰ সূচনা হল।...এইবোৰ মাত্র কেইটামান উদাহৰণহে। এই বিষয়ে বিস্তৃত এটি ৰিপর্ট পঢ়িবলৈ এইটো লিংক চাওঁকঃ
http://www.nirantar.net/public/site/files/Gujarat%20Report.pdf
http://www.nirantar.net/public/site/files/Gujarat%20Report.pdf
এটা কথা স্পষ্ট যে হিন্দুত্ববাদী চৰকাৰ এখনে ছাত্র ছাত্রীসকলক হিন্দু সংস্কৃতি, সন্ত্রাসবাদ আদি বিষয়সমূহ সম্পর্কে কেতিয়াও critically ভাবিবলৈ অৱকাশ নিদিয়ে। ইয়াৰ ফলত কণ কণ লৰা-ছোৱালীৰ মাজত বিভিন্ন পূর্বাগ্রহ সৃষ্টি কৰাটো অতিশয় সহজ হৈ পৰে। ভি এইচ পি, বজৰং দল আদিয়ে আজিও এইটো কামেই কৰি আছে। আনকি যত মুছলমানে সন্ত্রাসবাদ ঘটোৱা নাই, তাতো তেওঁলোকে মুছলমানৰ দৰে নকল দাঢ়ি-টুপি পিন্ধি বোমা বিস্ফোৰণ ঘটাই সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছে। http://www.countercurrents.org/gatade041008.htm
অর্থাৎ মুছলমানসকলক দেশৰ শত্রু সজোৱাৰ প্রক্রিয়াটো এতিয়াও পূর্ণোদ্যমেই চলি আছে। যেতিয়ালৈকে এই প্রক্রিয়াসমূহৰ অন্ত পেলাব নোৱাৰি, তেতিয়ালৈকে দাংগাৰ সম্ভাৱনীয়তাও নুই কৰিব নোৱাৰি। মোদীয়ে ২০০২ৰ পাছত দাংগা কৰোৱা নাই, কিয়নো তেওঁৰ প্রভু ৰিলায়েঞ্চ আৰু আদানীয়ে সদ্যহতে কোনো nuisance বিচৰা নাই। পিছে গুজৰাটত অকণমান শ্রমিক আন্দোলন বিকশিত হবলৈ দিয়কচোন। পিছদিনাই হিন্দু-মুছলমানৰ দাংগা হৈ যাব! (পৰস্পৰৰ মাজত থকা ভুল বুজাবুজি, মিথক তথা পূর্বাগ্রহসমূহ আঁতৰাবলৈ হিন্দু মুছলমানৰ মাজত যি সংবাদ প্রক্রিয়া প্রয়োজনীয়, সেয়া মোদীয়ে কেতিয়াও হবলৈ নিদিয়ে। )তদুপৰি মোদীৰ সোঁহাতস্বৰূপ অমিত শ্বাহে সৌ সিদিনাতো মুজাফৰনগৰত ভাষণেই দি আহিলঃ বদলা লেংগে!! অর্থাৎ দাংগাৰ সম্ভাৱনা অকণো কমা নাই।
Subscribe to:
Posts (Atom)